ফটাঢোল

ওৱান ফৰ বেড্ টু ফৰ গুড্ থ্ৰি ফৰ বেটাৰ,ফ'ৰ ফৰ লভাৰ – জীতামণি দত্ত

বুঢ়া আঙুলিৰ কাষৰ সোঁহাতৰ লিহিৰি আঙুলিটো আৰু অনামিকা আঙুলিৰ কাষৰ মধ্যমা আঙুলিটো একেলগ কৰি চকুৰ আগত বা ক’ৰবাত হ’লেও দুটা বা চাৰিটা শালিকা দেখিলে ওঠৰ ওপৰত বিশেষ সুখী ভংগীমাত যিটো চুমা বতাহত এৰি দিয়া হয় , নিশ্চয় অতীতৰ সেই ছৱিখন প্ৰতিজনী ছোৱালী বা ছোৱালীকাল এৰি সাংসাৰিক মায়াত বন্দী বহুগৰাকী নাৰীৰ মনত সজীৱ হৈ আছে বা স্মৃতি হৈ কেতিয়াবা আমনি কৰে ।

” আজি তোৰ যে মন বেয়া কি হ’ল ?” ইজনীয়ে সিজনীক সোধো ,লাগিলে ঘৰত বা জীৱনত সুখে চপচপাই থাকক ,দুখটো হ’ল ৰাতিপুৱাই খিৰিকীমুখত কাজিয়া কৰিছিল নে ভোকত টেটুঁফালি আছিল শালিকী হাল ,চাওঁ বুলি ঢহমহাই শোৱাপাটীৰ পৰা স্ফূৰ্তিমনে উঠি আহি যদি দেখা যায় যে এটা হে আছে বাকীটো উৰি গ’ল ,দিনটোলৈ বাৰু কাৰ মন বেয়া নালাগিব !

এতিয়া ভাবিলেই হাঁহি উঠে ,সাধাৰণ চৰাই এবিধক লৈও জীৱনৰ ইমান হিচাপ _নিকাচ ,আজিকালি ল’ৰাছোৱালীয়ে অন্ধবিশ্বাস বুলিয়েই হাঁহিব। কি যে মিঠা আছিল সেই দিন বোৰ।

লগৰ এজনীয়ে অংকৰ ক্লাছত চাৰে বৰ্ডত বুজাই থাকোতে খিৰিকীৰ সিপাৰে জেওৰাত পৰি থকা শালিকা এহাল দেখি ক্লাছৰ কথা পাহৰি “থেঙ্ক গড্” বুলি আঙুলি দুটা অভ্যাসবশত: লগলগাই যিটোহে চুমাৰ শব্দ কৰিলে চাৰে গোটেই ক্লাছটো তাইক থিয় কৰাই থ’লে।

মোৰ মা_দেউতা শিক্ষক। তেতিয়া দেউতাৰ ওচৰত গণিত ,বিজ্ঞান আৰু ইংৰাজী গ্ৰামাৰ শিকিবলৈ তেখেতৰ স্কুলৰ ল’ৰা কেইজনমান আহে ।

“চাৰ আছেনে “বুলি মোক দুৱাৰ মুখতে সেইদিনা পাই সোধা প্ৰশ্নটোৰ হা না কৰিবলৈ নাপাওঁতেই টেকটেকাই দুটা শালিকা গে’টত পৰিলহি ,ল’ৰাকেইজন সন্মুখত ,শালিকাহাল লহৰ দি গে’টত । সকলো পাহৰি বিশেষ ভংগীমাৰে আঙুলি দুটা মুখত লগাই মোৰ বতাহত এৰি দিয়া চুমা,হাঁহিৰ শব্দত হুচ আহি দৌৰ ধৰিলো ,সিদিনা সেই দাদা কেইজনৰ মই চাৰৰ জীয়েক নহৈ আন হোৱা হ’লে ভাল কিৰিলি উঠিলহেঁতেন। দিনৰ দিনটো নোলালো লাজত কোঠাৰ পৰা।

অংকত চোকা ছোৱালীজনী ..সকলো কৰিছে ,পৰীক্ষাও ভাল হৈছে , মনটো মাৰি আছে কাৰণ পুৱাই এটা শালিকা দেখি আহিছে।

