ফটাঢোল

এক্সকাৰ্ছন আৰু লটিঘটি: মন্দিৰা শৰ্মা

স্কুল কলেজৰ দিনবোৰ জীৱনৰ আটাইতকৈ ভাল লগা দিনবোৰ, সেই স্মৃতি সদায় মনত ৰৈ যায়। তাতে পিকনিক বা এক্সকাৰ্ছন বুলিলেতো কথাই বেলেগ। কি যে ফূৰ্তি। এক্সকাৰ্ছনত যোৱাৰ আগৰ প্ৰস্তুতি আৰু ঘূৰি অহাৰ বহু পিছলৈও সেই কথাবোৰ মনলৈ আহি থাকে। একেই অনুভূতি মোৰো হৈছিল। খুব সুন্দৰ স্মৃতি। কিন্তু লগতে হোৱা লটিঘটিবোৰৰ বাবে মোৰ সেই এক্সকাৰ্ছনৰ কথা বাৰুকৈয়ে মনত ৰৈ গ’ল।

ডিগ্ৰী থাৰ্ড ইয়েৰত পঢ়োঁতে আমি দাৰ্জিলিং আৰু গেংটকলৈ এক্সকাৰ্ছন গৈছিলোঁ। ১৮ জনী ছোৱালী আৰু লগত ছাৰ বাইদেউ তিনিগৰাকী। নিউ জলপাইগুৰিলৈ ট্ৰেইনেৰে গৈ, ৰাতিটো চিলিগুৰিৰ হোটেলত থাকি পিছদিনা গেংটক অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। সকলোৰে মনত অফুৰন্ত উৎসাহ আৰু ফূৰ্তি। নতুন ঠাইৰ নতুন অভিজ্ঞতা, তাতে লগৰ বান্ধৱীৰ সৈতে ৮ টা দিন একেলগে পাৰ কৰাৰ আনন্দ। তিস্তা নৈৰ পাৰে পাৰে, পাহাৰৰ কাষে কাষে যোৱাৰ কিযে এক মাদকতা বুজাব নোৱাৰি। সুন্দৰ মনোৰম পৰিবেশ। দুপৰীয়া সময়ত আমি গেংটক পালোঁগৈ। ইতিমধ্যে ছাৰহঁতে ঠিক কৰি থোৱা হোটেলত উঠিলোঁগৈ। হোটেলখনৰ আকৌ কেইটামান কোঠা আণ্ডাৰগ্ৰাউণ্ড, মানে হোটেলৰ বাহিৰেৰে চিৰিৰে তললৈ নামি যাব লাগে। আমি কেইজনীমানৰ তাত থকাৰ মন। বাইদেৱে অলপ আপত্তি কৰিলে, যে নহয় একেলগে ওপৰতে থাকোঁ। কিন্তু পিছত ঠিক কৰা হ’ল যে দুটা কোঠাত ৫ জনীকে মুঠ ১০ জনী ছোৱালী তলৰ কোঠা দুটাত থাকিব। আৰু বাকীসকল ওপৰত। সকলো ঠিকেই আছিল। দুপৰীয়াৰ আহাৰ খাই আমি আবেলি ছাইট চিন কৰিবলৈ গ’লোঁ। যিহেতু সেইদিনা অলপ দেৰি হ’ল, আমি চহৰখনৰ কাষতে থকা ঠাই কিছুমান আৰু তাৰ পিছত বজাৰ ফুৰিবলৈ গ’লোঁ। গেংটকৰ গধূলিৰ পৰিৱেশটো খুবেই সুন্দৰ। এম.জি ৰ’ডত বহি, খাই বৈ সময়কণ খুব ফূৰ্তিৰে পাৰ হ’ল।

