ফটাঢোল

এযোৰ পয়গম্বৰ চকুৰ সন্ধানত – জুৰী বৰা বৰগোহাঞি

মই কোৰোনাৰে ধান চপাইছিলো। মায়ে ৰ’দত থকা ওখোৱা ধান দুটামান হাতৰ তলুৱাত মোহাৰি দাঁতত দি শুকুৱাৰ উমান লৈছিল। মাৰ দাঁতত পৰি চাউলটোৰ পৰা কটৰকৈ এটা শব্দ বাহিৰ হ’ল। ধান শুকাল। দীঘল পদূলিৰে উধাতু খাই খুড়ী আহিল। অবিন্যস্ত কাপোৰ। চকুপানী, নাকৰ পানী একাকাৰ।

: নবৌ কান্দক কান্দক সেইজনা চলি গ’ল।

খুড়ীৰ কথাত মোৰ হাঁহি ওলাই গ’ল। মালৈ চালো। কেইমুহূৰ্তমান আগতেই হাঁহি থকা মাৰ চকুতো পানী।

ঃ কোন মৰিল খুড়ী?

ঃ উস্ নাপায় নাপায়। মৰিল বুলি ক’ব নাপায়। চলি গ’ল তেওঁ। বৈকুন্ঠ প্ৰয়াণ হ’ল তেওঁৰ।

ঃ কোন?

ঃ প্ৰভু ঈশ্বৰ! অ’ প্ৰভু ঈশ্বৰৰ বৈকুন্ঠপ্ৰয়াণ ঘটিছে।

মাৰ উচুপনি বাঢ়িছে। খুড়ীৰো।

মসৃণ ছাল, বগা চুলিৰ খোপাৰে, কপালত আঁতৰৰ পৰা জিলিকি থকা চন্দনৰ ৰেখা, শুদ্ধ বগা ধুতি, চেলেঙৰে এটা সাম্য মূৰ্তি মোৰ দুচকুত ভাহি উঠিল। শীতল পাটি পাৰি একে ভঙ্গিমাৰে বহি ভকত বৈষ্ণৱক আশীৰ্বাদ দি থকা এটা প্ৰাচীন চিনাকি দৃশ্য ভাহি আহিল। ধূপ-ধূনাৰ এটি চিনাকি গোন্ধ আহিও মোৰ নাকত আহি লাগিল।

“সেৱা কৰ সেৱা কৰ… প্ৰভু ঈশ্বৰ তেওঁ।”

“এইজন ভগৱান নেকি দেউতা?”

এজনী অকালপক্ক ছোৱালীৰ প্ৰশ্নত প্ৰভু ঈশ্বৰৰ সন্মুখত অপ্ৰস্তুত হৈ উঠিছিল পঞ্চাছ বছৰীয়া মোৰ দেউতা। এইখন আশ্ৰম, এইজনা প্ৰভুক কেন্দ্ৰ কৰিয়েই তেওঁলোকৰ পৰিধি, পিতৃ-পিতামহৰ দিনৰে পৰা চলি অহা জীৱন ৰেখা।

“তেওঁ ভগৱান। আমাৰ প্ৰভু ঈশ্বৰ!”

মোৰ কাণত দেউতাই ফুচফুচাই কৈছিল।

মই দেউতাই দেখুৱাই দিয়া ভগৱানক চাইছিলো। ভক্তৰ পৰা নিৰ্দিষ্ট অথবা নিৰাপদ দূৰত্বত ৰৈ তেওঁ এখন কাহীৰ পৰা ভক্তলৈ ফুল দলিয়াইছিল। গাৰ চেলেং, চাদৰৰ আগ পাৰি গদ গদ ভংগিমাৰে ফুল পোৱাৰ গৰ্ব আৰু কৃতজ্ঞতাত উজলি উঠিছিল ভকত বৈষ্ণৱৰ মুখ। মোৰ দেউতাৰো।

“হো ল, শিৰত গুজি ল।”

“এইপাহ শুকান নাৰ্জি ফুল।”

“ফুল নহয় নিৰ্মালী। প্ৰভু ঈশ্বৰে দিছে। সেইসকল ভকতে নিৰ্মালি নাপালে অন্নই মুখত নিদিয়ে।”

মই ভগৱানৰ সন্মুখত বহি ৰোৱা দুজনমান ভক্তলৈ চাইছিলো। ভাৱ ভক্তিত জীৱন-যায়া সমৰ্পিত মানুহ কেইজনে আজলি পাতি নিৰ্মালী লৈছিল। যেন সৰগৰ মুকুতা। ভক্তিত চকু তলমল।

“আৰু সেই সোমাই অহাখিনিত ৰৈ থকাবোৰক?”

