ফটাঢোল

এখন অনলাইন কবি সন্মিলন আৰু…-শ্রী খনিন্দ্র ভূষণ মহন্ত।

হঠাতে এটা অচিনাকি নম্বৰৰ পৰা ফোন আহিল।

: হেল্ল’।

: নমস্কাৰ, খনিন্দ্র ভূষণ মহন্ত হয়নে?

মানুহজনে খপ-জপ কৰি নামটো উচ্চাৰণ কৰিলে। কিজানি নামটো প্রথমে মনত ৰাখি ফোন লগাইছিল, কিন্তু সময়ত খেলি-মেলি লাগি ক’ৰবাত লিখি থোৱাৰ পৰা চাই লৈ কোৱা যেন লাগিল। এনেও নামটো চাই মানুহটো যে মই নহয়, সেইটো নিজেই বুজি পাওঁ। বাৰু যি হওক, ফোন কৰাৰ মূল কথাটো হ’ল, তেওঁলোকে এখন অনলাইন কবি সন্মিলনৰ আয়োজন কৰিছে। তাত অংশগ্রহণ কৰিবলৈ নিমন্ত্রণ দিছে।

গাঁৱত থাকোঁ। বিগত কিছুদিনৰ পৰা নেটৱর্কে বিহু-পূজা আদিকে ধৰি আটাইবোৰ উৎসৱ একেলগে দেখুৱাই আছে। কেতিয়াও বিমান-বন্দৰ দেখি নোপোৱাবোৰেও নেটৱর্ক বিচাৰি দিনে অতি কমেও দহ বাৰমান ‘ফ্লাইট’ত উঠি ফুৰিছোঁ। বেলেগ নালাগে, WhatsAppত মেচেজ দি থাকোঁতেই সিফালৰজনক ‘অফলাইন’ দেখুৱাই দিয়ে। গতিকে, এনেকুৱা এটা অৱস্থাত Google Meetত কবি সন্মিলনত অংশ লোৱাটো মোৰ পক্ষে বৰ এটা সহজসাধ্য নহ’ব বুলি খোলাকৈ জনাই দিলোঁ। লগতে, মোৰফালৰ পৰা উপস্থিত থাকিবলৈ চেষ্টা কৰিম বুলিও আশ্বাস দিলোঁ। তেখেতে নিমন্ত্রণী পত্রখন দিবৰ বাবে WhatsApp নম্বৰটো খুজিলে। দিলোঁ।

কিছুসময়ৰ পাছত মেচেজ চাই চকু কপালত উঠিল। মোৰ নামটোৰ আগত ‘বিশিষ্ট সাহিত্যকর্মী’ বহুৱাই থৈছে। খঙটোৱে টিঙিচকৈ মাৰিলেই নহয়। নামাৰিব কিয়? সেই সৰুৰ পৰা যিকোনো বিষয়ত ‘বিশিষ্ট’ বুলি ক’লে যেনে ধৰণৰ বৰেণ্য লোকসকলৰ নাম আৰু ব্যক্তিত্ব মনলৈ আহে, তেওঁলোকৰ লগত  আমাৰ (বিশেষকৈ মোৰ) নিচিনা পালমৰা জীৱক সাঙুৰি স্বনামধন্যসকলক অপমান কৰা যেন নহয়নে? অৱশ্যে আজিকালি ইমানকৈ চিন্তা কৰে জানো কোনোবাই? তাতে এচামে আক’ নিজকে বিশেষ উপাধি কিছুমানেৰে বিভূষিত কৰি জহাই ফুৰাও দেখা পাওঁ। উদ্যোক্তালৈ ফোন লগাই মোৰ কথাখিনি ক’লোঁ। কিন্তু আচল ধামাকাটো তেতিয়াহে হ’ল যেতিয়া তেওঁ ক’লে, “ইয়াৰ আগতেও আমি এনেকুৱাকৈ এখন কবি সন্মিলন অনুষ্ঠিত কৰিছিলোঁ। তেতিয়া আমি নিমন্ত্রণী পত্রত কেৱল নামটোহে লিখি দিছিলোঁ। কিন্তু কেইবাজনো ব্যক্তি উপস্থিত নাথাকিল। পাছত, বিশেষ সূত্রৰ পৰা গম পাইছিলোঁ যে তেওঁলোকক ‘সাধাৰণ’ হিচাপে গণ্য কৰিলোঁ বোলে আমি। সেয়ে নাহিল। জানেই নহয়, এবাৰ সাপে খালে লেজুলৈকো ভয়। গতিকে…!”

