ফটাঢোল

এক চোটী চি লাভ ষ্ট’ৰী — ৰক্তাভ কুমাৰ

“গোপালে কি গতি কৈলে গোবিন্দে, কি মতি দিলে…..”
বিচনাখনত মাইনা গাৰুটোক সাৱটি পৰম সন্তুষ্টিত আগৰাতি চোৱা “নমস্তে লণ্ডন” চিনেমাখনত অক্ষয় কুমাৰৰ দেহত মোৰ মুখখন লগাই কেটৰিনাৰ লগত যি জবৰদস্ত প্ৰেম চলি আছিল, নিউজ লাইভৰ প্ৰাতঃকালৰ অতিথিয়ে বৰগীতেৰে তাৰ সুন্দৰ সমাপ্তি ঘটালে। পৰম পূজনীয় কিন্তু ৰাতিপুৱাৰ সময়ৰ ৰণচণ্ডী মাতৃদেৱীৰ কোমলতম্ৰ পৰা কোমল পাৰ হৈ কঠোৰ মাত ইত্যাদিক নেওচি অৱশেষত মোৰ শৰীৰৰ অবোধ পশ্চদেশত তেখেতে লাঠী প্ৰক্ষেপণ কৰাৰ ফলশ্ৰুতিত মই একে জাপে তপিনা ঘঁহি ঘঁহি দন্তমঞ্জনডালৰ সৈতে বাহিৰ ওলাই আহিলোঁ।

: তুহাক পুহাত কে মুৰ্গী পুহাএ ভাল। সাতপুৱাতে নিজে নিজে উঠে আৰো ডিমাও দিয়ে। তুহু বকাসুৰৰ নিচনা খাবি আৰো কুম্ভকৰ্ণৰ নিচনা ঘুমবি। একো এটাতো কৰিও নেদা! মুৰ্গী এটা পুহি তাইক যদি অলপ পৈৰহলু হৈ ডাক্তৰ ইঞ্জিনীয়াৰ কিবা এটা হৈয়ে গেলাক হৈ এথেনক লগি।

আগফালে বাতৰি কাকত পঢ়ি থকা ককাইদেউ আৰু দাঁত মাজি থকা মই তেতিয়া একেলগে মাত দিওঁ,

: অ’ মা! মূৰ্গীৰ আয়ুস ছয়মাহ মেন হয় না? মুৰ্গী সমাজতহে কিজেনি ছয়মাহৰ ডাক্টৰী কোৰ্চ আছে! এনেও মুৰ্গী বিলাকে ডাক্তৰ ইঞ্জিনীয়াৰৰ ঘৰত স্পেচিয়েল এপিয়াৰেঞ্চ পাইয়ে থাকে, আমি হে নাপঙ! ইবাৰৰ পৰা ঘৰত মুৰ্গী আনলি তাক আমি ডাক্তৰ বানম দিয়া, নাখঙ, হোবো না মা?

কোন তলকত খলা-চাপৰি পিঠা বনাই থকা হেতাখন আহি গাত পৰি গ’ল তলকিবই নোৱাৰিলোঁ। আকৌ বাহুখন পিহি পিহি ডিঙিত গামোচা আঁৰি দৈনিক খাজনা আদায় দিবলৈ বুলি পিছফাললৈ গ’লোঁ।

এনেই মানুহজন মই বৈদ্দ প্ৰেমিক, কিন্তু প্ৰেম কৰিবলৈ প্ৰেমিকা হে নাপাওঁ। নাপাওঁ বুলি ক’লে ভুল হ’ব, প্ৰেমিকা পাওঁ কিন্তু সেয়া মোৰ নহয় কোনোবা বেলেগৰহে। মানে ভালতো কোনোবাক দেখিলেই লাগি যায়, প্ৰতি মিনিটে লাগি যায়। কিন্তু মোৰ হ’বলগা প্ৰেমিকাকেইজনীৰ আগতীয়াকৈ হৈ থকা প্ৰেমিককেইজনৰ কথাটো জনাৰ পিছত মনৰ ভিতৰভাগ ঘৰৰ খেতিৰ পানীলাওটোৰ ভিতৰত পোকে ধৰাৰ নিচিনা হৈ পৰে। বহু চেষ্টাৰ পিছতো প্ৰেমিক নথকা প্ৰেমিকা এজনী যেতিয়া বিচাৰি নাপালোঁ তেতিয়া মনত এটা ভাৱ উদয় হ’ল, “এম আই টু লেট, অৰ দে আৰ টু ফাষ্ট!”

