ফটাঢোল

উলট-পালট-ভাস্বতী দেৱী

কেতিয়াবা আপোনালোকৰ এনেকুৱা হয়নে যে চাহত চেনীৰ সলনি নিমখ দিছে বা আঞ্জাত নিমখ বুলি চেনী দিছে? এনেকুৱা ‘উলট-পালট’ সৰু সৰু ৰসাল ঘটনা দুটামান ঘটিছিল মোৰ জীৱনত

১/ এবাৰ দেউতাৰ অসুখৰ সময়ত মেডিকেলত থকা সময়ৰ কথা। সিদিনা দেউতাক ৰিলিজ দিব। ৰাতিপুৱা আমি গ’লোঁ ইয়াৰ পৰা আনিবলৈ। দেউতাৰ লগত মেডিকেলত মা আছিল। ৰাতিপুৱাই গৈ পালোঁ আমি।মায়ে শুই উঠি ব্ৰাছ হাতত লৈছে। কথা পাতি পাতি বেগৰ পৰা টুথপেষ্ট লৈ ব্ৰাছ কৰিবলৈ ধৰিলে। মই বোলো হাৰে…টুথপেষ্টটোৰ দেখোন ফেন উঠা নাই।মায়েও বোলো কলগেটটো কিবা কিবি লাগিছে।ব্ৰাছডাল মুখৰ পৰা উলিয়াই চাই দেখিলে অমুকীয়ে কথাৰ নিচাতে কলগেটৰ সলনি এচপ’লিনেৰে দাঁত ঘঁহি আছে৷

২/ এইটো ঘটনা হ’ল মাহীহঁতৰ আইতা এগৰাকীৰ।আমি মাহীহঁতৰ ঘৰত আছিলোঁ সিদিনা। মাহীৰ বিয়া দিয়া বাজনীও আহিছে। গোটেইকেইজনীয়ে বহি কথা পাতি আছোঁঁ৷ এনেতে গা-মূৰ ধুই আইতা গৰাকী আহিল সোমাই। অহাৰ লগে লগে ধুনীয়া চিনাকি গোন্ধ এটা আইতাৰ চুলিৰ পৰা আহিছে। আমি কেইজনী বিচুৰ্তি বোলো আইতা কিহেৰেনো মূৰ ধুলি? আইতাই বোলো টেবুলৰ ওপৰত থকা সৌ চেম্পুটোৰে৷ আমাৰ কেইজনীৰ মেলা মুখ মেলাতে থাকিল। বুঢ়ীয়ে চেম্পু বুলি ভাবি মূৰ ধুই অহা বস্তুটো কি আছিল জানেনে?…….V wash……

৩/ এইবাৰ আন দুগৰাকী আইতাৰ কথা। আইতা মানে মোৰ মাৰ আইতা। মা তেতিয়া বিয়া হোৱাই নাই। মাহঁতৰ ঘৰলৈ দুগৰাকী সম্পৰ্কীয় আইতা আহিছিল আলহী খাবলৈ। এগৰাকী আইতাই আহি ৰাতিৰ সাজ নিজে বনাও বুলি লৈছে। এই আইতাগৰাকীয়ে একেবাৰে ভোট জলকীয়া পিচি আঞ্জাত দি হাতখন গৈ বাহিৰত ধুই আহিলেগৈ। এইবাৰ আনগৰাকী আইতাৰ বোলে লাগিল শৌচ কৰিবলৈ। ৰাতি কেৰাচিনৰ চাকি এগছি লৈ গ’ল লেট্ৰিনলৈ। বুঢ়ীয়ে গণ্ডগোলটো লগালে সেইখিনিতেই৷ আনগৰাকীয়ে সেই ভোট জলকীয়া পিচা পটা আৰু হাতখন ধুই যিটো বাল্টিত পানী পেলাইছিল সেইটোকে লৈ গ’ল লেট্ৰিনলৈ। লেট্রিনলৈ নিয়া বাল্টি আৰু সেইটো বাল্টি একেলগে আছিল৷ তাৰ পিছৰ খিনি বুজিছেই নিশ্চয়৷ বুঢ়ী যিটোহে বিহু দেখুৱালে, কৃষ্ণ! পিছত যেনিবা গাখীৰ লগাই অকণ তত পালে৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.