ফটাঢোল

এটা আপডেটৰ কথাৰে-কমলা দাস

পত্নী : হে’ৰা, শুনিচানে! শুনিচানে! ক’ত গৈছা হে তুমি। শুনাচোন! হে…ৰা

মানুহজনীয়ে হাতত ম’বাইলটো লৈ মানুহজনক মাতি মাতি একো সঁহাৰি নাপাই বিছনাত বাগৰি থকাৰ পৰা উঠি আহিল। বেডৰূমৰ গাতে লাগি থকা ড্ৰইং ৰূমটোত পেপাৰ পঢ়ি বহি থকা মানুহজনে ঘৈণীয়েকৰ মাতটো শুনিয়েই পোৱা নাই নে শুনিও নুশুনাৰ ভাও জুৰিছে, পেপাৰেৰে মুখখন ঢাকি ৰখা বাবে ধৰিব পৰা নগ’ল। (বহুত সময়ত তেওঁ তেনেকুৱা ভাও জোৰেই বাৰু ঘৈণীয়েকৰ বকনিৰ পৰা হাত সাৰিবলৈ, আজিও হয়তো!) তেওঁক তেনেকৈ থমথম মদন গোপাল হৈ বহি থকা দেখিও ঘৈণীয়েকে আনদিনাৰ দৰে ৰিয়েক্ট নকৰিলে আজি!

এইবাৰ আগতকৈও অলপ ডাঙৰ মাতেৰে কিছু লেনিয়াই ক’লে,

: হে’ৰা, শুনাচোন শুনা,

বুলি ওচৰতে থকা চকীখনতে বহি ল’লে। মানুহজনে ভাবিলে হয়তো, এইবাৰ আৰু নুশুনিলে ডাঙৰ কথা হ’ব! সেয়ে কথাটো সোনকালে শুনি লেঠা মৰাই ভাল বুলি ভাবি পেপাৰখনৰ পৰা মূৰ নোতোলাকৈয়ে নিৰুৎসাহজনক সুৰেৰে ঘৈণীয়েকক ক’লে,

: কাণ দুখন খোলাই আছে, কৈ যোৱা।

গিৰিয়েকৰ কথাৰ সুৰটো আজি ইগন’ৰ কৰি (আনদিনা হোৱা হ’লে ইয়াকে লৈ এবকলা বকিলেহেঁতেন) ঘৈণীয়েকে কথাৰ সুৰত উৎসাহ আনি ক’লে,

: পেপাৰখন অলপ সময় থৈ মোৰ কথাটো শুনাচোন ভালদৰে!

ঘৈণীয়েকৰ উৎসাহিত সুৰ শুনি মানুহজনৰ ভয়েই লাগিল। কিমানখিনি বা ভৰণি ভৰিব লগা হয় আজি এইটো সুৰৰ বাবে! পিচে মানুহজনে শুনকেই বা নুশুনকেই, ঘৈণীয়েকে উৎসাহেৰে কৈ গ’ল,

: কি জানানে! মোৰ যে ফেচবুকৰ চিনাকি অমুক ভাইটিটো! তোমাৰো যে চিনাকি, অমুক যে!

পতি : (গহীনত) অঁ, কি হ’ল তাৰ!

পত্নী : (হাঁহি মাৰি) তাৰ একো হোৱা নাই ৰ’বা। বিহু বুলি সি এটা বৰ ভাল আপডেট দিছেহে আজি।

পতি : (মানুহজনীৰ কথা শুনি কঁপালখন কোঁচ খুৱাই) তাতে কি হ’ল! ফেচবুকত দিয়া সাধাৰণ আপডেট এটাৰ বাবে তুমি মোৰ সময় নষ্ট নকৰিবা দেই, যোৱা নিজৰ কাম কৰাগৈ।

পত্নী : নহয় ঔ, আপডেটটো মানে ভেৰি ইম্প’ৰটেণ্ট। মানে সি আমাক বিহু খাবলৈ মাতিছে, জানা!

পতি : ভাল কথা। খাবলৈ যাবা আকৌ। মানুহজনে কথাৰ মোখনি মাৰিব খুজিলে।

পত্নী : ঠিক আছে, ঠিক আছে, আমি এদিন যাম দেই সিহঁতৰ তালৈ। বিহু খাবলৈ যাওঁতে খালী হাতেৰে গ’লে ভাল নালাগিব নহয়! সেয়ে আমি যাওঁতে টি-চাৰ্ট এটা আৰু পেণ্ট এটা লৈ যাম, তাক গিফ্ট দিবলৈ।