কিন্তু ৰাতি যে এক অঘটন ৰৈ আছিল কোনেও নাজানিছিল। তলৰ কোঠাত থকা ছোৱালীবোৰে একেটা কোঠাতে কথা পাতি হাঁহি আছিলোঁ। হাঁহিৰ কোব ইমানেই চৰিল যে এজনীয়ে হাঁহি হাঁহি উশাহ ঘূৰাব নোৱৰা হ’ল। প্ৰথমতে তাই ধেমালি কৰিছিল বুলি ভাবিছিলোঁ কাৰণ তাৰ আগমুহূৰ্তলৈকে সুস্থ হৈ থকা ছোৱালীজনী এনেকুৱা কেনেকৈ হ’ব পাৰে। কিন্তু দেখিলোঁ যে সঁচাকৈয়ে তাই উশাহ ঘূৰাবলৈ বৰ কষ্ট পাইছিল। তাইৰ পিঠিত খুব মালিচ কৰিলোঁ, হাত ভৰিত মালিচ কৰিলোঁ, নাই অকণো আৰাম পোৱা নাই। কি কৰোঁ, কি নকৰোঁ অৱস্থা আমাৰ সকলোৰে। ইফালে ৰাতিখন বাহিৰলৈ ওলাই গৈ ছাৰ বাইদেউক মাতিবলৈও ভয় লাগিছিল। ভয়তে কোনো নাযায়। শেষত ময়ে ভয়ে ভয়ে বাহিৰলৈ গৈ কাউণ্টাৰত থকা ল’ৰাজনক জগাই, চাৰহঁতক খবৰ দিবলৈ ক’লোঁ।
হোটেলৰ গাড়ী এখন লৈ তাই, মই আৰু এজন ছাৰ ৰাতি ১.৩০ বজাত হস্পিটেল পালোঁগৈ। তাতে বেজী আৰু দৰৱ আদি লোৱাৰ পিছত তাই অলপ ভাল পালে। চিন্তাৰ একো কাৰণ নাই বুলি ক’লত আমি তাইক লৈ ৩.৩০ মান বজাত হোটেল পালোঁহি। তেতিয়ালৈকে গোটেইবোৰৰে উৎকণ্ঠাৰ সীমা নাই। তাইক সুস্থ দেখিহে সকলোৰে মুখত হাঁহি ওলালে। পিছদিনাখন যেনিবা তাই সম্পূৰ্ণ সুস্থ হ’ল, আৰু আমি গেংটকৰ বিভিন্ন ঠাই সুকলমে ফুৰিব পাৰিলোঁ। কিন্তু প্ৰথম ৰাতিৰ লটিঘটিখনে আমাক খুবেই ভয় খুৱালে।

গেংটকত তিনিদিন থাকি আমি দাৰ্জিলিং পালোঁগৈ। দাৰ্জিলিঙৰ সৌন্দৰ্যও অতি মনোমোহা। পাহাৰ, ঝৰ্ণা, বিভিন্ন ৰঙৰ ফুলেৰে ভৰা। আমি দিনটো চাবলগীয়া ঠাইসমূহলৈ যাওঁ আৰু গধূলি ‘মাল ৰোড’ৰ কাষত বহি ম’ম’, থুকপা আদিৰ সোৱাদ লওঁ, লগতে দুই এটা বজাৰো কৰোঁ। কিন্তু তাতেই আকৌ লাগিল পয়মাল।

দ্বিতীয় দিনা গধূলি আমি সকলোবোৰ বজাৰত ফুৰি আছিলোঁ। তিনিজনী চাৰিজনীকে একো একোটা দল। ঠাইকণ চিনাকি আৰু হোটেল বেছি দূৰত নাছিল বাবেও ছাৰহঁতেও চিন্তা নকৰি আমাক বজাৰত কিবা কিবি কিনিবলৈ আৰু খাবলৈ এৰি দিছিল। কেৱল আমাক নিৰ্দিষ্ট সময়ত হোটেল পাবলৈ কৈছিল। আমি তিনিজনী ছোৱালীয়ে কিবা কিবি কিনি, ইটো সিটো খাই কেতিয়ানো বাকীবোৰৰ পৰা আঁতৰি গ’লোঁ গমেই নাপালোঁ। এঠাইত বহি কথা পাতি থাকোঁতে বাকীবোৰ সেই ঠাইৰপৰা যে গ’লগৈ গমেই নাপালোঁ। মাতিছিল যদিও নুশুনিলোঁ। অলপ যেতিয়া দেৰি হ’ল, কাকো ওচৰে পাজৰে নেদেখি অলপ ভয় খালোঁ। হোটেললৈ বুলি উভতি আহোঁতে লাগিল খেলিমেলি। ৰাস্তা ভুল কৰি অন্য এফালে গ’লোঁগৈ। এইবাৰ কিন্তু বহুত ভয় খালোঁ, অচিনাকি ঠাই তাতে গধূলি প্ৰায় ৬.৩০ মান বাজিছিল, বেচ আন্ধাৰ। তথাপি মনতে সাহস বান্ধি দুই এজনক সুধি অৱশেষত হোটেল পালোঁহি। ছাৰ বাইদেউহঁতেও দেৰি হোৱা দেখি অলপ চিন্তিত হৈছিল। কিন্তু পিছত যেনিবা সকলোৱে স্বস্তিৰ নিশ্বাস এৰিলে। তাতে হেৰাই যোৱা হ’লে যে কি হ’লহেঁতেন ভাবিলে এতিয়াও ভয় লাগে। তেতিয়াতো আজিৰ দৰে ম’বাইল ফোনৰ সুবিধাও নাছিল।

