ফটাঢোল

ওফাইদাঙৰ মুখথেকেচা – অভিজিৎ গোস্বামী

এই কাহিনীৰ মেইন কেৰেক্টাৰ অমুকাই আছিলোঁ, কথাটো সুদীৰ্ঘ এযুগৰ আগৰে। তেতিয়া মই বাংগালুৰুত স্নাতক শ্ৰেণীত পঢ়ি আছিলোঁ। অামি প্ৰায় ৫ জনমান চিনিয়ৰ -জুনিয়ৰ মিলি একেলগে এটা ঘৰতেই আছিলোঁ। আমাৰ গ্ৰুপত উজনিৰ মই অকলেই আছিলোঁ, বাকী প্ৰায় গোটেই কেইজনেই মংগলদৈৰ আছিল। মোৰ আকৌ তেতিয়া এটা স্বভাৱ আছিল যে, প্ৰাকৃতিক সম্পদ, কাজিৰঙা, চাহ আদিকে ধৰি সকলো বস্তু যেতিয়া উজনিৰ, গতিকে অামি হে অসম মুলুকখন চলাই আছোঁ টাইপ গৰ্ব ভাৱ এটা আছিল। মই কেতিয়াও আগবাঢ়ি গৈ লগা নাছিলোঁ, কিন্তু কথাৰ কটা-কটি হ’লে অকলেই যুদ্ধত নামিব লগীয়া হৈছিল। বাকী বন্ধুকেইজন সৰুৰে পৰাই একেখন স্কুলৰ লগৰ আছিল। গতিকে মুখ যুদ্ধত মই বহুত কষ্ট কৰিবলগীয়া হৈছিল।

তেনেদৰেই এদিন কিবা কথা পাতি থাকোঁতে নাইট চুপাৰৰ কথা ওলাল। মই বোলো তহঁতি জীৱনত কেইখন চুপাৰ দেখিছ বাৰু? সৱ ভাল বাছ আমাৰ ফালেহে চলে, তহঁতৰ তাত যিহে চুপাৰ চলে সেইবোৰ আমাৰ ফালে চিটি বাছ হিচাপেও নচলে। সেইবোৰ হৈছে চিলভান দি, গ্ৰীণ ভেলী, কুইন, নেটৱৰ্ক, ব্লু হীলৰ দিনৰ কথা, অলপতো লেভেল ফালিমেই দিয়কচোন। তেতিয়াই এয়াৰ কণ্ডিচন বাছত উঠিছোঁ! তাৰ পিছত সিহঁতি ক’বলৈ ধৰিলে যে ভাল ভাল বাছবোৰতো তিনিচুকীয়া ডিব্ৰুগড়লৈহে যায় বেছিকৈ, তইতো শিৱসাগৰৰহে, দেখিছোঁ দে কি বাছ যায় তহঁতৰ তালৈ। তৰ্কাতৰ্কি অলপ জোৰদাৰ হোৱাত, ময়ো কথাত তল পৰিব নিবিচাৰি, অলপ উৎসাহী হৈ কৈ দিলোঁ যে, আমাৰ ফালে এনেকুৱা কিছুমান বাছ যায় যিবিলাকে শিৱসাগৰ মাজৰাতি ২ বা ৩ বজাতে পোৱাই দিয়েগৈ। তহঁতিতো অনুমান কৰিবলৈও এই জনমত চাগে এনেকুৱা বাছত উঠি পোৱা নাই। কিন্তু উৎসাহী হৈ এনে এটা ডাইলগ মাৰি দিয়াত তাহাঁতি একেবাৰে মুখ পাতি ধৰিলে নহয়। মানে তই ক’ব বিচাৰিছ যে, গুৱাহাটীৰ পৰা শিৱসাগৰ পাবলৈ মাত্ৰ ৫ ঘণ্টাহে লাগে। কাৰণ মই আগতেই কৈছিলোঁ তাহাঁতক যে, বাছবিলাক প্ৰায় সন্ধিয়া ৭ বজাৰ পৰা ৯ বজাৰ ভিতৰত ওলাই যায় গুৱাহাটীৰ পৰা। এতিয়া মই নিজৰ কথাতে বন্দী হৈ ভাবি আছোঁ কি উত্তৰ দিওঁ, কাৰণ সিহঁতে মোক কথাৰ জালত বন্দী কৰি মিচিকিয়া হাঁহি মাৰি আছে। মই অলপ ভাবি চিন্তি ক’লোঁ যে, আচলতে প্ৰায়ভাগ বাছেই  গুৱাহাটীৰ পৰা ওলাই বহুত বেগত যায় বাবে প্ৰায় মাজৰাতি ১২ মান বজাতেই যোৰহাট পায়গৈ। তাৰ পাছত তাহাঁতি বোলে তেন্তে যোৰহাটৰ পৰা শিৱসাগৰ পাওঁতে ৩ ঘণ্টা লাগে, ইমান দূৰ নহয় দে, আমিও জানো। মই আৰু কোনোফালে বাচিব নোৱাৰি কৈ দিলোঁ যে যোৰহাট পোৱাৰ পাছৰপৰা বাছবিলাক লাহে লাহে যায় যিহেতু আমাৰ ফালে নাইট চুপাৰবিলাক বেছি জোৰত যাবলৈ নিদিয়ে। সদৌশেষত লাভৰ মূৰত নিজৰ ফটা লেভেল লুকুৱাবলৈ গৈ বাৰে-বিংকৰা উত্তৰ দি কেইবামাহলৈয়ো তাহাঁতৰ কামোৰ খাই থাকিলোঁ। তাহাঁতি লগ পালে এতিয়াও সেই কথাটো উলিয়াই মোক হাঁহিবলৈ নেৰে, তহঁতৰ যোৰহাটৰ পৰা শিৱসাগৰলৈ আজিকালি নাইট চুপাৰ জোৰত যাবলৈ দিয়া হ’ল নে! এতিয়াও একেই আছে।

***

5 Comments

  • ডলী তালুকদাৰ

    হাঃ হাঃ

    Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ, লেভেল নেৰিবা৷ মজা লাগিল অভিজিত!

    Reply
    • Abhijit Goswami

      ধন্যবাদ দাদা 😊 লেবেল মেইন মানে 🤣 🤣

      Reply
  • জয়ন্ত দাস

    বঢ়িয়া৷ আপুনি যে দিনতেই নাইট চুপাৰ চলাই নিদিলে৷

    Reply

Leave a Reply

Your email address will not be published.