ফটাঢোল

উৎসৱ পালনৰ প্ৰৱণতা : চমু দৃষ্টিপাত- শিল্পাশ্ৰী দাস

উৎসৱ পাৰ্বণ বুলি ক’লে প্ৰত্যেকৰে মন প্ৰফুল্লিত হৈ উঠে। অকল মোৰ বা আপোনাৰ বুলিয়েই নহয়, উৎসৱ বুলি ক’লে সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহৰ মাজত ভাল লগা অনুভৱে ক্ৰিয়া কৰি যায়; সেয়া নিতান্তই স্বাভাৱিক। বহুদিনৰ অপেক্ষাৰ অন্তত যেতিয়া হেঁপাহৰ উৎসৱৰ দিনটো আহি পায়, মনলৈ অনাবিল আনন্দ আহে। ৰং-ৰহইচ, সাজ-পোছাকৰ পৰা আদি কৰি খাদ্য সম্ভাৰৰ কথাও উৎসৱ বিশেষে আহি পৰে। মুঠতে, দশোদিশ ভাল লগা পৰিৱেশেৰে পূৰ্ণ হৈ উঠে।
পিছে এই কথাৰ পৰা ফালৰি কাটি অন্য এক বিষয়লৈহে যাব ওলাইছোঁ। সেয়া হ’ল, সময়ে অসময়ে হৈ থকা ভিন্ন ৰকমৰ অনুষ্ঠান অথবা উৎসৱ পাৰ্বণসমূহ। লেখাটোৰ প্ৰথমতেই উল্লেখ কৰা ধৰণে উৎসৱ বুলি ক’লে সকলোৱে আনন্দ পাওঁ, সেয়া ষোল্ল অনাই সঁচা কথা। কিন্তু অসময়তো দুই বা তিনিদিনযোৰা ব্যয়বহুল উৎসৱসমূহে সম্প্ৰতি পূৰ্বৰ দৰে থকা হেঁপাহ কমাই আনিছে। এনেয়েও বাৰ মাহত তেৰটা উৎসৱ বুলি প্ৰবাদ ফাঁকি চলিয়েই আহিছে। সেই কথাষাৰেই যেন বৰ্তমান সময়ত প্ৰতীয়মান হৈ পৰিছে।
লোক সংস্কৃতিক জীয়াই ৰাখিবলৈ হ’লে বা শিপাৰ লগত সম্পৰ্ক ধৰি ৰাখিবলৈ হ’লে জাতীয় উৎসৱ অথবা পৰম্পৰাগতভাৱে চলি অহা ধৰ্মীয় উৎসৱসমূহ পালন কৰিবই লাগিব। কিন্তু সময় পাৰ হৈ যোৱাৰ পিছতো ব্যয়বহুলতাৰে চকুত চমক লগাকৈ পতাৰ নিশ্চয়কৈ প্ৰয়োজন নাই। নানা জাতি-জনগোষ্ঠীৰ বৈচিত্ৰ্যতাৰে ভৰা অসমত বিহু, আলি আঃয়ে লৃগাং, মে-ডাম-মে-ফি, বাথৌ পূজা, চাগ্ৰা বিছৱো ৱানচাৱা, বায়খো ইত্যাদি বিভিন্ন উৎসৱ পালন কৰা হয়। ইয়াৰ সমান্তৰালভাৱেই হিন্দু, মুছলিম অথবা অইন ধৰ্মৰ লোকসকলে হোলী, দিপাৱলী, দুৰ্গাপূজা, ঈদ, মহৰম আদি পালন কৰি আহিছে। তাৰ উপৰিও ঠাই বিশেষে অতীজৰ পৰাই চলি অহা অনুষ্ঠানবোৰো উলহ মালহেৰেই পালন কৰা হয়। কিন্তু সময় অতিবাহিত হোৱাৰ লগে লগে কিছু নতুন ধাৰাৰ আগমন ঘটিছে। পৰম্পৰাগতভাৱে সমূহীয়াকৈ পালন কৰিবলগীয়া উৎসৱসমূহ বেছি জকমকীয়া আৰু ব্যয়বহুল কৰি তোলা হৈছে। এদিনৰ ঠাইত দুই বা তিনিদিনীয়াকৈ পালন কৰিবলৈ লোৱা হৈছে। একাংশইতো এঢাপ ওপৰলৈ গৈ ফ্ৰান্সৰ “লা ট’মাটিনা”ৰ দৰে উৎসৱ পালনটো হাত উজান দিছিল।
উৎসৱৰ এনে ৰূপে আৰ্থিক ক্ষেত্ৰখনতটো নিশ্চয়কৈ প্ৰভাৱ পেলায়। গঢ় লৈ উঠিছে চান্দাৰ সংস্কৃতি। অনুষ্ঠান এটাৰ বাবে অৰ্থ অথবা সমূহীয়া সহযোগিতা লাগিবই। কিন্তু অহেতুকভাৱে দাবী, ধমকি আনকি কাজিয়া পৰ্যন্ত পৰ্যবসিত হৈছে এই চান্দাৰ সংস্কৃতি। জোৰকৈ পইচা আদায় কৰি জাক-জমকীয়া অনুষ্ঠান পতাটো সুস্থতাৰ পৰিচায়ক নিশ্চয়কৈ নহয়। তাৰ উপৰিও তেনে অনুষ্ঠান বা উৎসৱৰ নামত দুদিন আগৰ পৰা হৈ যোৱাৰ পিছদিনালৈকে বহু দূৰলৈকে ৰজনজনাই যোৱাকৈ মাইক বজোৱাটোও যেন এক অঘোষিত পৰম্পৰাহে হৈ পৰিছে।
আজিকালি কিবা এটা পাতিলে কোনো লোকৰ অসুবিধা অৰ্থাৎ পৰীক্ষাৰ্থীৰ মূল্যৱান সময় অথবা অসুস্থ লোকৰ কথা এবাৰো ভাবি চোৱা নহয়। আধুনিকতাৰ নামত উৎসৱবোৰত শব্দ প্ৰয়োগৰ যেন প্ৰতিযোগিতাহে চলে। অৱশ্যে সকলোতে অনুষ্ঠানটোৰ লগতে খাব খোৱা কিবা এটা যে বজাব, তাৰো কোনো মানে নাই। শিৱৰাত্ৰিত যদি বজায় “কাঁটা লাগা”, ভোগালী বিহুৰ অনুষ্ঠানত আকৌ বজাইছে “দম মাৰোঁ দম”। একাংশ পাবত গজাৰ বাবে এয়াই এতিয়া সংস্কৃতি। এইসকলে বিহুৰ পাঁচ মাহৰ পিছতো ধূমধামেৰে বিহু পালন কৰে। মুঠতে, সময় অথবা আনৰ অসুবিধালৈ চাবলৈ নাই; চান্দা তোলা, উৎসৱ পতা, ফূৰ্তি কৰা; এয়াই সম্প্ৰতি সুলভ।
এনে পৰম্পৰা সুস্থ সমাজ এখনৰ পৰিচায়ক নিশ্চিতভাৱে নহয়। মিলা-প্ৰীতি তথা সহযোগিতাৰে প্রিয় তথা চলি অহা উৎসৱসমূহ পালন কৰাটো একান্তই কাম্য যদিও সুস্থিৰভাৱে সঠিক সময়ত সেয়া হোৱাটো খুবেই জৰুৰী।
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.