ফটাঢোল

এটা মধ্যবৰ্গীয় কুকুৰ মূল: হৰিশংকৰ পৰসাইৰ “এক মধ্যমবৰ্গীয় কুত্তা” অনুবাদ: মিতালী নাৰায়ণি

বন্ধুজনৰ গাড়ীখন বাংলোটোৰ চৌহদত সোমোৱাত গাড়ীৰ পৰা নামিয়েই মই সুধিলোঁ,

: এওঁলোকৰ ঘৰততো কুকুৰ নাই?

বন্ধুৱে ক’লে,

: তুমি কুকুৰলৈ বৰ ভয় কৰাহে!

মই ক’লোঁ,

: মানুহৰূপী কুকুৰবোৰক ভয় নকৰোঁ৷ সিহঁতক চম্ভালিব পাৰোঁ৷ কিন্তু আচল কুকুৰলৈহে খুব ভয় কৰোঁ৷

মই কুকুৰ থকা ঘৰ ভাল নাপাওঁ৷ তেনে ঘৰলৈ গ’লে গৃহস্থতকৈয়ো আগতে কুকুৰেহে ভুকি ভুকি স্বাগতম জনায়৷ গিৰিহঁতৰ লগত নমস্কাৰৰ আদান-প্ৰদান হ’ল কি নহ’ল কুকুৰটোৱে যেন গালিহে দিবলৈ লয়, “ইয়ালৈ কিয় আহিছ বে? তোৰ বাপেৰৰ ঘৰ নেকি? গুচি যা ইয়াৰ পৰা৷”

আকৌ কুকুৰৰ কামোৰলৈয়ো মোৰ ভয় নালাগে – লাগিলে চাৰিবাৰেই কামোৰক! মাত্ৰ ডাক্তৰে পেটত খুচি দিয়া সেই চৈধ্যটা ডাঙৰ ডাঙৰ বেজীলৈহে ভয় লাগে৷ পিচে কিছুমান মানুহ কুকুৰতকৈয়ো অধিক বিষাক্ত হয়! মোৰ চিনাকি মানুহ এজনক কুকুৰে কামুৰিছিল৷ মই ক’লোঁ,

: এওঁৰ একো নহয়৷ যিটো কুকুৰে এওঁক কামুৰিছিল সেই কুকুৰটোৰ খৰব লওক আৰু তাকহে বেজী দিয়কগৈ৷

নতুনকৈ চিনাকি হোৱা মানুহ এঘৰে তেওঁলোকৰ ঘৰলৈ মোক চাহ খোৱাকৈ মাতিলে৷ মই তেওঁলোকৰ ঘৰ পোৱাত নঙলামুখতে জাননী এখন আঁৰি থোৱা দেখিলোঁ, “কুকুৰৰ পৰা সাৱধান৷” লগে লগে মই তাৰপৰা উভতি আহিলোঁ৷

কিছুদিন পাছত লগ পোৱাত তেওঁ আপত্তি কৰিবলৈ ধৰিলে,

: আপুনি সিদিনা চাহ খাবলৈ নাহিল দেখোন!

মই ক’লোঁ,

: বেয়া নাপাব; মই আপোনালোকৰ ঘৰলৈকে গৈছিলোঁ৷ পিছে নঙলামুখতে জাননী এখন আঁৰি থোৱা দেখিলোঁ – ‘কুকুৰৰ পৰা সাৱধান’৷ মই ভাবিছিলোঁ, এই ঘৰটোত মানুহ থাকে৷ পিছে দেখোন কুকুৰৰ নামফলকহে আঁৰি থোৱা দেখিলোঁ৷

কিছুমান মানুহ আকৌ কুকুৰতকৈয়ো ভয়ানক৷ মাৰ্ক টুইনে লিখিছিল, “যদি আপুনি ভোকত মৃতপ্ৰায় কুকুৰ এটাক ৰুটী এডোখৰ খুৱাই দিয়ে, তেন্তে সি আপোনাক নাকামোৰে৷” কুকুৰ আৰু মানুহৰ মাজত এয়াই মূল তফাৎ৷

