ফটাঢোল

এপইণ্টমেণ্ট – কুমাৰিকা তালুকদাৰ

জনপ্ৰিয় গীতৰ কলি এটি গুণ-গুণাই অলিয়ে তাইৰ প্ৰিয় সাঁজ এযোৰ পিন্ধি ল’লে৷ মনটো বৰ ভাল লাগি আছে তাইৰ৷ কোনে কয় ‘ফেচবুক’ বেয়া বুলি! এই ফেচবুকৰ বাবেইতো আজি তাই, তাইৰ নলে-গলে লগা বান্ধৱী মেঘাক ঘূৰাই পাইছে৷ মেঘালী আৰু তাইৰ বন্ধুত্বক এটা সময়ত মানুহে আৰ্হি হিচাপে লৈছিল৷  সিহঁত নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই, মেঘালীৰ দেউতাক চাকৰি সংক্ৰান্তত আন ঠাইলৈ বদলি হৈ যোৱাৰে পৰা দুয়োজনী প্ৰায় বিচিন্ন হৈ পৰিছিল৷ সেই সময়ত দুয়োৰে অৱস্থা দুখ লগা হৈ পৰিছিল৷ ক্লাছত মন নবহা হৈছিল অলিৰ৷

তেনেকৈয়ে বহু বছৰ বাগৰিল৷ সময়ৰ সোঁতত অলি আনৰ ঘৰৰ লখিমী হ’লগৈ৷ হ’লেও মেঘালীক লগ পোৱাৰ হেঁপাহ কোনোদিনে কমা নাছিল তাইৰ৷ এটা সময়ত হাতে-হাতে মবাইল ফোনৰ ব্যৱহাৰে, পৃথিৱীখন একেবাৰে ওচৰ চপাই আনিলে৷ অলিয়েও তাৰ সদ -ব্যৱহাৰ কৰি হেৰুৱা বান্ধৱীক ঘূৰাই পালে৷ অলিয়ে বাৰ্তা বাকচতে ঠিকনা আৰু ফোনৰ নম্বৰ লৈ গুৱাহাটীলৈ গ’লে, বান্ধৱীক লগ কৰাাৰ প্ৰতিশ্ৰুতি দিলে৷

সেই প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবেই অফিচৰ কামত গুৱাহাটীলৈ অহা মানুহজনৰ লগত, অলিও কণমানিজনীৰে সৈতে আহি গুৱাহাটী পালেহি৷ তাইৰ মুখত মেঘালীৰ কথা শুনি শুনি মানুহজনৰো হয়তো বেয়া লাগিছিল৷ সেয়ে একাষাৰতে তাইকো লগতে লৈ আহিল এইবাৰ৷

কলিংবেলৰ বুটামটো টিপি অলি সপৰিয়ালে প্ৰাসাদোপম ঘৰটোৰ দুৱাৰমুখত ঠিয় হৈ থাকিল৷ মন তাইৰ যথেষ্ট উগুল-থুগুল৷ মেঘাজনী বাৰু আগৰ দৰেই হৈ আছেনে, তাইক দেখি চিনি পাবনে, সাৱতি ধৰিব চাগে তাইক আদি বিভিন্ন প্ৰশ্নই অলিক জুমুৰি দি ধৰিছে সেই সময়ত! মেঘালীক চাৰপ্ৰাইজ দিবৰ বাবেই কোনো আগজাননী নিদিয়াকৈ তাই আহি সেইখিনি পাইছেহি৷

এজনী গাভৰু ছোৱালীয়ে দুৱাৰখন সামান্য খুলি কাক লাগে সুধিলে৷

: ঘৰৰ মালিকনীক৷

উৎসাহেৰে ক’লে অলিয়ে৷

: অলপ ৰ’ব লাগিব৷ বাইদেৱে এতিয়া ৰেষ্ট লৈছে৷

কৈয়ে ভিতৰলৈ সোমাই গ’ল ছোৱালীজনী৷

: কি অভদ্ৰ, বহিবলৈও নক’লে, তই কি বুজিবি আমাৰ সম্পৰ্ক!

অলিয়ে অপ্ৰস্তুত অনভুৱ কৰিলে মানুহজনৰ ওচৰত৷

কিছুসময়ৰ পাছত ভিতৰৰপৰা ফ্ৰক পিন্ধা ছোৱালী এজনী ওলাই আহিল৷ প্ৰথমে অলিয়ে ধৰিবই পৰা নাছিল৷

: কাক বিচাৰিছে?

বুলি সুধাতহে মাতটো শুনি অলিয়ে চিঞৰি উঠিল,

: মেঘা তই ….!

মেঘালীয়েও হ’য়টো অলিক চিনি পাইছিল৷ অলিয়ে নিজেই আগবাঢ়ি গৈ মেঘালীক সাৱতি ধৰিলে৷

অলিয়ে ভবাৰদৰে কিন্তু মেঘালী উত্ৰাৱল হৈ নপৰিল৷

: তই বহুত বেলেগ হৈ গলি দেই অলি৷ আগৰ চেহেৰা একেবাৰেই নাই৷ এনেকৈ ফোন নকৰাকৈ হঠাৎ আহি ওলালিহি যে? গুৱাহাটীত মানুহৰ ঘৰলৈ এনেকৈ কোনো নাহে৷ খবৰ এটা দিব লাগিছিল তই৷

মেঘালীৰ কথাত অলি জয় পৰি গ’ল৷

: তোক লগ কৰাৰ হেঁপাহত, ভাবিবলৈকে নহ’ল অ’! অসুবিধা হয় যদি আন এদিন আহিম নহ’লে৷ আমি এনেয়ে আহিছিলো আজি৷

বুলি অলিয়ে মানুহজৰ মুখলৈ চালে৷ বুকুখন বিষাই যোৱা যেন লাগিল তাইৰ৷

: নাই নাই আহ ভিতৰলৈ, ইমান কষ্ট কৰি আহি মোক নাপালে বেয়া লাগিলহেঁতেন৷ সেয়ে মই তেনেকৈ কৈছোঁ৷

: হ’ব দে, তোক এবাৰ লগ পোৱাৰ আনন্দতে আজি এনেদৰে আহিলোঁ৷ অহাবাৰ বাৰু আমি আগতীয়াকৈ ‘এপইণ্টমেণ্ট’ লৈয়েই আহিম!

হায়ৰে চহৰীয়া অভিজাত্য! বুকুৰে উজাই অহা দুখখিনি, বলেৰে হেঁচামাৰি অলি ওচৰতে থকা চকীখনত বহি পৰিল!

☆ ★ ☆ ★ ☆

One comment

  • ডলী তালুকদাৰ

    বৰ ধুনীয়াকৈ লিখিলে

    Reply

Leave a Reply

Your email address will not be published.