ফটাঢোল

কথাতে কটা যায়, কথাতে বঁটা পায় -মৃদুল নাথ

লোভ, মোহ আদি ৰিপুবিলাক দমন কৰিব পাৰিলেই মানুহ এজনৰ মহাত্মালৈ উত্তৰণ ঘটে। এয়া মই কোৱা কথা নহয়, কোনোবা মহাত্মা এজনে কোৱা কথা। পিছে মনতহে পৰা নাই, বয়সৰ লগে লগে মোৰ নাবাঢ়িবলগীয়াবোৰ বাঢ়িছে, বাঢ়িবলগীয়াবোৰ কমিছে। দিন যিমানে বাঢ়িছে মূৰৰ চুলিয়ে সিমানে বৰণ সলাইছে। ইয়াৰ বাবে অৱশ্যে মানুহজনীৰহে চিন্তা বেছি হৈছে, পাৰ্টি বোৰত মোৰ লগত যাবলৈ লাজে লাগে হেনোঁ, এনেও লাজ নাৰীৰ ভূষণ। ফলস্বৰূপে ঘৰখনত প্ৰতিটো দেওবাৰে পুৱাই বিভিন্ন কাৰ্য্যসূচীবোৰ আৰম্ভ হয়, তাৰ ভিতৰত থাকে জেতুকাৰ মিশ্ৰণ প্ৰস্তুতি পৰ্ব আৰু পিছত মোৰ মূৰত সেই মিশ্ৰণৰ লেপন প্ৰক্ৰিয়া।
বয়সৰ লগে লগে খোৱাৰ ক্ষেত্ৰত অলপ সংযমী হ’ব লাগে বুলিও বিজ্ঞজনে কয়, যি জনে পাৰে সেইজন মোৰ বোধেৰে এজন মহাত্মা। পিচে মোৰ ক্ষেত্ৰত সম্পূৰ্ণ ওলোটাটোহে হৈছে। লোভ আৰু মোহ এই দুই ৰিপুয়ে যিদৰে মোৰ গাত লম্ভিছে, সিপুৰী পালেও যে এৰিব তাতো সন্দেহ আছে। মুঠতে জিভা আৰু মগজুৰ যুঁজত সদায় জিভাখনে আজিলৈকে জিকি আহিছে। তাৰ বাবে ঘৰত নিজৰ মাতষাৰ মানুহজনীৰ ওচৰত যিমান পাৰোঁ সিমান মিঠা কৰিবলৈ যত্ন কৰোঁ। মিঠা মাতষাৰৰ বিনিময়ত যদি মিঠাকৈ এসাঁজ পাব পৰা যায় আৰুনো কি লাগে?
মাতষাৰ মিঠা হ’লে অন্তৰ জিনিব পাৰি। বহু ক্ষেত্ৰত মিঠা মাতষাৰে উন্নতিৰ জখলা হৈ কাম কৰে। বেপাৰ বাণিজ্যত মুখৰ মাতষাৰে মূল।
অফিচৰ কামত প্ৰায়ে ইফালে সিফালে যাব লগা হয়, ঘৰখনৰ পৰা বাহিৰলৈ আহিলে খোৱা সাঁজটোৰ বাবে চিন্তা অলপ হয়। হোটেলত খাবলৈ বিধে বিধে পাওঁ যদিও বেছিকৈ গিলিবলৈ ভয়, এগাল মছলা দি বনোৱা সেই ব্যঞ্জনবোৰ দেখি বকাসুৰে গিলাদি গিলোঁ, পিছতহে আৰম্ভ হয় লটিঘটিবোৰ। মুঠতে লোভ আৰু মোহে মোক কমখন নগুৰ নাকতি কৰিছেনে? সেয়ে পাৰিলে আগতিয়াকৈ প্লেন এটা কৰি কোম্পানীৰ গেষ্ট হাউছতে থাকো, অন্ততঃ ঘৰৰ নিছিনাকৈ দাইল ভাত সাঁজ পাম।
অলপতে অফিচৰ কামত গুৱাহাটীলৈ আহিছিলোঁ, ঘপহকৈ আহিবলগীয়া হৈছিল যদিও ভাগ্যক্ৰমে গেষ্ট হাউছত ৰুম এটা পালোঁ। দিনটো কামত ঘূৰি ফুৰি ভাগৰত ক’ব নোৱাৰা হৈ সন্ধিয়া সময়ত বেলতলাত থকা গেষ্ট হাউছত সোমালোঁ। ৰাতিটো কটাই পিছদিনা পুৱাই আকৌ উভতিম নুমলীগড়লৈ। কলিং বেলটো বজোৱাত ল’ৰা এটাই ওলাই আহি এথেবেথে মোৰ বাবে ৰাখি থোৱা ৰুমটোলৈ মোক লৈ গ’ল। ল’ৰাটোৰ অচিনাকী মুখখন আৰু ব্যৱহাৰত বুজি পালো, ল’ৰাটো নতুনকৈ কামত সোমাইছে। মৰমেৰে মাতষাৰ দিয়াত ল’ৰাটোৰ অতিথি আপ্যায়নতাৰ কোব চৰিল। অলপ পিছতে আহি সুধিলে, “ছাৰ, ৰাতিলৈ কি খাব?”
মনটো ভাল লাগি গ’ল। ল’ৰাটোক ওচৰলৈ মাতি ক’লোঁ, “বোপাই অ, ভালকৈ এসাঁজ খাবলৈ মন আছে দেই। পিচে মনে বিছৰা মতে খুৱাব পাৰিবাতো?”
“ছাৰ, আপুনি মাত্ৰ মনৰ কথা কওক, বাকী মোৰ ওপৰত এৰি দিয়ক।”