সেয়া আমাৰ বন্ধুৰ বাংলো আছিল৷ আমি তাত তিনিদিন থাকিব লাগিব৷ মোৰ বন্ধুৱে কলিংবেল বজোৱাৰ লগে লগে দুৱাৰৰ সিপাৰৰ পৰা সেই ‘ভৌ-ভৌ’ শব্দটি আহিল৷ মই দুখোজ পিছুৱাই গ’লোঁ৷ আমাৰ গৃহস্থ আহিল আৰু কুকুৰটোক ধমকি দিলে,

: টাইগাৰ, টাইগাৰ!

তাৰ অৰ্থ আছিল এনেধৰণৰ, “টাইগাৰ, এওঁলোক কোনো চোৰ-ডকাইত নহয়৷ হ’বদে, তই ইমানো আজ্ঞাবাহী হ’ব নালাগেদে৷”

কুকুৰটো শিকলিৰে বান্ধি থোৱা আছিল৷ সি দেখিছেও যে স্বয়ং তাৰ মালিকে আমাক ঘৰৰ ভিতৰলৈ লৈ আহিছে তথাপি সি ভুকিবলৈ এৰা নাছিল৷ মই তাৰ পৰা কিছু আঁতৰেৰে দৌৰি যোৱাৰ দৰে গৈ ঘৰৰ ভিতৰত সোমালোঁ৷ ইয়াক উচ্চবৰ্গীয় কুকুৰ যেনেই লাগিল৷ উচ্চবৰ্গীয়ক মই খুব সন্মান দিওঁ, লাগিলে সেয়া কুকুৰেই নহওক কিয়! সেই ঘৰটোত মোৰ অৱস্থা বৰ ভয়ংকৰ হৈ পৰিছিল৷ মই হীনমন্যতাত ভুগিছিলোঁ৷ একেটাখন চৌহদতে এটা উচ্চবৰ্গীয় কুকুৰ আৰু মই! আৰু সি যেন বাৰে বাৰে মোক উপেক্ষাৰ দৃষ্টিৰে চায়!
সন্ধিয়া পৰত আমি ল’নত বহিছিলোঁ৷ বন কৰা মানুহজনে কুকুৰটোক চোতালত ফুৰাই আছিল৷ তেনেতে মই দেখিলোঁ যে দুটা বাটৰ কুকুৰ আহি নঙলামুখত থিয় হৈছে৷ সিহঁত সৰ্বহাৰা কুকুৰ আছিল৷ সিহঁতে এই কুকুৰটোক খুব মনোযোগেৰে চাই আছিল৷ অলপ পাছত সিহঁতে অলপ সময় ইফালে সিফালে গৈ ঘূৰি ফুৰি আহে আৰু ঘূৰি আহি পুনৰ ইয়াক চাই থাকে৷ কিন্তু এই বাংলোৱালাই সিহঁতক ভুকে৷ সিহঁতে সেমেনা-সেমেনি কৰি ইফালে-সিফালে গুচি যায়৷ কিন্তু আকৌ আহি এই কুকুৰটোক চাই থাকে৷ গৃহস্থই ক’লে,

: এয়া সদায় হোৱা ঘটনা৷ যেতিয়াই আমাৰ কুকুৰটো ফুৰাবলৈ চোতাললৈ অনা হয়, সেই দুয়োটা কুকুৰে ইয়াক এনেকৈ চাই থাকে৷

মই ক’লোঁ,

: কিন্তু ই সিহঁতক ভুকা উচিত নহয়৷ ই বেল্ট আৰু শিকলি লগোৱা কুকুৰ৷ সকলোধৰণৰ সা-সুবিধা পোৱা কুকুৰ৷ সেইকেইটা বাটৰ ভোকাতুৰ কুকুৰ৷ ই আৰু সিহঁত একে নহয়৷ তথাপি ই কিয় সিহঁতক প্ৰত্যাহ্বান দিয়ে!

