ফটাঢোল

এফ আৰ পিৰ যুঁজ – ৰঞ্জিত কুমাৰ শৰ্মা

(এদিন হয়তো এনে দিন আহিব যে বৰ্তমানৰ টি ভি চেনেলৰ টি আৰ পিৰ যুঁজৰ দৰে ফে’চবুক গোটৰ এফ আৰ পিৰো যুঁজ হ’ব!)

এখন ৰুদ্ধদ্বাৰ বৈঠক বহিছে৷ এখন ডিম্বাকৃতি মেজৰ চাৰিওফালে কেইগৰাকীমান মনুষ্য বহিছে৷ পুৰুষ-মহিলা, বৰলা-যুৱতীসহ দহগৰাকীমান হ’ব৷ বাকীবোৰ চকীতকৈ অলপ ওখ চকীখনত চি এম ডিজন বহিছে৷ তেওঁৰ কাষত হেড এডমিনজন বহিছে৷ বাকী চকীকেইখনত এডমিন আৰু মডাৰেটৰসকল বহিছে৷ অ’, সকলোৱে বহিলে যদিও আচল কথাটো কোৱাই নাই৷ আপোনালোকে হয়তো ভাবিছে, কাৰ বৈঠক সেইটোকেই নোকোৱাকৈ কি বকলা মেলি আছোঁ, নহয়নে? কৈছোঁ কৈছোঁ৷ ধৈৰ্যৰ ফল মিঠা৷ ধৈৰ্য ধৰক৷ অসমীয়া নিউজ চেনেলৰ এংকৰে জাপি দিয়া উৎকণ্ঠা, কৌতূহল যদি গ্ৰহণ কৰিব পাৰে, তেন্তে অমুকাই আগবঢ়োৱা ধৈৰ্যৰ পৰীক্ষাত কিয় বহিব নোৱাৰিব? পাৰিব পাৰিব৷ পাৰিব লাগিব! বাৰু কৈয়েই দিছোঁ৷ নাচনীসকলে ”যা এইডাল’’ বুলি আৰু ঢুলীয়াসকলে ”এইটোৱেই আজি দিনতে ধৰিলে নেকি ঐ’’ বুলি গালি দিয়াৰ পূৰ্বেই কৈছোঁ ৰ’ব৷ ”তাতকৈ বিজয় মহন্তৰ ‘জ’ক’ পঢ়াই ভাল’’ বুলি পাঠকসকল আঁতৰি যোৱাৰ আগতেই কৈ দিয়াই ভাল হ’ব৷ কাৰণ খাপলাং কাইয়ে ”খাইছং আৰো টেনচনতে’’ বুলি কোৱাৰ দৰে যদি ফটাঢুলীয়াসকলে টেনচনতে দিনতে বৰষুণ দি দিয়ে? আৰু ফটা নাচনীসকলে যদি হাতৰ এনড্ৰইডটো বা আইফোনটো আফাল মাৰি দিয়ে? তেতিয়া কি হ’ব? সংসাৰৰ কাজিয়া ভাঙিবলৈ গৈ কিল খাবতো নোৱাৰি? গতিকে পোনে পোনে কৈ দিয়াই ভাল৷ এই যে জেঠ মাহত পতা ব’হাগী উৎসৱৰ ‘কালচাৰেল নাইট’ত পুৱতি নিশাহে আমন্ত্ৰিত কণ্ঠশিল্পীগৰাকীক মঞ্চত তুলি দিয়া হয়৷ আৰু উদ্যোক্তাৰ হৈ ঘোষকে যে অনুষ্ঠান আৰম্ভ হোৱাৰ পিছৰে পৰা কৈ থাকে– ”কিছুসময় পিছতে আপোনালোকৰ মাজলৈ উলিয়াই দিম আমাৰ সকলোৰে মৰমৰ-আদৰৰ, জনপ্ৰিয় শিল্পী…৷’’ মই তেনে ঘোষক নহয় দেই৷ মই পোনে পোনে কথা কোৱা লোক৷ সকলোবোৰ কৈয়েই দিওঁ তেন্তে৷ নে কি কয়?

