ফটাঢোল

এক ব্যতিক্ৰমী ক্ষেত্ৰ অধ্যয়ন : অনামিকা বড়া

এজন মানুহে কাঠৰ কুণ্ডা এটাত কটাৰী, বটালি ফুৰাই আছে। ওচৰতে আন এজনে আলতীয়া মাটিৰে সুতুলি সাজি আছে। আন এজনে আকৌ বাঁহৰ টুকুৰা চাৰিটাৰে ৰামতাল তৈয়াৰ কৰিছে। কাষতে অন্য এজনে মিহি পৰশ দিছে কাকৈফণীত। মন্ত্ৰমুগ্ধ হৈ আমি কেওজনৰ চৌকাষে থিয় হৈ কামবোৰ পৰ্যবেক্ষণ কৰিছিলোঁ। আমি মানে প্ৰায় ৪৬ জন শিক্ষাৰ্থীৰ সহিতে দুজন তত্ত্বাৱধায়ক শিক্ষক। বিৰ দি বাট নোপোৱাৰ দৰে হৈছিল সেই স্থান। কেইখোজমান আঁতৰত চৌকাৰ ওপৰত এখন প্ৰকাণ্ড লোৰ কেৰাহীত ম’হৰ শিঙ কেইটামান উতলাই আছিল আন এজন কৰ্মীয়ে। উতলোৱাৰ আগেয়ে শিঙবোৰ কেনেকৈ কিমান জোখত কাটি ল’ব লাগে, কোনটো শিঙ পেপাঁৰ বাবে উপযুক্ত আদি কথাবোৰো কৈ গৈছিল তেওঁ। ঠেলাঠেলি কৰি হ’লেও জুম বান্ধি জুপি জুপি ডিঙি মেলি আমি চাই থকা সেই কামবোৰ আপাত দৃষ্টিত তেনেই সাধাৰণ অথচ কিমান সূক্ষ্ম, গভীৰ তথা গুৰুত্বপূৰ্ণ নিজ চকুৰে নেদেখিলে বুজা নাযায়। এইয়া কোনো যাদুঘৰ, প্ৰদৰ্শনী বা কৰ্মশালাৰ দৃশ্য নহয়। সেইয়া আছিল শিৱসাগৰ জিলাৰ চেৰেকাপাৰ অঞ্চলৰ নিবাসী দ্বিজেন গগৈৰ বাসগৃহ, যি এজন অসম গৌৰৱ লোকশিল্পী তথা লোকবাদ্য নিৰ্মাতা।

লোকবাদ্যৰ শিল্পী দ্বিজেন গগৈৰ নাম নুশুনা মানুহ হয়তো অসমত খুউব কমেই আছে। আমিও আগতে শুনিছিলোঁ যদিও বিশেষ জনা নাছিলোঁ বা জনাৰ সুবিধা পোৱা নাছিলোঁ। শ্ৰদ্ধাৰ ড০ প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰৰ বলতে আমি সেই পৰম সৌভাগ্য লাভ কৰিছিলোঁ ২০১৯ বৰ্ষৰ ১৯ অক্টোবৰ তাৰিখে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ প্ৰথম ষাণ্মাসিকৰ পাঠ্যক্ৰমৰ লগত সংগতি ৰাখি ‘ক্ষেত্ৰ অধ্যয়ন’ৰ বাবে যোৱা সেই দিনটোৰ প্ৰতিটো ক্ষণেই আমাৰ বাবে হৈ পৰিছিল কৌতূহল, উৎসাহ তথা সুখানুভূতিৰে ভৰপূৰ। ক্ষেত্ৰ অধ্যয়নৰ বাবে গৈ লৈ আহিলোঁ মচিব নোৱাৰা ভাল লগা এসাগৰ স্মৰণীয় মুহূৰ্ত্ত আৰু বহুত কিবাকিবি।

