ফটাঢোল

উভটি চাওঁ- ডা° অঞ্জনজ্যোতি চৌধুৰী

২০১৬ চনৰ ১৯ আগষ্ট৷ দুপৰীয়া সময়ত নগাঁৱৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভালৈ মোক সন্মানীয় অতিথিৰূপে যাবলৈ অনুৰোধ কৰি অধ্যক্ষ শ্ৰীযুত দিলীপ কুমাৰ বৰাই ফোন কৰিছিল। ২০১৫ চনত মোৰ দাদা ড° অমৰজ্যোতি চৌধুৰীক সেই মহাবিদ্যালয়লৈ মাতিছিল বুলি খবৰ পাইছিলোঁ৷ যিহেতু মই দাদাৰ দৰে মেধাবীৰ তালিকাত নপৰোঁ সেইবাবে তেনে এখন শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ কৰা বাবে আনন্দত অধীৰ হোৱাটো স্বাভাৱিক যদিও আচৰিতো হৈছিলোঁ। দাদাক তালৈ নিমন্ত্ৰণ কৰাটো গম পোৱাৰ পিছৰে পৰা ময়ো মনতে বৰকৈ আশা পুহি ৰাখিছিলোঁ যে মোকো এদিন তালৈ মাতিবই৷ সেয়ে বৰাদেৱে মোক নিমন্ত্ৰণ কৰাৰ লগে লগেই যাম বুলি ক’লোঁ। পিছমুহূৰ্ততে নিজৰ দাম বঢ়াবৰ বাবে মোৰ সেই তাৰিখত অন্য কৰবাত সভা সমিতিত যাব লগা আছে নেকি ডায়েৰীখনত চাই লওঁ বুলি ক’লোঁ। আচলতে মোৰ কোনো ডায়েৰী নাই। কিমান অনুষ্ঠানলৈ মাতে? যি দুই এখনলৈ মাতে মনত থাকেই৷ মোৰ দুই এজন বন্ধুৱে প্ৰায়েই কয় যে কৰবালৈ নিমন্ত্ৰণ কৰিলে তৎক্ষণাত যাম বুলি ক’ব নালাগে। নিজৰ ভাৱমূৰ্তি বঢ়াবলৈ অলপ অভিনয়ো কৰিব লাগে৷ বেছি অভিনয় কৰি থাকোঁতে যদি ফোনত সিফালৰ পৰা এনেকৈ কয় যে, “আপোনাৰ অসুবিধা আছে যদি এইবাৰ আহিব নালাগে দিয়ক, অহাবছৰত যদি আপোনাৰ সময় থাকে তেতিয়া মাতিম৷” সেইবাবে লগে লগেই মই সকলোকেই পাৰিমেই বুলি কওঁ।

সেইখিনি সময়তে মোৰ মনলৈ পুৰণিদিনৰ কথা কিছুমান ভাঁহি আহিল৷ ১৯৭২ চন জুলাই মাহৰ বিশ তাৰিখ৷ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ওলাব।  বন্ধু জামাল আমাৰ ঘৰ আহি পালেহি। একেলগে স্কুললৈ পৰীক্ষাৰ ফলাফল আনিবলৈ যাম। মায়ে গোঁসাইঘৰত ধূপ-ধূনা, চাকি জ্বলাই থকা দেখিলোঁ। দেউতাই ৰগৰ কৰি আমাক দুটা ডাঙৰ কাপোৰৰ মোনা লৈ যাবলৈ ক’লে যাতে আমি বেছিকৈ নম্বৰ ভৰাই আনিব পাৰোঁ। দেউতাই কথাখিনি কৈ থাকোঁতে মোৰ দাদা অমৰজ্যোতি চৌধুৰীৰ প্ৰৱেশিকা পৰীক্ষাৰ ফলাফল ওলোৱা দিনটোৰ কথা মনত পৰিল। দাদাই প্ৰৱেশিকা পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছিল। প্ৰখ্যাত খেলুৱৈ, সাংবাদিক পুলিন দাসে সেইদিনা মায়ে দাদাক মিঠাই খুৱাই থকা ফটো এখন তুলিছিল। পিছদিনা বাতৰি কাকতত সেই ফটোখন ওলাইছিল। সেইদিনা মা-দেউতাৰ মুখকেইখন দেখি বুজি পাইছিলোঁ যে তেওঁলোকে এই জীৱনত স্বৰ্গীয় সুখ পাইছে৷ সন্তানৰ সাফল্যত যি সুখ পোৱা যায় মাক দেউতাকৰ বাবে তাতকৈ একো সুখেই বেছি হ’ব নোৱাৰে৷