মই ক’ত আছিলোঁ? অ’ মনত পৰিছে৷ কি ক’ত কিয় বিখ্যাত ক’ব লাগে নহয়নে? শুনক তেন্তে৷ মানে ৰুদ্ধদ্বাৰ বৈঠকখন আছিল ফটাখোল নামৰ ফে’চবুক গোট এটাৰ৷ এই গোটটোৰ অৰ্ধেক নাম ফটাঢোল নামৰ গোটটোৰ পৰা নকল কৰা৷ কৰিবই দিয়কচোন৷ ইয়াকে জ্বলন বুলি কয়৷ ‘ব্ৰেণ্ড’ এটাৰ অলপো যদি ছাঁ ল’ব পৰা যায় তেতিয়াহ’লে জনপ্ৰিয়তাই হওক বা এফ আৰ পিয়েই হওক বঢ়াৰ সম্ভাৱনা থাকে দিয়কচোন৷ কিন্তু তাৰ পিচত যে ব্ৰেণ্ডটোকে খোচ মৰাৰ অপচেষ্টা চলে সেইটোহে উদ্বেগজনক কথা৷ ফটাখোলৰো সেয়াই হৈছে৷

বৈঠকখনত সকলোৱে আসন গ্ৰহণ কৰাৰ পিছত প্ৰধান চকীখনত বহা চি এম ডিয়ে বাকী এডমিন আৰু মডাৰেটৰসকলক উদ্দেশ্যি ক’লে– ”কি হ’ল? এমাহে এফ আৰ পি ডাউন যে? কি কৰিছে আপোনালোকে? আ..ৰে, লকডাউন চলি আছে৷ এই সুযোগো আপোনালোকে ল’ব পৰা নাই নে?’’

লচ্‌পচী, সুন্দৰী, যুৱতী মডাৰেটৰ এজনীয়ে ”মানে ছাৰ, কথাটো হ’ল যে…”বুলি চি এম ডিৰ প্ৰশ্নৰ উত্তৰ দিব বিচাৰিছিল৷ কিন্তু লাভ নহ’ল৷ আনদিনা তাইক চি এম দিয়ে গুৰুত্ব দিলেও আজি পাত্তাই নিদিলে৷ যুৱতী মডাৰেটৰৰ ৰাংঢালী দেহভংগীমা আৰু হৰিণী নয়নৰ চমকত চি এম ডি ভোল নগ’ল৷

চি এম ডি — ”কি কথা থাকিব পাৰে? হেৰৌ, লকডাউনৰ সময়ত বিবাহিতা মহিলাসকলৰ বহুতেই বহু সময় উলিয়াব পাৰিছে৷ গিৰীয়েকবোৰ পাকঘৰত সোমাইছে৷ যুৱতীসকলে পাৰ্ক, ৰেষ্টুৰেণ্ট, মহাবিদ্যালয়, বিশ্ববিদ্যালয়লৈ যাব পৰা নাই৷ প্ৰেমিকাই প্ৰেমিকসকলক সাক্ষাৎ কৰি জেপ খালি কৰিব পৰা নাই৷ সকলোৱে ঘৰতে আছে৷ এই সময়তো যদি আমি নতুন সদস্য-সদস্যা গোটলৈ আনিব নোৱাৰো তেতিয়াহ’লে আনিম কেতিয়া?’’ চি এম ডিৰ এইষাৰ কথা সকলোৰে গাত লাগিলেও কিন্তু বৈঠকখনত থকা দুগৰাকী মহিলাই তলে তলে ভালেই পালে৷ ৰাংঢালীজনীলৈ দুবাৰমান কেঁ‌ৰাকৈ চাই দুইজনীয়ে মুখ টিপি টিপি হাঁহিলে৷ যেন কেনে মজা বুলি কৈয়েই দিব৷ তেনেতে এজন জ্যেষ্ঠ এডমিনে ক’লে– ”দুজনমান নতুনকৈ আহিছে৷’’

চি এম ডি–”দুজনমান আহিলে কি হ’ব? আৰু আপোনালোকে এফ আৰ পি দিব পৰা প’ষ্ট নিজেও দিব পৰা নাই, সদস্য-সদস্যাৰ পৰা লেখা আনিবও পৰা নাই৷ আপোনালোকে যি দুই-এটা প’ষ্ট দিছে তাতো লাইক-কমেণ্ট তেনেই নগণ্য। আমাৰ টাৰ্গেট কোন, আপোনালোকে জানেই! জানে নে নাজানে?”