‘তেল আৰু প্ৰাকৃতিক গেছ নিগম’ত জড়িত হৈও ব্যস্ততাৰ মাজতে তেখেতে নিজ অধ্যাৱসায়েৰে ঘৰতে জন্ম দিছে ‘সুৰ-সমলয় কলা সংস্থান’। প্ৰায় ৬৫ বিধ বাদ্যযন্ত্ৰ নিৰ্মাণ, সংৰক্ষণ তথা বজাব জনাৰ লগতে কেইবাবিধৰো সংশোধন সংবৰ্ধন কৰি সম্পূৰ্ণ নিজা চিন্তাৰে ন ন বাদ্য সৃষ্টি কৰি তেখেত নিজেই এক বিস্ময়। বৰ্তমান এশৰো অধিক বাদ্যৰে ভৰি আছে তেখেতৰ ঘৰৰ ওপৰ মহলা য’ত অতি সোনকালেই এক ‘বাদ্যযন্ত্ৰৰ মিউজিয়াম’ হৈ উঠিব। ইমানখিনি বাদ্যযন্ত্ৰৰ বিষয়ে সকলো খুটি নাটি মাৰি একেদিনাই জানি অহাটো একেবাৰে অসম্ভৱ কথা। গগৈ ডাঙৰীয়াইও সেইয়া অকপটে স্বীকাৰ কৰি আমাক পাৰ্যমানে থুলমূলকৈ আভাস দি বৰ মৰমেৰে দেখুৱাই গৈছিল ইটোৰ পিছত সিটো সৃষ্টি। তেখেতে কিদৰে সৰুৰে পৰা একনিষ্ঠভাৱে পঢ়াৰ লগতে এই বিদ্যাটো ধৰি ৰাখি আজিৰ পৰ্যায় পাইছেহি তাকো সংক্ষেপে আমাৰ অনুৰোধত আমাক জনাইছিল। এইজন লোকশিল্পী কেৱল এজন মানুহ নহয়, তেখেত এক অনুষ্ঠান । এটা প্ৰৱন্ধত তেখেতৰ জীৱনী তথা তেখেতৰ সৃষ্টিৰাজিক লিখিব পৰাটো একেবাৰে অসম্ভৱ। সেইবাবে এই প্ৰৱন্ধটিত আমি ভ্ৰমণৰ দিনটোত লাভ কৰা অনন্য অনুভৱকহে মাত্ৰ প্ৰকাশ কৰাৰ প্ৰয়াস কৰিছোঁ।

তেখেতক সাক্ষাৎ দেখিবলৈ-শুনিবলৈ পোৱা, তেখেতৰ হাতৰ পৰশত গঢ় লৈ উঠা থলুৱা বাদ্যযন্ত্ৰৰ বিপুল ভাণ্ডাৰ, সেইসমূহ তৈয়াৰ কৰা পদ্ধতিসমূহ, শ শ বছৰ পুৰণি কেইবাবিধো বাদ্যযন্ত্ৰৰ সংৰক্ষণ, সহধৰ্মিনী, জীয়ৰীকেইগৰাকীৰ সহিতে বাঁহী, পেপাঁ, ঢোল, টকা, সুতুলি নিৰ্মাণ কৰি থকা কৰ্মীবৃন্দ (তেওঁলোকৰে ঘৰৰে সদস্যসম)ৰ আৰম্ভণিৰ পৰা শেষলৈকে প্ৰশংসনীয় সহযোগিতা আদি নিজ চকুৰে পৰ্যবেক্ষণ কৰিবলৈ পোৱাৰ সুখ আৰু আনন্দৰ অনুভূতিখিনিক বাৰু শব্দেৰে বান্ধি ৰাখোঁ‌ কেনেকৈ? আমাৰ প্ৰত্যেকৰে অন্তৰত চিৰকাললৈ মচিব নোৱাৰাকৈ ৰৈ যোৱা সেই মধুৰ ক্ষণসমূহক ভাষাৰে প্ৰকাশ কৰিবলৈ গ’লে আউল লগাটো স্বাভাৱিক; মোৰ বাবে এটি দুৰূহ কাম। (এইটো কাৰণতে আবেগিক হৈ পৰা অন্তৰংগ আলাপৰ সময়খিনিত কিবা এষাৰ ক’বলৈ বুলিও উঠি যোৱাৰ সাহস নহ’ল কিজানিবা শব্দৰূপ দিবলৈ গৈ মনৰ কথাখিনিক প্ৰকাশ কৰাত ব্যৰ্থ হ’ম।) অনুভৱখিনিক বুকুতে বান্ধি ৰাখিছোঁ, সযতনে, সুকলমে অন্তৰৰ একেবাৰে নিভৃত কোণত।