“তেওঁলোক নীচ জাতি। প্ৰভু ঈশ্বৰে নিজ হাতে তেওঁলোকক নিৰ্মালী নিদিয়ে। লগুৱাই লৈ যাব।”
দেউতাই পুনৰ ফুচফুচাই কৈছিল।

আশ্ৰমৰ মূল ঘৰলৈ সোমাই যোৱা ঠাইতে মানুহ কিছুমানক মাটিত লেপেতা খাই বহি থকা দেখি আহিছিলো। আজন্ম চিনাকি কৈৱৰ্ত, মিছিং মানুহখিনিৰ পৰা আমিও নিৰাপদ ঠাইতে ৰৈছিলো। জ্যেষ্ঠ সকলে দেখুৱাই দিয়া পথেই আমি মানি চলিছিলো।

‘‘ঘৰলৈ গৈ নিৰ্মালী গোঁসাই ঘৰত থ’বি।”

দুজন বিদেশী সোমাই আহিল। বিদেশী সাজপাৰত। প্ৰভু ঈশ্বৰৰ লগতে বাকীবোৰ শিষ্যও ব্যস্ত হৈ উঠিল। আথেবেথে বহিবলৈ ঠাই ওলিয়াই দিলে। বিদেশী দুজনে শৰাইত এজাপ টকা থলে। প্ৰভু ঈশ্বৰৰ মুখ উজ্বলি উঠিল। তেওঁৰ সমস্ত মনোনিবেশ বিদেশী দুজনৰ লগত নিমগ্ন হ’ল। দুজনমান লগুৱাই বিদেশী অতিথিৰ বাবে আপ্যায়ন ব্যৱস্থাৰ নিমিত্তে ঢপলিয়াই গ’ল। আমি উঠি গুচি আহিলো।

মোৰ মনত ভগৱানৰ কথাই পাক লৈছে।ভগৱানৰ পক্ষপাতিত্ব নাথাকে। তেন্তে আশ্ৰমৰ গাতে লাগি থকা গাঁৱৰ নীচ জাতি বুলি গণ্য কৰা শিচ কিয় আশ্ৰমৰ বাহিৰতে পৰি ৰয়? বিদেশী কেইজন কিয় উষ্ণতাৰে আপ্যায়িত হয়?

অনন্ত শয্যাত বাসুকী নাগৰ ছত্ৰচায়াত থকা ভগৱানৰ ফটো দেখিছোঁ। গোঁসাই ঘৰত মলাৰ পৰা মাখন চুৰ কৰি খোৱা শিশু কৃষ্ণৰ ফটো দেখিছো। দুয়োজনে ভগৱান। এইজনো তেওঁলোকৰ লগৰে!

অনন্ত শয্যাৰ ভগৱানৰ গাৰ ৰং শ্যাম বৰণীয়া। মাখন চুৰ কৰি খোৱা ভগৱানৰো। এইজন ভগৱান বগা। মোৰ মাৰ দৰে।

ভগৱানৰ হাত আজানুলম্বিত হয়। তেওঁৰ হাত দুখন চালো। এখন হাত আঁঠুৰ ওপৰত ৰাখি আনখনে ভক্তলৈ দূৰৈৰ পৰা নিৰ্মালী দলিয়াইছে। ওহো আজানুলম্বিত নহয়। দেউতাহঁতৰ দৰেই। মাত্ৰ দেউতাৰ দৰে বছৰ বছৰ নাঙলৰ মুঠিত ধৰি খহতা হোৱা হাত নহয়। কিজানি মাখনৰ দৰেই কোমল।

ভগৱান অনন্ত শয্যাত অৰ্ধ-শয়ন ভংগীমাত থাকে, বাসুকী নাগে চত্ৰচায়া দিয়ে। এইজন আমাৰ দৰে ঘৰত বাৰান্দাত বহে। মুখত সেই বিষ্ণুৰ মিঠা হাঁহি নাই। আৰু দৃষ্টি। বাৰে বাৰে লুকাই চুৰকৈ ক’লৈ যায়। ভকতে সেৱা লওতে আগবঢাই দিয়া দক্ষিণাটোলৈ নহয়নে?

“ভগৱানক কিয় পইচা লাগে। ভগৱানৰ পইচাৰ অভাৱ? সন্মুখত শৰাই সজাই ৰাখে যে?”

