ফটাঢোল

এণ্টি-ক্লাইমেক্স- ঈশান জ্যোতি বৰা

‘এইই পৰিল’-

পদূলিটোৰ সোঁফালে গাতে লাগি থকা নিমজোপাৰ তলৰ পৰা যেতিয়া বীৰবলৰ বেসুৰা অথচ সুতীক্ষ্ণ চিঞৰটো আহি মোৰ তাপ মাৰি থকা সোঁকাণখন চুলেহি, বিচনাৰ পৰা মই বান্দৰটোৰ দৰে জঁপিয়াই কপাল কুঞ্চিত কৰি কিছুপৰ তভক মাৰি ভাবিবলৈ বাধ্য হ’লোঁ- এই অসময়ত বীৰবলৰ সমুখত এনে কি ৰকমৰ বস্তু পৰিব পাৰে-যি সম্পৰ্কে বাৰ্তা দিবলৈ সি ইমান জোৰেৰে ‘এইই পৰিল’ বুলি টেঁটু ফালিবলগীয়া হ’ল! চিন্তা আৰু চিন্তনৰ জালত আবদ্ধ হৈ মই ততালিকে সদ্যসমাপ্ত অতীতলৈ উভতি গ’লোঁ আৰু বীৰবলৰ চিঞৰটোৰ মাজত সোমাই থকা শব্দ-প্ৰাবল্য তথা অসামঞ্জস্য তৰংগটো আকৌ এবাৰ অন্তৰ্দৃষ্টিৰে সৈতে শুনিবলৈ চেষ্টা কৰিলোঁ৷ সুখৰ কথা, খুব কম সময়ৰ ভিতৰতে পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত মোৰ চিন্তাৰ জগতখনে প্ৰথমটো অনুমানৰ সৃষ্টি কৰিলে৷ অৱশ্যে এইটো তেনেই এটা সৰ্বপৰিচিত আৰু সাধাৰণ অনুমান। মৌলিকত্বৰ কোনো চিন-মোকাম নাই৷ অনুমানটো ঠিক এনেকুৱা– বোধহয় চাইকেল বা মটৰচাইকেল চলাই গৈ থকা অৱস্থাত কোনোবা এটা হামখুৰি খাই বীৰবলৰ সমুখতে ‘পৰিল’, চাগে ছাল-তাল সামান্য ছিগিল, আৰু সেই অনাকাংক্ষিত দুৰ্ঘটনাৰ আকস্মিকতাতে হতচকিত হৈ বীৰবলে এই আহুকলীয়া ‘এইই পৰিল’ চিঞৰটো মাৰিলে৷ অনুমানটোত সম্পূৰ্ণ নিশ্চিত হৈ মই মোৰ কোঠাটোৰ পৰা ওলাই আহিলোঁ আৰু নিমজোপাৰ তললৈ চাবলৈ ডিঙিটো মেলিলোঁ, কিন্তু দৃষ্টিৰ সীমাবদ্ধতা আৰু সমুখৰ লেঙলেঙকৈ ওখ বেৰখনৰ বাহিৰে একোকে মোৰ নজৰত নপৰিল৷ নজৰত পৰিল নিমজোপাতকৈ ওখ সমুখৰ ঘৰটোৰ বেলকনিত হাঁহি-হাঁহি কথা পতাত মগন শ্ৰীধৰ চলিহাহে; যাৰ পৰিৱৰ্তনহীন আৰু ভাৱলেশশূন্য অভিব্যক্তিয়ে ‘কনফাৰ্ম’ কৰি দিলে যে নিমৰ তলত নাইবা ৰাস্তাৰ ওপৰত কোনোধৰণৰ দুৰ্ঘটনা সেইমুহূৰ্তত হোৱা নাই। সব ‘নৰ্মেল’৷ শ্ৰীধৰ চলিহা অত্যন্ত এজন মানৱপ্ৰেমী মানুহ। এজন সক্ৰিয় সমাজকৰ্মী৷ গতিকে তেওঁৰ সমুখতেই কোনোবা এটা মানৱ উজুটি খাই পৰিব-আৰু তেওঁ হাঁহি-হাঁহি ফোনত কথা পাতি থাকিব৷ নাই, সেইটো হ’ব নোৱাৰে৷ গতিকে মোৰ প্ৰথমটো অনুমানৰ সত্যতা ‘ফুটুকাৰ ফেন’ত পৰিণত হ’ল৷ ‘টোটেল ফেইলিয়ৰ৷’

