ফটাঢোল

এনেই যা তা -অমিতাভ মহন্ত

– দাদা, দাদা! !
– কি হ’ল? ?
– মোক বচাওক দাদা৷
– এক মিনিট৷ আজি আমাক নতুন ইউনিফৰ্ম দিছে৷ আগতে চেলফী এখন মাৰি লওঁ৷
– দাদা, সেইবোৰ পিছত কৰিব৷ পলম কৰিলে মই মৰি যাম৷
– আগতে মোৰ হাতখন এৰক হে৷ হাতখন বন্ধ কৰি ৰাখিলে কেনেকৈ বচাম৷
– অহ, চ’ৰী চ’ৰী৷ দুখ পাইছে?
– অলপ টানিছে৷ ষ্টিল ইট্ ইজ অ’কে৷ কওঁক এতিয়া৷
– মোক বচাওক প্লিজ৷
– চাওক এটা কথা আগতেই ক্লিয়াৰ কৰি দিওঁ৷ বচোৱা কামটো নৰমেলী পুলিচ আৰু ডাক্তৰৰ৷ মই ট্ৰেফিক পুলিচহে, তাতে আজি নতুন ইউনিফৰ্ম পিন্ধি নিজকে এয়াৰফোৰ্চ অফিচাৰ যেন লাগি আছে৷ কিমান বচাব পাৰিম নাজানে দেই৷
– ডাক্তৰৰ দ্বাৰা নহ’ব দাদা৷ আপুনিয়েই বচাব লাগিব৷ সেই হাৰামজাদাৰ বাবে আজি মোৰ এই অৱস্থা৷
– কোন? সেই ডাঢ়িৱালাটো?
– অ’৷
– ৰহ আজি তাক৷ সি ইমান বাজে মেকআপ কিয় কৰিছে? মই আপোনালোক দুয়োকে যাত্ৰাপাৰ্টীৰ অভিনেতা বুলি ভাবিছিলোঁ৷ আপুনি নায়িকা, সি বেটা চাইড্ ৰোল৷
– এইবোৰ কি কৈ আছে আজি৷ মোক বচাওক আগতে৷
– সি আপোনাক জোকাইছে নহয় জানো? লকআপত নি দুই কোব দিলেই ঠিক লাগি যাব৷ চিন্তা নকৰিব৷
– নাই নাই, তেনেকুৱা একো কৰা নাই৷
– তেন্তে? বাৰু যিয়েই নহওক, মই আপোনাৰ ৰিপৰ্টটো লৈ লওঁ৷ আপোনাৰ নাম?
– সীতা৷
– সীতা কি?
– অনলি সীতা৷
– আচ্ছা উপাধি নিলিখে?
– নিলিখো৷
– পতিৰ নাম?
– ৰামচন্দ্ৰ৷
– ৱাহ৷ একেবাৰে ৰামায়ণৰ জোৰা! এতিয়া কওক কি হৈছে৷ কি কৰিছে সেই মানুহটোৱে?
– তেনে বিশেষ একো কৰা নাই৷ মোক বিশ্বাসঘাটকতা কৰি এইদম বেয়া ঠাই এডোখৰত লৈ আহিছে৷
– আপোনাক ঘৰ ক’ত?
– অযোধ্যা৷
– কি? ধেমালি পাইছে এই দুপৰীয়াখন?
– দাদা শুনক৷ মই জনকৰজাৰ ছোৱালী৷ মিছা মই নকওঁ৷ এইটো ইউনিভাৰ্ছেলী জানে সকলোৱে৷
– ধেত্ তেৰী৷ কি অদ্ভুত কামোৰ বে৷ আপুনি সীতা? মৰ্যাদা পুৰোষত্তম ৰামৰ পত্নী?
– হয়৷
– ৰামৰ পত্নী যদি এই দুপৰীয়া পল্টনবজাৰত কি কৰিছে? ৰাজপ্ৰসাদত নাথাকেগৈ কিয়?
– ৰাজপ্ৰসাদত থাকিব দিয়ক ভালকৈ৷
– কিয়, কি হ’লনো?
– লঙ্কাত আছিলোঁ, জানেই চাগে৷
– জানো৷
– তাৰপৰা এখেতে মোক লৈ আহিলে৷ অহাৰ পিছত আপোনালোকৰ ইয়াৰে কেজু জাতীয় দুজনমানে মোৰ চাৰ্টিফিকেট খুজিলে৷ আমাৰ সেইফালে আকৌ চাৰ্টিফিকেট পাবলৈ টেষ্ট দিব লাগে৷ ইয়াৰ ইউনিভাৰ্চিটী কিছুমানৰ দৰে নহয়৷
– তাৰ পিছত?
– তাৰ পিছত আৰু কি? অগ্নিক মাতি পঠিয়ালোঁ৷ সৌ যে ডাঢ়িৱালাটো, সিয়েই অগ্নিদেৱতা৷
– ঔ মাই গ’ড!
– অগ্নিয়ে জানিছিল গোটেই কেইচটো৷ মোৰ যে দোষ নাই তাকো জানে৷ মোক সেয়ে ভিতৰুৱাকৈ ক’লে যে আৰামত পৰীক্ষা ক্লীয়েৰ কৰাই দিব৷
– তাৰ পিছত?
– তাৰ পিছত আৰু কি৷ অযোধ্যাৰ পৰা চেকেণ্ড ক্লাছ শ্লীপাৰত আনি এই মৰ গৰমত পল্টন বজাৰত নমাই দিছে৷
– কিন্তু কিয়?
– এয়াই বোলে মোৰ অগ্নিপৰীক্ষা দাদা৷ মোৰ দোষ থাকিলে দিল্লী নিলেহেঁতেন বোলে৷ স্বামীয়ে চিম্পলী অগ্নিপৰীক্ষাৰ কথা কৈছিল দাদা, ইমান কষ্টৰ কথা কোৱা নাছিল৷ ই বেটাই মাজতে গেইম খেলি দিলে৷ বচাওঁক দাদা৷
– মই কি কৰিম? নিজেই দেখোন ইয়াত ডিউটী দি আছো৷
– আজিকালি বোলে শ্বিলঙলৈ উবেৰ চলে৷ পাৰে যদি এখন উবেৰকে বুক কৰি দিয়ক৷ আয়ৌ গৰম! !■■

One comment

  • গীতালি

    সুন্দৰ, বৰ ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.