ফটাঢোল

এডাল্ট ষ্টৰী : জয়ন্ত কুমাৰ ডেকা

(১ ডিচেম্বৰ “বিশ্ব এইডছ দিৱস” উপলক্ষে )

তেতিয়া আমিও ঠিক দাড়ি ঠুঁটিয়া বয়স পাৰ কৰিছোঁ৷ আমি মানে – মই, পঙ্কজ, দিগন্ত, ইমৰাণ, গৌৰৱকে লৈ আৰু তিনিজন মান৷ প্ৰায়ে আবেলি হ’লে পানবজাৰৰ নেহৰু পাৰ্কৰ সন্মুখত নহ’লে ৰেৱতীৰ আগত আড্ডাত বহোঁঁ৷ আড্ডাৰ বিষয়বস্তুবোৰো সদায় ভিন্ন৷ ব্যক্তিগত বিষয় থাকিলে কেতিয়াবা আকৌ দুই-তিনিদিনলৈ এটাই বিষয়বস্তু৷ ইমাৰাণৰ মন কেইদিনমানৰ পৰা বিৰাট ভাল৷

: ঐ এই মালবিকা মহন্ত যে, আৰে চিনি নাপাও নেকি; ঘোঁচখোৰ মহন্তৰ জীয়েক….৷ জাননে, তাই আজিকালি মোক বৰকৈ ভাও দিয়ে৷ সেইদিনা মাককো চিনাকি কৰাই দিছে৷ ঘৰতো যাওঁ আজিকালি৷

দিন ভালে গৈ থকা বুলি ভবা ইমৰাণৰ কথা এয়া

: আৰে মই জনাতচোন তাইৰ ভট্ট ছাৰৰ পুতেকৰ লগতহে লিলি চলি আছে৷

এয়া দিগন্তৰ মাত৷

অমৰ্ত্য চেনৰ নোৱেলৰ পৰা পাতনি মেলি; কাৰগিলৰ যুদ্ধ পাৰ হৈ কেতিয়াবা বিগ বছৰ কাজিয়ালৈ আগবাঢ়িছিল আমাৰ আলোচনা৷ ঠিক এনেদৰে পাৰ হৈছিল তেতিয়াৰ আবেলিবোৰ৷

এনেতে এদিন দিগন্তই এটা বিষয় উলিয়ালে৷ উলিয়ালে মানে একেবাৰে আমাৰ যৌৱনলৈ ধিক্কাৰেই ওপজাই দিলে৷ দেশৰ প্ৰধানমন্ত্রীক মনোনীত কৰা বয়স হৈ গ’ল আমাৰ৷ তথাপিও আমি আজিলৈ ‘নিৰোধক’ (কণ্ডম) এটাই দেখা নাই৷

: টিভিত দেখা আৰু স্বচক্ষে দেখাৰ এটা পাৰ্থক্য আছে দেচোন৷

ইমৰাণেও লগতে সংযোজন কৰালে৷

: কথাটো হয়, কিন্তু ফাৰ্মাচীত গৈ এইবিধ বিচৰাৰ সাহস জানো আমাৰ কাৰোবাৰ আছে?

গৌৰৱৰ বিবেচনা এয়া৷

বিষয়টোৰ ওপৰত চিন্তা-চৰ্চা চলি থাকোঁতেই ইমাৰাণে এইবাৰ নিজেই মাত লগাই প্ৰস্তাব এটা দিলে যে, যদি সকলোৱে মিলি তাক পাৰ্টি এটা দিয়ে; তেন্তে সিয়ে এই কামটো কৰিবলৈ সাজু৷ আমিও ভালে পালোঁ৷ সকলোৱে মিলি তাক সাহস আৰু পাৰ্টিৰ লোভ জগাই ফাৰ্মাচীলৈ পঠিয়ালোঁ৷ আধা ঘণ্টামান পাছত সি উভতি আহিল, ভিক্স দুটা কিনি৷

: এহ ন’কবি আৰু, ফাৰ্মাচীত মানুহ আছিল অ’…। ক’বৰ সাহসে নহ’ল৷ কিন্তু চিন্তা নকৰিবি, মই তহঁতক এদিন হ’লেও আনি দেখুৱামেই৷

সাহসেৰে ক’লে সি৷

তাৰ পাছৰে পৰা সি সপ্তাহত দুই-তিনিবাৰকৈ বেলেগ বেলেগ ফাৰ্মাচীলৈ যোৱা হ’ল৷ ৰিজাল্ট কিন্তু সদায় একেই ৰ’ল৷ এদিন হেনো মাকেও তাৰ কাপোৰ ধুবলৈ নি সুধিলে,

: কি হৈছে অ’ তোৰ ? প্ৰতিটো পেণ্টৰ জেপতে বেণ্ডেড, ভিক্সৰ টেবলেট, নাইচ টেবলেট থাকে যে!