নক’লে নহ’ব যে প্ৰাঞ্জল ছাৰ, গীতা বাইদেউ, প্ৰিয়ংকাবা সহিতে আমি বি এড প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰীসকল শিৱসাগৰ চেৰেকাপাৰস্থিত গগৈ ডাঙৰীয়াৰ গৃহত উপস্থিত হোৱাৰ লগে লগে তেখেতৰ পৰিবাৰকে ধৰি পৰিয়ালৰ সদস্যসকলে সুন্দৰকৈ আদৰি আগবঢ়াইনি সুশৃংখলিতভাৱে বহাৰ ব্যৱস্থা কৰাৰে পৰা আৰম্ভ কৰি চাহ পৰ্ব, অন্তৰংগ আলাপ পৰ্ব, শিল্পৰাজিৰ সৈতে পৰিচয় পৰ্ব আদিকে ধৰি তেখেতৰ গৃহত কটোৱা প্ৰতিটো ক্ষণতে আমাক জনোৱা আন্তৰিক আপ্যায়ন, শুশ্ৰূষাই আমাক সঁচাই বাধিত কৰিলে। চিৰঋণী আমি তেখেতৰ পৰিয়ালবৰ্গৰ ওচৰত।

আমাৰ বাবেই তেওঁলোকে গৃহতে আয়োজন কৰিছিল এক ব্যতিক্ৰমী ‘অন্তৰংগ আলাপ’ অনুষ্ঠান। অন্তৰংগ আলাপ অনুষ্ঠানত ‘সন্ধিয়াৰ সুৰ মইনা পাৰিজাত’ৰ মইনাসকলে জাতীয় সাজপাৰ পৰিধান কৰি পৰিৱেশন কৰা বৰগীত, দিহানাম, গায়ন বায়নৰ অনুষ্ঠানকেইটিত আমি সোমাই পৰিছিলোঁ। যেন উপভোগ কৰিয়েই থাকিম এটাৰ পিছত এটাকৈ প্ৰতিভাৰ প্ৰদৰ্শন, মনটোৱে কৈছিল অনুষ্ঠানটো শেষ নহওঁক। সেই কণ কণ শিশুসকলৰ শিকাৰ যি উৎসাহ, উদ্দীপনা, বিদ্যা আহৰণ কৰাৰ যি তৎপৰতা, প্ৰদৰ্শন কৰাৰ সাহস… কি ক’ম… ভাষা নাই… মাথো ক’ব পাৰি, আজিৰ যুগত এইবোৰ নিজ চকুৰে নেদেখিলে বিশ্বাস কৰা টান। শিপা নাপাহৰা হে নতুন প্ৰজন্ম, তোমালোকক, তোমালোকক জন্ম দিয়া পিতৃ মাতৃসকল, তোমালোকক গঢ় দিয়া শিক্ষাগুৰুসকল তথা পৰিৱেশ দিওঁতাসকল, আপোনালোকক শতকোটি প্ৰণাম, হিয়া উজাৰি ধন্যবাদৰ বাহিৰে দিবলৈ আমাৰ হাতত একোৱেই নাই।

অনুষ্ঠানৰ সুবাদতে আন এজন লোকশিল্পী ৰতিকান্ত বৰা ডাঙৰীয়াকো আমি লগ পোৱাৰ সুযোগ পালোঁ। লগতে তেখেতৰ বহুমূলীয়া বক্তব্যও আমাৰ বাবে যেন আন এক উপহাৰ আছিল। উপহাৰ বোলোতেই কৈ থওঁ সন্ধিয়াৰ সুৰ মইনা পাৰিজাতৰ মইনাসকলে নিজ হাতেৰে তৈয়াৰ কৰা একোটিকৈ ফুলৰ থোপাৰে আমাক যি অকুণ্ঠ মৰম যাচিলে, সেই উপহাৰ আমাৰ জীৱনৰ অন্যতম শ্ৰেষ্ঠ উপহাৰ। তোমালোকলৈ সীমাহীন মৰম।