এনেধৰণৰ পয়মালৰ মাজেৰে এক্সকাৰ্ছন সামৰি আমি ঘৰমুৱা হ’বৰ সময় পালেহি। দাৰ্জিলিঙৰ পৰা দুপৰীয়া সময়তে চিলিগুৰি পালোঁহি। পিছদিনা আবেলিহে জলপাইগুৰীৰ পৰা ট্ৰেইন আছিল। গতিকে ৰাতিটো চিলিগুৰিত থাকি পিছদিনা ট্ৰেইন ধৰিব লাগিব। প্ৰায় দুটা দিন এনেই থাকিব লাগিব বাবে চাৰহঁতে ট্ৰেইনলৈ নৰৈ বাছেৰেই গুৱাহাটীলৈ ঘূৰি আহিলে কেনে হয় আমাৰ লগত আলোচনা কৰিলে। আমি সকলো সন্মত হ’লোঁ। ভালেই লাগিছিল, অন্য এক অভিজ্ঞতা। কিন্তু মোৰ বাবে তাতো এক লটিঘটিয়ে বাট চাই আছিল যে সেইটো গমেই পোৱা নাছিলোঁ। সময়ত বাছেৰে যাত্ৰা আৰম্ভ কৰিলোঁ, সকলো ঠিকেই চলি আছিল। মাজতে এঠাইত ৰাতিৰ আহাৰৰ বাবে ৰ’লোঁ। মই বহা টেবুলত আমি ছয়জনী বহিলোঁ। সকলোৱে ভাতৰ থালি ল’লোঁ। খাবলৈ বেচ ভালেই হৈছিল। কিন্তু এখন ভাজিত জ্বলাটো প্ৰয়োজনতকৈ বেছি পালোঁ। তথাপি তৃপ্তি পাই খাই দিলোঁ। মুখ ধুবৰ সময়ত যেতিয়া এজনীক ক’লোঁ যে মিক্স তৰকাৰীখনত জ্বলা অলপ বেছি হ’ল বুলি, তেতিয়া তাই ক’লে যে, তাইৰ ভাগততো সেইবিধ ভাজি নপৰিলে। ইজনী সিজনীকে সুধিলত গম পালোঁ যে কাৰো পাতত সেইবিধ ভাজি নাছিল। তাৰ মানে ‘বলি কা বকৰা’ মইহে হ’লোঁ। বাৰু যি হ’ল হ’ল বুলি ভাবি পুনৰ বাছত উঠিলোঁ। বাছত উঠিয়ে আমি সকলো শুই দিলোঁ।