“লাগে।”

“বাহ দেতা ভগৱানৰে ভাল, বহি বহিয়ে পইচা ঘটে। তুমিও ভগৱান হ’ব লাগিছিল।”

মোলৈ দেউতাই কটমটাই চাইছিল। পৰা হলে পুৰণ অংক বাৰে বাৰে নোৱাৰা বাবে দিয়া এটা প্ৰচণ্ড চৰ মোৰ গালত পৰিলহেঁতেন।

“এইজনীয়ে আজি প্ৰভু ঈশ্বৰৰ সন্মুখতে…”

ঘৰৰ মানুহবোৰে মোলৈ সেই বিৰক্ত চাৱনীৰে চালে। য’তে ত’তে গণ্ডগোল লগোৱাৰ দৰেই ধৰ্ম আশ্ৰমতো…

“দেতা প্ৰভু ঈশ্বৰে শৌচ প্ৰস্ৰাৱ কৰেনে?”

“কৰে। তেওঁ মানুহহে। বহুত পুণ্য আৰু সৌভাগ্যৰ বলত তেওঁ ভগৱান হ’ব পাৰিছে। বুজিচ গোটেই জীৱন মানুহৰ সেৱা পাবলৈ ভগৱানৰ অংশ হ’ব লাগিব।”

“অৱতাৰ? সেই যে আমি দশৱতাৰ নাচো। ভগৱানৰ দহটা অৱতাৰ। মৎস, কুৰ্ম, নৰসিংহ, বামণ, পৰশুৰাম, হলিৰাম, বৰাহ, শ্ৰীৰাম, বুদ্ধ, কল্কি― এইজন এঘাৰ নম্বৰ অৱতাৰ?”

দাঁত মুখ কৰচি দেউতাৰ সেই পূৰ্বৰ ৰূপ। পৰা হলে মোৰ গালত এটা কাণতলীয়া চৰ…

মোৰ মনত দেউতাৰ ভগৱানজন মানুহ হ’বলৈ টনা-আজোৰা লাগিল। পুৱা ভগৱানে বাল্টি লৈ পায়খানা যায়। দেউতাৰ দৰে।আহি গা ধুৱে, কাপোৰ সলাই, জলকীয়া সানি ভাত খায়, ঘটিৰ পৰা পানী খায়, উগাৰ মাৰে দাঁত ব্ৰাচ কৰে…।

তেওঁক আৱৰি এজাক ভক্ত থাকে। কোনোবাই তেওঁক পাদুকা পিন্ধাই দিয়ে, কোনোবাই পিকদানি ধৰি থাকে, কোনোবাই তেওঁৰ শয্যা তৈয়াৰ কৰে। ভগৱান যে তেওঁ!

মনত থকাৰে পৰা ঘৰখন, গাঁওখন, অঞ্চলটোৰ মানুহবোৰ, আশ্ৰমখন আৰু আশ্ৰমখনৰ ভগৱানৰ ওপৰত নিৰ্ভৰশীল। জাগতিক নিয়ম-নীতিৰ কোনো কথাই ভগৱানৰ আশীৰ্বাদ নহলে পূৰ্ণ হ’ব নোৱাৰে। ঘৰলোৱা, বিয়াৰ পৰা সবাহ, নোৱাই তোলনী বিয়া পৰ্যন্ত তেওঁৰ আশীষ লাভ কৰি ধন্য হৈছিল বানপানী আৰু সীমাহীন দৰিদ্ৰতাত পিষ্ট হৈ কেলধোপ কেলধোপ কৈ জীয়াই থকা চৌপাশৰ মানুহবোৰ।

সেৱা কৰিবলৈ গৈ তেওঁৰ চকুলৈ চাই এজন মানুহৰ সন্ধান কৰিছিলো। এবাৰ মাখন কোমল হাত দুখন চুই চোৱাৰ লোভে মোক ব্যাকুল কৰিছিল। সন্মুখত সজাই ৰখা শৰাইত দক্ষিণাৰ পইচাবোৰ হিচাপ কৰাৰ তীব্ৰ ইচ্ছা হৈছিল। এদিনত কিমান পইচা পায়, সেই পইচা যদি আমাৰ দেউতাক দিলেহেঁতেন, গাঁৱৰ মানুহবোৰক বিলাই দিলেহেঁতেন , আমাৰ কিমান চিন্তা নোহোৱা হ’লহেঁতেন! অন্ততঃ স্কুললৈ যাওতে কিতাপ বহীৰ অভাৱ…