হেড এডমিনক বাদ দি সকলোৱে একেলগে কৈ উঠিল–”জানো৷’’

চি এম ডি— ”কি?’’

বাকীবোৰ— ”ফটাঢোল৷’’

চি এম ডি– ”তেন্তে? জানেই যদি কি কৰি আছে? তাত কি হৈছে দেখা নাই? ‘ৰমেনদা’ৰ দৰে ধামাকা ‘কেৰেকটাৰ’ৰ সৃষ্টি কৰিছে৷ এটা পোৱালি ল’ৰাই কেৰেকটাৰটোক মান্যতা দিছে, অভিনন্দন পত্ৰ দি ৰমেনদাক সন্মানিত পৰ্যন্ত কৰিছে৷ ‘ৰমেনদা’ই এতিয়া এফ আৰ পি লুটি আছে৷’’

মডাৰেটৰ এগৰাকীৰ কথাটো সহ্য নহ’ল৷ তেওঁ মাত লগালে–”আচলতে ৰমেনদাক সন্মানিত কৰাজন বৰলা যদিও সেইজন পোৱালি নহয় ছাৰ৷ তেওঁ তলে পুতল, মানে বয়সত পুৰঠ৷’’

চি এম ডি– ”তাতে কি হ’ল? আপোনালোকেতো তেওঁক তেওঁলোকৰ তিতাবৰীয়া এডমিনজনৰ ৰান্ধনি বুলিহে কৈছিল৷ এতিয়া দেখিলে? আন এজন বৰলাৰ এৰেঞ্জ মেৰেজ কৰি এজনে ফালি দিলে৷ তাতো এফ আৰ পি৷ ‘দ্যা ফ্লাইট টু কাবুল’, ‘কাঠমাণ্ডু টাইগাৰ্ছ আৰু ৰাখী লিয়নি’, ‘ফটা প্ৰশ্ন’, ‘ফটা নিউজ’, ‘মুখামুখি’, ‘ফটা চিনেমা’, ‘পঞ্চপদী’, ‘কবিতাৰ মূলভাৱ ব্যাখ্যা’, ‘হৰেন-গোলাপীৰ লাভ লেটাৰ’, ‘ফটা এক্সপ্ৰেছ’, ‘মোৰ সপোন সাগৰৰ ইপাৰে’ আৰু কত কি? মাহেকত মেগাজিনখন আছেই৷ গতিকে তেওঁলোকৰ এফ আৰ পি নাবাঢ়ি কি আমাৰ বাঢ়িব নেকি?’’

চি এম ডিৰ কথা শুনি এডমিন এজনে কাষতে থকা মডাৰেটৰ এজনক কাণৰ ওচৰত ফুচফুচাই ক’লে– ”বুঢ়াই তাৰমানে আমাতকৈ প্ৰতিদ্বন্দ্বী গোটৰহে খবৰ বেছি ৰাখে৷’’

চি এম ডিৰ কথাখিনিৰ পিছতে কিছুসময় নিৰৱতা৷ কাৰো মুখত মাত নাই৷ এই সময়ৰ সদ্ব্যৱহাৰ কৰিলে হেড এডমিনে৷ চি এম ডিৰ চকুত নিজকে সক্ৰিয় দেখাবলৈ এই সুযোগ তেওঁ এৰি নিদিলে৷ এডমিন আৰু মডাৰেটৰসকলক উদ্দেশ্যি তেওঁ ক’লে– ”হয় হয়, আপোনালোকে চেষ্টা কৰক৷ সেইটো গোটৰ হাঁহকোঁৱৰ এডমিনজনক প্ৰয়োজন হ’লে সপ্তাহত এটাকৈ হাঁহ খুওৱাৰ লোভ দেখুৱাওক৷ টিকা চোঁচৰা হাঁহ এটা তেওঁক আগতে দেখুৱাই লৈ কথা পাতক৷ তেওঁক গোটটোৰ সকলোৱে বজায়৷ সেই কথাটোৰে তেওঁৰ কাণ ঘোলা কৰি দিয়ক৷ মুঠতে তেওঁক আমাৰ গোটলৈ অনাৰ চেষ্টা কৰক৷’’

