ফটাঢোল

এখন শাৰী – নিলাক্ষী কাকতী

: উফ, অফিচৰ পৰা আহিয়েই বসন্তই বেগটো ডাইনিংখনতে  থৈ দেহাটো চোফাখনত এৰি দিলে৷ এবাৰ আৰ চকুৰে পত্নী ববিতাৰ ফালে চালে৷ সি ঘৈণীয়েকৰ মুখৰ নক্সা দেখিয়েই বুজি পালে আজি বতৰ গোমা৷ বোধকৰোঁ ধুমুহাৰ আগজাননী৷ বিয়া হোৱাৰ দুবছৰ ধৰি এনে গোমা পৰিৱেশ মাহেকে পষেকে দেখিয়ে আহিছে৷ মনতে ভাবিলে আজি সি একো নুসোধে৷ খাল কাটি ঘৰিয়াল চপাই একো লাভ নাই৷ কোনেনো জানি বুজি কঁদো বৰলৰ বাঁহত হাত দিব? তাতে আজি অফিচত বচে তাৰ মূৰটো বাৰুকৈয়ে চোবাইছে৷ আৰু নোৱাৰি।
: ‘টিং’ ‘ঠং’ থেকেচ’ ‘থুং’, পাকঘৰৰ পৰা অহা শব্দবোৰে লাহে লাহে তাৰ কাণখনত আন্দোলন কৰিব আৰম্ভ কৰিছে৷ বেচিনত ববিতাই বাচন ধুইছে৷ বাচনে ধুইছে নে ঘৰত এখন অৱশ্যম্ভাৱী যুঁজৰ আখৰা চলিছে কোৱা টান৷
: হেৰা, কি হৈছে হে? ইমান ঠেকেচি দলিয়াই বাচন ধুলে বাচনৰ প্ৰাণবায়ু উৰি যাব হে৷
: উৰক, প্ৰাণবায়ু উৰিবলৈকে তেনেকে ধুইছোঁ৷ না বাচন থাকিব না মোৰ কাম থাকিব৷
: উৱা, কিয় তেনেকৈ কৈছা? কি হ’লনো?
: মোৰনো আৰু কি হ’ব? মই ঘৰৰ বান্দীহে৷ চাহ-ভাতৰ যোগান ধৰা বান্দী৷ কাউৰী পোৱাতে উঠি নিজে পানী এটুপিও নোখোৱাকৈ তোমালৈ ভাত পানীৰ যোগাৰ ধৰোঁ৷ অফিচলৈ টিফিন ৰেদি কৰোঁ৷ পিছে মোৰ কষ্টৰ কিবা মূল্য আছে জানো? এই যে আজি মই টিফিনত ইমান ধুনীয়াকৈ ৰুটি ভাজি বনাই দি পঠিয়ালো তুমি নোখোৱাকৈ উভতাই আনিলা যে? কালিৰ পৰা যি কৰা কৰিবা৷ মই ৰাতিপুৱা আঠটালৈ নুঠোঁ৷
: হেৰা, কথাবোৰ অলপ বুজিব যত্ন কৰিবাচোন৷ আজি মই বচৰ লগত টেণ্ডাৰ সংক্ৰান্তীয় কাম কৰিব লগা হ’ল৷ বচৰ কেবিনতে বহুত দেৰি হ’ল৷ তেওঁৰ লগতে কেবিনত লান্স কৰিব দিলে৷ তেওঁকনো মই কেনেকৈ না কৰোঁ? হেৰা, সেইখিনি মোক ৰাতি গৰম কৰি দিবা দিয়া৷ আৰু এটা কথা, তোমালোকৰ ফালে চাৰে ছয় বজাক কাউৰী পুৱা বুলি কয় নেকি? আমাৰ ফালে সময়তো অলপ বেলেগ৷ ৰাতিৰ দাইলখিনি গৰম কৰি খোৱালা, ভাতৰ লগত আলু বেঙেনা পিটিকা, বাকী বিচনা পৰাৰ পৰা ঘৰ সৰালৈ দেখোন ময়েই কৰিলোঁ, হ’ব দিয়া আজিৰ পৰা অফিচলৈ ময়েই বনাই খাই যাম৷
: হয়, হয়, ময়েই বেয়া৷ একো কামৰ নহয় মই৷ পৰিয়ালৰ, ওচৰ পাজৰৰ মানুহে মোক হাঁহক তুমিটো সেইয়াই বিচৰা। ইয়াকেই কয় কপাল৷ কপালৰ লিখন কোনে খণ্ডাব? মা-দেউতাই কি মানুহ এটাৰ লগত মোক যে সংগ কৰি দিলে!