আচৰিত হ’লোঁ। সেই বিশেষসকলক ‘ভার্চুৱেলি’ হ’লেও দেখা পাম। চিন্তাও লাগিল, সেই বিশিষ্টসকলে বা আৰু কি কি ভুল ধৰে! যি হয় দেখা যাব বুলি কোনটো কবিতা পাঠ কৰিম মনতে থিৰাং কৰিলোঁ। তেতিয়ালৈ মিটিঙৰ আই ডি আৰু পাচৱর্ড মোৰ হোৱাটচ-এপত আহি সোমাইছিলহি।

অনুষ্ঠানটো আছিল সন্ধিয়া সাত বজাৰ পৰা। কিন্তু ইণ্টাৰনেটৰ কৃপাত মই যুঁজি যুঁজি প্রায় পোন্ধৰ মিনিট পলমকৈ সোমালোঁ। পিছে কি হ’ব, মই কাৰো মাত শুনা নাই। ঘৰৰ ভিতৰতে ইফাল-সিফাল কৰি ঘূর্মুটিয়াই থাকোঁতে এপাকত মাতটো আহিল। লগে-লগে মই ভৰিত গজাল লগোৱাৰ দৰে তাতে ৰৈ দিলোঁ। তেতিয়ালৈ সন্মিলনৰ প্রাৰম্ভিক কার্যসূচী শেষ হৈছিল। কিয়নো আঁত ধৰোঁতাজনে “আমাৰ চিনা-পৰিচয় পর্ব ইমানতে অন্ত পৰিছে” বুলি কোৱাহে শুনিলোঁ। মই মনতেহে, “চিনাকি দিবলৈকে নাপালোঁ। এতিয়া বা মোক কবিতা পাঠ কৰিবলৈ দিয়ে নে নাই!”

কবিতা পাঠ আৰম্ভ হৈছে। মোৰ মাইকটো Mute কৰি লৈ মই ৰাইজৰ ৰেহ-ৰূপ চাই আছোঁ। এটা কথা কিন্তু ন-দি ক’ব পাৰোঁ যে সেইদিনা অংশ লোৱা অধিকাংশই এই ‘অনলাইন’ সভাবোৰত অভ্যস্ত নহয় (নোহোৱাৰ কথাই বাৰু)। কিয়নো ঘোষকে বাৰে-বাৰে শ্রোতাসকলক নিজৰ মাইকটো Mute কৰিবলৈ কৈ থকাৰ পাছতো কোনো সুফল পোৱা নাছিল। এই যদি কাৰোবাৰ ঘৰৰ পৰা কুকুৰৰ ভুক-ভুকনি ভাহি আহিছিল, কাৰোবাৰ কোঁচলৈ বগাই আহিছিল এটি কণমানি। তাৰ পাছৰখিনি নক’লেও হ’ব চাগে।

হঠাতে কান্ধত গামোচা লৈ কবি এজনৰ আৱির্ভাৱ হ’ল। কবিতাটো পাঠ কৰাৰ আগত তেখেতে অতদিনে কিমান কবিতা লিখিলে, ক’ত ক’ত লিখিলে আদি বর্ণাবলৈ ধৰিলে। সেইখিনিলৈকে ঠিক আছিল। কিন্তু কবিতাটো তেওঁ কেনেকৈ লিখিলেও যেতিয়া ক’বলৈ মুখ মেলিলে, মই বোলো সর্বনাশ। ক’ত সোমালোঁ হয়! হে’ডফোন খুলি আঁকাৰে-ইংগিতে কৈ থকাকে চাই থাকিলোঁ। তেওঁৰ ভাষণ (ভাষণ) শেষ নহয়হে নহয়। এপাকত মোবাইল এৰি পাকঘৰত মাৰ লগত কথা পাতিও আহিলোঁগৈ। আহি দেখিছোঁ পাঠ কৰোঁতাজন সলনি হৈছে। ৰক্ষা। হ’ল বুলি ইমানো সহ্য গুণ মোৰ নাই।

“এইবাৰ কবিতা পাঠ কৰিবলৈ আমন্ত্রণ জনাইছোঁ বিশিষ্ট কবি…”

বিশিষ্টসকলৰ পাঠ চলি আছে। মোৰ নাম নামাতেহে নামাতে। কাৰোবাৰ পাঠ শেষ হ’লেই ভাবোঁ, “এইবাৰ মাতিব চাগে!” ঘড়ী চাই দেখোঁ, অনুষ্ঠান প্রায় শেষ হ’বৰ হ’লহি।