তেনেতে এদিন ইমৰাণে এটা খবৰ আনিলে, জেল ৰ’ডত বোলে এখন ফাৰ্মাচী আছে৷ য’ত বেছি মানুহ নাযায় আৰু তাত বয়সস্থ মানুহ এজনহে বহে৷ লগতে সি এটা বুদ্ধিও ওলালে যে মুখেৰে বস্তুবিধ খোজাতকৈ ছয়-সাত বিধ সামগ্ৰীৰ লিষ্ট এখন বনাই দিম য’ত নিৰোধক ৩ বা ৪ নম্বৰত ৰাখিম৷ কৈ লাজ পোৱাৰ ভয়বিধো নাথাকিব৷ এতিয়া মাত্র তাৰ লগত যোৱা কোনোবা এজন লাগে৷ লগত পঙ্কজ যাবলৈ সাজু হ’ল৷ গাইপতি টকাও উঠালোঁ ( সামগ্ৰী বেছি বাবে ) আৰু লিষ্টখনো বনোৱাত লাগিলোঁঁ৷ ১) বেণ্ডট তিনিটা, ২) নাইচ টেবলেট দুটা, ৩) ক’মবিফ্লেম তিনিটা, ৪) কণ্ডম এটা, ৫) ভিক্স পাঁচটা …ইত্যাদি…৷

দুয়োকে পঠিয়াই আমিও মনতে ভাবিলোঁ “বস্তুবিধ আজি দেখিমেই৷” দুয়ো গৈ দেখে বুঢ়া অকলে বহি আছে৷ পেটে-পেটে দুয়োৰে স্ফূৰ্তি৷ দুয়ো গৈ বুঢ়াক লিষ্টখন হাতত দিলে৷ তেঁৱো বয়সস্থ মানুহ, লাহে লাহে লিষ্টখন চাবলৈ ল’লে৷ তেনেতে বছৰত এবাৰ চন্দ্ৰগ্ৰহণ অহা দি তালৈ মাক-জীয়েকে এহাল সোমাই আহিল৷

: আৰে ইমৰাণ…ইয়াত যে! অসুখ নেকি কিবা?

এয়া মালবিকাৰ মাক৷

দুয়োৰে লাজে-ভয়ে কপালৰ পৰা ঘাম ওলোৱাত লাগিল৷ তথাপিও লিষ্টখন বুঢ়াজনৰ হাতত থকাই কিছু সকাহো পালে৷ কিবা কৰি মুখৰ মাত ওলাল তাৰ,

: নহয় মানে আণ্টি…, ইয়াৰ দেউতাকৰ অলপ অসুখ৷ দৰৱ অলপ লাগে৷ তাকে নিবলৈ আহিছোঁঁ৷ আপোনালোক?

: আমিও মানে ফাঁচীবজাৰলৈ আহিছিলোঁঁ৷ আমাৰ এইৰো কিবা জ্বৰ-জ্বৰ ভাৱ এটা হৈ থকা বাবে টেবলেট দুটামান লওঁ বুলি সোমালোঁঁ৷

তেনেতে বুঢ়াই ইমৰাণৰ ফালে চাই মাত লগালে,

: বস্তু গোটেইখিনিয়ে পাব৷ কিন্তু ‘কণ্ডম’ কি ফ্লেৱাৰৰ দিম?

বুঢ়াৰ কথা শুনি একো নলোৱাকৈ দুয়ো তাৰ পৰা ওলাই যি লৰ দিলে, এতিয়াও সিহঁতৰ বেমাৰ হ’লে ঔষধ ল’বলৈ কোনো ফাৰ্মাচীতে নুসুমাই৷

☆ ★ ☆ ★ ☆

5 Comments

  • হেমন্ত কাকতি৷

    মানুহ মাৰি দিবা হে৷

    হেটচ অফ!

    Reply
  • anjan sadhanidar

    সচাকৈয়ে দেই৷ লিখিছা কিন্তুু ৷

    Reply
  • Chandana Das

    বঢ়িয়া

    Reply
  • ৰাজু কুমাৰ নাথ

    বঢ়িয়া ।

    Reply
  • গায়ত্ৰী গোস্বামী অধ্যাপক

    মজা

    Reply

Leave a Reply

Your email address will not be published.