: ঠিকেই কৈছা৷ কপালৰ লিখন কোনে খণ্ডাব? মোকেই চোৱা৷ কি মানুহ কি হৈ গ’লোঁ? বিয়া পাতি পূৰা বৰবাদ৷ সফল হোৱাৰ চিন মোকাম নাইকিয়া হৈ গৈছে৷
: কি? কি কৈছা তুমি? তুমি বিয়া পাতি বৰবাদ হোৱা বুলি ক’লা যে?
: দস্তুৰমত বৰবাদ হৈছোঁ৷
: মই কৈছিলো নেকি তোমাক মোক বিয়া পাতিবলৈ? তুমিহে মোক কলেজৰ আগত খাপ-পিটি চাই থাকিছিলা৷ দেউতাক খাটনি ধৰিছিলা৷
: হয়, হয়, স্বীকাৰ কৰিছোঁ৷ মই ভুল কৰিলোঁ৷ চকুত চলিহাই ধৰিছিল মোক৷ এই দুই বছৰত মই সৰিয়হ ফুল দেখিছোঁ৷ কিছুমানে আকৌ বিয়া পাতি দোপতদোপে উন্নতি কৰিছে, সফল হৈছে৷
: পিচে তুমিনো কিয় বৰবাদ হৈছা? সফল পুৰুষৰ পিছফালে এগৰাকী নাৰী থাকেই৷
: নিশ্চয় সফল পুৰুষৰ পিছফালে এগৰাকী নাৰী থাকে৷ পিছে সফল হ’ম কেনেকৈ? চাবটো লাগিব মোৰ পিছফালে কোন আছে?
: কি! অ মা-ভে-এ-এ-উ–উ
: শেষ, ঘৰুৱা ৰণ যিমানেই ডাঙৰ নহওক কিয় পত্নীৰ চকুপানীৰ ওচৰত স্বামীয়ে পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য৷ যুদ্ধৰ পৰিসমাপ্তি সেইখিনিতেই৷
: ববিতা নাকান্দিবাচোন৷ হয় দিয়া মোৰেই ভুল৷ তুমিটো কষ্ট কৰিয়েই টিফিনটো দিছিলা৷ পিছে মইনো বচক না কেনেকৈ কৰোঁ কোৱা? যোৱা, যোৱা মুখখন মোহাৰি লোৱা, ময়ো ফ্ৰেচ হওঁ৷
: উচাৎ মাৰি ববিতা আতঁৰি গ’ল৷
বাথৰুমৰ পৰা ওলাই আহি বসন্তই দেখিলে ডাইনিঙত একাপ চাহ আৰু প্লেটখনত দুখন বিস্কুট আৰু এটা নাৰিকলৰ লাড়ু৷ ভয় ভয়কৈ বসন্তই ববিতাক সুধিলে
: হেৰা শুনিছা।
: শুনি আছোঁ৷ মই কলা নহয়৷
: কিবা কৰি আছা?
: নাচি আছোঁ৷ দেওধানী নৃত্য৷
ইমানো খং ভাল নহয় বুজিছা৷ খং নামে চণ্ডাল৷ কি কৰি আছানো? কোৱা আকৌ৷
: কাপোৰ বিচাৰি আছোঁ৷
: কাপোৰ বিচাৰি আছা? কিয় কিবা কাপোৰ হেৰাল নেকি? অৱশ্যে তোমাৰ যিমান কাপোৰ আছে সৰু -সুৰা এখনটো দোকানেই দিয়াচোন৷ ভালকৈ চোৱা৷ কাপোৰৰ দ’মৰ মাজত কাপোৰযোৰে উশাহ ল’ব নাপায় ক’মাতো থাকিব পাৰে৷
: ঠাট্টা নকৰিবা দেই৷ এনেই মোৰ মূৰ গৰম হৈ আছে৷ ভাল কাপোৰ এযোৰ নাই মোৰ ক’ৰবাত পিন্ধিবলৈ৷
অ’ কথাৰ গুৰি ক’ৰবাত৷ অলপ আগৰ বতৰ গোমা হোৱা কাৰণটো মানে এইটোৱে৷ বসন্তৰ মনটো গোন্ধালে৷
: বৰুৱানী খুড়ী আজি আহিছিল আমাৰ ঘৰলৈ৷ পুতেকৰ বিয়া৷ অহা সোমবাৰে৷ খৰধৰকৈ মাতিব লগা হ’ল বোলে৷ ইফালে মোৰ বিয়াত পিন্ধিবলৈ নতুন কাপোৰ এযোৰ নাই৷ মই কি কৰো এতিয়া?
