ফটাঢোল

এই সংখ্যাৰ আৰৰ কথা– যোগেশ ভট্টাচাৰ্য্য

দুই এটা ধেমেলীয়া কথা নিজৰ ফেইচবুক ৱালত আগৰে পৰাই লিখি আছিলোঁ, কিন্তু কোনো গ্ৰুপত সোমোৱা নাছিলোঁ। ২০১৯ ৰ শেষৰপিনে মিউচুৱেল ফ্ৰেণ্ড কেইজনমানক দেখি ফটাঢোল গ্ৰুপত জইন কৰিলোঁ। জইন কৰাৰ পিছতেই এটা লেখাও দিছিলোঁ। পিচে এপ্ৰুভহে নহ’ল। নহ’ব পাৰে। গোটৰ নিয়ম-নীতি কিছু থাকে, যিবোৰ তেতিয়া মই নাজানিছিলোঁ। গতিকে প্ৰথমে আনৰ লেখাবোৰ পঢ়িবলৈ ল’লোঁ। কেনেধৰণৰ লেখা ইয়াত দিব পাৰি সেইটোৰ উমান ল’বলৈ দুমাহমান খুব পঢ়িলোঁ। কিছু মূৰৰ ওপৰেদি গ’ল। কোনোবা এজনৰ কথা লিখিলে হাঁহৰ কথা থাকেই, কোনোবা এজনৰ জন্মৰ চন ১৯৪৭ বুলি কয়। কোনোবাই বন্দুক লৈ মানুহক ভয় খুৱাই থাকে হেনো। কোনোবা এজনে বোলে আকৌ ভক্তিভাৱতে থাকে সদায়। প্ৰথমতে সকলো মূৰৰ ওপৰেদি গ’ল। তাৰ পিছত লাহে লাহে অলপ আইডিয়া হ’ল। কেনে ধৰণৰ লেখা গ্ৰুপত এপ্ৰুভ হয় গমি-পিতি লৈ দিলোঁ আকৌ এটা লেখা। এইবাৰ এপ্ৰুভ হ’ল।

লাইক কমেণ্ট কিছু আহিল। সকলো অচিনাকি মানুহ।

দুসপ্তাহ ৰৈ আৰু এটা দিলোঁ। এইবাৰ বিপুল সঁহাৰি। এনেই ভাবি কিবা এটা লিখি দিওঁতেই মানুহে পিছৰ খণ্ডও দাবী কৰিলে। যিটো গ্ৰুপত এবাৰ লেখা এটা এপ্ৰুভ হোৱা নাছিল সেইটো গ্ৰুপৰে এডমিন ৰিণ্টুদাই আলোচনীৰ বাবে লেখা এটা দাবী কৰিলে। লেখা দিলোঁ, আলোচনীত ওলাল। ইটোৰ পিছত সিটো লিখি গ’লোঁ, মানুহবোৰে মৰম চেনেহ দি গ’ল।

কিন্তু ভবা নাছিলোঁ সেই ফোনকলটো ইমান সোনকালে আহিব বুলি।

আবেলি সময়ত ৱেব চিৰিজ এখন চাই বিছনাত বাগৰি আছিলোঁ। তেনেতে ফোনটো বাজি উঠিল।

চৰম বিৰক্তিৰে ফোনটো হাতত লৈ দেখিলোঁ ৰিণ্টুদাৰ ফোনকল। জাঁপ মাৰি উঠি বহিলোঁ।

“দুমাহৰ পিছত সম্পাদকৰ দায়িত্ব ল’ব লাগিব তুমি”

পাৰিম, নোৱাৰিম, কি কৰিব লাগিব এইবোৰ ভাবি সোধাৰ আগতেই ফোনটো থৈয়েই দিলে তেওঁ৷ বুজি পালোঁ, এয়া প্ৰস্তাৱ নাছিল, নিৰ্দেশহে আছিল।