মোৰ দুৰ্গতি দেখি বন্ধুবৰ্গই তেতিয়া মোক এটা আইডিয়া দিলে,

: চা ভাই, ফুটবল খেলাতো তই চা এ, তাতে বাইশটা চলি পলি এটা বলৰ পাছত দাউৰি থাকে, তইতো ইয়াতে এটা বলৰ পাছত আৰো এটাৰ লগত হে দাউৰবা লাগবো। মাথা মাৰ, লাগলি হাত-ভৰিও মাৰ, বেকত আমি আছু। গান্ধীনগৰৰ টুক কৈ দি যি আছে আছে, এনেও তাইৰ ভালপাৱাটু বেলেগ ইস্কুলৰ। কিবা কলি যাই মাৰিম দে।

মই হৈছোঁ অহিংসাবাদী মানৱ। আচলতে পেশীবোৰে আজ্ঞা নিদিয়ে কাৰণেহে উপায় নাপাই অহিংসা নীতি ল’ব লগা হৈছে, হ’লেও কিন্তু ভিতৰি ভিতৰি ছানি দেউল এজন সুপ্ত অৱস্থাত সোমাই আছেই। ময়ো লগৰবোৰৰ পৰা সাহস পাই লগৰ এজনৰ হতুৱাই প্ৰপজেলটো দি থৈ আহিলোঁ। ছোৱালীজনীয়ে এদিনৰ সময় বিচাৰিলে, ময়ো মনে মনে ভাবিলোঁ সময় লৈছে মানে চাঞ্চ আছে। আগৰটোক হয়তো ব্ৰেকআপ দিব আজি ৰাতি আৰু কালিৰ পৰা তুৰু ৰুৰু ৰুৰু ৰু তাইৰ মোৰে প্ৰেম চুৰু। মনৰ ভিতৰত মোৰ ইমানেই প্ৰেমৰ জ্বালামুখী উদ্গীৰণ হৈ আছিল যে সেইৰাতি টোপনিয়েই নাহিল। যিজন ল’ৰাই সদায় প্ৰাৰ্থনা সভাত পলম হোৱাৰ কাৰণে কাণত ধৰিব লগা হৈছিল সি সেইদিনাখন স্কুলৰ গেট খোলাৰ লগে লগেই গৈ স্কুলত উপস্থিত হৈছিল।

প্ৰাৰ্থনা সভা হৈ গ’ল, প্ৰথম পিৰিয়ড আৰম্ভ হোৱাৰ সময়। মোৰ মনত উত্তেজনাৰ চিন স্পষ্ট, বন্ধুবৰ্গৰ মোৰ প্ৰতি আশ্বাস যে মোৰ কাম হৈ আছে। অৱশেষত স্কুলৰ প্ৰধান আচাৰ্যৰ কক্ষৰ পৰা মোলৈ এটা নিমন্ত্ৰণ আহিল আৰু মোক সহযোগ কৰিবলৈ প্ৰপজেল লৈ যোৱা সেই বন্ধুজনলৈও একেটা নিমন্ত্ৰণ আহিল। দুই হতবুদ্ধি বন্ধু ভয়ত থৰহৰি কম্পমান, খোজ কাটলত তেতিয়ালৈ মাইকেল জেকচনৰ নৃত্যৰ প্ৰভাৱ পৰা আৰম্ভ হৈছিলেই। তেনেদৰেই গৈ গৈ প্ৰধানৰ কক্ষত দুই বন্ধুৰ প্ৰৱেশ, মুখত ভয়ৰ চিন প্ৰবল।

: আহা আহা! শুনিছোঁ তোমালোকে ফুটবল খেলি ভাল পোৱা? বলৰ লগত খেলা নে বেলেগৰ লগত?