ৰাতি আমি বাহিৰতে শুলোঁ৷ ওচৰতে শিকলিৰে বন্ধা কুকুৰটোও তাৰ গাদীখনতে শুই আছিল৷ কিন্তু ওচৰে-পাজৰে যেতিয়াই সেই কুকুৰকেইটাই ভুকে তেতিয়া ইয়ো ভুকিবলৈ ধৰে৷ পিছে ইনো সিহঁতৰ লগত কিয় ভুকে? ই দেখোন দিনত সিহঁতকহে ভুকিছিল৷ পিচে এতিয়া সিহঁতে চুবুৰীটোত ভুকাৰ লগে লগে ইয়ো সিহঁতৰ সুৰৰ লগত সুৰ মিলাবলৈ ধৰিলে, যেন সিহঁতক “মই ইয়াতে আছোঁ, তহঁতৰ লগতেই আছোঁ” বুলি আশ্বাসহে দিয়ে৷

ইয়াৰ জাতৰ ওপৰত মোৰ সন্দেহ উপজিবলৈ ধৰিলে৷ ই উচ্চবৰ্গীয় কুকুৰ নহয়৷ মোৰ চুবুৰীতে এজন চাহাবৰ দুটা কুকুৰ আছিল৷ সিহঁতৰ গপচেই বেলেগ৷ সিহঁতে ভুকা মই কেতিয়াও শুনা নাই৷ ওচৰে-পাজৰে কুকুৰবোৰে ভুকি থাকে, কিন্তু সিহঁতে গুৰুত্বই নিদিয়ে৷ কাষেৰে মানুহবোৰ অহা-যোৱা কৰে, কিন্তু সিহঁতে কেট-কূটেই নকৰে৷ কাচিৎহে মই সিহঁতৰ মৃদু গোজৰণি শুনিছোঁ৷ সিহঁতে হয় বহি থাকে নহয় ইফাল-সিফাল কৰি থাকে৷ নঙলা খোলা থাকিলেও সিহঁত বাহিৰলৈ ওলাই নাযায়৷ সিহঁত খুব গহীন, অহংকাৰী আৰু আত্মতুষ্ট৷

এই কুকুৰটোৱে সেই সৰ্বহাৰা কুকুৰকেইটাৰ লগত ভুকে আৰু সিহঁতৰ লগত লয় মিলায়৷ যেন কয়, “মই তহঁতৰ লগতে আছোঁ৷” উস্ উচ্চবৰ্গীয়ৰ মিছা অহংকাৰো আৰু সংকটৰ পৰত সৰ্বহাৰাৰ লগতো – তাৰমানে এয়াই এই কুকুৰটোৰ প্ৰকৃত চৰিত্ৰ৷ এয়া মধ্যমবৰ্গীয় চৰিত্ৰহে৷ এইটো মধ্যমবৰ্গীয় কুকুৰ৷ উচ্চবৰ্গীয় হোৱাৰ অভিনয়ো কৰে আৰু সৰ্বহাৰাৰ সৈতে একেলগে ভুকেও৷

তৃতীয় দিনা ৰাতি আমি যেতিয়া শুবলৈ গ’লোঁ দেখিলোঁ যে কুকুৰটো ভীতিবিহ্বল হৈ পৰি আছে৷ আমাৰ শব্দ পায়ো সি ভুকা নাই, মাথোঁ দুৰ্বল মাতেৰে এটা গোজৰণি দিলে৷ ওচৰে-পাজৰে সেই বাটৰ কুকুৰকেইটাই ভুকি আছিল, কিন্তু আজি ই সিহঁতৰ লগতো ভুকা নাই৷ অকণমান গোজৰণি দি নিতাল মাৰিলে৷ মই গৃহস্থক ক’লোঁ,

: আজি দেখোন তোমাৰ কুকুৰটো বৰ শান্ত হৈ আছে!