“কি চাই আছ? সেৱা কৰ।”

মায়ে কিলাকুটিৰে মোক হেচুকিছিল। মানুহবোৰে সেই আশ্ৰমৰ ঈশ্বৰৰ সন্মুখত সাষ্টাঙ্গে পৰি লৈছিল। শুকান, অনুৰ্বৰ, খোলাকটিৰ নিচিনা মাটিত খেতি কৰি ফটুৱৈ ফটা ভৰিবোৰত মোৰ চকু পৰিছিল। টাপলি মৰা ধুতি, চিলাই কৰা চাদৰবোৰ মোৰ চকুত পৰিছিল। মোৰ মূৰ হাউলিব নোখোজে। সন্মুখৰ শৰাইত পইচা পৰিয়েই আছে। ভক্তই আথে বেথে দিয়া দক্ষিণা। সেইজনী মিনা বাই। চাদৰৰ আগৰ গাঁঠিটো খুলি সোঁতোৰ-মোঁতোৰ খোৱা দহটকীয়া এখন শৰাইত দিছিল। ইস্ কিমান দিনৰ চাগৈ সাচতীয়া ধন। আনৰ ঘৰত কাম কৰি খোৱা মানুহজনীৰ!

প্ৰভু ঈশ্বৰে নিৰ্মিলিত চকুৰে মুখৰ ভিতৰত বিৰবিৰাই আমাক আশীৰ্বাদ দিছিল। মই মিনা বাইলৈ চাই আছিলো। সাঁচতিয়া দহটকীয়াখন দান দি কি বিছাৰিছিল ভগৱানৰ পৰা? এসাঁজ ভাত নে এসাঁজ কাপোৰ? নে থাকিবলৈ ঠাই? অথবা মদাহী গিৰিয়েকৰ পৰা নোপোৱা মানসিক প্ৰশান্তি? বছৰ বছৰ ধৰি তাকেই বিছাৰে?

ভগৱানক মানুহ বুলি ক’লে জাঙুৰ খাই উঠা ঘৰখন, গাঁওখন, সমাজখনত মই অকলে সন্ধানত নামিছিলো এজন মানুহৰ। সকলোৰে ভগৱানজনৰ মাজত।

এই শুভ্ৰতা, কোমল মাতৰ শালীন কথাবাৰ্তা, খোজ-কাটলত জোখতকৈ বেছি স্থিৰতা আৰু মুখৰ স্মিত হাঁহি কি জন্মপ্ৰদত্ত?নে দীৰ্ঘদিনিয়া অভ্যাস?

এই বৈৰাগ্য জীৱন স্ব-আৰোপিত নে বাধ্যবাধকতা!

এই জীৱনত প্ৰভু ইশ্বৰ সুখী নে অসুখী?এই শুভ্ৰ সাজ-পোচাক, কপালত দীঘলকৈ লোৱা চন্দন, নিজৰে সাঁজোন কাচোন নে অন্য কোনোবাই কৰি দিয়ে?

কেতিয়াবা প্ৰভুঈশ্বৰৰ নিজকে অভিনেতা যেন নালাগেনে? মোৰ যে কেতিয়াবা তেওঁৰ কাষত ৰ’লে তেনেকুৱা লাগে!

কি পুণ্য কৰিছিল তেওঁ? কি পুণ্যৰ বলত তেওঁ ভগৱান হোৱাৰ যোগ্যতা অৰ্জন কৰিছিল?

সঁচাই মায়া-মোহৰ উৰ্ধত হয়নে এই জীৱন, যি জীৱনত শৰাইত দিয়া ভক্তৰ গুৰু দক্ষিণালৈ বাৰে বাৰে ভগৱানৰ চকু যায়?

মানুহৰ চকুহে সেইকেইটা! লোভৰ চিকমিকনি।

সেই ভগৱানেই ঢুকাল। ঢুকাল বুলি উচ্চাৰণ কৰিব নাপায়। অজস্ৰ নাপায় শব্দৰে ভৰি থকা আমাৰ জীৱনত এই নতুন নাপায় এটাৰ যোগ হ’ল।

