ফটাঢোল

এই কাল বিপৰীত কাল-নাজিয়া হাচান

এখন হাবিত এহাল বাঘ-বাঘিনী আছিল। তেওঁলোকে বনত আনন্দেৰে জীৱন নিৰ্বাহ কৰিছিল। তেওঁলোক দুইজনৰ ভিতৰত বাঘিনীগৰাকী বেচ কিছু স্মাৰ্ট আৰু কনছিয়াছ প্ৰকৃতিৰ আছিল। নিয়মিত যোগাসন সু-খাদ্যাভ্যাসেৰে তেওঁ এটা অনন্য ব্যক্তিত্বৰ অধিকাৰী আছিল। প্ৰাতঃভ্ৰমণ আৰু সান্ধ্যভ্ৰমণ তেওঁৰ দৈনিক  তালিকাৰ মুখ্য কৰ্ম আছিল। আগতে তেওঁ হাবিখনতে চৰি ফুৰি ভ্ৰমণ অব্যাহত ৰাখিছিল। পিচে নিৰিবিলি, শান্তিৰ সুস্থ পৰিবেশ বাঘিনীগৰাকীৰ খুবেই পচন্দ আছিল।

কিন্তু সময় বাগৰাৰ লগে লগে বৰ্তমান হাবিখনত জীৱ-জন্তুৰ ভিৰ বৈদ্য বাঢ়ি যাবলৈ ধৰিছে। হাবিত কৰা ভ্ৰমণত সেয়ে তেওঁ আগৰদৰে সিমান এটা এঞ্জয় নকৰে। মনটো ভাল লগাবলৈ আজিকালি তেওঁ হাবিৰ বাহিৰলৈ আহি ৰাস্তাৰ দাঁতিয়ে দাঁতিয়েই পুৱা-গধূলি ভ্ৰমণ কৰিবলৈ লৈছে। তেওঁৰ মতে ভগৱানৰ কৃপাত মানুহ নামৰ প্ৰাণীবিধৰ এই কালছোৱাত বাটে-পথে আগৰদৰে অত্যাচাৰবোৰো বহুখিনি কমিছে। বাট-পথবোৰ তেনেই উদং। গাড়ী-মটৰতো বাদেই, বৰ্তমান মানুহ নামৰ প্ৰাণীবিধক পদূলিৰ মুখে মুখে ৰৈ ৰৈ বিনা মতলবত আড্ডা দিয়াও চকুত নপৰা হৈছে। গতিকে বাঘিনীয়ে এইদৰে ৰাস্তাত আৰামত ভ্ৰমণ কৰিবপৰা এয়া এককথাত অনন্য সৌভাগ্য! বৰ্তমান ক’ভিড নামৰ ভাইৰাছবিধে মানুহক হেনো ভালকৈ এশিকণি লগাই গৈছে। ফলত হাবিৰ বাহিৰত আগৰকালৰ মানুহে বাটে-পথে বাঘ বা আন জন্তু ঘূৰি ফুৰা দেখিলে যিটো অৱস্থা কৰিছিল; ওলোটাই, এতিয়া বাটে-পথে হঠাৎ বাঘ বা আন জন্তুৱে ঘৰৰ বাহিৰত ওলাই ঘূৰি ফুৰা মানুহ প্ৰাণীবিধক দেখিলেহে ঠিক তেনে অৱস্থা এটাৰ সন্মুখিন হয়! আৰু উপায়হীন হৈ মানুহবোৰে মুখাখন ধুমাধুম নাকলৈ উজাই, তলমূৰ কৰি ৰাস্তাত দেখা হাবিৰ জন্তুবোৰক নেদেখাৰ ভাও ধৰি সহজভাৱে ৰাস্তা এৰি দিয়ে; যুগৰ কি অসাধাৰণ পৰিৱৰ্তন এয়া! বাঘিনীয়ে কথাষাৰ মনে মনে অনুভৱ কৰি বৈদ্য খুচ হয়। আৰু গৰ্বত, তেওঁ ডিঙিটো আৰু অলপ আগুৱাই বুকু ফুলাই, গহীন খোজেৰে ৰাস্তাত মুক্ত মনেৰে ভ্ৰমণ কৰে।