সঁচা কথা ক’বলৈ হ’লে সৰু-সুৰা আলোচনীৰ কাম আগতেও কৰিছোঁ। কৰিছোঁ মানে টাইপ কৰি দিয়া, প্ৰিণ্ট কৰা ইত্যাদি হাৰ্ডৱেৰ টাইপৰ কাম। কিন্তু সম্পাদক হ’বলৈ কেতিয়াও সাহস কৰা নাছিলোঁ কিন্তু এইবাৰ যিহেতু ৰিণ্টুদা বুঢ়াৰ হাতত মই চেঙেলীটো পৰিলোঁ, নিস্তাৰ নাই বুলি গম পালোঁ।

চেপ্তেম্বৰ মাহ আহিল। মোৰ কাম আৰম্ভ হ’ল। সম্পাদনা টিমৰ লগত চা-চিনাকি হ’লোঁ। কামবোৰ মোক বুজাই দিয়া হ’ল। প্ৰথমতে ভাবিছিলোঁ অলপ কনফিউজিং কাম হ’ব। কিন্তু সকলোৱে এনেদৰে লাগি ভাগি দিলে যে গমেই নাপালোঁ কেনেকৈ এটা দুটাকৈ প্ৰায় ৭০ৰ ওচৰা-ওচৰি লেখা যুগুতাই পেলালোঁ। ২২ তাৰিখমানলৈ দহটামান লেখা আহিছিল। মই ভাবিলোঁ যে মোৰবাৰত আটাইতকৈ কম লেখা আহিব। মোক যেতিয়া টিমৰ সদস্যকেইজন আৰু আগতে সম্পাদক হৈ যোৱা মানুহকেইজনে আলোচনীৰ কথা সোধে, মই কওঁ লেখা কম আহিছে এইবাৰ। তেওঁলোকে পাঁচমিনিটমান হাঁহি লৈ কয়, গম পাবা দিয়া ২৫ তাৰিখৰ পিছত। ঠিকেই, ২৫ তাৰিখৰ পিছত লেখাৰ সোঁত ববলৈ ধৰিলে কিন্তু তেনে একো থৰকাচুটি হেৰুৱাবলগীয়া নহ’ল। কাৰণ “মই এনেও এইবিলাকত এক্সপাৰ্ট আৰু পুৰা চিনচিয়েৰ” বুলি কৈ থ’ব পাৰোঁ। কিন্তু মিছা কোৱা হ’ব। আৰম্ভণিৰ পৰা যেনেকৈ টিমৰ মানুহখিনিয়ে গাইড দিছে, মোৰ অসুবিধা একো নহ’ল।

গোটত অহাৰ আগৰেপৰাই নদীৰ পাৰত শিল এচটাত বহি থকা মানুহ এজনৰ ফটো ফ্ৰেণ্ড চাজেচনত আহি আছিল। মই দেখিলোঁ অনেক মিউচুৱেল ফ্ৰেণ্ড তেওঁৰ আৰু মোৰ মাজত। অলপ খুঁচৰি চাই দেখিলোঁ মানুহে দেধাৰ কমেণ্ট দিয়ে তেওঁৰ আপডেটত। “এই মানুহজনৰ ইমান এনে কি কোৱালিটি আছে যে মানুহবোৰে ইমান পাত্তা দিয়ে?” বুলি ভাবি ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠালোঁ। দেখিলোঁ গ্ৰুপত পুৰা এক্টিভ মানুহজন। লিখেও সাংঘাতিক।কিন্তু মানুহজনৰ এক্সপাৰ্টাইজ দেখিলোঁ তেতিয়া, যেতিয়া দেৱজিত শৰ্মাদাৰ শেষৰ দুদিনমান গা বেয়া হোৱাত এই মানুহজনে প্ৰায় অকলেই অধিকাংশ লেখা আপলোড কৰি পেলালে। মোতকৈ বয়সত ভালেখিনি ডাঙৰ মানুহজনৰ স্পিডৰ কোবত এইবাৰহে মোৰ থৰকাচুটি হেৰুৱাৰ উপক্ৰম হ’ল। যেন মই এখন বি এম ডাব্লিউ চলাই আছোঁ আৰু তেওঁ পুৰণা বালি টনা লোডেড ট্ৰাক এখনেৰে মোক অভাৰটেক কৰি টা-টা, বাই-বাই দি গৈছে। এই মানুহজনৰ নাম নক’লেও আপুনি গম পাইছেই চাগৈ, হেমন্ত কাকতিদাদা, ওৰফে আমাৰ মৰমৰ হেকাদা।