: হে ভগৱান, তোমাৰ কাপোৰ নাই? এই অতসোপা কাপোৰেৰে ‘বস্ত্ৰালয়’খন জানো তোমাৰ নহয়? হেৰা, বিয়া হোৱা আমাৰ দুবছৰ হৈছেহে৷ নযোৰ পাটৰ কাপোৰ নিদিলে বিয়াত নবহো বুলি জানো তুমিয়েই হুংকাৰ দিয়া নাছিলা? বেংকৰ লোণ লৈ বিয়া পাতিলোঁ৷ মাহিলী ইঞ্চষ্টলমেন্ট মাৰোতে মাৰোতে মোৰ জাঙিয়া এটা কিনিবলৈও পইচা নাইকিয়া হৈছে৷
: সেইবোৰ কাপোৰ আৰু ডিজাইন পুৰণা হ’ল৷ ইফালে ফেচবুকত বিয়াৰ ফটো দিওঁতে সকলোৱেতো কাপোৰবোৰ দেখিলেই৷ বহুদিন প্ৰফাইল পিকচাৰ সলোৱা নাই৷ ভাবিছিলো এইবাৰ খুড়ীৰ পুতেকৰ বিয়াতেই নতুন কাপোৰেৰে ভাল ফটো দুখনমান উঠিম৷ আৰু এটা কথা, বিয়াত শুৱালকুছিৰ পাটৰ কাপোৰ দিয়া বুলি যে কৈছিলা তাৰে তিনিযোৰেই বেনাৰসী পাট৷ মোক ঠগিব আহিছা?
: বেনাৰসী পাট? মইনো কেনেকৈ জানিম? মই কিবা জীৱনত আগেয়ে মেখেলা চাদৰ কিনি পাইছিলো নেকি?
: মোৰ আগত বচন নাগাবা৷ এতিয়া কোৱা বৰুৱানী খুৰীৰ ল’ৰাৰ বিয়ালৈ মোক এযোৰ কাপোৰ দিবানে নাই? নিদিলে মই কালিয়েই মাৰ ঘৰলৈ গুচি যাম৷
: বাৰু বাৰু, ওলোৱা, এখন শাৰীকেই ল’বা৷ পিচে বেছি দামী নহয় কিন্তু, কথা ক’ৰবালৈ গতি কৰা দেখি বসন্তই সেউ মানিলে৷
কিছুসময় পিছত
: হেৰা ওলোৱা হ’লনে? সাঁত বাজো বাজো৷ কাপোৰহে কিনিবা৷ বিয়ালৈ আজিয়েই নোযোৱা নহয়৷
: হ’ল হ’ল, এয়া চোৱাচোন মোক কেনে লাগিছে?
:ভালেই লাগিছে৷
:তুমি মোলৈ নোচোৱাকৈ ক’লা যে?
: কিনো চাম? যদি কওঁ অতসোপা লিপষ্টিক বুলবুলি চৰাইৰ হেৰিটোৰ দৰে কিয় সানিছা তেতিয়াও টো তুমি  ৰাগ জুৰিবা৷ ব’লা ব’লা, মোৰ এনেয়ো ভাগৰ লাগি আছে৷ তলাটো মাৰোঁ৷ দূৰ্বাসা মুনিৰ দৰে ভস্ম কৰি দিব পৰা দৃষ্টি বাদ দি ব’লা ৷
: হেৰা ৰ’বাচোন ৰ’বা৷
: আকৌ কি হ’ল? বাইকখন যেনেতেনে ৰখাই বসন্তই শুধিলে৷
: সেয়া জোতাৰ দোকানখনলৈ যাওঁ ব’লাচোন৷ ভাল চাই হীল এযোৰ চাওঁ৷
:তুমি কি কিনিব আহিছা? কাপোৰ নে জোতা?
: উফ, তুমিও যে নহয়! চাম বুলিহে কৈছো৷ ল’বই যে লাগিব সেইটোতো কোৱা নাই৷
: হেৰা তোমাৰ ৰেডিঅ’টো বন্ধ কৰা৷ ব’লা এতিয়া৷
: ইয়েচ মেডাম৷ কওকচোন কি চাব? চেলচ্‌মেন জনে সুধিলে৷
: এযোৰ ব্ল’কহীল চাম বুলি ভাবিছিলোঁ৷
:নিশ্চয় মেডাম৷ চাইজ কিমান আপোনাৰ?
: পাঁচ৷
: ঠিক আছে৷ আপুনি বাৰু পচন্দ কৰকচোন৷
: সেইযোৰ চাওঁ৷ বাওঁফালৰ পৰা দুই নম্বৰ যোৰ৷