অসাধাৰণ ব্যক্তিত্বৰ গৰাকী এই বাঘিনীয়ে, তেওঁ যিটো কৰিম বুলি ভাবে সমাজ বা সংসাৰৰ হিতৰ অৰ্থে, সেইটো কাম তেওঁ কৰিহে শান্তি লভে। এইযে বর্তমান হাবিখনত জীৱ-জন্তুৰ সংখ্যা দিনে দিনে বহুত বেছি বাঢ়িবলৈ ধৰিছে, বিষয়টো তেওঁলোক পতি-পত্নী দুয়োজনে এইকেইদিন বিশেষভাৱে লক্ষ্য কৰি আছে৷ এইদৰে জীৱ-জন্তুবোৰ হাবিত বাঢ়ি গৈ থাকিলে এটা কালত হাবিত আকালে যে দেখা দিব, সেইটো খাটাং। ভৱিষ্যতকালৰ এই কথাবোৰ ভাবিয়ে তেওঁলোকেও মাত্ৰ এটা বাঘ পোৱালীয়েই জন্ম দি সংসাৰ আগবঢ়াই নিছে। আৰু নিজৰ এই আদর্শ আগত ৰাখি, হাবিৰ জীৱ-জন্তুবোৰক একগোট কৰি এখন এই বিষয়ৰ ওপৰত সভা পাতিব বুলি বাঘিনীগৰাকীয়ে মনস্থ কৰিলে। বাঘ মহাশয়েও তেওঁৰ কথাত মূৰ লৰাই সঁহাৰি জনালে।

তাৰিখ অনুসৰি সভাখনত সেইদিনা হাবিত থকা নিমন্ত্রিত হাতী, শিয়াল, গঁড়, ভালুক, ম’ৰা, শগুন, সাপ, নেউল ইত্যদি সকলোৱেই উপস্থিত থাকিল। সভাৰ মুখ্য বক্তা হিচাপে বাঘিনীয়ে সকলোকে নমস্কাৰ জনাই ভাষণ আৰম্ভ কৰিবলৈ ল’লে। হাতদুখন সামান্য মোহাৰি বাঘিনীয়ে মাইকটো মুখৰফালে আগুৱাই পোনহৈ থিয় হৈ সামান্য গলটো জোকাৰি ভাষণ আৰম্ভ কৰিলে,

: শুনক বন্ধুগণ, আমাৰ আহিব লগা কালৰ পৰিনাম আমাৰ নিজৰ হাতত। কালৰ এইবাৰ বিশেষ পৰিৱৰ্তন ঘটিছে। চাওক, আজিৰ এই কালছোৱাত আমাৰ জীৱ-জন্তুৰ সমাজখন, জীৱ শ্ৰেষ্ঠ মানুহৰ সমাজখনতকৈ বহুত উচ্চ বুলি আমি নিজেই দাবী কৰিবলৈ সক্ষম হৈছোঁ। এয়া আমাৰ বাবে বেচ আনন্দৰ খবৰ! আমাৰ মাজত কাজিয়া-পেচাল, হিংসা-দণ্ড, ধৰ্ষণ আদিৰ দৰে জঘন্য কাণ্ডবোৰ মানুহৰ সমাজৰ তুলনাত একেবাৰে নাই বুলি বুকু ডাঠ কৰি আমি ক’ব পাৰোঁ। আৰু আমাৰ এই সংস্কাৰক ভগবানেও আজি উপলব্ধি কৰিছে৷ সেয়ে জগতৰ সৃষ্টিকৰ্তাই কোনোধৰণৰ বিপদ-আপদ, অদৃশ্য কিছুমান বীজাণু বা অমংগল কালক, আমাৰ মাজত আহিবলৈ একেবাৰে নিদিয়াৰ দৰেই। গতিকে আমি সদায় নিৰাকাৰজনৰ আশীৰ্বাদৰ কথা চিন্তি, সতৰ্কতাৰে জীৱনত আগবাঢ়িব লাগিব।

