ফটাঢোল

এদিন বামুণৰ, এদিন বহুৱাৰ – পৰী পাৰবীন

ঠাণ্ডা দিনকেইটাত ৰাতি দেৰিলৈকে ফেচবুক কৰি, ৰাতিপুৱা আঠটালৈকে বিচনাত লেলাই গেঁথাই পৰি থাকি দহবজাত অফিচ পোৱাটো কিমান কষ্টৰ কথা সকলোৱে জানে । ৰাতিপুৱা দুঘণ্টা মানে যুদ্ধৰ আখৰা। কোনেও কালৈকো চাবলৈ সময় নাই। টিফিন,ব্ৰেকফাষ্ট, পানীৰ মেশ্বিন, ৱাছিং মেশ্বিন সমানে সমানে চলাই থাকোতে দশভূজাৰ হাতকেইখন যেনিবা লগ লাগেহি । পিছে কি হ’ব, ইমানবোৰ হাত থাকোতেও পাহৰা মগজুটোৰ কাৰণে কেতিয়াবা পানীৰ মেচিনটোকে অন কৰি গুছি যাওঁ, কোনোবাদিনা আগফালে দুৱাৰ দাং, পিছফালে ধোবাংবাং হৈ থাকে, কেতিয়াবা গে’টেৰে ভিতৰ সোমাই ওলাব নোৱাৰি বাহিৰৰ ছাগলীয়ে দিনটো বেবাই থাকে। ওচৰ চুবুৰীয়াই খবৰ দিলেহে গ’ম পাওঁ ।

সিদিনা কি হ’ল শুনক। ৰাতিপুৱাৰ যুদ্ধখন সামৰি দুই তিনিটামান তলাৰে সৈতে ঘৰটোক বিদায় দি গাড়ীত বহিছো, ষ্টিয়েৰিং তেওঁৰ হাতত… তেওঁ ৰাস্তাত নামি যাব, মই নিজৰ অফিচলৈ গাড়ী লৈ যাম, সদায়ৰ দৰেই তেনে বন্দৱস্ত। যিয়েই নহওক, ঘৰৰ পৰা ১ কি:মি: মান পাৰ হোৱাৰ পাছত মনত পৰিল, মই কাণফুলিযোৰ পিন্ধা নাই।

“হৌৰা শুনিছা”
“কি হ’ল আকৌ?”
“কাণফুলিযোৰ পিন্ধিবলৈ পাহৰিলো ।”
তেওঁ পাত্তা নিদিলে । কিনো ডাঙৰ কথা হ’ল এনে ভাৱত গাড়ীৰ স্পীড বঢ়ালে । ইফালে মোৰ কন্দনামুৱা মুখ ।
“অ’ শুনিছা, ঘৰলৈ গাড়ীখন ঘূৰাই দিয়া । মই কাণফুলিযোৰ পিন্ধি আহো”
“ধুৰ ! চুলিখিনি মেলি লোৱা”
” প্লিজ, প্লিজ ঘৰলৈ ব’লা, নহ’লে ইয়াতে মোক নীলা কাণফুলি এযোৰ কিনি দিয়া । (নীলা মানে কাপোৰৰ লগত মিলাই মিলাই আক’)

নাই । পতিদেৱ নগলিল । কাণফুলি নোহোৱাকৈ দিনটো পাৰ হ’ল ।

আৰু আজি ? আজি ৰাতিপুৱাও একেই ৰুটিন । যুদ্ধৰ আখৰা । কাণফুলিযোৰ ? নাই নাই । কাণফুলি পাহৰা নাই মই । আজি গাড়ীৰ ষ্টিয়েৰিং মোৰ হাতত । ঘৰৰ পৰা ১ কি:মি: অহাৰ পাছত তেওঁ ফোনটো খেপিয়ালে । বিচাৰি পোৱা নাই চাগৈ ফোনটো । উচপিচনি বাঢ়ি গৈছে তেওঁৰ ।

“হৌৰা শুনিছা।”
শুনা নাই মই । মানে নুশুনো মই ।
“গাড়ীখন ঘূৰোৱা ঘৰলৈ । মোবাইলটো পাহৰি আহিলো মই।”

কথাবোৰ কেতিয়াবা, কেতিয়াবা মই নুশুনো । আজিও নুশুনিলো, কি বা কৈ আছিল, কাবৌ কাকলি কৰিছিলনেকি, কেনেকৈনো শুনো, ষ্টিয়েৰিঙত যে মোৰ হাত আৰু কাণত লতাজীৰ অমাতৰ মাত ।

(মেৰে চাথ পাংগা লেতা হে য়্যাৰ!)

☆★☆★☆

7 Comments

Leave a Reply

Your email address will not be published.