কঁঠাল চোৰৰ আঠাই সাক্ষী – ৰঞ্জু হালৈ মুনি
“নিলে ঐ নিলে, মোৰ কঁঠালটো চোৰে নিলে।”
ৰাতিপুৱাই নৰেশ্বৰ দাইটিয়ে হায়ৈ বিয়ৈখন লগোৱা দেখি চুবুৰিটোৰ গোটেই মানুহবোৰ আহি দাইটিৰ ঘৰত গোট খালে। সকলোৱে বিভিন্ন প্ৰশ্নৰে দাইটিক ব্যতিব্যস্ত কৰিবলৈ ধৰিলে।
: কঁঠালটো দেখিবলৈ কেনেকুৱা আছিল?
: ওজন কিমান মান হ’ব দাইটি?
: কঁঠালটো সেই গছৰ গুৰিতেই লাগিছিলনে?
মানুহবোৰৰ এশ এটা প্ৰশ্ন।
: হয় অ’ কঁঠালটো গছৰ গুৰিতেই লাগিছিল। ওজনো ভালেখিনি হ’ব৷ যোৱাকালি ৰাতি শুবলৈ যোৱাৰ আগতেও চাই গৈছিলোঁ মই। কিন্তু ৰাতিপুৱা শুই উঠিয়েই চাই দেখোঁ যে কঁঠালটো নাই।
: হেৰি ঐ নৰেশ্বৰ, তোৰ কাক সন্দেহ হয়।
গাঁওবুঢ়াই সুধিলে।
: গাঁওবুঢ়া দেউতা গোটেই চুবুৰিটোৰ মানুহবোৰেই মোৰ বুকুৰ আপোন। মই কাকো অবিশ্বাস কৰিব নোৱাৰোঁ।
গভীৰ হুমুনিয়াহ কাঢ়িলে নৰেশ্বৰ দাইটিয়ে। নৰেশ্বৰ দাইটি এই গাঁওখনলৈ আহি পাম খোৱা বহুবছৰেই হ’ল। আচল ঘৰ বৰভাগৰ ফালে। ইয়াতেই বিয়া বাৰু কৰাই আজীৱন ৰৈ গ’ল। খেতি মাটিও সৰহ। খেতিৰ ধানেৰে বছৰটো খাবলৈ জোৰে। এই গাঁওখনৰ মানুহবোৰে নৰেশ্বৰ দাইটিক বৰ ভাল পাই। কথাই পাতিয়ে নৰেশ্বৰ দাইটি বৰ নম্ৰ। গাঁওখনৰ প্ৰত্যেকঘৰ মানুহৰে বিপদৰ সময়ত নৰেশ্বৰ দাইটি হাজিৰ। ইফালে দাইটি, সিফালে দাইটি মুঠতে দাইটি নহ’লে নহয়। সেই মানুহজনৰেই বস্তুত যে কোনোবাই হাত দিব সেয়া সপোনৰো অগচোৰ।
: কথাবোৰ চালি জাৰি জাৰি চাই মই এটা কথা গম পালোঁ যে কঁঠালটো গাঁৱৰ ভিতৰতেই আছে।
গম্ভীৰভাবে গাঁওবুঢ়াই ক’লে।
: গাঁৱৰ ভিতৰতেই আছে মানে!
নৰেশ্বৰ আচৰিত হ’ল। গাঁওবুঢ়া দেউতাই কেনেকৈ ইমান দাঠি ক’ব পাৰিলে যে কঁঠালটো গাঁওৰ ভিতৰতেই আছে। মানুহবোৰৰ মাজত গুণগুণনি উঠিল। কোনে চোৰ কৰিব পাৰে কঁঠালটো সেই লৈ গভীৰ আলোচনাত নিমগ্ন হ’ল প্ৰত্যেকে।
: যোৱাকালি ৰাতি হৰেণহঁতৰ ঘৰৰ পৰা পকা কঁঠালৰ গোন্ধ পাইছোঁ। মোৰ বিশ্বাস এই কামটো হৰেণেই কৰিছে।
কোনোবা এজনে ক’লে।
: আমাৰ ছাগলীজনীয়ে কালি কৰবাত কঁঠালৰ বাকলি খাই মুখখনত এঠা লগাই আনিছে।
নানাজনৰ নানা কথা। কাৰ কাক সন্দেহ হয় তাৰেই বু বু বা বা। চকু পাৰি দেখিব নোৱৰা জনলৈ প্ৰথমেই সন্দেহৰ আঙুলি।
: মোৰ মতে সিয়েই হ’ব৷
মাটিৰ সীমাৰ বাবে কাজিয়া লাগি থকা গজেনৰ সন্দেহৰ আঙুলি প্ৰতিৱেশী কানুলৈ। এনেকৈ লাজ দিব পাৰিলেও মনটোৱে শান্তি পাই অলপ।
: মই এবাৰ গছজোপাৰ ওচৰৰ পৰা চাই আহিব লাগিব।