হঠাৎ মাজৰাতি অলপ অশান্তি পাই সাৰ পালোঁ। পেটটো দেখোন কিবা এটা বেয়া লাগিছে। কি হৈছে ধৰিব পৰা নাই। লাহে লাহে পেট বিষাবলৈ ল’লে। যিমান পাৰোঁ সহ্য কৰিলোঁ, কিন্তু ক্ৰমান্বয়ে বিষ বেছিহে হ’বলৈ ধৰিলে। উপায় নাপাই কাষৰজনীক ক’লোঁ। তাই ছাৰ বাইদেউক ক’ব নেকি সুধিলে। মই নালাগে বুলি কৈ, অলপ পানী খাই নিতাল মাৰিবলৈ যত্ন কৰিলোঁ। অলপ সময় ভাল লাগে যদিও পিছপাকতে আকৌ বিষায়। তেতিয়া আমি বৰপেটাৰ ওচৰ পাইছিলোঁ। ৰাতি ২-৩ মান বাজিছিল চাগে। কোনোমতে সহ্য কৰি আছিলোঁ। কিন্তু তাৰ অলপ পিছতে ভূতৰ ওপৰত দানহ পৰা দি পেটৰ বিষৰ লগতে অন্য এবিধ টেনডেঞ্চি আহিবলৈ ল’লে। হে ভগৱান, গুৱাহাটী পাবলৈ এতিয়াও ৩-৪ ঘণ্টা বাকী, কি কৰোঁ। যিমান পাৰোঁ সহ্য কৰি পাহৰিবলৈ যত্ন কৰিছোঁ। নাই গোটেইজনী ঘামি জামি অৱস্থা কাহিল। বাকীবোৰ টোপনিত লালকাল। মোৰহে এই গতি। উপায় নাপাই কাষৰজনীক জগাই কথাটো ক’লোঁ আৰু তাই ছাৰক জনালে। কিন্তু সেই ৰাতিখন কি কৰা যায়। ক’তো হোটেল বা ধাবা এখনো নাই। কেওপিনে অকল পথাৰ আৰু মুকলি ঠাই। তেতিয়াৰ দিনত আজিৰ দৰে খুব বেছি হোটেল বা ধাবা নাছিলতো! ছাৰে আহি মোক সুধিলেহি। মই ৰ’ব পাৰিম বুলি ক’লোঁ। মুঠতে উপায়বিহীন ভাবে মই যিমান পাৰোঁ সহ্য কৰিছোঁ আৰু ভগৱানক সুঁৱৰিছোঁ যাতে মই সোনকালে গুৱাহাটী পাই যাওঁ। কিন্তু গাড়ী যিমানেই চলিলে মোৰ টেনডেঞ্চি সিমানেই বাঢ়িবলৈ ল’লে। দেখিলোঁ কথা বিষম, এনেকৈ থাকিলে লাজ পাবলগীয়া অৱস্থা হ’ব। খিৰিকীৰে চাই গৈছোঁ ক’ৰবাত কিবা দেখোঁ নেকি বুলি। অলপ অলপ পোহৰ হ’বলৈ ধৰিছিল। ইতিমধ্যে আমি নলবাৰীৰ ওচৰ পালোঁহি। এটা সময়ত কাষৰজনীক ক’লোঁ যে কিবা এটা ব্যৱস্থা নকৰিলে মোৰ অৱস্থা তথৈবচ হ’ব। তাই আকৌ ছাৰক গৈ ক’লেগৈ। এইবাৰ ছাৰে দেখিলে যে এনেকৈ নহ’ব, সেয়ে তেওঁ ড্ৰাইভাৰৰ কাষতে ৰৈ চাই যাবলৈ ধৰিলে কিবা দেখে নেকি বুলি। অৱশেষত দুটামান ঘৰ দেখিলে। মোক আহি জনালেহি। মই লাজতে একো ক’ব নোৱৰা হ’লোঁ। মুঠতে ছাৰে যি কৰে। অলপ পিছত তেখেত নামি গৈ মানুহ এঘৰত কথা পাতিলে আৰু আহি মোক জনালে। মইও লাজ-মান সকলো কাটি কৰি তেওঁলোকৰ ঘৰতে কামফেৰা সমাপন কৰি মুখ হাত ধুই বাছত উঠিলোঁহি। যিহে লাজ পালোঁ কি বুজাম।

অৱশেষত এক্সকাৰ্ছন সামৰি আমি গুৱাহাটী পালোঁহি। এই ঘটনাটো বহুত দিনলৈ আমাৰ ডিপাৰ্টমেণ্টৰ ছাৰ বাইদেউসকলৰ মাজত ৰসৰ খোৰাক দিলে। লগৰকেইজনীৰতো কথায়ে নাই। কাৰো পাতত নপৰি অকল মোৰ পাতত পৰা সেই জ্বলা ভাজিখনেই কাল হ’ল। যি দিছিলে তাক যেন কেইটামান পিটন দি আহিম তেনে লাগিছিল। মুঠতে নানানটা লটিঘটিৰ মাজেৰে মোৰ এক্সকাৰ্ছন পাৰ কৰিলোঁ। কিন্তু তাৰ মাজতে ৰৈ যোৱা ফূৰ্তি আৰু সেই স্মৃতিবোৰে আজিও মনটো ভাল লগাই যায়।

☆★☆★☆

2 Comments

  • ডলী তালুকদাৰ

    হাঃ হাঃ। ভাল লটি-ঘটি হ’ল

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    ইয়াকে কয় লটি-ঘটি৷

    Reply

Leave a Reply

Your email address will not be published.