গৃহস্থই ক’লে,

: আজি ইয়াৰ অৱস্থা বেয়া৷ বন কৰা মানুহজনৰ ভুলৰ বাবে ই নঙলাৰ বাহিৰলৈ ওলাই গ’ল৷ সেই কুকুৰ দুটাতো তাতেই আছিল; দুয়োটাই ইয়াক আগচি ধৰি বগৰাই পেলালে৷ ইয়াক আঁচুৰিলে, কামুৰিলে; ইয়াৰ দশা বেয়া কৰি পেলালে৷ বন কৰা মানুহজনেহে ইয়াক উদ্ধাৰ কৰি আনিব পাৰিলে৷ সেইবাবে এতিয়া ই নিজৰ ঘাঁবোৰ চেলেকি চেলেকি এনেকৈ নিতাল মাৰি পৰি আছে৷ কাইলৈ ডাক্তৰ শ্ৰীবাস্তৱৰ তাত ইয়াক বেজী দিয়াই আনিব লাগিব৷

মই কুকুৰটোৰ ফালে চালোঁ৷ পুতৌজনকভাবে পৰি আছিল৷ কি হৈছিল মই অনুমান কৰিবলৈ ধৰিলোঁ৷ ঘটনাটো এনেকুৱা হ’ব পাৰে,

ই বুকু ফিন্দাই নঙলাৰ বাজ হৈছিল চাগৈ! আৰু বাহিৰলৈ ওলায়ে কিজানি সেই কুকুৰ দুটাক ভুকিছিল! সেই কুকুৰ দুটাই হয়তো কৈছিল, “ঐ, নিজৰ জাত চিনি নাপাৱ নেকি! হুহ নাটক কৰিবলৈ আহে! ডিঙিত বেল্ট আৰু শিকলি লগাই লৈছে, বিনামূলীয়াকৈ আৰামত খায়, ল’নত ফুৰে, আমাৰ ওপৰত ৰজা ওলাবলৈ আহে৷ কিন্তু ৰাতি যেতিয়া কিবা বিপদৰ আশংকাত আমি ভুকোঁ, তেতিয়া তয়ো আমাৰ লগ হ’বলৈ আহ৷ বিপদৰ কালত আমাৰ লগ হ’বলৈ আহে অথচ আমাকেই আকৌ এইদৰে ভুকে! যদি আমাৰ লগৰে হৱ তেন্তে বাহিৰলৈ ওলাই আহ৷ এই বেল্ট আৰু শিকলি এৰ, এই আৰামী জীৱন এৰ৷ আৱৰ্জনাৰ দমত পৰি ৰোৱা ভাত খা নাইবা এডোখৰ ৰুটি চুৰি কৰি খা, মাটিয়ে-বালিয়ে বাগৰি পৰ৷” এইবোৰ শুনি ই আকৌ ভুকিছিল চাগৈ! তেতিয়াই সেই কুকুৰ দুটাই “চাল্লা ঠগ! দগাবাজ, এতিয়াই তোৰ মিছা দৰ্প চূৰ্ণ কৰি পেলাওঁ, ৰ!” বুলি ইয়াক জপটিয়াই ধৰিছিল চাগৈ! ইয়াক আঁচুৰিলে, বগৰাই বগৰাই কামুৰিলে আৰু ধূলিয়ে-বালিয়ে একাকাৰ কৰি পেলালে৷ এতিয়া কুকুৰটোৱে নিতাল মাৰি পৰি নিজৰ প্ৰকৃত জাতৰ চিন্তা-চৰ্চা কৰি থাকিল৷

☆ ★ ☆ ★ ☆

4 Comments

  • Moon Moon Sarkar Saikia

    পঢ়ি ভাল পালোঁ।

    Reply
  • Mitali

    ভাল লাগিল পঢ়ি 😊

    Reply
  • HEMANTA KAKATI

    বহুত অৰ্থপূৰ্ণ ব্যংগ লেখা৷ বহুত ভাল লাগিল মিতালী৷

    Reply
  • Rintumoni Dutta

    মূল গল্পটো পঢ়িছো আগতে। অনুবাদ খুব সুন্দৰ আৰু সাৱলীল হৈছে। খুব ভাল লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published.