কথাখিনি কৈ গাঁওবুঢ়াই গছজোপাৰ ওচৰলৈ গ’ল।তেওঁৰ পিছে পিছে বাকীবোৰো গৈ গছজোপাৰ ওচৰ পালে।
: মোৰ বোধেৰে কঁঠালটো চাৰি মান বজাত কাটি নিছে৷
গছজোপালৈ চাই গাঁওবুঢ়াই ক’লে। তেওঁ দেখিলে গছজোপাৰ গুৰিৰ পৰা আঠা বৈ এটা ৰাস্তাৰ দৰে হৈছে।
: চোৰে কঁঠালটো চোচোৰাই নিছে।
গাঁওবুঢ়াৰ কথাত সকলো হতভম্ব হ’ল।
: আপুনি কেনেকৈ জানিলে গাঁওবুঢ়া দেউতা যে চোৰে কঁঠালটো চোচৰাই নিছে।
এজনে সুধিলে।
: কঁঠালটো যিহেতু ডাঙৰ গতিকে চোৰে কঁঠালটো দাঙি নিব পৰা নাই।
: আমি এই আঠাৰ পিছে পিছে গ’লেই চোৰৰ সম্ভেদ পাম।
: গাঁওবুঢ়াৰ কথাত পুনৰ মানুহবোৰৰ মাজত গুণগুণনি উঠিল।
: তহঁত সকলোবোৰ নৰেশ্বৰৰ চোতালত বহি থাক মই এতিয়াই আহি আছোঁ।
এইবুলি গাঁওবুঢ়াই বেগা বেগিকৈ তাৰ পৰা আঁতৰি গ’ল। এইবাৰ সকলোৱে অবাক হোৱাৰ পাল। কলৈ যায় গাঁওবুঢ়া দেউতা। পিছে পিছে যাব পৰা হ’লে ভাল আছিল।
: মোৰ পিছ নলবি৷
গাঁওবুঢ়াৰ কথাত উতনুৱা কেইজন উভতি আহিল।
: ঘন অ’ ঘন উঠিছনে তই?
গাঁওখনৰ ন-বোৱাৰী নীলিমাই চোতালখন সাৰি গোবৰ পানী ছটিয়াই হাতখন ধুবলৈ দমকলৰ পাৰলৈ গৈ কাৰোবাৰ মাত শুনি চাই দেখে যে গাঁওবুঢ়া আহিছে।ওৰণিখন লৈ তাই গাঁওবুঢ়াক মাত লগালে।
: পিতা পাটীৰ পৰা উঠাই নাই গাঁওবুঢ়া দেউতা।
: হয় নিকি? পিছে তোমাৰ মানুহজন একা।
: তেখেতো উঠা নাই।
: তুমি এইফালে আঁহাচোন বোৱাৰী।
গাঁওবুঢ়াই মতাত নীলিমাই তেখেতৰ কাষলৈ গ’ল।গাঁওবুঢ়াই বৰ মনযোগেৰে চোতালখনত কিবা নিৰীক্ষণ কৰি আছে।
: এইবোৰ কঁঠালৰ আঠা হয়নে বোৱাৰী?
নীলামাৰ ফালে ঘূৰি চাই সুধিলে গাঁওবুঢ়াই।
: হওঁতে কঁঠালৰ আঠাই হয় গাঁওবুঢ়া দেউতা।
: এই আঠাবোৰ তোমালোকৰ ভঁৰাল ঘৰৰ ফালেই যোৱা নাইনে বোৱাৰী?
: হয় গাঁওবুঢ়া দেউতা গৈছে, পিচে আপুনি মোক এইবোৰ কিয় সুধিছে!
বুজি নাপায় নীলিমাই সুধিলে।
: নৰেশ্বৰৰ প্ৰকাণ্ড কঁঠাল এটা যোৱাৰাতিয়েই চোৰ হ’ল। তাৰেই আঠাবোৰ চাই চাই মই তোমালোকৰ ঘৰ পালোঁ। সেই কথাতেই আছে নহয় বোলে, “কঁঠাল চোৰৰ আঠাই সাক্ষী।” এতিয়া মই আহোঁ৷ শুই উঠিলে কঁঠালটো গৈ নৰেশ্বৰক ঘূৰাই দি আহিবলৈ ক’বা। মই নৰেশ্বৰক কথাটো কাকো ক’বলৈ মান কৰিম।
কথাখিনি কৈ গপ্গপাই গুচি গ’ল গাঁওবুঢ়া। আনহাতে নীলিমা ঠাইতেই জুপুকা লাগি বহি থাকিল। আচলতে কঁঠালটো কোনে চোৰ কৰি আনিছে! তাইৰ শহুৰেকে নে গিৰিয়েকে?
☆ ★ ☆ ★ ☆
3:27 pm
বঢ়িয়া লাগিল
3:41 pm
হাঃ হাঃ কঠাল চোৰৰ আঠাই সাক্ষী৷ ভাল লাগিল৷