আলোচনীৰ অন্যান্য বিষয়বোৰত দিহা পৰামৰ্শ আগবঢ়োৱাৰ বাবে অভিজিত কলিতাদাদাৰ ওচৰত কৃতজ্ঞ হৈ ৰ’লোঁ৷

দেৱজিত শৰ্মা দাৰ কথা কি ক’ম আৰু। বেংকৰ চাকৰিয়াল হোৱাৰ বাবেই কিজানি তেওঁ টেকনিকেল চাইডত এটিএমৰ দৰে ২৪×৭ সময় মোক গাইড দি আছিলে। আনকি কেতিয়াবা ব্যক্তিগত কাৰণত মোবাইল বন্ধ ৰাখিলেও মই কানেক্ট কৰিব পৰাকৈ বুদ্ধি দি থৈছিল যাতে মোৰ অসুবিধা নহয়। শেষৰ দুদিনমান তেওঁ অসুখত পৰিল যদিও নিজৰ দায়িত্ব আগতীয়াকৈ পালন কৰি থোৱাৰ বাবে কাৰো বিশেষ একো অসুবিধা নহ’ল।

সাক্ষাৎকাৰৰ বাবে মানুহ বিচাৰি হাইৰাণ হৈ এটা সময়ত ভাবিছিলোঁ এইবাৰ এইটো শিতান খালী ৰাখি দিব লাগিব মই। হিমাংশু ৰাজখোৱাদা নহ’লে সঁচাকৈ খালী গ’লহেঁতেন। জাগীৰোডৰ পৰা গাড়ী চলাই আহি মোৰ চকুৰ আগতে সাক্ষাৎকাৰ লৈ গুচি গ’ল‌। মই কাষত বহি বহি চায়েই থাকিলোঁ। লগতে আই পি এছ এজনক লগ ধৰাত সুবিধা কৰি দিয়াৰ বাবে সুকুমাৰ গোস্বামীদাকতো কৃতজ্ঞতা জনাবই লাগিব। তেওঁ নোহোৱাহেঁতেন আমি হয়তো ডিআইজি দিগন্ত বৰাক ইমান ঘৰুৱাভাবে সাক্ষাৎ কৰিব নোৱাৰিলোঁহেঁতেন।এই চেগতে সাক্ষাৎকাৰৰ সময়ত ফটো আদি তুলি সহায় কৰা মিকুল ডেকালৈও ধন্যবাদ জ্ঞাপন কৰিলোঁ৷

পোষ্টাৰ বনোৱা মানুহ চন্দন বৰিৰ কথা কি কম? মোক হিমাংশুদাই কিবা লিখি দিবলৈ দিয়ে আৰু গ্ৰুপত চন্দনক কিবাকিবি ‘ইন্‌ষ্ট্ৰাকচন’ দিয়ে যিবোৰ মোৰ মূৰৰ ওপৰেদি যায়। আৰু তাৰ কিছুসময়ৰ পিছত চন্দনৰপৰা মোৰ  ৱাটচআপত ধুনীয়া ধুনীয়া পোষ্টাৰ আহি যায়। আলোচনীখনৰ লেখাবোৰক ৰং বিৰঙৰ ছবিৰে সজোৱা বাবে চন্দন বৰিক আৰু হিমাংশুদাক আকৌ এবাৰ ধন্যবাদ জনালোঁ।