মা-দেউতাক সেৱা কৰি স্কুললৈ গ’লোঁঁ৷ যাওঁতে ভাবি গ’লোঁ কেনেকৈ পৰীক্ষাত ভাল ফল পাম? যোৱাবছৰটো গান বাজনা কৰিয়েই বেছিভাগ সময় কটালোঁঁ৷ তথাপিও বহুত আশা কৰি গৈছিলোঁঁ৷  ভাবিছিলোঁ স্কুল গৈ পোৱাৰ লগে লগে লগৰবোৰে দৌৰি আহি মোক দাঙি লৈ মোক গোটেই স্কুল ঘূৰাই ফুৰাব। ফুল ছটিয়াব! মালা পিন্ধাব! কেইদিনমানৰ আগতে মাক পানবজাৰত থকা ফটো ষ্টুডিঅ’লৈ লৈ গৈ মায়ে মোক মিঠাই খুৱাই থকাৰ ফটো এখন তুলি থৈছিলোঁ৷ ভাল ফলাফল দেখি কোনোবা সাংবাদিক আমাৰ ঘৰলৈ আহিলে আৰু মোক সেই সময়ত ঘৰত বিচাৰি নাপালে, মায়ে যাতে বাতৰি কাকতত ওলাবলৈ সেই ফটোখনকে দি দিব পাৰে৷ স্কুলৰ চৌহদত সোমাই মন কৰিলোঁ যে কোনো মোৰ ফালে ফূৰ্তিৰে দৌৰি অহা নাই৷ বন্ধু কিৰণ আমাৰ ফালে অহা দেখিলোঁ। সি চিঞৰি ক’লে, “আমি তিনিওতাই প্ৰথম বিভাগ পাইছোঁ। লেটাৰ এটায়ো নাপালোঁঁ”৷ মূৰত সৰগ পৰা যেন লাগিল। কিমান যে ৰঙীন সপোন লৈ গৈছিলোঁঁ৷ সকলো মিছা হ’ল৷ ঘৰলৈ যাবলৈও ভয় লগা হ’ল।  কোনে বা কি কয়? সেয়ে জামাল আৰু কিৰণকো মোৰ লগত যাবলৈ অনুৰোধ কৰিলোঁঁ৷ বিপদৰ বন্ধু হৈ সিহঁতো মোৰ লগত আমাৰ ঘৰলৈ আহিল। পৰিয়ালৰ লোকে, ওচৰ চুবুৰীয়াৰে আমাৰ ঘৰ লোকাৰণ্য৷ সকলোৰে আশা মই অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিম৷ আমাক দেখিয়েই সকলোৱে ফলাফল জানিব বিচাৰিলে৷ আমাৰ মুখত ফলাফল শুনি সকলোৰে আশাত চেঁচাপানী পৰিল। মিঠাই, ফুল আৰু যে কত কি যোগাৰ কৰি থৈছিল সকলোৱে। দুই এজনে মন্তব্য দিলে, পঢ়া শুনাত একেবাৰে মন নাই, দিনটো হাৰমনীয়াম বজাই থাকিলে পৰীক্ষাৰ ফলাফল ভাল কেনেকৈ হ’ব? তেনেতে ঘৰৰ ভিতৰৰ পৰা দেউতা ওলাই অহা দেখিলোঁঁ৷ দূৰৈৰ পৰাই দেউতাই মাত দিলে, “পাছ নে?” আমি তিনিটাই একেলগে চিঞৰি উঠিলোঁ, “পাছ কৰিলোঁ, প্ৰথম বিভাগ পাইছোঁ। লেটাৰ মাৰ্ক চাগে অলপ অলপৰ বাবে নাপালোঁঁ৷” দেউতাই হাঁহি মাৰি ক’লে, “পাছ যে কৰিছ, সেইটোৱেই ডাঙৰ কথা৷ সকলোৱে কৃষ্ণকান্ত সন্দিকৈ বা আনন্দৰাম বৰুৱাৰ দৰে কেনেকৈ হ’ব? দ্বিতীয়, তৃতীয় বিভাগবোৰোতো কোনোবাই পাব লাগিব?  