সেইজনৰ আকৌ কিডাল এফ আৰ পি আছে বুলি এজনে প্ৰশ্ন কৰিব বিচাৰিছিল যদিও লগে লগে চি এম ডিয়ে মাত দিয়াত বপুৰাৰ মেলা মুখ মেলাই থাকিল৷

চি এম ডিয়ে ক’লে— ”সেইজনক বজালে কিমান কমেণ্ট আহে জানেনে? অ’ আৰু এটা কথা, গোটটোৰ কাকতি বোলা চিৰসেউজ পিতামহজনক বশ কৰক৷’’

লগে লগে এডমিন এজনে মাত দিলে— ”তেওঁ চিৰসেউজ নেকি?’’

চি এম ডি– ”আপোনালোকে একো খবৰ নাজানে হে৷ তেওঁৰ প্ৰফাইল খান্দক৷ জন্ম তাৰিখ পাব, চনটো নাপায়৷ গোটটোৰ ৰমণীসকলক সোধক৷ তেওঁলোকেই ক’ব মানুহজন চিৰসেউজ হয়নে নহয়৷’’

এজন যুৱ এডমিনে সুধিলে– ”তেন্তে তেওঁক কেনেকৈ বশ কৰা যাব?’’

চি এম ডি– ”তুমি এনেই জিমলৈ গৈ চেহেৰাটো বনাইছাহে৷ নাকটোও দেখোন ধনেশ পক্ষীৰ ঠোঁটৰ দৰে৷ হেৰৌ, পিতামহজনৰ খুলশালীজনীক পতাই-পুতাই ফটাখোললৈ লৈ আহা৷ তাৰ পিছত দেখিবা ভিনীহিয়েকেও আহি যাব৷ তাৰ পিছত আৰু চিন্তা কৰিব নালাগে, ফটাঢোলৰ নাচনীসকলৰো আমাৰ খোললৈ সোঁত বৈ থাকিব৷ চন্দ্ৰবিন্দু বিশেষজ্ঞৰ পৰা ৰিমঝিম ৰিমঝিম গান গোৱা গায়িকালৈকে, চিনেমাৰ পৰিচালিকাৰ পৰা শনিবৰীয়া হোষ্টলৈ, লাভ লেটাৰ লিখাগৰাকীৰ পৰা ফটা প্ৰশ্ন বুটোলালৈকে, কজলাজনীৰ পৰা বিউটি বিশেষজ্ঞলৈ সকলো আমাৰ খোললৈ আহি যাব৷ এইখিনি কৰিব নোৱাৰিলে তুমি কিহৰ ডেকা হে? এনেই চেহেৰাটো দেখুৱাই নিজকে হিৰো বুলি ভাবি থাকোতেই আঢ়ৈ কুৰি পাৰ হ’ব৷’’

বেচেৰা ডেকা এডমিন, সেইভাজেই নিটাল মাৰিলে৷

চি এম ডিয়ে এইবাৰ হেড এডমিনলৈ চাই ক’লে– ”গোসাইজনৰ দায়িত্ব আপুনিয়েই লওক বুজিছেনে৷ আৰু তালুকদাৰ, কলিতা, ভূঞাৰ সৈতেও পাৰে যদি কথা পাতক৷’’

এনেতে গোটটোত প্ৰেমৰ কবি ৰূপে পৰিচিত মডাৰেটৰজনীয়ে চি এম ডিক ভাল লগাবলৈকে ক’লে– ”ছাৰ কবিতাৰ নতুন অনুষ্ঠান এটাৰ কথা ভাবিছোঁ৷’’ মানুহজনীয়ে কথাটো কৈ খুজি কিল খোৱাৰ দৰেহে হ’লগৈ৷ চি এম ডিয়ে লগে লগে উত্তৰ দিলে– ”কবিতাৰ আৰু কি অনুষ্ঠান কৰিবহে? পাৰিলে ফটাঢোলৰ কবি দুই-চাৰিজনক হাত কৰক৷ কবি আহিলে কবিতাৰ মূল ভাৱ ব্যাখ্যা কৰা গুৰু-শিষ্যও আহি যাব৷ এনেই দাঁত ভঙা শব্দৰে কবিতা লিখি কিডাল কৰিব?’’