প্ৰধানৰ প্ৰশ্নত মোৰ দেহৰ মাজেদি ২২০ ভল্টৰ কাৰেণ্ট পাৰ হৈ যোৱা যেন পালোঁ, কিন্তু লগৰজনৰ ভয়টো উৎসাহলৈহে পৰিণত হ’ল। দুখোজ আগবাঢ়ি গৈ সি কৈ পালেই,

: হয় আচাৰ্য, এনেই বল লৈয়ে খেলোঁ। কেতিয়াবা বল নহ’লে ৰবাবটেঙা বা পলিথিন ৰচীৰে বান্ধি খেলোঁ।

তাৰ কনফিডেন্স দেখি প্ৰধানৰ খঙে চুলিৰ আগ পাৰ হৈ তাৰ পিনে চোঁচা ল’লে,

: চুপ অভদ্ৰ চলি, যা আঁঠু কাঢ় মোৰ অফিচৰ আগত, কাণত ধৰ, কাণত ধৰ…..

এইবুলি নিজৰ চকীৰ পৰা উঠি আহি বেতডাল লৈ এনেকুৱা কোবালে নহয় দেখি মই কান্দিবলৈ বাকী।

লগৰটোক বাহিৰত কাণত ধৰাই আচাৰ্যই এতিয়া মোৰ ক্লাছ ল’বলৈ আহিলে,

: ছোৱালীৰ লগত কথা পতাতকৈ ডাইৰেক্ট মাক-দেউতাকৰ লগতেই কথা পাতা। সেইকাৰণে মাক-দেউতাকক মাতি পঠাইছোঁ। তুমি পাতিবানে ঘৰৰ পৰা মানুহ আহিব?

এইবুলি কোৱাৰ লগে লগে মোৰ ফালে পিঠি দি বহি থকা ব্যক্তি দুগৰাকীয়ে মুখকেইখন ঘূৰাই মোৰ ফালে যিটো চাৱনি দিলে নহয়, ময়ো বোলো,

: আজিতো দেফিনিটলি ফাট মেলা ঔ বসুমতী গাত-পাইপ-পাতাল যি পাওঁ তাতেই লুকাওঁ।

ক্ষন্তেকৰ কাৰণে মোৰ জিভাখন পেৰালাইজদ্‌ হৈ পৰিল আৰু তাৰ পিছত তপিনাত লাহী বেতৰ যিকেইটা শ্বাহী কোব পৰিল ঘৰত গৈ আইনাত চোৱাৰ পিছত তপিনাৰ ৰঙ আৰু মোগল মূলৰ মানুহৰ দেহৰ ৰঙ মোৰ একে যেন লাগিল। অকল কোবতেই ক্ষান্ত নাথাকিলে, কাণখন এনেকৈ পকালে যেন সেয়া মোৰ কাণ নহৈ হিৰো-হোণ্ডা বাইকৰ ৰেচহে আৰু তাৰ লগত এখন ৱাৰ্নিং লেটাৰ। দহমিনিট মান দুই বন্ধু বাহিৰত কাণত ধৰি থাকি শেষত নিজ কক্ষলৈ উভতিলোঁ। লাজ অৱশ্যে বেছি পাব লগা নহ’ল কাৰণ প্ৰথম পিৰিয়ডত সাধাৰণতে ছাত্ৰ-ছাত্ৰীক বাহিৰলৈ ওলাই যোৱাৰ অনুমতি দিয়া নহয়। কিন্তু যোৱাৰ পৰত ছোৱালীজনীৰ মাক-দেউতাকে দুইটাকে যিটো চাৱনি দি গ’ল এনেকুৱা অনুভৱ হ’ল যেন সেয়া তাইৰ মাক নহৈ সাক্ষাত মেদুছা! দুইটাকে যেন সেই মুহূৰ্ততে জ্বলাই শেষ কৰি দিব।

সকলোৰে প্ৰস্থানৰ পিছত বন্ধুজনে মোক কাণে কাণে ক’বলৈ ধৰিলে,

: ভালে হল দে, যি মায়েক! আজি নহলি কালিতো তই বাহিৰত এ মাইৰ খালি হৈ! আৰো কি আপী এ ভাই, ফুটবল খেলাৰ কথা বুজে দি প্ৰপজেল দিলু তাকো কৈ দিছে এ বাপ! ভাল আপী চাবা নৰা, যাকে তাকে চালি এ হল নাকি, তোৰ ধৰি মইও মাইৰ খালু ধেই!