শিক্ষা বিভাগে এনেয়ে এই বিভাগবোৰ কৰি থৈছেনে?” দেউতাই আমাক এটা কথা প্ৰায়ে কৈছিল, “জীৱনত সদায় এটা লক্ষ্য থিৰ কৰি ল’ব লাগে৷ কিবা এটা হ’ম বুলি ভাবিলে সকলোতকৈ ভালটোৱেই হ’ম বুলি ভাবি চেষ্টা কৰিব লাগে৷ সাহিত্য ক্ষেত্ৰত লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে, ফুটবলত পেলেৰ দৰে, ক্ৰিকেটতত গাভাস্কাৰৰ দৰে হ’মেই বুলি ভাবি চেষ্টা কৰি যাব লাগে৷ ভাল হ’ব পাৰিলে সকলোতে সন্মান আছে৷ দেউতাৰ কথা শুনি পঢ়াশুনাৰ বাহিৰে বাকী সকলোতে কিছু চেষ্টা কৰি চালোঁ৷ খেলাধূলা, সংগীত চৰ্চা, নাট অভিনয় সকলোতে সফল হ’বলৈ চেষ্টা কৰিলোঁ৷ কিন্তু কোনো বিষয়তে সাফল্যৰ মুখ নেদেখিলোঁ৷ ৰামানুজন মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি এই কথাবোৰকেই ক’ম বুলি ভাবি থাকোঁতেই বিশিষ্ট শিল্পী ৰূপম তালুকদাৰৰ ফোন পালোঁ৷ ফোনত ৰূপমৰ কথাখিনি শুনি মোৰ গাৰ মাজেদি বিজুলীৰ সোঁত এটা বৈ যোৱা যেন লাগিল৷ ৰূপমৰ কথাখিনি আছিল এনেধৰণৰ, ড° ভূপেন হাজৰিকাদেৱৰ জন্মদিনৰ লগত সংগতি ৰাখি লণ্ডনৰ শ্ৰীমন্ত শংকৰদেৱ ইণ্টাৰনেশ্যনেল কালচাৰেল চেণ্টাৰে ছেপ্টেম্বত লণ্ডনত ভূপেন্দ্ৰ সংগীত দিৱসৰ আয়োজন কৰিছে৷ ডা° কৰুণাসাগৰ দাসৰ অনন্য প্ৰচেষ্টাত অনুষ্ঠিত হ’বলগীয়া এই সভালৈ মোক মূখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাইছে৷ মই হেনো গীতে মাতে অনুষ্ঠানটি জীপাল কৰি তুলিব লাগিব৷ ডা° দাসৰ নাম প্ৰায়েই শুনি থাকোঁ৷ লণ্ডনলৈ কোনোবা অসমীয়া মানুহ গ’লে তেখেতে গম পালেই তেখেতৰ ঘৰলৈ মাতি নি বিভিন্ন ঠাইলৈ ঠাই আদিও দেখুৱাবলৈ লৈ যায়৷ তেওঁৰ দৰে উদাৰ প্ৰকৃতিৰ লোক বিৰল৷ তেখেতৰ এনে গুণৰ বাবে ড° ভূপেন হাজৰিকাই তেখেতক কৰুণাসাগৰ বুলি কৈছিল৷ আচলতে তেখেতৰ নাম আছিল কৰুণাকান্ত দাস৷ লণ্ডনলৈ গ’লোঁ৷ ১০ ছেপ্টেম্বৰত অনুষ্ঠিত ভূপেন্দ্ৰ দিৱসত মন প্ৰাণ ঢালি ভূপেন দাৰ গান গালোঁ৷ হাস্য বংগ কথাও ক’লোঁ৷ শ্ৰোতা দৰ্শকৰ হাঁহিৰে সভাঘৰ ৰজনজনাই গ’ল৷ অনুষ্ঠানৰ শেষত সকলো প্ৰবাসী অসমীয়া লোকে মোক ঘেৰি লৈ প্ৰসংশা কৰাত ধন্য হ’লোঁ৷ মূল উদ্যোক্তা ডা° কৰুণাসাগৰ দাসে তাৰ পিছৰ বছৰতো মই লণ্ডনলৈ যাব লাগিব বুলি কোৱাত আনন্দত আত্মহাৰা হ’লোঁ৷