মৰসাহ কৰি কবি মডাৰেটৰে মাত দিলে– ”বান্ধৱী  নীলা ডেকাই কালি ক’লে বোলে যিজনৰ কবিতা বিশ্লেষণেৰে ভাস্ক মহাজনে কাললৈ খিয়াতি ৰাখিলে সেইগৰাকী কবিতা মহিলাৰীৰ প্ৰাক্তন প্ৰেমিকজন বোলে সুপ্ত হৈ আছে৷’’

চি এম ডি– ”আৰে সুপ্ত হৈ থকাটো আৰু বিপজ্জনক৷ ভুমুকি মাৰিয়েই ধামাকা দিব৷ লগে লগেই এফ আৰ পিও দৌৰিব৷ এই সময়তে তেওঁৰ সৈতে যোগাযোগ কৰক৷ আলুকোঁৱৰ জুইডোখৰকো পাহৰি গ’লে নহ’ব৷’’

এনেতে তপা মডাৰেটৰ এজনে মাত দিলে– ”কালি মই মূৰত চোতাল চছা শৰ্মা বোলাজনৰ সৈতে কথা পাতিছিলোঁ৷ তেওঁ প্ৰতিমাহে গোটটোৰ মেগাজিনখনত কিবা নহয় কিবা লিখেই৷ বৰ নিমাখিত প্ৰাণী৷ এটা আহ্বানতে লেখা দিয়ে৷’’

চি এম ডি– ”সেইবোৰ গ্লেমাৰ নোহোৱা প্ৰাণীৰ পিচত দৌৰি লাভ নাই৷ পাৰে যদি দত্ত বোলা কুয়েইটি শেঠজনক ধৰক৷ নোৱাৰিলে তেওঁতকৈ দুটা বেছি তেল ডিপ’ থকা শেঠ বিচাৰক৷ ৰংগীলা অনুষ্ঠান পাতি ভাগৱতী, ভট্টক টানি আনক৷”

ইয়াৰ পিছত চি এম ডিয়ে পুনৰ হেড এডমিনলৈ চাই কিবা ক’বলৈ মুখখন মেলিছিলহে, তেনেতে তেওঁৰ ফোনটোৰ ৰিং ট’ন বাজি উঠিল—৷ “এক্সকিউজ মি’’ বুলি চি এম ডিয়ে চকীৰ পৰা উঠি, কোঠাটোৰ এটা চুকলৈ গৈ ফোনটো ‘ৰিচিভ’ কৰিলে৷ চি এম ডিৰ অৱস্থাটো দেখি বাকীসকলৰ বুজিবলৈ বাকী নাথাকিল যে সেয়া মহাশয়ৰ পত্নীৰেই ফোন হ’ব৷ চি এম ডিৰ ‘বডি লেংগুৱেজ’ টানকৈ হেৰি লগা মানুহৰ দৰে হ’ল৷ তেওঁ ফোনত পত্নীৰ সৈতে কথা পাতি থাকোঁ‌তে বিৰক্তি আৰু অসাৱধানতাবশতঃ মাজে মাজে কণ্ঠস্বৰ বাঢ়ি যোৱাত “আহ হা, নহয়হে”, … “বেবি, হ’ব হ’ব”, … “মিটিঙত…”, “নাই হে”, … ”ঠিক আছে গৈ আছোঁ’’… আদি উফৰি অহা শব্দ কেইটামান কোঠাটোত থকা আনসকলৰো কাণত পৰিল৷ কেইমুহূৰ্তমানৰ পিছতেই চি এম ডিয়ে শ্ৰীমতীৰে সংযোগ বিচ্ছিন্ন কৰি ফোনটো কাণৰ পৰা আঁতৰাই সকলোকে উদ্দেশ্যি ক’লে– ”মই ঘৰলৈ যাওঁ দেই৷ আপোনালোকে চলাই যাওক, কামত লাগি যাওক৷’’ এনেতে ফোনটো পুনৰ বাজি উঠিল৷ চি এম ডিয়ে ফোনটো ৰিচিভ কৰি কাণত লগাইয়েই ”গৈ আছোঁ, গৈ আছোঁ ডাৰ্লিং’’ বুলি কৈ কৈ তৰিৎ গতিত কোঠাটোৰ পৰা ওলাই গ’ল৷ কিছু সময় সকলোৱে তেওঁ ওলাই যোৱা দুৱাৰখনৰ পিনে চাই থাকিল৷ খন্তেক পিছতে কোঠাটোত হাঁহিৰ খলকনি উঠিল৷