: অঃ হৈ নাকি! উৎসাহ দিয়া মানুহটু কায় আছিল? সিখিনি টাইমত কবা নোল্লি নালগে বুলি, এথেন মাইৰ খাৱাই তাই বয়া হ’ল! এনেই দেখু নিজে এ কৈ আছিলি ভাল আপী কিবাকিবি হেন তেন!

: তইতো কৈ দিবা পাল্লিহৈ তাইৰ যে কুনবা আছে, কিয় নকলি! আমাৰ লগত তাইও খালাক হৈ কাণত ধৰা!

: মোক তুহু হে কৈছা কুনবা আছে বুলি, মই কিবা দেখছু নাকি!

: হব দে এথেন, বেলেগ ভাল এটা চাই দিম আহ। এথেন ব’ল ৰুমত যাউ।

ৰূমলৈ ওভোটাৰ পিছত দুই বন্ধুৰ ওপৰত ঠাট্টাৰ যিটো কোব পৰিল সেয়া প্ৰধানৰ বেতৰ কোবতকৈও অসহ্যকৰ আছিল। পিছলৈ যেতিয়া ছোৱালীজনীৰ লগত দেখা-দেখি হৈছিল মই আকৌ অহা বাটেই উভতি গৈছিলোঁ। পিছত যেনিবা এদিন গম পালোঁ তাইৰ কোনো প্ৰেমিক নাছিল। ক্লাছ টেন পাওঁতে আকৌ এবাৰ তাইৰ প্ৰতি থকা সুপ্ত প্ৰেম জাগ্ৰত হ’ল, আকৌ এবাৰ প্ৰপজ কৰিলোঁ। এইবাৰ তাই অলপ বুজন হৈছিল কাৰণে অকল “আইনাত নিজৰ মুখখন এবাৰ চাই আহিবি” বুলি কৈয়েই ক্ষান্ত থাকিল।

ইয়াৰ পৰৱৰ্তী কালচোৱাত মোৰ প্ৰেমৰ প্ৰব্ৰজন প্ৰক্ৰিয়া চলিয়েই থাকিল, এজনীৰ পৰা আন এজনীলৈ, তাৰ পৰা আন বহুকেইজনীলৈ ফিলিঙচ ট্ৰেন্সফাৰ হৈয়েই থাকিল। কিন্তু খৰাং পথাৰত বাৰিষা এদিন নামি আহিল (যেন মোৰ অনুভৱ হৈছিল)।

বাইদেউৰ বিবাহসূত্ৰে কইনাক থ’বলৈ নগাঁৱলৈ গৈছিলোঁ। নগাঁৱৰ ভিতৰৰ গাঁও এখন, ভিনদেউৰ ঘৰত সমনীয়া কোনো নাই। ঘৰৰ পৰা পৰম উৎসাহত ওলাইছিলোঁ যে ভিনদেউৰ ঘৰত কোনোবা নহ’লে কোনোবা পখিলা উৰিব আৰু মই ভোমোৰা হৈ সৰলৰেখা-বক্রৰেখাত অলপ লাইনৰ আদান-প্ৰদান চলাম। এনেয়ো উজনিৰ গাভৰু দেখাত তেনেই দেৱীৰ নিচিনা! কিন্তু ইটাগুড়িৰ প্ৰলেপ সনা মোৰ এই খৰখৰীয়া কপালখন যে আৰু! ষোড়সী ছোৱালী বাদ দিলোঁ, কেঁচুৱা ছোৱালী এজনীৰ লগতও দেখা সাক্ষাৎ নহ’ল!