আটাইতকৈ ভাললগা কথাটো আছিল ভোক-পিয়াহ সকলো পলাইছিল কণমাণিহঁতৰ অনুষ্ঠানত মজি থাকোঁ‌তে। অনুষ্ঠানৰ আঁত ধৰা দ্বীপজ্যোতি বাইদেৱে (দ্বিজেন গগৈৰ বৰজীয়ৰী) সময়ৰ কথা মনত পেলাই নিদিয়ালৈকে আমি জনা নাছিলোঁ যে ইতিমধ্যেই তিনি বাজি পাৰ হৈছিল।

সেইকাৰণে অনুষ্ঠান সিমানতে সামৰি আমি যাত্ৰা কৰিছিলোঁ মানস ৰবীনৰ জন্মভূমি নিমাইজান অভিমুখে, নিমাই পুখুৰীৰ পাৰলৈ। য’ত আমাৰ বাবে ৰৈ আছিল ‘সন্ধিয়াৰ সুৰ মইনা পাৰিজাত’ৰ কেইজনমান অভিভাৱক তথা স্থানীয় লোক, যিসকলে অতি আগ্ৰহেৰে আমাৰ বাবে নিজ হাতেৰে সুস্বাদু আহাৰৰ ব্যৱস্থা কৰিছিল। এক কথাত ক’বলৈ হ’লে সেইদিনা আমি লগ পোৱা প্ৰতিজন লোকেই আছিল একেবাৰে মাটিৰ মানুহ, নিভাঁজ অসমীয়া।

কথা প্ৰসংগত দ্বিজেন গগৈ ডাঙৰীয়াই কৈছিল, “চৰকাৰে একো নিদিলেও বহুজনে মৰম, সন্মান দিছে, বহু সংগঠনেও সহায় কৰিছে, দুই এটা বঁ‌টাও পোৱা হৈছে, এইসকলে যিমান মৰম দিছে বহুত” আৰু বহুতো কথা। কথাখিনি কওঁতে তেওঁ যে অন্তৰৰ পৰা পৰম সন্তুষ্টিত অৱগত কৰিছিল সেইয়া তেখেতৰ সিক্ত চকুযুৰিত প্ৰকাশ পাইছিল। আমি কৈছিলোঁ সেইয়া আনন্দৰ চকুলো। আজি পৰ্যন্ত বিতচকু ব্যৱহাৰ কৰিবলগীয়া নোহোৱা এইজনা মহান ব্যক্তিৰ কথা কৈ লিখি শেষ কৰাতো মোৰ বাবে অসম্ভৱ। তেখেত কেৱল এজন মানুহেই নহয়, তেখেত এক ‘অনুষ্ঠান’। তেখেতৰ সুস্বাস্থ্য তথা দীৰ্ঘায়ু কামনা কৰিলোঁ।

উপসংহাৰঃ নিমাই পুখুৰী, পুখুৰীৰ পাৰে পাৰে শাৰী শাৰী চোম গছ, চাৰিওকাষে কাঁটাটাৰৰ বেৰা, এটা পাৰে ৰাস্তা আনটো পাৰে বিস্তৃত সেউজীয়া পথাৰৰ মাজেৰে বৈ যোৱা এটি জান যিটো দৰিকাত লগ হৈছেগৈ, বেলি পৰো পৰো সময়, লহিওৱা বেলিৰ হেঙুলী ৰহণে গোটেই অঞ্চলটোৰ নিভাঁজ গাঁ‌ৱলীয়া পৰিৱেশক দুগুণে উপলব্ধি কৰাইছে। এনে এক নিৰিবিলি দৃষ্টিনন্দন প্ৰাকৃতিক পৰিৱেশৰ মাজত থাকি সকলোৱে গ্ৰহণ কৰিছে একেলগে এসাঁজ। এই সময়খিনিৰ কথা জানো ভাষাৰে বুজাব পাৰিম?

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.