পতি : (অলপ উষ্ম সুৰত) লগ ধৰিছা যেতিয়া তোমাৰ লগত গৈ দিম বাৰু এদিন কিন্তু সেইবোৰ লৈ যোৱাত নাই দেই। কেনেবাকৈ ছাইজ নিমিলিব লাগিলে সেইখন বৰ ঝেমেলা হ’ব। কিয়, সেইবাৰ মনত নাই! তোমাৰ ককায়েৰাৰ ছোৱালীজনীৰ বাৰ্থডেট দিবলৈ অনা ফ্ৰকটো যে উল্টা-পুল্টা তিনিবাৰ সলাই সলাই আনিছিলোঁ দোকানৰ পৰা। এইবাৰ তেনে কৰাত নাই দেই। তাতকৈ মিঠাই কেইটামানকে লৈ যাবা।

পত্নী : (আত্মবিশ্বাসেৰে) অমুকৰ ক্ষেত্ৰত তেনেকুৱা নহয়, নহয়। সি তাৰ পেণ্টৰ আৰু টি-চাৰ্টৰ জোখটো লিখি দিছে।

হতভম্ব পতি-

: কি…ই!

পত্নী : অঁ, আমাৰ অসুবিধা নহ’বৰ বাবে সি জোখটো দিয়েই দিছে।

পতি : (স্বৰ্গতোক্তি কৰাৰ নিচিনাকৈ) কি দিনকাল পৰিল হে! মানুহবোৰ বৰ বুধিয়ক হ’লচোন! কাপোৰৰ জোখটো জনায়ো বিহু খাবলৈ নিমন্ত্ৰণ দিয়ে! এনেদৰে চাৰি-পাঁচযোৰমান সংগ্ৰহ কৰিব পাৰিলেচোন বছৰটো চলিয়েই যায়! পিচে খুৱাই বা কি! গিফ্ট দিয়া কাপোৰৰ দামটো উঠিবনে বাৰু!

পত্নী : হে’ৰা, কিনো ভোৰভোৰাব ধৰিলা হে! সি দিয়া ছাইজৰ কাপোৰ এযোৰ লৈ আনিবা এদিন।

পতি : মোৰ সেইবোৰ কিনি ফুৰিবলৈ সময় নাই দেই। তুমিয়ে গৈ লৈ আনিবা। অলপ বিচাৰিলে ফুটপাথতে পাই যাবা।

পত্নী : (মাতটো ডাঙৰ কৰি) তুমি কি মানুহ হে? ফুটপাথৰ কাপোৰ গিফ্ট দি আমাৰ মান সন্মান সৱ পুৰি খাই পেলাব বিচাৰিছা নেকি! মই নোৱাৰোঁ দেই।

পতি : তেন্তে কি! ৰেংগলাৰ নাইবা এডিডাছ জাতীয় ব্ৰেণ্ডেড দিব লাগিব নেকি!

পতিয়ে টিপ্পনি এৰিলে।

পত্নী : (একো নভবাকৈ) অঁ, সেয়াই আনিবা এযোৰ।

পতি : পাগল হৈছা নেকি! তেনেকুৱা এযোৰ কাপোৰত কিমান দাম পৰে, তুমি জানাই। সেইমতে আমাক খুৱাব জানো! জনা আছে, কিডাল খুৱাব! কাপোৰ এযোৰ লৈ যোৱা বুলি ভাবি যদি বৰ বেছি আফচোচ কৰে, তেন্তে লুচি দুখনৰ লগত ভাজি অকণ দিব। খুব বেছি বজাৰৰ পৰা অনা বৰা পিঠা এখন লগত দিব। তাতকৈ ফুটপাথৰ পৰা কিনা হ’লেও আমি দিয়া কাপোৰযোৰত বহুত বেছি দাম পৰিব। সি খুওৱাতকৈ বহুত বেছি খৰচ যাব আমাৰ।

পত্নী : (আশাৰ সুৰত) আৰু যদি লুচি ভাজিৰ লগতে আমাক ৰাতিৰ সাঁজ ভাতো খুৱাই পঠিয়ায়! থলুৱা কুকুৰাৰ মাংসৰ লগত জহা চাউলৰ ভাত, অমিতা দি ৰন্ধা পঠাৰ মাংস, বৰালি মাছৰ জ্বালৰ আঞ্জা, চকল চকল ৰৌ মাছ ভজা, ৰৌ মাছৰ মূৰেৰে মূৰিঘণ্ট, বেঙেনাৰ বড়, মচমচীয়া সৰু মাছ ভজা, ব্ৰইলাৰ মাংসৰে বাচমতি চাউলৰ পোলাও, ইত্যাদি ইত্যাদিৰে যদি আমাক ৰাতিৰ ভাতসাঁজ খুৱাই পঠায়! তেতিয়া! তেতিয়া লাজ নাপাবানে, লৰফৰকৈ ফুটপাথৰ কাপোৰ এযোৰ লৈ গৈ!

