ফটাঢোল

কন্যা সন্তানক ভাল পাবলৈ শিকক- নয়নমণি দত্ত নেওগ

পৃথিৱীৰ প্ৰত্যেক গৰাকী নাৰী বা পুৰুষে বিবাহৰ পাছত এটি সন্তানৰ কামনা কৰে। তাৰবাবে বহুলোকে নামঘৰ, মছজিদ নতুবা মন্দিৰৰ দুৱাৰে দুৱাৰে গৈ ভগৱানৰ ওচৰত নৈবেদ্য আগবঢ়াই মূৰ দোঁৱায় আৰু কিমান দুখ-যন্ত্ৰণাৰ পাছত এটি দেৱশিশু তেওঁলোকৰ জীৱনলৈ আগমন ঘটে সেইকথা এগৰাকী পিতৃ-মাতৃৰ বাহিৰে কোনেও বুজি নাপায়। কিন্তু এইসকল পিতৃ-মাতৃৰ মাজতো এনে বহুলোক আছে যিসকলে এনে কষ্টৰ মাজেদি এটি সন্তান জন্ম দিয়াৰ পাছত বা প্ৰসৱ হোৱাৰ আগতেই যেতিয়া সেই সন্তানটি কন্যা সন্তান বুলি গম পাই তেতিয়া তেওঁলোকে সেই কন্যা সন্তানটিক গৰ্ভতেই শেষ কৰে নতুবা কোলা ভৰি পৰাৰ পাছত সন্তানটিক চকুৰে চাবলৈ বা চুবলৈও কুণ্ঠাবোধ কৰা দেখা যায়। এগৰাকী পিতৃ-মাতৃ হৈ সন্তানৰ মাজত কিয় ইমান ভেদাভেদ! কিয় তেওঁলোকে সন্তানৰ মাজত এনে পাৰ্থক্যৰ চিন ৰাখে! কিয় এবাৰলৈ ভাবি নাচাই যে তেওঁলোকো এগৰাকী মাতৃৰ গৰ্ভৰপৰাই জন্ম পাই আহিছে। পিতৃ-মাতৃক চোৱাৰ হেঁপাহেৰে পৃথিৱীলৈ অহাৰ আগতেই সেই নিস্পাপ শিশুটিক কেনেকৈ বাৰু হৃদয়খন উকা কৰি পঠিয়াই দিব এগৰাকী মাতৃ তথা পিতৃয়ে। এবাৰলৈও তেওঁলোকৰ অন্তৰখনে হাঁহাকাৰ কৰি নুঠেনে বাৰু!

এজন পুৰুষ আৰু এগৰাকী মহিলাই বিবাহপাশত আবদ্ধ হোৱাৰ পাছৰপৰাই তেওঁলোকে নিজ ইচ্ছামতেই পিতৃ-মাতৃ হ’বলৈ বিচাৰে। তেওঁলোকে প্ৰথমে পিতৃ-মাতৃ হোৱাৰ আগতে কেৱল যে ল’ৰা সন্তানেই লাগিব এনে মনোভাৱ মনৰপৰা মোহাৰি পেলাব লাগিব। যদি এনে মনোভাৱ মনত পুহি ৰাখে তেনেহ’লে তেওঁলোক ভৱিষ্যতে এজন সফল অভিভাৱক কেতিয়াও হ’ব নোৱাৰিব আৰু সন্তানক ভাল শিক্ষা কেতিয়াও দিব নোৱাৰিব। যিহেতু আমি এখন শিক্ষিত সমাজত বাস কৰোঁ। তেনে ক্ষেত্ৰত আমাৰ মনবোৰ কিয় বহল দৃষ্টিভংগীৰ হ’বপৰা নাই, কিয় আজিও আমাৰ মনত কন্যা সন্তানক লৈ ইমান প্ৰশ্ন? এগৰাকী কন্যা বা পুত্ৰ সন্তান জন্ম দিওঁতা গৰাকী জানো কাৰোবাৰ মাতৃ, কাৰোবাৰ ভগ্নী বা আন কাৰোবাৰ জানো জী নহয়! তেনেহ’লে আমি কন্যা সন্তানক কিয় ইমান ঘৃণাৰ পাত্ৰ কৰি তুলোঁ? এয়াই জানো আমাৰ মানৱীয়তাৰ পৰিচয়!