প্ৰথমটো অনুমান ‘ফেইলিয়ৰ’ প্ৰতিপন্ন হ’ল যদিও এইটো ব্যৰ্থতাৰ দ্বাৰা প্ৰৰোচিত হৈয়েই মই পৰৱৰ্তী পদক্ষেপ হিচাপে বহল-দীঘল চোতালখনৰ ওপৰেৰে কেইটামান খোজ কাঢ়িলোঁ-পদূলিৰ দিশে৷ আনন্দৰ কথা, তিনিটামান খোজ দিওঁতেই ‘পৰিল’ সম্বন্ধে পুনৰ এক নতুন সম্ভাৱনাই মূৰত বাহৰ পাতিলে, যাৰ পোনপটীয়া সম্বন্ধ আছে প্ৰেম অথবা ভালপোৱাৰ লগত৷ বীৰবল বন্ধু-মহলত খুবেই জনপ্ৰিয়৷ কথা-চহকী বুলিও তাৰ উপনাম এটাও আছে৷ বোধহয়, কোনোবা কেইজনমান বন্ধুৰ লগত পদূলিটোতে কিবা-কিবি ধেমেলীয়া ভাৱৰ আদান-প্ৰদান কৰি থাকোঁতে কথাৰ ফাঁকত ওলাল যে সিহঁতৰে মাজৰ কোনোবা এটা নতুনকৈ প্ৰেমত পৰিছে৷ চাৰি-চকুৰ মিলন হৈছে; হয়তো ওচৰে-পাজৰৰে কোনোবা মৰমলগা ছোৱালী নাইবা অধ্যয়নপিপাসু কলেজীয়া গাভৰুৰ লগত৷ সিহঁতহালৰ সেই ৰোমাণ্টিক সংযোগৰ অপ্ৰত্যাশিত বাতৰিটোকে সানন্দেৰে অথচ শংকাপূৰ্ণ দৃঢ়তাৰে প্ৰকাশ কৰিবলৈ গৈ বীৰবলে এটা উচ্ছাসপূৰ্ণ চিঞৰ মাৰিছে- ‘এইই পৰিল’-বুলি। হ’ব পাৰে৷ হ’ব পাৰে৷ কিন্তু ঘটনাটো হ’ল, মই খোজ কাঢ়ি-কাঢ়ি ভাবিবলৈ লাগিলোঁ- ‘এনেকুৱা ধৰণৰ ডেকা-ডেকেৰীৰ মেলবোৰত এটা মেলুৱৈয়ে কিবা এটা আৱিস্কাৰ কৰি মৰা চিঞৰ এটাক লগেলগে সমৰ্থন কৰিবলৈ বাকীকেইটায়েও প্ৰচণ্ড জোৰেৰে চিঞৰ একোটা মাৰে আৰু মুহূৰ্তৰ ভিতৰতে ঠাইকণত শব্দ-প্ৰদূষণৰ মজলীয়া প্ৰভাৱ এটাই মূৰ দাঙি উঠে৷ পিচে বীৰবলে মৰা চিঞৰটোৰ পিছত ঠাইখিনিত আছিল কেৱল ‘পিনড্ৰপ ছাইলেন্স’৷ নাই কোনো সমৰ্থনকাৰী হৈ-হাল্লা, অথবা অসংযত কোৰ্হাল৷ অনুমানবিৰোধী বৈসাদৃশ্যৰ এই নিদাৰুণ বাস্তৱিকতাই মোৰ শেহতীয়া চিন্তাটোত বৰ বেয়াকৈ আউল লগাই দিলে আৰু দুই নম্বৰ অনুমানটোক জোকাৰি দূৰৈৰ খাল এটালৈ নিক্ষেপ কৰিবলৈ বাধ্য কৰালে৷ কি যে বিড়ম্বনা!