শাৰদীয় পূজাৰ থিম বেনাৰখন সজাই আলোচনী সুগঢ়ী কৰি তোলা আৰাধনা বৰুৱা আৰু দিগন্ত কুমাৰ ভট্টাচাৰ্য্যদাদা লৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

মাজে মাজে ফোন মেছেজ কৰি ‘টেনচন নলবা’, ‘কিবা প্ৰব্লেম হ’লে মই আছোঁ’ জাতীয় কথা কৈ পিঠিত হাত থৈ আগলৈ ঠেলি থকা সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্যদা লৈ কৃতজ্ঞতা জনালোঁ । সময়ে সময়ে খা-খবৰ লৈ উৎসাহ দি থকা আৰু সহায় কৰিবলৈ সকলো সময়তে সাজু হৈ থকা বিজয় মহন্তদা, দিম্পল কলিতা আৰু ৰিমঝিম বৰঠাকুৰলৈও আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ৷

আলোচনীৰ বাবে ফটাপ্ৰশ্ন সংগ্ৰহ কৰি দিয়া আৰু ফোন মেছেজৰ যোগেদি কামৰ খতিয়ান লৈ থকা ৰাজশ্ৰী শৰ্মাক কৃতজ্ঞতা নজনালে নহ’ব৷

 

ফটাঢোলৰ চিনেমা শিতানটো ব্যস্ততাৰ মাজতো প্ৰতিবাৰে নিয়াৰিকৈ চলাই নিয়াৰ বাবে ডলী তালুকদাৰ বাইদেউক ধন্যবাদ জনালোঁ৷ লগতে এইবাৰ আমালৈ চিনেমা লিখি পঠিওৱা জয়ন্ত দাস দেৱলৈও ধন্যবাদ আৰু কৃতজ্ঞতা যাচিলোঁ৷

বৰ্ণাশুদ্ধিৰ টিমটোৱেও কমখন কষ্ট কৰা নাই মোৰ বাবে। প্ৰণীতা গোস্বামী বৰঠাকুৰ বা, চবিনা ইয়াচমিন বা, পৰীস্মিতা গগৈ আৰু ঋতুপৰ্ণা মহন্তৰ অৰিহণাখিনি স্বীকাৰ কৰিবই লাগিব৷ লেখা চোৱাৰ উপৰিও মাজে মাজে দিহা পৰামৰ্শ দি তেওঁলোকে মোৰ কামত যঠেষ্ট সহায় কৰিছে। আৰু তেওঁলোকৰ কামৰ স্পিড দেখি তবধ মানিছোঁ দেই। মই এইটো লিখি থকাৰ সময়ত  তেওঁলোকে সকলো কাম শেষ কৰি মোৰটো লিখি হোৱালৈ ৰৈ আছে।

শ্ৰেণীকোঠা এটাত শিক্ষকজনেই সবাতোকৈ গুৰুত্বপূৰ্ণ কিন্তু শিক্ষাৰ্থী অবিহনে তেওঁ অসাৰ। ঠিক একেদৰেই যেনেকৈ প্ৰজা অবিহনে ৰজা অসাৰ, শ্ৰোতা আবিহনে গায়ক অসাৰ, তেনেদৰে লেখক আৰু পঢ়ুৱৈ অবিহনে আলোচনী এখনৰ সম্পাদক অসাৰ। সদৌ শেষত আলোচনীলৈ লেখা আগবঢ়োৱা প্ৰতিজন ব্যক্তিলৈ আৰু আলোচনীখন পঢ়ি আমাৰ কষ্ট সাৰ্থক কৰা প্ৰতিজন লোকলৈও মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ৷ লগতে বিশেষ কাৰণত যদি কাৰোবাৰ লেখা আলোচনীত দিব পৰা হোৱা নাই  তেওঁলোকৰ প্ৰচেষ্টাক সন্মান জনাই তেওঁলোকৰ ওচৰত আক্ষেপ ব্যক্ত কৰিলোঁ।