(বিঃদ্ৰঃ চি এম ডিয়ে বাৰু উধাতু খাই ঘৰলৈ কিয় দৌৰ মাৰিলে? পত্নীয়েনো ফোনত তেওঁক কি ক’লে? কথাটো এনেকুৱা— ফটাখোলৰ চি এম ডিয়ে বৈঠকখনৰ পৰিকল্পনাৰ বিষয়ে আগদিনাই পত্নীক কৈছিল৷ ইপিনে বৈঠকখনৰ খবৰ চোৰাংচোৱাই ফটাঢোলৰ ‘নাইনটিন ফ’ৰ্টি চেভেন’ৰ মাইলৰ খুঁটি ‘হেকা লিম্বু’ক আগতীয়াকৈ দি দিলে৷ চি এম ডিয়ে বৈঠকলৈ বুলি ওলাই অহাৰ পিচতেই হেকা ডাঙৰীয়াই চি এম ডিৰ পত্নীক ফটাঢোললৈ ‘ইনভাইট’ কৰিলে৷ লগে লগে তেওঁয়ো সঁহাৰি দিলে৷ অৰ্থাৎ ফটাখোলৰ চি এম ডিৰ পত্নী হৈ পৰিল ফটাঢোলৰ নাচনী৷ ইয়াৰ পিছত বাৰু তেওঁ শহুৰৰ পুতেকক সেই খোলটোৰ বৈঠক পাতিবলৈ দিবনে? ‘ন’ নেভাৰ৷’ ফটাঢোল জিন্দাবাদ৷)

☆ ★ ☆ ★ ☆

7 Comments

  • দীক্ষিতা

    এইটো মানে 1947ৰে বুদ্ধি এফ আৰ পি বঢ়াবলৈ। বৰ বেলেগ ধৰণৰ যুঁঁজ আৰু ধুনীয়া লিখনি।

    Reply
    • ৰঞ্জিত কুমাৰ শৰ্মা

      পঢ়াৰ বাবে ধন্যবাদ৷

      Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ ভাল লাগিল দেউ!

    Reply
    • ৰঞ্জিত কুমাৰ শৰ্মা

      পঢ়াৰ বাবে ধন্যবাদ৷

      Reply
  • Abhijit Goswami

    বঢ়িয়া লাগিল দাদা 👍 👍 👍 👍

    Reply
    • ৰঞ্জিত কুমাৰ শৰ্মা৷

      পঢ়াৰ বাবে ধন্যবাদ৷

      Reply
  • অভিজিত কলিতা

    ব্যংগৰ এক বিশেষ শক্তিশালী কৌশল হ’ল নামাকৰণ। ফটাখোল নামটোৰেই বহুখিনি কথা কৈ পেলোৱা হল। ড° বিকাশ বৰুৱা চাৰ এইটো কামত অতি পাকৈত। বমফোচ দা ব্লাফমাষ্টাৰ, মস্তভস্কি, ক্ষুদ্ৰপভ আদি অনন্য নাম তেও সৃষ্টি কৰিছে।
    বৰ ভাল লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published.