নিয়তিৰ চমক চাওক৷ পিছমুহূৰ্ততে মোৰ মনোজগতলৈ তৃতীয়টো নতুন অনুমানৰ আগমন ঘটিল- যাৰ ৰূপটো হ’লগৈ ঠিক এনেকুৱা, অসমৰ এজন অহৌবলিয়া টেঙৰ ‘ফাল্টু মানুহ’ক অতি সোনকালে হাৱাই চেন্দেলেৰে চৰিয়াম বুলি নতুন প্ৰজন্মৰ ডেকা এটাই ভৱিষ্যৎ-বাণী কৰি থৈছিল। আৰু তাৰ অভিন্ন বন্ধু এজনে সেই প্ৰলয়ংকাৰী দৃশ্যটো অসম্পাদিত ৰূপত ছ’ছিয়েল মিডিয়াত লাইভ কৰিম বুলি ঘোষণা কৰি থৈছিল৷ বোধহয় অসমৰ ইতিহাসৰ সবাতোকৈ চাঞ্চল্যকৰ ঘটনাটোৰ অলপ আগতে ‘লাইভ’ হৈ গ’ল আৰু নিজৰ প্ৰতিশ্ৰুতি ৰাখি ‘নতুন পুৰুষ’জনাই সেই ‘ফাল্টু মানুহ’জনৰ আহল-বহল গালখনত এটা কালজয়ী চৰ শোধাই দিলে৷ বৌদ্ধিক সন্ত্ৰাসবাদৰ তীব্ৰ বিৰোধী বীৰবলে এই উত্তেজনাপূৰ্ণ ঘটনাটোলৈ সৌ সিদিনাৰ পৰাই সাগ্ৰহেৰে বাট চাই আছিল আৰু এতিয়া মনৰ আকাংক্ষা বাস্তৱায়িত হোৱা দেখি সি মহা ৰং পালে৷ বোধহয় আনন্দৰ আতিশয্যাত সি ‘ফাল্টু মানুহ’জনৰ গালত ‘পৰা’ চৰটোকে ‘এইই পৰিল’ শব্দেৰে সমৰ্থন জনাই নিজৰ কণ্ঠনলীৰে কল্পনাতীত জোৰেৰে তাক প্ৰকাশ কৰিছে। পৰিল৷ মানে, বেটাৰ গালত চৰটো ‘পৰিল’৷ ইয়েছ! ইয়েছ! এইটোৱেই সমগ্ৰ ‘পৰিল-কেন্দ্ৰিক ঘটনা’ৰ উৎকৃষ্ট সম্ভাৱনা৷ মোৰ শৰীৰৰ মাজেৰে উত্তেজনা আৰু উন্মাদনাৰ চেঁচা বতাহ এছাতি বৈ গ’ল৷ এটা বিয়াগোম সাঁথৰ মাত্ৰ কেইটিমান ছেকেণ্ডৰ ভিতৰতে শেষ কৰিলোঁ৷ অনুমানটোৰ শুদ্ধতাক সমৰ্থন কৰিবলৈ মোৰ ওচৰত আন বহুতো অযুক্তিকৰ অনুমান আছিল  যিবোৰক বিভিন্ন উপায়েৰে খণ্ডন কৰিলোঁ৷ যেনে-(১) চাহত মাখি ‘পৰিবলৈ’ বীৰবলে চাহ নাখায়, (২)প্ৰকৃতিসৃষ্ট বজ্ৰ ‘পৰিবলৈ’ আকাশ এতিয়া গোমা নহয়, (৩) এমাহমানৰ পৰা বৰষুণৰ ক্ষুদ্ৰাকৃতিৰ টোপাল এটাও মাটিত আহি ‘পৰা’ নাই, (৪) সিপিনে আমাৰ শান্তিপ্ৰিয় চুবুৰিটোত কোনো সন্তানৰ পিঠিত আজিলৈকে অভিভাৱকৰ ফালৰ পৰা ঔ-কিল, চৰ-ঘোঁচা, লাঠি আদি ইমান জোৰকৈ ‘পৰা’ নাই যে বীৰবলে দেখিব বা শুনিব- আৰু দেখি-শুনি ‘পৰিল’ বুলি চিঞৰটো মাৰিব৷ মোৰ ভাৱ দৃঢ় হ’ল- হয়, ঠিকেই৷ বেটাৰ গালত আজি জোৰদাৰ চৰ এটা পৰিল।