: অ অ, এইযোৰ মেডাম৷ বৰ ভাল লাগিব আপোনাৰ ভৰিত৷ নতুন ডিজাইনৰ হয়৷
: বৰ ভাল লাগিব হা? নিজৰ ঘৈণীয়েৰক দিবিনে এইযোৰ পিন্ধিব?চেলচ্‌মেনজনক পাৰিলে বাঘঢকা এটা দিব মন গ’ল তাৰ৷
: ববিতা এই জখলাযোৰ কিনিব নালাগে দিয়া৷ তুমি এইযোৰ পিন্ধিবানে এইযোৰৰ ওপৰত তুমি উঠি থাকিবা? তুমি পৰি কঁকাল ভাঙিলে মই ইমানদিন অফিচৰ পৰা চুটি নাপাম নহয়৷
: উঠা৷
: ক’লৈ?
: উঠা কৈছো নহয়৷ ইয়াৰ পৰা যাওঁ৷
:কিয় কি হ’ল? মই কথাটো কৈছো হে৷ কিয় খং কৰিছা?
: য’তে ত’তে মোক কেৱল ঠাট্টা হা? একো নিকিনো মই৷ ঘৰ ব’লা৷
: মেডাম, মেডাম
: কি হ’ল? বেলেগ এযোৰ চাওক এইযোৰ পচন্দ নহ’লে৷
: ভাইটি৷ এওঁৰ ভৰিৰ বিষ৷ তেওঁ হাৱাই চেন্দেলৰ বাহিৰে  বেলেগ পিন্ধিব নোৱাৰে৷ ফুচফুচাই কোৱাদি চেলচ্‌মেনজনক কৈ বসন্ত দোকানখনৰ পৰা ওলাই আহিল৷
: কি হ’লনো? ইমানকৈ কিয় মুখখন ফুলাইছা?
: কি যে কুক্ষণত তোমাৰ লগত ওলাই আহিলোঁ! তাতকৈ ঘৰত বহি অসমীয়া চিৰিয়েল কেইখন চোৱাই ভাল আছিল৷
: বাৰু বাৰু, হ’ব দিয়া৷ তোমাৰ ভালটোহে চিন্তা কৰিছিলোঁ৷ ভাল চাই শাৰী এখনকে ল’বা৷ উফ, গুৱাহাটীৰ এই ট্ৰেফিক ঝামবোৰ যে৷ হেৰা, আজি অলপ বেছিয়েই ভিৰ নহয় নে?
: আজি ধনটেৰাচ নহয় নেকি?
: সেইটো কি নো?
: হে প্ৰভু, কি যে এজন আউটডেটেদ মানুহৰ লগত মই বিয়া হলোঁ! ধনটেৰাচৰ দিনা সোণ, ৰূপ নাইবা কিবা মূল্যৱান ধাতুৰ বস্তু কিনি ঘৰলৈ আনিব লাগে৷ তেতিয়া লক্ষ্মীয়ে ঘৰত ভৰি দিয়ে৷
: অ হয় নেকি? সেইকাৰণে আমাৰ ঘৰত আজিলৈকে লক্ষ্মীয়ে  গেষ্ট এপিয়াৰেঞ্চ এটাও দিয়া নাই৷
:হেৰা, ৰ’বাচোন ৰ’বা। সেয়া মানিকচান্দ জুৱেলাৰী৷ কিবা অফাৰ দি আছে৷ এবাৰ চাওঁচোন ব’লা৷
: কি? খাবলৈ নাই কণটো বৰসবাহলৈ মনটো৷ সোণ কিনি লক্ষ্মীক ইনভাইটেচন দিবলৈ মোৰ সম্বল নাই৷
: এবাৰ গৈ চাওঁচোন ব’লা৷ কি অফাৰ দিছে৷ বসন্তই কিবা কোৱাৰ আগতেই ববিতাই বাইকৰ পৰা নামি গহণাৰ দোকানখনলৈ আগুৱাই গ’ল৷
গহণাৰ দোকানখনৰ সন্মুখত প্ৰকাণ্ড মোচ থকা দাৰোৱানজনে চালাম দিছে৷ বসন্তই বেকা হাঁহি এটা মাৰি মনতে ভাবিলে -” চালাম দি লাভ নাই৷ এই ওলামেই এতিয়া৷”
: মেদাম কি চাব বিচাৰিছে?
:সৰু চাইজৰ কাণফুলি দেখোৱাওকচোন৷
:এয়া চাওক মেদাম৷ সোণৰ কাণফুলি কেইযোৰমান আনি মেকআপেৰে জিলিকি থকা চেলচ্‌গাৰ্ল জনীয়ে দেখুৱালে৷
:ভন্টী সোণৰ ৰেট কিমান চলিছে এতিয়া?