কথাখিনি কৈ মুখ্য বক্তাগৰাকীয়ে টেবুলৰ কাষতে থকা পানী গিলাচৰপৰা দুঢোকমান পানী খাই লৈ মুখখন ৰুমালেৰে মচি পুনৰ ভাষণ আৰম্ভ কৰিলে,

: বন্ধুগণ, আজি এই সভাখনৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ জন্ম নিয়ন্ত্ৰণ। এই কথাষাৰত আমি বিশেষ গুৰুত্ব দিয়া উচিত। কিয়নো, হাবিখনত জীৱ-জন্তুৰ সংখ্যা দিনে দিনে বহুত বেছিকৈ বাঢ়িবলৈ লৈছে। আৰু এইদৰে যদি হাবিত আমাৰ সংখ্যা বাঢ়িবলৈ হয় তেন্তে আমাৰ খোৱা-লোৱা, চলন-ফুৰণ সকলোতে এদিন অৰাজকতাই দেখা দিব। যিটো নেকি চলিত কালত ধুৰন্ধৰ মানুহৰ সমাজত নিতৌ দেখা পোৱা গৈছে। গতিকে মানুহৰ সমাজৰ দৰে আমিও যাতে পিছলৈ নিজে থাকিবলৈ ঠাই নোপোৱা হৈ, আমাৰ মাজতেই দেশী-বিদেশীৰ বিচাৰ উলিয়াই হিংসা-দণ্ড আৰম্ভ কৰিবলৈ আগনাবাঢ়োঁ তাৰ বাবে এতিয়াৰপৰা সজাগ হোৱা উচিত। এতেকে, কাল থাকোঁতেই এই সকলোবোৰ কথা গুৰুত্বত ৰাখি আপোনালোক সকলোৱে শুদ্ধ জ্ঞান বুদ্ধি বিচাৰবোৰক মগজুত বান্ধি জীৱন পৰিচালিত কৰক। বন্ধুগণ, এয়ে মোৰ আপোনালোকৰ ওচৰত কাতৰ অনুৰোধ। ধন্যবাদ৷

বক্তব্য শেষ কৰি শ্ৰীমতি বাঘিনীয়ে নিজৰ আসন গ্ৰহণ কৰাৰ আগত, শ্ৰীমান বাঘ মহাশয়ৰফালে কিঞ্চিত মূৰ দোঁৱাই ক’লে,

: দুৱাষাৰ তুমিও কোৱা, নে কি….?

পিচে বাঘ মহাশয়ে লাহেকৈ হাতখন লৰাই পত্নীক গহীন মৃদু শব্দৰে ক’লে,

: নালাগে..। হ’ব। তুমি সুন্দৰকৈ বুজাই দিছাই নহয়। সময়ৰ মূল্য আছে। মিছাতে একেখিনি বক্তব্য দি তেওঁলোকৰ সময় নষ্ট কৰিব নালাগে। বাৰে বাৰে কোৱা কথাবোৰত গুৰুত্বও কম থাকেগৈ। ঠিক আছে, তুমি কৈছা যেতিয়া মই বাৰু শেষ হিচাপে দুই এষাৰ কৈ সভাখন সামৰণি মাৰোঁ।

এইবুলি মহাশয় থিয় হৈ চকীখন সামান্য পিছলৈ ঠেলি, মাইকটোৰ কাষলৈ গৈ সকলোকে ধন্যবাদ জনাই সভাখন সামৰণি মাৰিলে।

 ☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.