ফটাঢোল

এখন অঘোষিত যুদ্ধ – খনিন্দ্র ভূষণ মহন্ত

মানুহজনক চিনি পাওঁ। মানুহজন বুলি কোৱাতকৈ ল’ৰাজন বুলি ক’লেহে বেছি মিলিব। তেনেকৈ ইমান দেখা-সাক্ষাত নহয় যদিও বছৰ দিনৰ মূৰত সভাই-সমিতিয়ে লগ পাওঁ। হাঁহি এটা মাৰোঁ। সিফালৰপৰা গোমাকৈ হ’লেও সঁহাৰি এটা পাওঁ। এনেকৈয়ে চলি আছিল দিনবোৰ।

সৰুৰেপৰাই কবিতাৰ প্রতি দুর্বলতা এটা আছে। মইনা পাৰিজাতে সেই ৰাপটো বঢ়োৱাত যথেষ্ট সাৰ-পানী যোগান ধৰিছিল। এতিয়া ফেচবুকটো হোৱাৰপৰা বহুখিনি সুবিধা হৈছে। সাহিত্যও চর্চাৰ বিভিন্ন গোটবোৰত অন্তর্ভুক্ত হ’ব পাৰিছোঁ, স্বনামধন্য কবিসকলৰ লেখা সঘনাই পঢ়িবলৈ পাইছোঁ (যিটো আগতে কাকত-আলোচনীৰ বাদে আন ক’তো পোৱা নগৈছিল, তাকো নির্দিষ্ট সময়ৰ মূৰে-মূৰেহে), চিনাকিও হ’ব পাৰিছোঁ। মোৰ দৰে চুকৰ ভেকুলীবোৰৰ বাবে ইও কম প্রাপ্তি নহয়!

ঠিক তেনেকুৱা কবিতাৰ গোট এটাতে তেখেতক লগ পাইছিলোঁ। ইজন-সিজনৰ মুখত ইতিমধ্যে তেওঁৰ কবিতাৰ অতি উচ্চ প্রশংসা শুনি মই একপ্রকাৰ তেওঁৰ সৃষ্টিৰাজিৰ সোৱাদ ল’বলৈ উত্রাৱল হৈ পৰিছিলোঁ। নহ’মনো কিয়? যিসকলৰ মুখত মই তেওঁৰ লেখাৰ কথা শুনিলোঁ, তেওঁলোকক মই ‘চিৰিয়াচ’ পাঠক হিচাপেই মানি আহিছোঁ। দেখিছোঁও বাৰু।

এদিন বন্ধ বাৰ এটাত মন বান্ধি ল’লোঁ। “আজি দিনটো কবিতাকে পঢ়িম।”

ভবা মতেই কাম। ফেচবুকত সোমায়েই চিধা তেওঁৰ নামটো চার্চ কৰিলোঁ। কেইবাজনৰো ‘প্রফাইল’ দেখা পালোঁ যদিও মই বিচৰাজনৰ কোনো নাম-গোন্ধই নাই। ক’ৰনো বয়সীয়া মানুহবোৰ ওলাইছে জানো! অৱশ্যে নামটোৱেই তেনেকুৱা। চেহেৰাটো নেদেখাকৈ নামটো শুনিলে সকলোৰে মনত তেনেকুৱা ধাৰণা এটাই যে হ’ব সেইটো খাটাং। হঠাৎ খং উঠি গ’ল। ইমান হেঁপাহেৰে কবিতা পঢ়িবলৈ বহিছিলোঁ, এনেকৈনো বিচাৰি নোপোৱা কৰি থ’ব লাগেনে? অহেতুক সন্দেহ এটা সোমালেই নহয়, “মোক বাৰু ‘ব্লক’ কৰি থৈছে নেকি?”

গ’ল কথা গুচিল। সিদিনা বন্ধ বাৰ আছিল। ঘৰতে কি কৰিম, কি নকৰিম ভাবি থাকোঁতেই ফোনটো বাজিল। কিবা কাম এটাত আমাৰ গোটৰ সক্রিয় সদস্য এজন আমাৰ ঘৰৰ ওচৰলৈ আহিছে। খবৰ পাই মই আমাৰ ঘৰলৈকে মাতিছিলোঁ যদিও তেওঁৰ কামকেইটা কৰি উভতি যোৱাত পলম হ’ব বুলি কোৱাত ময়ে গ’লোঁ, বোলো লগ পোৱাও হ’ব, কথাও পতা হ’ব। আটাইতকৈ ডাঙৰ কথা মোৰ অলপ সময় পাৰ হ’ব।