ল’ৰাটোৰ কথা শুনি মোৰ মুখত হাঁহি বিৰিঙি উঠিল। লগে লগে দুই ৰিপু সাংঘাতিকভাবে সক্ৰিয় হৈ উঠিল। তাৰ মুখখনলৈ এবাৰ চাই এবাৰ নিজৰ ক্ৰমবৰ্দ্ধমান পেটটোলৈ চাই লাহে লাহে পেটত হাত বুলাই বুলাই মিঠাকৈ ক’লোঁ,” সৰু সৰুকৈ কটা, মচমচিয়াকৈ ভজা আলুভাজি এখন দিবা। বিলাহী এটা পুৰিবা, নিমখ তেল কেঁচা পিয়াজ আৰু মান ধনীয়া দি পিটিকা এখন কৰিবা। ডিম আৰু আলু বইল কৰি তাত আছে যদি অলপ বাঁহগাজ দি তাৰো পিটিকা এখন বনাবা।বয়স হ’ল বুজিছা, মাংস কমে খাওঁ আজিকালি। মাংস নালাগে দিয়া, ভাঙন মাছ দুটাকে গৰমে গৰমে ভাজি দিবা। দাইল, সব্জি এনেও থাকিবই যেতিয়া পাপৰ এখনকে ভাজি দিবা। চালাড অলপ লগত দিলে বেয়া নাপাওঁ। শেষত মিঠা দৈ অকণমান আৰু তাত ভাল ৰসগোল্লা এটা দি দিলে আৰু একোৱে নালাগে।”
কথা খিনি কৈ উঠি দেখিলোঁ যে ল’ৰাটোৰ মুখখন মেল খাই আছে। কোনোমতে সেপ ঢুকি ল’ৰাটো ভিতৰলৈ সোমাই গ’ল। অলপ পিছতে ভিতৰৰ পৰা উষ্ম কথোপকথন ওলাই আহিবলৈ ধৰিলে। বুজিলোঁ, ৰান্ধনীজন তাৰ ওপৰত ভীষণভাবে অসন্তুষ্ট। ৰান্ধনী জন অৱশ্যে অসন্তুষ্ট হোৱাৰ কাৰণ নথকা নহয়, মোক আগৰে পৰা চিনি পায়, পুৰণি মানুহ। লগতে জানে মোৰ চখবোৰ। মোৰ গাৰ ওপৰত লম্ভি থকা দুই ৰিপুৰ বিষয়ে খুব ভালদৰেই জ্ঞাত। মোক দেখিলেই ভুত দেখাদি দেখে। তাৰোপৰি  আজি গেষ্ট হাউছত অতিথি হিচাপে মই অকলে, সেয়ে ৰান্ধনী বপুৰাই ভাবি আছিলে ভাত, দাইল আৰু কিবা ভাজি এখন বনাই কাম সামৰিব। ফ্ৰীজত  দুপৰীয়া ৰৈ যোৱা মাংস আছিলেই, তাকে অলপ গৰম কৰি তেনেকৈ কামফেৰা চলাই দিব। নতুনকৈ সোমোৱা বহুবল্কী ল’ৰা জনৰ পাল্লাত পৰি এতিয়া সি বেচেৰা বেয়াকৈ ফচিল। ফলস্বৰূপে দুয়োৰে উষ্ণ কথোপকথন, মই কথাবোৰ নুশুনা ভাও জুৰি টিভি চাব ধৰিলোঁ। মনতে ভাবিলোঁ, দেখা যাওকচোন ল’ৰাজনে আজি পৰিস্থিতিটো কিদৰে চম্ভালে।
অলপ পিছতে ল’ৰাটোৱে ৰান্ধনীজনক কোৱা কথাষাৰে মোৰ কৰ্ণগহ্বৰত টুকুৰিয়ালে। তাৰ মাতটো যথেষ্ট মিঠা হৈ ওলাইছে। মিহি মিহি কোৱা কথাকেইটা মোৰ কাণত পৰিল, “ককাইদেউ অ, ছাৰে আইটেমবোৰৰ কথা কওঁতে মোৰো কিবা মনটো ভাল লাগি গ’ল হে। দেখাত বেছি হ’লেও আপোনাৰ বাবে এয়া কেঁঞা আঙুলিৰ কাম। মন কৰিলেই চন। আপুনি নিজে ভাবকচোন, কিমান দিন হ’ল আমিও এনেকৈ এসাঁজ খোৱা নাই। তাতে আজি মানুহো নাই, ছাৰ অকলে। আমাৰ দুজনৰ বাবে বনোৱা বুলিয়ে ধৰি লওকচোন, জুতি লগাই এসাঁজ পিকনিক খোৱাদি খাওঁ আমি। মই লাগি দিমেই নহয় লগত।”
ৰান্ধনীজন শান্ত হৈ পৰিল। পাকঘৰৰ পৰা আহি থকা দুয়োৰে মুখৰ শব্দবোৰৰ ঠাইত বাচনবোৰৰ পৰা অহা খুটুং খাটাং শব্দবোৰে মোৰ কাণত আঘাত কৰিবলৈ ধৰিলে। অলপ পিছতে ল’ৰাজনে মোনা এখন লৈ বাহিৰলৈ ওলাই গ’ল, ওচৰতে মাছৰ বজাৰখন। তাৰ মুখত যুদ্ধ জয়ৰ হাঁহি। মোৰো মনটো মোৰ অনাবিল আনন্দৰে ভৰি পৰিল। ক’ব নোৱাৰাকৈ হাতখনে মোৰ পেটটো মহাৰিব ধৰিলে। বুজিলোঁ, ল’ৰাটোৰ জীৱনত উন্নতি আছে।
☆ ★ ☆ ★ ☆

11 Comments

Leave a Reply

Your email address will not be published.