ফটাঢোল

কবি সন্মিলনৰ ইলিজী – নৱজিৎ বৈশ্য

এদিনৰ কথা
বহি আছিলোঁ কবিৰ সভাৰ এচুকত
কবিতা শুনি বহি থাকোঁ‌তে
মোৰ নখবোৰে আঁচুৰিবলৈ ধৰিলে মোক

অৰ্থৰ ঢালেৰে প্ৰতিহত কৰি
শব্দৰ খঞ্জৰ
কোনোমতে বহি থাকিলোঁ
যিদৰে কবিৰ সভাত কাব্যৰসিক
এজন বহি থাকে বুলি মোৰ বিশ্বাস

মোৰ বিশ্বাসৰ সৰলতাক দুৰ্বলতা প্ৰতিপন্ন কৰি
লাহে লাহে মাতাল জিঘাংসু হৈ উঠিল
মোনাৰ পৰা ফাইল-ডায়েৰী-জেপৰ পৰা উফৰি অহা শব্দবোৰ

হত্যা ধৰ্ষণ লুণ্ঠন অগ্নিসংযোগ চুৰিকাঘাট
ৰঙা ওঁ‌ঠ গোলাপী গাল নীলা আঁ‌চল
আদি শব্দবোৰ উন্মত্ত হৈ উঠিল
আৰু আক্ৰমণ চলালে মোৰ শব্দৰ চুবুৰিত
উদণ্ড শব্দবোৰৰ হাতত নিগৃহীত
মোৰ শব্দবোৰ পিছহুঁ‌হুকিবলৈ ধৰিলে

আৰু অৱশেষত
কাব্য প্ৰত্যন্তৰ মোৰ গাঁওবোৰৰ পৰা
যেনিয়ে-তেনিয়ে পলাল
মোৰ শব্দবোৰ
এৰি থৈ কৌপাতৰ চালিৰে সজা
‘বঞ্চিত বহুজনৰ দৰে’ পঁজা

অচিনা অৰণ্যত মাজ নিশালৈ ধপলিয়াই
ভোক আৰু ভাগৰত লেবেজান হোৱাৰ পাছত মই বুজি পালোঁ
মোৰ শব্দৰ দেশ উছন কৰা আক্ৰমণকাৰীহঁত
শব্দ নাছিল আছিল উচ্চাৰণ

কবিৰ সভাত
কবিতাতকৈও শক্তিশালী হয়
কবিতা লিখা মানুহজন
শব্দতকৈ শক্তিশালী হৈ পৰে উচ্চাৰণ

সেয়েহে শব্দবোৰৰ সুস্বাস্থ্যৰ খাতিৰত
মই প্ৰস্তাৱ গ্ৰহন কৰিলোঁ
ভৱিষ্যতৰ সকলো কবিৰ সভা বাতিল কৰা হওক
বাতিল কৰা হওক হাত তালিৰে
কিনিব পৰা কবিতাৰ নিলাম বজাৰ

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.