সন্মুখৰ ৰাস্তাইদি মানুহৰ সোঁত বৈছিল। ধান তেনেকৈয়ে এৰি মায়ে চাদৰ সলাই খুড়ীৰ লগত কেতিয়াবাই ঢাপলি মেলিছিল। বাহৰ প্ৰকাণ্ড খৰাহীত থেলি হেঁচি ধান ভৰাই ময়ো ওলাই গৈছিলো। স্ফূৰ্তি লাগিছিল। নিৰুদ্বেগ, নিস্তব্ধ শীতল গাঁওকেইখনত ঘটনাটোৱে এটা প্ৰকাণ্ড ঢৌ তুলিছিল। ময়ো সেইজাক মানুহৰ লগত চামিল হৈছিলোগৈ। মৃতদেহ বা মৃত্যু বুলিলে ঘৰৰ বাজ নোহোৱা আমাৰ দৰে সৰুবোৰৰ বহুতে মানুহৰ মাজত ঘূৰ্মুতিয়াই ফুৰিছিল। এজাক মানুহৰ শ-শব্দ উচুপনিত ঠাইডোখৰ সলনি হৈছিল। গায়ন-বায়ন, নামৰ ধ্বনিৰে ঠাইডোখৰ উৎসৱ মুখৰ হৈছিল। ভগৱানৰ ওচৰলৈ যাব নোৱাৰা নীচ জাতিৰ বুলি কোৱা মানুহবোৰ আলেঙে আলেঙে ৰৈছিল।

সমগ্ৰ ৰাইজে দিয়া জয়ধ্বনিৰ মাজত ভগৱানৰ শৰীৰ বিলীন হ’বলৈ আৰম্ভ কৰিছিল।

ক’ৰপৰা জানো ইমান ঘিউ গোট খাইছিল। আটাইবোৰ ঢালি দিছিল প্ৰভু ইশ্বৰৰ নশ্বৰ দেহ সামৰি থোৱা চিতাত। ঘিউত জ্বলা জুইৰ লেলিহান শিখাই আৱৰি ধৰিছিল সেই চন্দন কাঠৰ চিতা।

মোৰ সেই সময়ত ঘৰত থকা মাৰ দু-আঙুলীয়া মিঠাতেলৰ খালী বটলটোলৈ মনত পৰিছিল।

ঘৰৰ কাষতে ৰূপধৰ বৰ্তাৰ খৰি দিওঁতে যি গোন্ধ ওলাইছিল লাহে লাহে সেই গোন্ধেই চৌপাশে বিয়পি পৰিছিল। মানুহ পোৰাৰ গোন্ধ।

ঃ এতিয়া সৌজন প্ৰভুঈশ্বৰ হ’ব। আশ্ৰমৰ উত্তৰাধিকাৰী। ইয়াৰ পিছতে অভিষেক হ’ব।

এজন ক্ৰমে ডেকা হ’ব খোজা শিষ্যলৈ মোৰ চকু গৈছিল। চিতাৰ কাষত ৰৈ আছিল। তেওঁৰ দুটোপাল চকুলো পৰিছিল নেকি? প্ৰভুঈশ্বৰৰ লগত থাকিয়েই তেওঁ আশ্ৰমৰ নীতি-নিয়ম শিকি আছিল। মই জুমি জুমি চাবলৈ চেষ্টা কৰিলো। মানুহ পোৰাৰ ধোৱাত একো দেখা নছিলো।

অন্য এজন ভগৱান হ’ব– আশ্ৰমৰ তেওঁৰ আসনখন পূৰ কৰিব। এই কথাষাৰে গোটেই অঞ্চলটোৰ মানুহবোৰক ঢৌৱাই গৈছিল। মানুহবোৰে পাহৰি পেলাইছিল চলি যোৱা জনৰ অস্তিত্ব। আহিব লগা জনৰ বাবে চকু তলমল। নিস্তৰঙ্গ জীৱনবোৰত এইবোৰ ঘটনাই সুখৰ পৰিধি ভাঙিছিল।

কেতিয়াও নেদেখা কিছুমান মাংগলিক অনুষ্ঠান, বৃহৎ সংখ্যক ভক্তৰ ৰাজকীয় আপ্যায়নেৰে আৰু এজন মানুহ ভগৱান হৈছিল। সেই দিনটোত আশ্ৰমৰ চৌপাশৰ দাল-দৰিদ্ৰ, ভোকাতুৰ মানুহবোৰে হেপাহ পলুৱাই দৈ, কোমল চাউল, ক্ৰীম, মিঠাইৰ কেতিয়াও নোপোৱা স্বাদ পাই আহ্লাদিত হৈছিল। টকালি পৰা লুভীয়া জিভাৰে নতুন প্ৰভুঈশ্বৰক ভুৰি ভুৰি কৃতজ্ঞতা দিছিল। এই বিশাল আয়োজনৰ অংশীদাৰ হ’বলৈ পাই নৰমনিচৰ জীৱনে ধন্য মানিছিল।

সাধু কথাৰ দৰে অভিষেকৰ কথাবোৰে জুইশাল,ঢেঁকীশাল, ধাননী পথাৰত পাহ মেলিছিল।

ঃ তেওঁৰ ঘৰ উজনিত।

ঃ ভগৱানৰ ঘৰ থাকে নেকি? মাক-বাপেক?