পতি : অঁ, তেতিয়া কথাটো বেলেগ হ’ব বাৰু!

ভোজন প্ৰিয় মানুহজনে ইমানবোৰ খোৱা বস্তুৰ নাম শুনি অলপ উৎসাহেৰে মোলায়েম সুৰত পত্নীক সুধিলে,

: হেৰা, এনেকুৱা খাদ্যৰ আয়োজন কৰিব বুলিও সি আপডেটটোত লিখিছে নেকি হে! তেতিয়া হ’লেতো তালৈ ব্ৰেণ্ডেড কাপোৰ এযোৰ নিবই লাগিব দিয়াচোন! মান সন্মান বুলিওতো কথা এষাৰ আছে নহ! এটা কাম কৰা, মোৰ ম’বাইলটো আনি দিয়াচোন, সি আপডেটটো কেনেকৈ দিছে চাই লওঁ।

পত্নী : (গোমোঠা মুখেৰে) হ’ব হ’ব, এতিয়া ম’বাইল লৈ আপডেট চাই থাকিব নালাগে। তোমাক কথা কোৱাই ভুল। নাযাওঁ ক’তো। ঘৰতেই দুয়োবেলা জুতি লগাই ৰান্ধি খুৱাবলৈ এই বান্দী আছোঁৱেই নহয়! খাই থাকিবা ঘৰতেই। ব’লা এতিয়া পাকঘৰলৈ।

পতিয়ে আচৰিত হৈ-

: মই আকৌ কেলেই যাব লাগে! ৰন্ধা বঢ়াটোতো তোমাৰ কাম। তুমি জানাই মই যে বিশেষ একো ৰান্ধিব নাজানো!

পত্নী : ৰান্ধিব নাজানিলেও পাচলিখিনিতো কাটি দিব পাৰিবা। সেই অফিচৰ পৰা অহাৰ পাছত মই হাতত তুলি দিয়া চাহকাপ খোৱাৰ পাছৰেপৰাই একেবাৰে হাঁহ চুৰিৰ পৰা লাইটৰ তাঁৰ চুৰিলৈকে পেপাৰখন পঢ়ি একো ফালিব নালাগে। ভালে ভালে কৈছোঁ পাকঘৰলৈ আহাঁ!

এইবুলি কৈ ঘৈণীয়েকে উচাৎ মাৰি উঠি পাকঘৰলৈ গ’ল। ৰাতিৰ সাঁজ নোপোৱাৰ ভয়তে মানুহজনো তেওঁৰ পিছে পিছে সুৰসুৰকৈ গৈ পাকঘৰ পালেগৈ। ঘৈণীয়েকে ফ্ৰিজৰ পৰা উলিয়াই দিয়া পাচলিখিনি ডাইনিং টেবুলত থৈ কাটিবলৈ ধৰিলে। ঘৈণীয়েকে খুটুং খাটাঙকৈ ভাত ৰন্ধাৰ দিহা কৰি আছিল‌। পাচলি কাটি থকাৰ মাজতে মানুহজনৰ কি মন গ’ল জানো, ঘৈণীয়েকেৰ ফালে নোচোৱাকৈয়ে আত্মবিভোৰ হৈ সুধি পেলালে,

: হে’ৰা, সি বাৰু আপডেটটোত ইমানবিধ ব্যঞ্জনৰে ভাতসাঁজ সঁচাকৈ খুৱাব বুলি লিখিছিল নেকি!

দাইলৰ ফেন পেলাই থকা ঘৈণীয়েকেৰ হাতৰ পৰা হেতাখন হঠাৎ উৰি গ’ল! লগে লগে অলপ দূৰৰ পৰা এটা যন্ত্ৰণাদায়ক চিঞৰ-

“আআস্”।

☆ ★ ☆ ★ ☆

6 Comments

  • ভাল লাগিল৷

    Reply
    • কমলা দাস

      ধন্যবাদ জনালো নীলা

      Reply
  • বন্দিতা জৈন

    হা:হা:😁😂বাইদেউ বৰ ভাল লাগিল পঢ়ি। হেতা পাত মাৰো বুলি মৰা নাছিল,,,,যাওঁ বুলিহে গ’ল।ইমান বোৰ ব্যঞ্জনৰ নাম শুনিলে কাৰ লুভ নালাগিব বাৰু

    Reply
  • কমলা দাস

    ধন্যবাদ বন্দিতা😁

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    হাঃ হাঃ! মজা!

    Reply
    • কমলা দাস

      ধন্যবাদ জনালো ৰঞ্জিত কুমাৰ শৰ্মা

      Reply

Leave a Reply

Your email address will not be published.