ঢংটো থাকি গ’ল বহুদিনলৈকে। বিয়া হৈ গ’ল মোৰ ।নতুন ঘৰত গৈও ওৰণি বাৰণি লৈও দুটা শালিকা দেখিলে চুমা, চাৰিটা চাবলৈ সময় ক’ত ! এদিন শাহুমাৰ লগত পিছফালে এনেই কথা পাতি আছো ,টপাটপ চুমা আঙুলি দুটাৰে ,মায়ে বোলে কি হ’ল অ’! _মই ক’লো মা সৌদুটা শালিকা ।তেখেতে হাঁহিত বাগৰি ফুৰিছে বোলে সৌজন ওচৰৰে বৰজনা এইপিনেই আহি আছে চুমা থোৱা ওৰণি টানা। পতিদেৱৰ লগৰ দুজন বন্ধু আহিল মোক মানে বন্ধুপত্নীক চাই চিনাকী হ’বলৈ ।বাৰান্দালৈকে ওলাই গ’লো এওঁৰ পিছে পিছে। কাষৰ ঘৰৰ জেওৰাত দুটা শালিকা ক’ৰ পৰানো আহি পৰিলহি ,সকলো পাহৰি টপৰ টপৰ মুখত আঙুলি লগাই চুমা।এও ঁ ক’লে-সেইবোৰ সামৰা লগৰকেইটাৰ আগত নাক কাণ নাকাটিবা।

হে ভগৱান! নোলাবি অ’ শালিকা।অভ্যাসটো আঁতৰ হওঁক।কিন্তু কোলাত কেচুৱা লৈও বহুদিনলৈকে শালিকাৰ চুমা।অভ্যাসটো হেৰুৱালৈ দিন লাগিল।

এতিয়া বিপন্ন আবেলিৰ শেষ কিৰণ সানি সানি বয়স হেৰুৱাই ,সময় গৰকি আগুৱাই গৈ থকা কিছুমান মূহুৰ্তত ভুৰুংকৈ ক’ৰবাৰ পৰা আহি শালিকা এহাল ৰান্ধনীশালৰ খিৰিকীমুখত পৰেহি ।কেতিয়াবা ৰাতিপুৱাই আহি মোক জগাইহি ,চাউল দাইল যি পাওঁ খাবলৈ চটিয়াই দিওঁ।অবিৰত কামৰ ব্যস্ততা আৰু সাংসাৰিক দায়িত্বৰ পৰা মূৰ তুলি চাবলৈও সময় নহয় এটা নে দুটা নে চাৰিটা।সিহঁতেহে চাগে মোক চুমা যাচে ,এইখন দুনিয়াত যে চাউল এমুঠিৰ বাবেও চিন্তা।মই যুগৰ বাটে বাটে নতুনক খেদি ফুৰো খোজ দিওঁ অসীমলৈ, ঘুৰি চাবলৈ এপলকো সময় নোহোৱাকৈ। তই নোহোৱাকৈয়ে মানুহক ধৰাশায়ী কৰি যায় ভাল ,বেয়া ,ভালপোৱাই ,,,,তইও নাজান চাগে শালিকী বিপন্ন সময় একোটা মুঠিত ভৰাই জীৱনটো আগুৱাই নিয়াই সকলোৰে কাম্য।কি যে দিনকাল ,তইতো নাজান আজিকালি চুমাবোৰো ধৰাশায়ী,মহামাৰী!!

☆★☆★☆

3 Comments

  • Ajoy Sankar Dutta

    সুন্দৰ হৈছে আৰু সচাঁ কথাখিনি বৰ ধুনীয়াকৈ উপস্থাপ কৰিছ । ভাল লাগিছে পঢ়ি । পাৰ কৰি অহা দিনলৈ মনত পৰি গৈছে । আগলৈ আৰু এইদৰেই লেখি যাবি ।

    Reply
  • Jeeta Dutta

    অশেষ ধন্যবাদ ডিয়েৰ ফ্ৰেণ্ড

    Reply
  • বঢ়িয়া!

    Reply

Leave a Reply

Your email address will not be published.