ফটাঢোল

কণ কবিতা-দিলীপ কুমাৰ শৰ্মা

থিয়ৈ থিয়ৈ

শুলে ঘোঁৰা,

নিবিষাই নেকি

ভৰিৰ জোৰা?

মেকুৰীৰ মোছ

হোৱাত দীঘল,

নিগনিয়ে কাটিলে

এদিন চাই চল।

ধুনতী চৰাই

দূৰৰপৰাই,

নেউলক পঠিয়ালে

বুজাই-বঢ়ায়।

ৰ’দ নাই

কি উপায়,

শীতত দেখোঁ

প্ৰাণ যায়।

নঙলাত ওলমি

আবেলি ধেমালি,

নলঙাত পিছে

আহুধানৰ খেতি।

( নলঙা বা নৰঙা মানে আহু খেতিৰ তলি)

গঁড়টোৰ গণনা

গড়মিল বৰ,

গণকক ক’লে- 

বাপু হিচাপ কৰ

মাহীয়ে বজাই

বাঁহৰ বাঁহী,

চাহ খালে

মাৰি হাঁহি।

ওজাৰ পিঠিত

বজাৰৰ বোজা,

তাত নাই

এপাতো মোজা।

পাহাৰ ওখ

টিলা চাপৰ,

চাহেৰে খাবা

ভজা পাপৰ।

১০

নদীৰ মাজৰ

ওখ চাপৰি,

ফুৰিম এদিন

পালে আহৰি।

১১

নৈৰ পানী

থাকে বৈ,

পাৰৰ ইতিহাস

লগত লৈ।

১২

বৰ পুনিৰ

কথা শুনি,

মেটেকা গ’ল

সোঁতত উটি।

১৩

মহানিম

বিচাৰি মহা,

পালেগৈ সিদিনা

নগাঁৱৰ ৰহা।

১৪

খাব যদি খোজা

সকামৰ মধুপৰ্ক,

অবাবত নকৰিবা

পুৰোহিতেৰে তৰ্ক।

১৫

মৌকা বিচাৰি

লৈ গ’ল নৌকা,

কাকাই আনিলে

চাৰিটা চৌকা।

১৬

একগজ কাপোৰ

গজই আনিব গৈ,

গজল শুনিলে

গছৰ তলত ৰৈ।

১৭

মৈ আনিব

কৰি হৈ-ছৈ,

চৈ-দিয়া গাড়ীত

পালেগৈ দিছৈ।

১৮

সাজি দিনে

দহটাকৈ জাপি,

দুমাহতে ধনী

হ’ল সৰু আপী।

১৯

‘আমি’য়ে মাৰি

দীঘলীয়া হামি,

‘ম'”ক সুধিলে

কিয় গৈছা ঘামি?

২০

‘সি’য়ে সিদিনা

‘তাই’ মাতি নি,

মৰমতে দিলে

এপোৱা ঘি।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.