সদৌ শেষত ফটাঢোল পৰিয়ালৰ সকলোটি সদস্যলৈ শাৰদীয় দুৰ্গাপূজাৰ শুভেচ্ছা জনালোঁ।

☆ ★ ☆ ★ ☆

23 Comments

  • এখন সুন্দৰ আলোচনী উপহাৰ দিয়াৰ বাবে সম্পাদকক ধন্যবাদ জনালোঁ৷ লগতে কাম কৰিও ভাল লাগিল৷

    Reply
    • -Jogesh

      ধন্যবাদ চবিনা বা। আপোনালোকৰ লগত কাম কৰি নতুন অভিজ্ঞতা হ’ল।

      Reply
  • abhijit goswami

    ভাল লাগিল পঢ়ি

    Reply
  • ৰাজশ্ৰী শৰ্মা

    আপোনাকো ধন্যবাদ আৰু অভিনন্দন জনালো। সুন্দৰ শাৰদীয় সংখ্যা এটা উপহাৰ দিয়া বাবে।

    Reply
    • -Jogesh

      ধন্যবাদ । একেলগে কাম কৰি ভাল লাগিল।

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    অভিনন্দন আৰু শাৰদীয় শুভেচ্ছা জনালোঁ৷

    Reply
  • চন্দন

    ভাল লাগিল৷

    Reply
  • মুনমুন সৰকাৰ শইকীয়া

    অভিনন্দন

    Reply
  • মন্দিৰা

    অভিনন্দন যোগেশ। ভাল লাগিল পঢ়ি।

    Reply
  • সংগীতা

    আঁৰৰ কথা পঢ়ি, জানি বৰ ভাল লাগিল। আপোনালৈও ধন্যবাদ আৰু শাৰদীয় শুভেচ্ছা জনাইছোঁ

    Reply
  • হেমন্ত কাকতি

    অভিনন্দন যোগেশ, তোমাৰ লগত কাম কৰি মজা লাগিল৷

    Reply
  • মুকুট ভট্টাচাৰ্য্য

    আৰৰ কথাখিনি ধুনীয়াকৈ লিখিলা। অভিনন্দন জনালো। আলোচনীখন পঢ়ি ল‌ওঁ।

    Reply
  • ৰিণ্টু

    খুব সুন্দৰ আৰু নিয়াৰিকৈ কামবোৰ কৰিলা। আন্তৰিক ধন্যবাদ যোগেশ

    Reply
  • জয়ন্ত দাস

    অভিনন্দন৷ আলোচনী খনৰ আৰৰ কাহিনীবোৰ জানিব পাৰি ভাল লাগিল৷ এতিয়া লাহে লাহে আলোচনী খন পঢ়ো বাৰু৷

    Reply
  • অনামিকা গগৈ

    আঁৰৰ কথাখিনি পঢ়ি ভাল লাগিল

    Reply
  • হিমাংশু ৰাজখোৱা।

    এই সংখ্যাৰ আঁৰৰ কথা জানি ভাল পালো।
    এনেকৈয়ে আলোচনী খন ওলাই ন?
    বহুত নজনা কথা জানিলো😊
    আপোনাৰ সম্পাদনাই মন্ত্ৰ মুগ্ধ কৰিলে।

    Reply
  • মানসী বৰা

    সকলো কথা সামৰি লিখা গোটেই কথাখিনি পঢ়ি বৰ ভাল পালো।একতা আছে গোটৰ সদস্যসকলৰ মাজত।এইয়াই গোটৰ শক্তি।

    Reply
  • আদিত্য

    আঁৰৰ কথাখিনি জানি ভাল লাগিল ।

    বঢ়িয়া ।

    Reply
  • সুকুমাৰ গোস্বামী

    এটা অভিযোগ থাকি গ’ল । এই সংখ্যাৰ আলোচনীত চন্দ্ৰবিন্দুৰ পৰিমান কম হ’ল।
    ইতি
    শ্বাবিনা

    Reply

Leave a Reply

Your email address will not be published.