যি সময়ত আজিৰ মহিলাই পুৰুষৰ সমানে খোজ দি নিজকে সংস্থাপন কৰি তোলাৰ লগতে বিভিন্ন কৰ্মৰ যোগেদি নিজৰ ঠাইখনৰ লগতে নিজৰ দেশৰ নাম উজলাই তুলিছে তেনে সময়ত আমাৰ সমাজত সন্তানৰ প্ৰতি কিয় ইমান ভেদাভেদ! আমি যদি কেইগৰাকীমান মহিয়সী নাৰীক চাওঁ তেনেহ’লে দেখিম যে তেওঁলোকে নিজৰ প্ৰতিভাৰে তথা নিজৰ কৰ্মস্পৃহাৰ মাজেদি কিদৰে বিশ্বদৰবাৰত নিজৰ নাম সোণোৱালী আখৰেৰে লিখি গৈছে তেনেহ’লে আমি কন্যা সন্তান জন্ম দিয়াৰ কিয় অধিকাৰ নাই? ভাৰতীয় প্ৰথম গৰাকী মহিলা স্বৰ্ণজয়ী ৰূপে খ্যাত দৌৰবিদ হিমা দাস, নিজৰ স্বামীৰ মংগল তথা নিজৰ দেশৰ হকে জীৱন উৰ্চগা কৰা গদাপাণিৰ পত্নী সতী জয়মতী, দেশৰ প্ৰথম মহিলা ৰাজ্যপাল তথা নাৰী শিক্ষাৰ পৃষ্ঠপোষক সৰোজনী নাইডু, অসমৰ প্ৰসিদ্ধ ফেশ্বন ডিজাইনাৰ তথা দাদা চাহেব ফাল্কে এক্সচিলেন্স বঁটা প্ৰাপ্ত সংযুক্তা দত্ত, অসম কেডাৰৰ প্ৰথম অসমীয়া মহিলা আই পি এছ সংযুক্তা পৰাশৰকে আদি কৰি যিসকল মহিলাই নিজৰ কৰ্ম উদ্যমেৰে নিজৰ নাম উজ্জ্বলাবলৈ সক্ষম হৈছে, তেনে সময়ত আমাৰ সমাজৰ মানুহৰ মনবোৰো সলনি কৰি কন্যা সন্তানক ভাল পাবলৈ শিকা উচিত। যিদৰে এজন পুৰুষে চাকৰি কৰি নিজৰ ঘৰখন পোহপাল দিয়াৰ লগতে ঘৰৰ সকলো সমস্যা সমাধান কৰি এখন ঘৰ নিয়াৰিকৈ চলাই থকাৰ দৰে এগৰাকী মহিলায়ো পুৰুষৰ সমানে খোজত খোজ মিলাই চাকৰিকে আদি কৰি সন্তান, স্বামী, পিতৃ-মাতৃৰ সকলোবোৰ দায়িত্ব পালন কৰি এখন ঘৰ সূচাৰুৰূপে চলাই নিয়া দেখা যায়। তেনে ক্ষেত্ৰত আমি কন্যা সন্তানক হীন চকুৰে চোৱাটো বহুতেই দুখনীয়।

বহু পিতৃ-মাতৃয়ে গৰ্ভধাৰণ কৰাৰ পাছত চিকিৎসকৰ কাষ চাপি ল’ৰা সন্তান হ’ব নে ছোৱালী সন্তান হ’ব সেই বিষয়ে নিৰ্ধাৰিত হোৱা দেখা যায়। যাৰ ফলত বহু পিতৃ-মাতৃয়ে কন্যা সন্তানৰ ভ্ৰুণে গৰ্ভত থিতাপি লোৱাৰ কথা জনাৰ পাছত সেই ভ্ৰুণ গৰ্ভতেই শেষ কৰাৰ সংকল্প লয়। কিন্তু ই কিমান ঘৃণনীয় তথা নিকৃষ্ট কাম সেই কথা তেওঁলোকে পাহৰি পেলাই নিজ হাতেৰেই নিজৰ শিশুটিক মৃত্যুৰ মুখলৈ ঠেলি পঠিয়ায়। এনেকৈ ভ্ৰুণ হত্যা কৰাটো এক দণ্ডনীয় অপৰাধ। সমাজত বাস কৰা কোনো এজন যদি পিতৃ তেন্তে কোনো এগৰাকী মাতৃ আৰু সেই পিতৃ-মাতৃয়ে নিজ সন্তানৰ ভবিষ্যতৰ কথা ভাবিয়েই তেওঁলোকক এটা উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তোলে আৰু এজন আৰ্দশৱান ব্যক্তি হিচাপে গঢ় লৈ উঠিব পাৰে তাকেই প্ৰতিটো মুহূৰ্ততে কষ্ট কৰা দেখা যায়। সন্তান যদি এজন আদৰ্শৱান ব্যক্তি হ’ব তেনেহ’লে পোন প্ৰথমে অভিভাৱকসকল একো একোজন আদৰ্শৱান পিতৃ-মাতৃ হৈ উঠক আৰু নিজৰ মনবোৰ সলনি কৰি সন্তানৰ প্ৰতি কোনো ভেদাভেদ নাৰাখি পুত্ৰ সন্তানেই হওক বা কন্যা সন্তানেই হওক ভাল পাবলৈ শিকক। তেহে আমাৰ পিছৰ প্ৰজন্মক আমি উপযুক্ত শিক্ষাৰে মানুহ হিচাপে গঢ় দিব পাৰিম।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.