ঃ থাকে। মাকে-দেউতাকেই দেখোন তেওঁক ভগৱান হ’বলৈ আশ্ৰমত থৈ গৈছিল উত্তৰাধিকাৰী কৰি,সৰুতেই।
পথাৰত খেল খেলি ওমলি-জামলি থকা ল’ৰা এটাক ধৰি আনি ভগৱান হ’বলৈ আশ্ৰমত দান কৰি গৈছিল। যাবৰ সময়ত মাকে হিয়ালি-জীয়ালিকৈ কান্দিছিল। এফালে পুত্ৰ ভগৱান হোৱাৰ সপোন, আনফালে মাতৃস্নেহ। মানুহজনী ভাগৰি গৈছিল স্নেহ মমতাৰ টনা-আজোৰাত।

ভগৱান কি এনেকৈ জন্ম হয়! আমাৰ দৰে মাক-দেউতাকৰ ঘৰত! কৃষ্ণৰ দৰে দৈৱকীৰ গৰ্ভত থিত লৈ ৰাতিৰ শিয়ালে দেখুৱাই দিয়া বাটেৰে ভৰ যমুনা পাৰ হৈ গকুলত ডাঙৰ হোৱাৰ দৰে নহয়?

শিশু কৃঞ্চৰ দৰেই বকাসুৰ, অঘাসুৰ, কালিয়দমনৰ দৰে অলেখ, অযুত অলৌকিক কাহিনী তেওঁৰ আছিলনে?
শংকৰদেৱৰ দৰে তেওঁ গৰু ৰখোতে ফেটি সাপ ৰখীয়া হৈ আছিলনে? বাৰিষাৰ ভৰা ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হৈছিলনে?

দেউতাই এই অবুজ-অবাধ্য ছোৱালীজনীক ভগৱানৰ ওচৰলৈ পঠিয়াবলৈ ভয় কৰিছিল। কি বা প্ৰশ্ন কৰেগৈ ঠিক নাই। প্ৰভুঈশ্বৰে বেয়া পাব। দুবেলা দুসাজ খাবলৈ নোপোৱা আমাৰ পৰিয়ালটোৰ গাত পাপ লাগিব। তেওঁৰ আশীৰ্বাদ ন’হলে আমি সদাপাপী ভক্ত কোন কুটা? কেৱল আমিয়েইনে! কত’ মানুহক নিতৌ আশীৰ্বাদেৰে ধন্য কৰে। তেওঁক এবাৰ দৰ্শন কৰিবলৈ, এজোলোকা আশীৰ্বাদ লবলৈ কত’ দূৰদূৰণিৰ মানুহ ঢপলিয়াই আহে! আজিকালি ভগৱানে নিয়মীয়াকৈ ৰাজহুৱা অনুষ্ঠান কিছুমানৰ আয়োজন কৰে। ভক্তৰ বাবে।

মোৰ বসন্ত ওলাল। তীব্ৰ গাৰ বিষ, জ্বৰত আধামৰা অৱস্থা।

ঃ দেউতা, ভগৱানে দেখোন চুলেই হ’ল মোক। ভাল হৈ যাম। কৃঞ্চই দেখোন কুজা হৈ থকা মানুহ এজনী চিধা কৰি দিছিল। চুবনে মোক প্ৰভুঈশ্বৰে?

ঃ তোৰ আই ওলাইছে। আই শৰাই দিম। বেমাৰী ছোৱালীক প্ৰভুঈশ্বৰে নুচুৱে। এনেই ছোৱালী নুচুৱে তেওঁ।

ঃ কিয় তেওঁ ভগৱান দেখোন?