: চাৰ বৰ্তমান ২৪ কেৰেটত চল্লিশ হাজাৰ চলি আছে৷
:এইযোৰৰ দাম কিমান?
: মেডাম এইযোৰ আপুনি GST কাটি দহ হাজাৰত পাই যাব৷
: হেৰা এইযোৰ দেখোন সৰিয়হটোৰ সমান৷
: টুইট টুইট৷ বসন্তই মোবাইলটো উলিয়াই চালে৷ বেংকৰ পৰা মেচেজ আহিছে৷ মাহিলী ইঞ্চষ্টলমেন্টৰ৷
: ভন্টী এটা কাম কৰা৷ আজি নালাগে  দিয়া৷ এওঁৰ মানে স্কীন এলাৰ্জী হৈছে৷ সোণে সহজে নামানে এওঁক৷ এওঁক পাৰিলে ডাইমণ্ডৰে কাণফুলি এযোৰ দিম দুই এদিনতে৷ কিবা ভাল অফাৰ থাকিলে ক’বা৷ বসন্তই কপালত জিলিকি  উঠা ঘামখিনি মচি মচি ববিতাক টানি অনাৰ দৰে বাহিৰলৈ লৈ আনিলে৷ তেতিয়াও পিছফালে চেলচ্‌গাৰ্ল জনীয়ে বসন্তক কিবা কৈ আছিল৷ বাহিৰত ৰৈ থকা দাৰোৱানজনে আকৌ এবাৰ চালাম জনালে৷ এইবাৰ যেন চালামৰ জোৰটো ক’ম৷ বাৰুকৈয়ে অনুভৱ কৰিলে বসন্তই৷
: তুমি শাৰী কিনিবানে? নে এনেকৈয়ে অ’ত ত’ত ঘূৰি ফুৰিবা?
: নালাগে মোক একো৷ এনেও এতিয়া চাৰে নটা বাজিল৷
: দেৰি কোনে কৰিছে? শাৰী কিনিব আহি এবাৰ জোতাৰ দোকানত আনবাৰ গহণাৰ দোকানত সোমাইছা৷
: হ’ব হ’ব জানো দিয়া৷ তোমাৰ কিমান বস্তু দিবলৈ মন আছে মোক৷
: তোমাক কথা কৈ লাভ আছে জানো? হে হৰি, দেখিছানে? ফাঁচীবজাৰৰ দোকানবোৰ বন্ধই কৰিব আৰম্ভ কৰিছে৷ ব’লা ব’লা৷ সোনকালে কি কিনা কিনাগৈ৷
দুয়ো ডাঙৰ শাৰীৰ দোকান এখনৰ আগত ৰ’ল৷ দুয়ো ঠিক সোমাব খুজোতেই দোকানৰ ল’ৰা এজনে চাটাৰখন পেলাই দিলে৷ কাষত প্ৰকাণ্ড পেটতোৰে মালিকজন৷
: দাদা, শাৰী  কিনিব আহিছিলোঁ৷
: চৰি চাৰ আপনালোকে বহুত দেৰীকে আহিছে৷ ভঙা ভঙা অসমীয়াত মানুহজনে ক’লে৷
: কিবা এটা কৰক আৰু৷
: চৰি চাৰ, আজি আৰু নহ’ব৷ সকলো দোকানেই বন্ধ কৰিলে৷ আমিহে আজি অলপ দেৰীকৈ আছিলোঁ৷ এতিয়া দোকানৰ হিচাপ শেষ কৰি আমি যাবলৈ ওলাইছোঁ৷ ল’ৰাজনে ক’লে৷
ববিতাৰ কন্দনামুৱা মুখখনলৈ চাই বসন্তই আৰু এবাৰ অনুৰোধ কৰিলে৷
: চাৰ মাফ কৰিব আজি নহ’ব৷ ইফালে বৰষুণো আহিব আৰম্ভ কৰিছে৷
: কালিয়েই আহিম দিয়া ববিতা৷
: চ’ৰী চাৰ, কালি নহ’ব, দেওবাৰে ফাঁচী বজাৰ বন্ধ থাকে, আপোনালোকে সোমবাৰে আহক৷
বসন্তই ববিতালৈ চালে৷ ফু- ফুৱাই তাই বাইকখনৰ ওচৰলৈ গৈ আছে৷
: হেৰা এটা কাম কৰোঁ৷ বৰষুণও আহিছে৷ এতিয়া বাইকত গ’লে তিতিম৷ ৰেষ্টুৰেণ্ট এখনত সোমাই কিবা খায়েই যাওঁ ব’লা৷ বসন্তই ববিতাক চিঞৰি ক’লে ।।।
☆ ★ ☆ ★ ☆

