ফটাঢোল

এই চহৰৰ বৰষুণ – বাপুকণ চৌধুৰী (মূল বাংলা : “এই শহরের বৃষ্টি” কবি : মৃন্ময় চক্ৰবৰ্তী (দাদা)

এই চহৰত আগেয়ে ইমান বাতানুকুল এ.চি.বোৰ নাছিল,
আজিকালি চহৰৰ বৰ চাহাববোৰে গৰমত বৰ ধৰফৰায়৷
হৰেণ দাসে কাচাৰীৰ অফিচ সময়ত কচুৰী, চিংৰাবোৰ ভাজে,
বৰ চাহাববোৰে যে মিঠা খাবলৈ ভয় কৰে বৰ!

কাষৰ প্ৰকাণ্ড অফিচটোৰপৰা এ.চি.ৰ গৰম বতাহবোৰ আহে,
কাষেৰে চলি থকা গাড়ীবোৰেও বতাহবোৰ গৰম কৰি তোলে,
কচুৰী, চিংৰা খাই বৰ চাহাববোৰে অভিযোগ কৰে,
“এইবাৰ গৰমত আৰু নোৱাৰিছো দেউ,
গাড়ীখনতো এ.চি. লগালো নোৱাৰাত পৰি…”

হৰেণ দাসে কচুৰী, চিংৰা ভাজি আপোন মনে শুনে,
কাণৰ কাষেৰে বৈ আহে অবাধ্য ঘামৰ ঢল,
তাৰ মাজতেই উৰি যায়
নলবাৰীৰ ঘগ্ৰাপাৰ
প্ৰচণ্ড ৰ’দত পত্নী আৰু মাতৃয়ে পথাৰত অপতৃণ গুচায়,
তিনিশ টকা হাজিৰা য’ত!

ৰাতি হ’লে হৰেণ দাস যাব মনিপুৰী বস্তিৰ ভাড়াঘৰত
কেৰেক মেৰেক অকাঠী কাঠৰ খাট,
তাতেই পৰি থাকে হৰেণ দাস!
ভল্টেজ নাথাকে ৰাতি,
ফেনখনে চৈধ্য গোষ্ঠী উদ্ধাৰি যায়,
মহবোৰে হৰেণ দাসৰ উদং শৰীৰত হেঁপাহেৰে
চুমা খায়৷

বৰ চাহাববোৰে কথা ক’ব জানে,
আকাশত মেঘৰ আচল দেখিলেই কবিতা লিখে
কচুৰী আৰু চিংৰাৰ সোৱাদ লৈ…
হৰেণ দাসেও ভাবে এই চহৰত বৃষ্টি নামক,
আৰু যে নোৱাৰি বাচিব,
তথাপিও বৰষুণজাক পাতলীয়া হওক
নহ’লে যে উটি যাব ভাড়াঘৰ!
বৰ চাহাববোৰৰ বিষ্ঠাবোৰ সোমাবহি হৰেণ দাসৰ আখলত অথবা বাচন বাতিবোৰত…
কাৰণ,
হৰেণ দাসে কবিতা লিখিব নাজানে,
তেওঁ মাথো কচুৰী, চিংৰাহে ভাজিব জানে
কাচাৰীৰ অফিচ সময়ত!

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.