বসন্ত ওলালে খং কৰিব নাপায় বাবে দেউতাই চমকি উঠা খং সামৰি ৰাখিলে।

বিচনাত পৰি পৰি ভগৱানৰ ক্ষমতাৰ কল্পনা কৰিলো। ভগৱানেতো দেউতাৰ হাড়ভঙা পৰিশ্ৰম নোহোৱা কৰিব পাৰে। বছেৰেকত দুবাৰ তিনিবাৰ বানপানী হোৱা ঠাইখিনিত বানপানী নোহোৱা কৰিব পাৰে, মোক ভাল কৰিব পাৰে, তিতাৰাম খুড়াৰ অকৰা ল’ৰাটোক বিচনাৰ পৰা উঠাব পাৰে, নিলাঞ্জনাৰ মাকৰ দিঙিৰ কেন্সাৰ…

এইজন ভগৱানে একো নকৰে। তেওঁৰ সঘন আশীৰ্বাদ লোৱা কিছুমান মানুহ আন মানুহৰ দৰেই বেমাৰত ভুগি চিকিৎসাৰ অভাৱত আদবয়সতে মৰে। অঞ্চলটোৰ বছৰি খেতিখোলা বানপানীত উটি যায়। খৰ পৰি বাম খেতি শুকাই যায়। মানুহবোৰে এসাজ খায় এসাঁজ লঘোনে থাকে।

ভগৱান বহি থাকে, আশীৰ্বাদ দি পইচা লয়।

মই প্ৰায়ে কাণ উনাই ৰৈছিলো। মা-দেউতাৰ মুখত ভগৱানৰ বিষয়ে এটা অলৌকিক ঘটনা শুনাৰ হেঁপাহত। আশাও কৰিছিলো যীশুখ্ৰীষ্ট, হজৰত মহম্মদ অথবা বুদ্ধৰ জীৱনত ঘটা ঘটনাৰ দৰে কিবা এটা গাৰ নোম দাং খাই যোৱা অলৌকিক ঘটনা…

আমাতকৈ ডাঙৰ ছোৱালী এজনী বিবাহপূৰ্বে গৰ্ভৱতী হৈছিল। ঠাইডোখৰত গৰম খবৰটো বিয়পি পৰিছিল। আশ্ৰমৰ শিচ এজনৰে অবৈধ সন্তান। মা-দেউতাই ফুচফুচাই কথা পতা শুনিছিলো– প্ৰভু ঈশ্বৰে বৰ সন্তপৰ্ণে সমাধান কৰিছিল সেই সমস্যাৰ। অপৰাধী শিচজনক আশ্ৰমৰ পৰা পঠাই দিছিল। গৰ্ভৱতী গৰাকীয়ে এবৰ্চন কৰাইছিল।
মই বেৰত কাণ পাতি সেই কথাই শুনিছিলো। আশাহত হৈছিলো…

ভগৱানক মানুহ কৰাৰ চেষ্টাত থকা ছোৱালীজনীক দেউতাকে বাধা দিব নোৱাৰিলে।

এদিন কলিমাইক লগত লৈ ভগৱানৰ ওচৰ পাইছিলোগৈ।

সদায় থকাৰ দৰে ভগৱানৰ ওচৰে-পাঁজৰে অলেখ ভক্ত। ভগৱানৰ আজিকালি বহুত গুৰুত্ব। ৰাজনীতি, সমাজ, সাহিত্য সকলোতে। আশ্ৰমৰ প্ৰতিটো খবৰ আজিকালি বাতৰিতহে দিয়ে। নিজৰ ফটোৰ স’তে। আশ্ৰমকেন্দ্ৰিক সংস্কৃতিৰ চৰ্চাতকৈ প্ৰভুঈশ্বৰৰ চৰ্চাত মানুহ বেছি ব্যস্ত হৈ পৰিছে। সেইদিনাও বাতৰিত ভগৱানৰ ফটো ওলাইছিল, ডাঙৰকৈ। তাকে দেখুৱাই ভক্তই ভগৱানৰ পৰা গুৰুত্ব লৈছিল। দুজনী জধলা ছোৱালী অসময়ত দেখি ভগৱান আচৰিত হৈছিল। ভক্তসকলো। ভগৱানকতো লগ কৰাৰ নিৰ্দিষ্ট সময় থাকে! আমি আগতীয়া অনুমতি লোৱাৰ নিয়ম ভঙ্গ কৰিছিলো।

ঃ মোক টকা লাগে। স্কুলৰ কিতাপ কিনিব পৰা নাই। আপুনি দিয়ক।

ডাঙৰ ব্ৰজ পৰিছিল ক’ৰবাত– ডাঙৰ ধুমুহা এজাকে কঁপাই গৈছিল ভগৱানক। তেওঁ থৰ হৈ চাইছিল মোলৈ।
মানুহৰ চকুৰে। সেই চকুত অবাধ্য, অভং ছোৱালীজনীৰ প্ৰতি প্ৰবল খং, বিৰাগ আছিল।