বাইদেউ এগৰাকীয়ে কবিতা পাঠ কৰিবলৈ আহিল। মিছা নকওঁ, তেখেতক দেখি মই কনফিউজাই গ’লোঁ, এখেত কবিতা পাঠৰ বাবে আহিছে নে ক’ৰবাত বিয়া খাবলৈ আহিছে? একদম ইষ্ট্রি কৰা পাতৰ কাপোৰ, গহনা-গাথৰিৰে সুসজ্জিত। কিতাপৰ আলমিৰা এটাৰ সন্মুখত থিয় হৈ লৈছে। কোনোবা এজনে মোবাইলটো ধৰি দিছে বুলি গম পায়। কিয়নো মাজে মাজে ভিডঅ’টো লৰ-চৰ কৰি আছিল। পিছে, মোবাইলৰ পৰা তেখেত ইমানেই দূৰলৈ গ’ল যে, কি মাতিলে একো নুশুনিলোঁ (সেইটো বেলেগ কথা)।

কবি সন্মিলনলৈ আহিম আৰু ‘ইনষ্টেণ্ট’ কবি নাপাম। এয়া কেনেকৈ সম্ভৱ। ‘ইনষ্টেণ্ট কবি’ বুজা নাই? একদম ‘অন ডা স্পট’ লিখি দিয়ে এওঁলোকে। কি খাই এই প্রতিভা পাইছে তেওঁলোক আৰু ঈশ্বৰেহে জানে। ইয়াত পোৱাজনে বৰষুণৰ ওপৰত এটা, শাওণৰ ওপৰত এটা পাঠ কৰিহে মূল কবিতালৈ গ’ল। এইবোৰৰ মাজতে বাৰু মোৰ নামটো মাতিলে। ‘বিশিষ্ট’ৰ ঠাইত ধৰিবা ‘উদীয়মান’ বুলিলে। বেয়া নালাগিল। যেনে হ’লেও অলপমান প্রশংসা মোকো লাগে দিয়কচোন। বাকী নিজৰ নিজৰ মতে কবিতাৰ সংজ্ঞা দিয়াসকলটো আছেই। মানুহবোৰে পাৰোঁতে কবিবোৰক ‘কামোৰ’ বুলি নকয়তো।

শেষত অনুষ্ঠানটোৰ ওপৰত মন্তব্য দিবলৈ ক’লে। আন দহজনৰ দৰে ময়ো “খুব সুন্দৰ হৈছে। আগলৈয়ো ভাল কামবোৰ হৈ থাকক।” জাতীয় কিবা কৈ সামৰিলোঁ। তেনেতে এজনে উদ্যোক্তাজনক উদ্দেশ্যি যি ক’লে, মইতো হতবাক!

: ……… কিছুদিন আগতে আমিও এনেধৰণৰ কবি সন্মিলন এখন পাতিছিলোঁ। তালৈ আপোনাকো নিমন্ত্রণ জমাই ‘মেচেজ’ কৰিছিলোঁ। সেইটো নম্বৰত ‘ইনকামিং’ নাই বাবে ফোন নালাগিল। আপুনি কিন্তু মেচেজটো চাই থৈ দিলে। প্রথমে ভাবিলোঁ ব্যস্ত আছে। কিন্তু সপ্তাহদিন আগতেই দিয়া মেচেজটোৰ উত্তৰ দিবলৈও আপোনাৰ সময় নহ’ল। আনকি নোৱাৰিম বুলিও নজনালে। আজি ময়ো নাহিব পাৰিলোহেঁতেন। কিন্তু মই তেনেকুৱা নকৰিলোঁ। কথাখিনি কোৱাৰ বাবে……।

মই ধুম-ধাম উদ্যোক্তাক চাইছোঁ। একদম ৰঙা-চিঙা পৰি গৈছে দেহি। তেনেকুৱাতে মোৰ ইণ্টাৰনেটটো আকৌ নোহোৱা হৈ গ’ল। প্রায় দহ মিনিট চেষ্টা কৰিও আকৌ যুক্ত হ’ব নোৱাৰিলোঁ। পাছত উদ্যোক্তাক মেচেজতে ধন্যবাদ জনাই আজৰি হ’লোঁ।

☆ ★ ☆ ★ ☆

5 Comments

  • মুনমুন

    Experience ভালেই তেন্তে ন’ খনিন্দ্ৰ?

    Reply
  • Pranita Goswami

    কবিতা পাঠ হ’লগৈ মানে….! এইটো এক অনন্য অভিজ্ঞতাই হ’ল।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    ভাল লাগিল ভাই।

    Reply
  • মানসী বৰা

    ভাল লাগিল..

    Reply

Leave a Reply

Your email address will not be published.