লণ্ডনৰ পৰা গুৱাহাটীলৈ ঘূৰি অহাৰ পিছত লণ্ডনত গান গাবলৈ যোৱাৰ কথাবোৰ শুনিবলৈ আৰু অভিনন্দন জনাবলৈ দুদিনমান আমাৰ ঘৰ বন্ধু বান্ধৱ, শুভাকাংক্ষী আৰু আত্মীয় স্বজনেৰে ভৰি পৰিছিল৷ বিদেশত তোলা ফটোবোৰ সকলোৱে সহজে চাব পৰাকৈ এলবামত সজাই থৈছিলোঁ৷ ফটোবোৰ আনে চালে কিমান যে ভাল লাগে! ঘৰলৈ আলহী আহিলেই তৎক্ষণাত দিব পৰাকৈ বিধে বিধে মিঠাই, চিংৰা, চিকেন চপ আনি থৈছিলোঁ৷ যিসকলে হাতত সময় লৈ আহিছিল, তেওঁলোকক পৰিবাৰ ৰুমিয়ে লুচী, কণী, আলুৰ দম ৰান্ধি খুৱাইছিল৷ খোৱাৰ সময়ত গৰম গৰম লুচি ভাজি দিছিল৷ আগৰ পৰাই ভাজি থোৱা নাছিল৷ ঘৰখন দুদিনমান মানুহেৰে ভৰি পৰাত বৰ ফূৰ্তিত আছিলোঁ৷ দুদিনমান পাছৰ পৰা এজনো মানুহ নহা হোৱাত মন সেমেকি গৈছিল৷ পদূলিমুখলৈ গৈ ৰাতিপুৱাৰে পৰা কোনোবা আহিছে নেকি বাট চাই থাকোঁ৷ আবেলিলৈকে কোনো নহাত বেজাৰতে ৰুমিক কথাটো ক’লোঁ৷ ৰুমিয়ে ক’লে, “তোমাৰ উৎপাততে আলহী নহা হ’ল৷ আলহী আহি চ’ৰাঘৰত বহিবলৈ পাবহি মাথোন, তোমাৰ ফটো দেখুওৱাৰ কি যে হেঁপাহ৷ যেন পিছত ফটো চাবলৈ সময়হে নাপাব৷ সকলোৱে এই ফটোবোৰ চাই ভাল নাপাবওটো পাৰে! জোৰ জবৰদস্তি কৰি এখন এখনকৈ প্ৰায় দুশখন ফটো দেখুৱাই, তাৰ ওপৰত আলোচনা কৰি থাকিলে মানুহে আমনি পাবই৷ তেওঁলোকে গৈ বন্ধু বান্ধৱসকলক এইবোৰ কথা কৈ দিয়াৰ বাবেই চাগে আজি এজনো আলহী অহা নাই৷ য’তে ত’তে তোলা ফটো সকলোৱে কিয় চাব? লণ্ডনত টেমচ নদীৰ পাৰত বা দলঙত উঠা ফটো বাৰু সকলোৱে চাই ভালেই পাব কিন্তু ডাষ্টবিনৰ লগত তোলা ফটো কোনে চাব হে?” ডাষ্টবিনৰ কথা কওঁতে এটা কথা মনলৈ আহিল৷ এদিন আমি লণ্ডনত খোজকাঢ়ি ঘূৰি ফুৰোঁতে এটা পদপথৰ ওপৰত ডাঙৰ বাকচৰ দৰে বস্তু এটাৰ ওপৰৰ ফালে বাঘৰ মূৰ্তি এটা দেখিলোঁ৷ প্ৰকাণ্ড মুখখন মেলি দাঁত নিকটাই আছে৷ মোৰ চুলিখিনি হাতেৰে ঠিকঠাক কৰি বাঘৰ মুখখনৰ মাজেৰে হাতখন ভৰাই ৰুমিক ফটো এখন তুলিবলৈ ক’লোঁ৷ বাঘে কামোৰা বাবে মই যেন দুখহে পাইছোঁ তেনেকুৱা মুখৰ ভংগী কৰি থিয় হ’লোঁ৷ মোক দেখি ৰুমিয়ে এনে বিকট চিঞৰ মাৰিলে যে মই সেইটো সঁচা বাঘ বুলি ভাবি ভয়তে মুৰ্চা যোৱাৰ দৰে হ’লোঁ৷ জীৱ উৰি যোৱা যেন লাগিল৷ ৰুমিয়ে চিঞৰি চিঞৰি ক’লে “কি লেতেৰা মানুহ, ডাষ্টবিনত হাত ভৰাবলৈ কি হে পাইছে? বাঘৰ এইখন মুখেৰে মানুহে কিমান যে লেতেৰা বস্তু পেলাই থৈ যায় জানানে নে নাই?” ভালকৈ চাই দেখিছোঁ সেইটো এটা ডাষ্টবিনহে৷

আজিও কোনোবা দুখ নিৰাশাৰ মুহূৰ্তত লণ্ডনলৈ গান গাবলৈ যোৱা, প্ৰবাসী অসমীয়াসকলে যচা মৰম চেনেহৰ কথা, ডা° কৰুণাসাগৰ দাসৰ সাগৰৰ দৰে বিশাল নিৰ্মল হৃদয়ৰ কথাবোৰ মনত পেলাওঁ৷ খন্তেকতে দুখ বিষাদ নিৰাশা আঁতৰি যায়৷ মনে সকাহ পায়, ভবিষ্যতত বিশ্বাস বঢ়ায়৷

☆ ★ ☆ ★ ☆

2 Comments

  • নীলাঞ্জনা

    বৰ ভাল লাগিল দাদা৷ আপোনাৰ লেখা সদায়ে প্ৰিয়৷

    Reply
  • abhijit goswami

    বৰ ভাল লাগিল পঢ়ি ছাৰ 🙏🙏🙏

    Reply

Leave a Reply

Your email address will not be published.