ফেচবুকৰ যোগেদি চিনাকি বাবে আমাৰ আড্ডা যে ফেচবুক কেন্দ্রিক হৈছিল তাত কোনো আচৰিত হ’বলগীয়া কথা নাই। কথাই কথাই মই বিচাৰি থকা ল’ৰাজনৰ বিষয়ে সুধিবলৈহে পালোঁ, ইজনৰ মুখত একেবাৰে তেওঁৰ লেখাৰ গুণানুকীর্তন আখৈ ফুটাদি ফুটিবলৈ ধৰিলে। সঁচা কথা ক’বলৈ গ’লে মনে-মনে মোৰ অলপ ঈর্ষা জাগিছিল। মই মন কৰিলোঁ, এটা সময়ত যিখিনি মানুহে কেৱল মোক আদৰ, চেনেহ কৰিছিল, লাহে-লাহে ইজনেহে যেন মোতকৈ প্রাধান্য পাবলৈ ধৰিলে! ইফালে কি লিখে সেইটোৰ খু-দুৱনিটো আগৰপৰাই আছিলেই!
: তেওঁৰ নামটো কি বুলি আছেনো ফেচবুকত? মই বিচাৰি নাপালোঁ যে!
: নিজৰ নামতেই আছে দেখোন! আপুনি কি বুলি ‘চার্চ’ কৰিছিল?
: মই চাইছিলোঁ। নাহিল দেখোন।
: ইংৰাজীত নহয়, অসমীয়াত আছে নামটো। চাব, পাব।

সেই বিষয়ক কথা সিমানতে সামৰি দুয়ো হোটেলতে কিবা এটা খাই মানুহজনক ওভতনিৰ বাছত তুলি মই ঘৰমুৱা হ’লোঁ। যাৱতীয় কাম দুটামান কৰি ফেচবুকত লাগিলোঁ। সন্ধান বাকচলৈ গৈ ‘খনীন্দ্র’ বুলি বিচাৰিলোঁ। ওহোঁ। এইবাৰো একেই। মই বিচৰাজন নোলাল। অলপ বুদ্ধি লগাই ‘ভূষণ মহন্ত’ বুলি দিয়াত যেনিবা পালোঁ। লিখা আছে খনিন্দ্র ভূষণ মহন্ত, মই বিচাৰি আছোঁ, khanindra, খনীন্দ্র ক’ত পাওঁ বিচাৰি! মনতে বিৰবিৰালোঁ, “এনে একেবাৰে। নামটো অসমীয়াত লিখিলেহে হয়! তাকো ভুলকৈ!”

দিওঁ-নিদিওঁ কৰি ‘ৰিকুৱেষ্ট’টো পঠিয়ালোঁ। উধৰপৰা মূধলৈ ‘একাউণ্ট’টোত এপাক ফুৰিও আহিলোঁ। এনে একেবাৰে জাতীয়তাবাদীটো ওলাইছে, ক’ৰবাত যদি এটামান ইংৰাজী শব্দৰ ‘পষ্ট’ পালোহেঁতেন! মিছা কথা নকওঁ, লেখাবোৰ বৰ এটা পেলাই দিব পৰা ধৰণৰ নহয় কিন্তু। পাছদিনা পুৱালৈ তেওঁ মোৰ বন্ধুৰ তালিকাত বহিল। দিনবোৰ আগুৱাই গৈ থাকিল। খনিন্দ্রই মোৰ পষ্টত লাইক কৰিবলৈ ধৰিলে। সুন্দৰ সুন্দৰ মন্তব্যও দিয়ে। মোৰহে কিন্তু তেওঁৰ প’ষ্টত মন্তব্য দিবলৈ কিবা এক অজান ইতঃস্ততবোধে ক্রিয়া কৰি থাকিছিল। মই লক্ষ্য কৰিলোঁ, মোৰ কলমটোৰ বেছি সংখ্যক অনুৰাগীয়েই এতিয়া তেওঁৰ তালিকাত সোমাল। কেৱল সোমোৱাৰ কথাই নহয়, ফেচবুকৰ প’ষ্টবোৰত সঁহাৰিও পাবলৈ ধৰিলে; য’ত নেকি, তেওঁলোকে মোৰ লেখা নপঢ়াৰ কাৰণ সুধিলে সময়ৰ অজুহাত দেখুৱায়। লাহে-লাহে এই কর্ম-কাণ্ডবোৰ দেখি-দেখি মোৰ ঈর্ষাটো বাঢ়ি যাবলৈ ধৰিলে। কেনেকৈ মানুহবোৰৰ সন্মুখত খনিন্দ্রক হেয় প্রতিপন্ন কৰিব পাৰোঁ, তাৰেই উপায় চিন্তিবলৈ ল’লোঁ।