‘কি পৰিল?’-সম্ভাৱনাৰ সত্যতা জানিবলৈ এসময়ত বীৰবলৰ ওচৰত উপস্থিত হৈ সুধিলোঁগৈ৷ মনটো উগুল-থুগুল, উৎকণ্ঠিত, উত্তেজিত। কি বা কয় বীৰবলে!

‘নক’বি আৰু’! বীৰবলে প্ৰথমতে কিঞ্চিত আশ্বৰ্য প্ৰদৰ্শন কৰি পিছমুহূৰ্ততে সতেজ কণ্ঠ এটাৰে ক’বলৈ ধৰিলে-

‘এই অথনিৰেপৰা সেই ভেকুলীটোৱে.. দেখিছনে?’ -নিমজোপাৰ গুৰিত থকা নোদোকা ভেকুলীটোলৈ দেখুৱাই বীৰবলে পুনৰ ক’লে- ‘..ভেকুলীটোৱে মাখি এটা খাবলৈ জঁপিয়াই আছিল৷ পিছে মাখিটোৰ সমুখত সি গৈ নপৰেহে নপৰে, নপৰেহে নপৰে৷ জিভাখন মেলি খাবলৈ ল’লেই বাৰে বাৰে মাখিটো উৰি যায়৷ চল্লিশবাৰমান ট্ৰাই কৰাৰ পিছত এইবাৰ যেনিবা মাখিটোৰ নিচেই সমুখত ভেকুলীটো গৈ ‘পৰিল’৷ আৰু ভোকাতুৰ ভেকুলীটোৱেও সময় নষ্ট নকৰি তাক টপকৈ গিলি থ’লে৷’

‘অঁ, সেইকাৰণেহে তই ‘এইই পৰিল’ বুলি চিঞৰিলি?’- মোক নিজকে পৃথিৱীৰ সৰ্বনিকৃষ্ট অলৰ্গদ্ধৰ দৰে লাগিল ৷

‘অঁ’ সেইকাৰণেই৷ তইনো কি বুলি ভাবিছিলি?’- বীৰবলে মোৰ চকুলৈ সামান্য উৎসুকতাৰে চালে।

‘মইনো কি ভাবিম!’ –মাখিটো খাই পেটগেৰেলা হৈ থকা ভেকুলীটোলৈ চাই চাই মই ক’লোঁ- ‘ময়ো তাকেই ভাবিছিলোঁ বীৰবল৷’

☆ ★ ☆ ★ ☆

6 Comments

  • HEMANTA KAKATI

    এণ্টি ক্লাইমেক্সৰ বাপেক দেখোন! এনেকে পৰীটো কোনোপধ্যেই মানি লব পৰা নাই৷ বিশাল কিবা এটা নপৰিলে নহব৷ আকৌৌ ভাবিবা, হেভী কিবা এটাই হব লাগে৷

    তামাম পেলালা ঈশান!

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    এইটো পৰিল ভালকৈ৷

    Reply
  • Bornali S mudoi

    ভাল লাগিল,, এন্টি ক্লাইমেক্স👌

    Reply
  • rintumoni dutta

    বঢ়িয়া লাগিল ঈশান, তামাম পৰিল এইটো

    Reply
  • Sadananda Bhuyan

    মজা লাগিল

    Reply
  • নীলাক্ষি দেৱী ডেকা

    মই গছৰপৰা কঠাল পৰা বুলি ভাবি আছিলোঁ। 😀😀
    প্ৰতিবাৰৰ দৰেই অতীৱ সুন্দৰ ব্যঙ্গ। ভাল লাগিল বহুত।

    Reply

Leave a Reply

Your email address will not be published.