দিনটো তেনেদৰে থাকি আবেলি বজাৰৰ ফালে অকণমান ওলাই যাওঁ বুলি ভিনদেউৰ চাইকেলখন খুজি ল’লোঁ। আহোঁতে গোটেই বাটত বগলী ভকতে ডিঙি মেলি থকাৰ নিচিনা ওচৰৰ পাঁজৰৰ ঘৰবোৰৰ গ্ৰীলৰ ফাঁকে ফাঁকে চকুকেইটাকও পঠিয়াই পঠিয়াই আহি আছোঁ।

অলপ সময়ৰ পিছত বজাৰ পালোঁ, বজাৰ পাই মনত ভাৱ এটা হ’ল, ইমানদিনে বিয়াঘৰত লুচি-মাংস-মিঠাই খাই খাই আমুৱালে। পকৰী আৰু ঘুগুনি অকণ খাবলৈ পালে দিল খুচ হৈ যাব, এনেও আহি পোৱাৰ পৰা মনৰ ভিতৰৰ বতৰ গোমা।

ৰাস্তাৰ দাঁতিত চাৰিচকীয়া গাড়ী এখনত এজনে গৰম পকৰী আৰু ঘুগুনি বিক্ৰী কৰি আছিল। তেওঁৰ তাতেই চকী এখনত বহি খোৱা পৰ্ব আৰম্ভ কৰিলোঁ। মই যিখিনি ঠাইত বহিছিলোঁ ঠিক তাৰ বিপৰীতফালে এখন কাপোৰৰ দোকানত তিনিজনী ছোৱালী বহি আছিল। তাৰে এজনীৰ ফালে মোৰ চকু পৰিল, ক’লা ৰঙৰ টপ পিন্ধা ছোৱালীজনী দেখাৰ লগে লগেই মোৰ মনৰ ভিতৰত “তুঝে দেখা তো য়ে জানা ছনম….” গীতটো বাজিবলৈ ধৰিলে।

আঃ কেনেকুৱা ধুনীয়া ছোৱালী! দীঘল চুলিটাৰি এফলীয়াকৈ পেলাই লৈ তাই যিটো লুক দি আছিল, কচমচে তেনেকুৱা সৌন্দৰ্য আগতে ক’তো দেখা মনত নপৰে। তাইক চোৱাৰ উৎপাততেই মই কেতিয়া সাত প্লেট পকৰী-ঘুগুনি আৰু চাৰিকাপ চাহ শেষ কৰিলোঁ গমেই নাপালোঁ। শেষত দোকানীজনে “আৰু কিবা দিম নেকি” বুলি কোৱাত মুখখন তেওঁৰ পিনে যি ঘূৰালোঁ, সেই দুই মিনিটৰ ব্যৱধানত ছোৱালীজনী নোহোৱা হৈ থাকিল। মই বহুত বিচাৰিলোঁ, চাৰিওফালে চকু ফুৰালোঁ কিন্তু তাইক নেদেখিলোঁ। আকৌ এবাৰ ভগ্ন হৃদয়ৰ সৈতে ভিনদেউৰ ভগ্নপ্ৰায় চাইকেলখনত পেডেল মাৰি মই উভতিলোঁ।

বাইদেউৰ ঘৰত থকা সেই তিনিওটা দিনত দিনটোৰ প্ৰায় দুঘণ্টা মান সময় মই সেই কাপোৰৰ দোকানৰ আগত ইফাল-সিফাল কৰিয়েই কটাই দিছিলোঁ, কিজানিবা তাইক এবাৰ দেখা পাওঁ! উভতি যোৱাৰ পৰত মই কন্দনামুৱা। চাপৰমুখ জংচনত ট্ৰেইনত উঠাৰ সময়ত মোৰ মুখৰ ভাৱ আৰু শ্বাহৰুখ খানে ডিডিএলজেত ট্ৰেইনত উঠাৰ সময়ত দিয়া মুখৰ ভাৱ প্ৰায় একেই আছিল বুলি মোৰ মনে মোক কয়৷

এতিয়াও সেই ছোৱালীজনী ক’ৰবাত দেখিবলৈ পাওঁ নেকি বুলি ক’লা ৰঙৰ টপ পিন্ধা ছোৱালী দেখিলে ঘূৰি চাবলৈ নাপাহৰোঁ।
☆★☆★☆

Leave a Reply

Your email address will not be published.