ফটাঢোল

ওলট পালট (হেকাদা ভাৰ্চন) – যোগেশ ভট্টাচাৰ্য

এক আছিল হেকা দাদা
সদায় চেলাই নহৰু আদা
কথাই কথাই এদিন দাদাই
বাইদেউক দিলে ৰন্ধাৰ ৱাদা

দাদাই ক’লে ফিতাহি মাৰি

নিজহাতে ধৰি বেলনা মাৰি,
আবেলিটো তুমি যিমান ৰান্ধা
মিনিটৰ মোৰ কাম,
মিছা কৈছোঁ যদি অমুকা হেকাই
এমাহ একো নাখাম।

বাইদেৱেও উঠিল দাং খাই

উত্তৰ দিলে দাদালৈ চাই,
বিয়াৰ পিছতে এদিন আবেলি
ৰান্ধিছিলা তুমি ভাত,
সেইদিন ধৰি দুনাই লোৱা নাই
পাকঘৰৰ পিনে বাট।

কাইলৈ বাৰু পৰমান চাম

নহৰু বাকলি ময়েই গুচাম।
তুমি হ’বা মেইন ৰান্ধনি
দিবা মোক গাড়ীৰ চাবি
মছলা পাতি সকলো আছে,
লগতে আলু, পিয়াঁজ, কবি।
চাহ বনাবা ভাত ৰান্ধিবা
আৰু মঠিবা আটা
তেতিয়াহে তোমাক মই
বুলিম বৰ মতা।

পিছদিনাখন হ’ল পুৱা

হেকাদা হ’ল পাকঘৰমুৱা৷
বাইদেউ ওলাল ষ্টিয়েৰিং ধৰি
মাংস কিনিবলৈ
দাদা থাকিল সেইদিনা
ফেচবুকত অনলাইন হৈ।
বাইদেউ আহিল বজাৰৰপৰা
লগত আনিলে হাঁহ, কোমোৰা
তেঁৱো পালে সেকাপালি
মুখেৰে নোলাই মাত
ট্ৰেফিকত ফচি, ক্লাচ ব্ৰেক মাৰি
বিষালে ভৰি হাত।

হেকাদাই ক’লে হাত যুৰি

ঘৰৰ কাম-বন অকলে নোৱাৰি।
খোৱা নাই দিনটো ভাত-পানী
চাহো খোৱা নাই মই
কুকাৰত লাগি হাত পুৰিল, এতিয়া
তেলত দাইল দিবলৈও ভয়।
নিমখ বুলি আঞ্জাত চৌদা ঢালি দিলোঁ
তেল বুলি কলাখাৰ
একাঁঠু পানীত এমুঠি চাউল দিয়াত
কুকাৰেও মানিলে হাৰ।

বাইদেৱে ক’লে, শুনকচোন হেৰি

গাড়ী চলোৱাও বৰ দিগদাৰী।
বজাৰৰ মাজত পাৰ্কিং বিচাৰি
হাবাথুৰি খালোঁ মই
দুমাইল দুৰৈত গাড়ী ৰখাই পুলিচে
খোজকাঢ়ি যাবলৈহে কয়।
হৰ্ণ মাৰিলেও গাড়ীবোৰেচোন
চাইড নিদিয়ে পায়
পিছৰ গাড়ীবোৰে অভাৰটেক কৰি
কেৰাহিকৈ চাই যায়।

দাদাই বোলে ঠিকেই হেৰা

মিছা নকওঁ এক কঢ়া
যাৰ যিটো অভ্যাসৰ কাম
তাতেই পাৰ্গত হয়
হাঁহটো কেৰাহিত তুমিয়েই চম্ভালা
আদা নহৰু চেলাওঁ মই।
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.