ঃ পইচা নাই। আমি আনৰ দান-দক্ষিণাৰ ওপৰতে চলো। আমি উদাসীন। আমাৰে অভাৱ।

তেওঁ কন্ঠলৈ কষ্ট কৰি কোমলতা আনিবলৈ গৈ বিফল হৈছিল। মুখত ক্ৰোধ আৰু অস্থিৰতাৰ ছাঁয়া পৰিছিল।
শিচ কেইজনেও মোলৈ কটমটকৈ চাই আছিল।

মোৰ দুচকু তেওঁৰ শৰাইখনৰ ওপৰতে আছিল। কেইবাখনো শ টকীয়া নোট জলমলাই আছিল। বাৰ টকাৰ বিজ্ঞানৰ, দহ টকাৰ সমাজ অধ্যয়নৰ কিতাপ, তিনি টকীয়া দিস্তা কাগজ কিনিব নোৱাৰি সদায় স্কুলত গালি খাইছিলো। ময়ে নহয়! গাওঁখনৰ কলিমাই, বাবুলি, পুতুকন, বীণা, প্ৰদীপ আটাইবোৰে দৰিদ্ৰতাত চেপা খায় কাছ হৈ পৰিছিল। দুই একে আধাতে স্কুল এৰিছিল।

কলিমাইৰ টান ফ্ৰকেৰে বুকুৰ আধা অংশ ওলাই আছিল। ভগৱানৰ চকু সেই কুমলীয়া স্ফীট বুকুত পৰিছিল। থৰ হৈ ৰৈছিল। মই নিশ্চিন্ত হৈছিলো মানুহৰ চকু বুলি। এবছৰ মান আগতে গাঁৱত ভাগৱত পঢ়িবলৈ উত্তৰপাৰৰ পৰা কপালত ফোট, ধুতি, চেলেং পিন্ধি এজন শিচ আহিছিল। কথা বাৰ্তাত ভগৱানৰ ৰূপ দিবলৈ আপ্ৰাণ চেষ্টা কৰা মানুহজনে এদিন মোৰ ক্ৰমে স্ফীট হব খোজা বুকুলৈ এনেকৈয়ে চাই আছিল।

দুইযোৰ চকু একে।

মই তেওঁৰ চকুত পয়গম্বৰ চকুৰ সন্ধান কৰিছিলো। তেওঁৰ চকুত মানুহৰ চকুহে আছিল।

আমি দুজনী উভতিছিলো।

মোৰ নিয়ম ভঙা স্বভাৱ আৰু আক্ৰুশী চকুৰে তেওঁৰ গেৰেজলৈ চাইছিলো। ইমান ডাঙৰ গাড়ী আছে তেওঁৰ। ভগৱানৰ! সেই আৰামী গাড়ীত উঠি ভগৱানে দৰিদ্ৰ পিষ্ট ভকতৰ কাষলৈ যায়। মোৰ দেউতাৰ চাইকেলতো বাদেই, শিল দিয়া উখোৰা-মোখৰা বাটত খোজ দি যাবলৈ এযোৰ চেন্দেলো নাছিল।দেউতাৰ লগতে গাওঁখনৰ আৰু অঞ্চলটোৰ বহুতৰেই নাছিল।

গেৰেজৰ গাতে ভঁৰালঘৰ। উজনি নামনিৰ শিচে দিয়া ধান-চাউলৰ দান বৰঙণিৰে মেটমৰা হৈ আছিল। সেই মেটমৰা ভঁৰালৰ কাষেৰে আমি উভতিছিলো। পাতলি এৰোৱা সস্তীয়া ফ্ৰক বতাহত উৰি গৈছিল। আমি আমাৰ আঠুৰ ওপৰখিনি নোলাবলৈ ফ্ৰক টানি ধৰিছিলো।

(…আৰু এদিন সেই ভগৱানৰ এজনে মায়া মোহৰ কুঁৱাৰ ভিতৰলৈ জাপ দিছিল। পৰম্পৰাগত নিয়ম ভংগ কৰি তেওঁ বিয়া পাতিব। ভগৱান মানুহ– মানুহ ভগৱান হ’ব নোৱাৰে।)

☆ ★ ☆ ★ ☆

7 Comments

Leave a Reply

Your email address will not be published.