ফটাঢোল

এক ডজন লিমাৰিক-হেমেন ডেকা

(১)

বনিতাৰ কি যে অভিমান-
বেচেৰা পতি যেন পতান!
বাক্যৰ কেনে গোলা,
বাপুৰ কাণ ঘোলা,

বহুৱালিত ব্যস্ত জীৱন ৷

(২)

বগলীৰ দৰে মতি-গতি,
বিশ্বাস নকৰে কাকো খাঁটি৷
বাটে-ঘাটে কৰে মেল-
বচন কলৰ ভেল-

বদনাম হ’ল ৰাতাৰাতি৷

(৩)

বৰ দুখত গৈছে দিন!
বহু আশা ধোঁৱাত লীন৷
বৰকৈ ঠগ খালে,
বিশ্বাসো হেৰুৱালে,

বাবাজী হৈ বজায় বীণ৷

(৪)

গিৰিয়েকৰ গালি খাই খাই দুচকু লাল৷
কুম্ভকৰ্ণৰ দৰে তেওঁ শোৱাত বৰ ভাল!
কামত অথন্তৰেই নুগুচে,
টোপনিয়ে খেদে পিছে পিছে;

গাঁও ফুৰিবলৈ যোৱাত অৱশ্যে মহাকাল৷

(৫)

কোনে বাৰু নাম থ’লে মিচ লচপচী?
বেয়া পালে মুখখন হয় এটি পাচি৷
এনেই স্ফূৰ্তিবাজ,
খোৱাত বৰ লাজ;

মনেমনেহে খায় এক চৰীয়া লুচি৷

(৬)

চুবুৰীয়াই মাতে তেওঁক চেকচেকী বাই!
খঙ উঠিলে চলিহঁতক তামাম কোবায়৷
ঘৰ হেনো তেওঁৰ মতেই চলে,
চুপতিত কোনেও নোৱাৰে বলে;

শ্ৰীমানক গালি-শপনি পাৰি মন জুৰায়!

(৭)

নিমাখিত প্ৰাণী হাজৰিকা কবিবৰ,
কাম-কাজত তেওঁ বিৰাট খৰধৰ৷
পানী নসৰকা কথা,
মনত কিঞ্চিত বেথা;

ৰাতি হ’লে হেনো উঠে মাজে মাজে জ্বৰ৷

(৮)

যিমান যি কৰিলেও নাই দেখো নাম?
সেয়ে সিদ্ধান্ত লৈছে-  নকৰে বেছি কাম!
এৰি দিলে ৰন্ধা-বঢ়া,
শ্ৰীমতী এখোপ চ’ৰা!

হাঁহি মাৰি বোলে- “ব’লা হোটেলতে খাম৷”

(৯)

মধুৰ বচনেৰে দিছিল প্ৰলোভন,
চাঙত তুলি ৰখাৰ কৰিছিল পণ!
চকুত পৰিছিল ছানি,
কেনেনো আচৰিত প্ৰাণী;

এতিয়া ঘৈণীৰ গালিখোৱা মহাজন৷

(১০)

দিনে-ৰাতিয়ে তেওঁ থাকে কিনো ঘোঁৰাৰ ঘাঁহ কাটি?
লক্ষণ-প্ৰকৃতি দেখি শ্ৰীমতীয়ে কৰে চাটিফুটি!
ম’বাইলত ব্যস্ত শ্ৰীমান,
পত্নীয়ে মাৰে কথাৰ হান;

চুলি জোকৰা খাই খাই এদিন তপা হ’লগৈ পতি৷

(১১)

সুদূৰত শুনিছোঁ মৃত্যুৰ পদধ্বনি!
গভীৰ অন্ধকাৰত একোকে নমনি-
সতৰ্কতা সেয়ে অপৰিহাৰ্য,
অন্যথা দংশন অনিবাৰ্য:

যমদূত হৈ আহি আছে ক’ৰোনা শণি!

(১২)

লটং-পটং
শব্দৰ ঘটং
নষ্ট কাব্য
ভব্য-গব্য

ছন্দৰ পতং৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.