ক’ৰবাত শুনিছিলোঁ, “অগৰ কিচি চিজ কৌ অপনি দিলচে চাহৌ, ত’ পূৰি কায়েনাত উচে তুমচে মিলানেকি কৌচিচ মে’ লগ যাতেহ্যে।” মোৰ হাতলৈয়ো সেই সুযোগটো আহিল। আচলতে মই আনি ল’লোঁ বুলিলেহে ভালকৈ শুৱাব। অনুষ্ঠান এটাই নতুন পদক্ষেপ এটা লৈছিল। অসমৰ ইমূৰৰপৰা সিমূৰলৈ বিয়পি থকা লিখা-মেলা কৰা নৱ-প্রজন্মৰ মানুহখিনিৰ ভিতৰত বছা-বছাসকলৰ লেখাৰে এখন আলোচনী উলিয়াব। সেই আলোচনীখনৰ সম্পাদনা সমিতিত থকাৰ সৌভাগ্য হ’ল মোৰ। বিশেষ দায়িত্ব হিচাপে লেখা গোটোৱাৰ কামত সহায়ক হিচাপে আছিলোঁ মই। তেতিয়ালৈকে সকলো ঠিকেই আছিল। নির্বাচিত ব্যক্তিসকলৰ নামত খনিন্দ্রৰ নামটো দেখিহে মোৰ খঙে গৈ চুলিৰ আগ পালেগৈ। ইফালে কাকো একো ক’বও নোৱাৰোঁ। তেনেকুৱাতে মনৰ মাজত সোমাই থকা আসুৰিক বুদ্ধি এটা উদয় হ’ল। “যদি মই খবৰেই নিদিওঁ!” ভবা মতেই কাম। আলোচনী প্রকাশ হ’ল যদিও খনিন্দ্রৰ লেখা নোলাল। ওলাব ক’ৰ পৰা? অনাই নাই মই। ভাবিলোঁ, এতিয়া অন্ততঃ মানুহবোৰে খনিন্দ্রক বেয়া পাব! ফলাফলৰ বাবে কিছু অপেক্ষা কৰিলোঁ। সিফালে তেওঁ এইফালে মই কি খেল খেলিলোঁ তাৰ একো ভু-ভুটুঙেই পোৱা নাই।

পিছে সকলোঁ ফ্লপ শ্ব’। তেওঁক সম্পাদনা সমিতিৰ মানুহখিনিয়ে সুধিছিল ঠিকেই, শৰীৰ অসুস্থ হৈ থকা বুলি কৈ সেই কথাষাৰৰ পৰা দায় সাৰি থাকিল বুলি মই অহুকাণে-পহুকাণ শুনিবলৈ পালাঁ। এইবাৰ আৰু মোৰ হজম নহ’ল। ফেচবুকত তেওঁক ‘ব্লক’ কৰি দিওঁ বুলিয়ে ভাবিছিলোঁ যদিও চোৰাংচোৱাগিৰী কৰিব নোৱাৰিম বাবে বন্ধুত্বৰ তালিকাৰপৰাই আঁতৰাই থ’লোঁ। মনতে মোৰ পিছৰ পদক্ষেপটোৰ কথা ভাবিলোঁ। নাম-ধাম নিদিয়াকৈ আওপকীয়াকৈ মোৰ লেখা চুৰি হোৱা বুলি ফেচবুকত দিম। পাকে-প্রকাৰে অপবাদটো খনিন্দ্রকে দিম। এনেও তেনেকুৱা প’ষ্টত ৰাইজে মন্তব্য দি বিৰাট ভাল পায়। কোন, কাক, কিয় এইবোৰৰ প্রয়োজন কাৰো নাথাকে। মুঠতে গালি পাৰিব লাগে। গুৱাল গালি। আটাইতকৈ সুবিধাজনক কথাটো হৈছে, তেওঁক যিহেতু মই মোৰ বন্ধুৰ তালিকাৰপৰা আঁতৰায়েই থৈছোঁ, স্পষ্টীকৰণো দিব নোৱাৰিব! কথাখিনি ভাবিয়েই মোৰ আপোনা-আপোনি হাঁহি এটা সৰি পৰিল।

প’ষ্টটো লিখিবলৈ মই মোবাইলটো উলিয়াই ল’লোঁ।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.