19 Comments

  • HEMANTA KAKATI

    হে হৰি! এইজনীৰ তাত বহুতৰে মুখখন দেখিলোঁ৷ বৰ ফাটাফাটী গল্প লিখিলা নীলাক্ষী! এইটোৱেই প্ৰথম পঢ়িলোঁ৷

    Reply
  • অশেষ ধন্যবাদ কাকতি দা ৷

    Reply
  • ঘৰ ঘৰ কী কাহানী ।মজা লাগিল নিলা ।

    Reply
  • Barbie Punnag

    ভাগ্যে আমিবোৰে চাকৰি এটা কৰিছোঁ বুলিহে, নহলে এইখন ভাওনা প্ৰতি মাহতে মোৰ লগত হ’লহয়

    Reply
  • পূৰ্ণময়ী

    হে হে , একেবাৰে সব পৰ্দফাছ কৰি দিলা হে

    Reply
  • সুমন শেখৰ কলিতা

    ভাল লাগিল

    Reply
  • Bornali S Mudoi

    ভাল লাগিল

    Reply
  • ডলী

    হে হে! ঝকাছ লিখিলা।

    Reply
  • Ronjon Baruoh

    জাক্কাছ লেখা 😄😄

    Reply
  • অভিজিত কলিতা

    মোৰ কিন্তু হাঁ‌হি নুঠিল, শোকে হেঁ‌চা মাৰি ধৰিলে! বসন্তৰ অসহায় মুখখন যেন মই আইনাতহে দেখিছো। 🙂

    খুব ভাল লাগিল

    Reply
  • ৰাজশ্ৰী শৰ্মা

    নিজকে দেখিছো পাই ববিতাৰ ৰূপত।

    Reply
  • মন্দিৰা শৰ্মা

    বৰ ভাল লাগিল নিলাক্ষী। যি দেখিছো প্ৰায়বোৰ ঘৰৰ একেই কাহিনী

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বঢ়িয়া লাগিল৷

    Reply
  • মুনমুন

    ভাল পালোঁ

    Reply
  • মনালিছা

    ভাল লিখিছা দেই ।পঢ়ি ভাল পালো

    Reply
  • Nayan Dev Choudhury

    ভাল পালোঁ।

    Reply
  • ববিতা শৰ্মা

    বসন্ত ববিতা নে ভাস্কৰ ববিতা। ভাল লাগিল।

    Reply
  • ৰামানুজ

    ল’ৰাটো বৰ ভাল… তাৰ সততা খিনিয়েহে মোক বৰ মোহিত কৰিলে!

    Reply
  • mridula

    মজ্জা লাগিল দেই

    Reply

Leave a Reply

Your email address will not be published.