ফটাঢোল

কবি সন্মিলন-ৰঞ্জিত কুমাৰ শৰ্মা

“এনেকৈ লকডাউন, সান্ধ্যআইন এইবোৰ হৈ থাকিলে কি দেশ চলে? পাৰ্টি-চাৰ্টিও কৰিব নোৱৰা দিন আহিল৷ এনেকৈ আৰু ফুট গধূলিতে ঘৰত সোমাই থাকিব পাৰি নে?”

বিৰক্ত হোৱা বিজয়ে কাকতিলৈ ফোন লগালে- 

: দাদা, কিবা এটা কৰকহে৷

কাকতি আচৰিত হ’ল৷ বিজয়ে বাৰু কি কৰিবলৈ কৈছে? তেওঁ একো বুজিব নোৱাৰি সুধিলে,

: তুমি কি কৰিবলৈ কৈছা? তোমাৰ কিবা হৈছে নেকি? মই হ’লে একো বুজা নাই!

বিজয়ৰ উত্তৰ- 

: আপুনিও মাজে-সময়ে বৰ বেলবুং হৈ যায়হে৷

: তুমি ভালকৈ ক’লেহে বুজিম৷ বুজাই কোৱাচোন৷

কাকতিয়ে পুনৰ ক’লে৷

: এই যে লকডাউন, সান্ধ্য আইন এইবোৰ চলিছে৷ বিৰক্ত লগা নাইনে? ক’তো যাবও নোৱৰা হ’লোঁ, পাৰ্টি-চাৰ্টিও কৰিব নোৱৰা হ’লোঁ৷ এইটো কিবা জিন্দেগী হ’লনে? ক’ৰবাত বহাৰ ব্যৱস্থাটো কৰিব লাগিছিল৷ সঞ্জীৱ, ভাস্কো, আদিত্য, চিদানন্দ, অলকেশ, ৰিণ্টুকো কৈছোঁ কথাটো৷ তেওঁলোকেও আপোনাৰ কথাকে ক’লে৷ কিবা এটা উপায় উলিয়াব লাগিছিল৷

এইবাৰ বিজয়ে অলপ বহলাই ক’লে৷

কোনোবাই মুখ মেলিলেই গৰ্ভ দেখা মানুহ কাকতি৷ বিজয়ে মুখখন মেলাত তেওঁ বুজি পালে বিজয়ে তেওঁক কিয় কিবা এটা কৰিবলৈ কৈছে কিন্তু বিজয়েনো কাকতিদেৱক কি কিবা এটা কৰিবলৈ ক’লে? কথাটোনো কি? এইবিষয়ে জানিবলৈ অলপ বকলা মেলিব লাগিব৷

বিজয়, সঞ্জীৱ, আদিত্য, চিদানন্দ, ভাস্কৰজ্যোতি, অলকেশ, ৰিণ্টুমণি, দেৱজিৎ, সোনটো আৰু কাকতি শিৱশম্ভু এপাৰ্টমেণ্টত থাকে৷ দেৱজিতৰ বাহিৰে সকলোৰে পৰিয়াল আছে৷ কাকতি বয়সত আনসকলতকৈ তিনি-চাৰিবছৰমান ডাঙৰ৷ সেয়ে সকলোৱে তেওঁক কাকতিদা বুলি মাতে৷ বাকীসকলৰ বয়সৰ অন্তৰ বুলিবলৈ বছৰ-মাহৰ ইফাল-সিফাল৷ গতিকে সকলো বন্ধু হৈ পৰিছে৷ কাকতি কিন্তু সকলোৰে লগত মিলিব পাৰে৷ বয়সত ডাঙৰ হ’লেও তেওঁ বাকীসকলৰ বন্ধুহে হৈ পৰিছে৷ অৱশ্যে সোনটো বয়সত বাকীসকলতকৈ সৰু৷ হ’লেও তেওঁ বিবাহিত৷ দেৱজিৎ বোলাজনেহে বৰলা ভাত খাই আছে৷ এওঁলোকৰ তিনিজনমানে ব্যৱসায় কৰে, বাকীসকল চাকৰিয়াল৷ বিশ্বত ক’ভিড নামৰ মহামাৰী ভাইৰাছৰ প্ৰকোপত কোটিৰ ঘৰত লোক আক্ৰান্ত হৈছে৷ কেইবালাখৰ মৃত্যুও হৈছে৷ আমাৰ দেশ তথা ৰাজ্যখনো ভাইৰাছটোৰ পৰা ৰক্ষা পৰা নাই৷ এজনৰ গাৰ পৰা আন এজনৰ গালৈ এই ভাইৰাছটো সহজে বিয়পিব পাৰে বাবে বিয়লি লকডাউন আৰু সন্ধিয়াৰ পৰা সান্ধ্যআইন বলবৎ কৰা হৈছে৷ ফলত আন বহু পুৰুষৰ দৰে শিৱশম্ভু এপাৰ্টমেণ্টৰ পুৰুষসকলৰো বিভিন্ন অসুবিধা হৈছে৷ সুযোগ বুজি বিবাহিতসকলক পত্নীসকলে ঘৰুৱা কামত লগাইছে৷ ভাল দিনত এওঁলোকে প্ৰায়েই পাৰ্টি আদি কৰিছিল৷ এপাৰ্টমেণ্টটোৰ পৰা অলপ আঁতৰত থকা শইকীয়াৰ ঘৰতে তেওঁলোক, মানে ইতিমধ্যে নাম উল্লেখ কৰাসকলে মাজে-সময়ে বহিছিল৷ চাকৰিসূত্ৰে শইকীয়া অকলে থাকে৷ পৰিয়াল তেজপুৰত থকা শইকীয়াৰ পিতৃগৃহতে থাকে৷ অৱশ্যে এপাৰ্টমেণ্টটোতো ক্লাবঘৰ এটা আছে কিন্তু তাত সুকীয়াকৈ, মানে মনে বিচৰাধৰণে তেওঁলোকৰ নজমে৷ সেয়ে তেওঁলোক বাহিৰলৈ যায় কিন্তু কলেজ বন্ধ হোৱাৰ বাবে শইকীয়া ঘৰলৈ যোৱাত এওঁলোকৰ একেলগ হৈ বহাত সমস্যা হৈছে৷ শইকীয়াৰ ভাড়াঘৰতো তলা ওলমিল আৰু আনফালে সান্ধ্যআইনো বলবৎ হ’ল৷ সপ্তাহত এটা দিনো পাৰ্টি-চাৰ্টি কৰিব নোৱাৰিলে কি চলিব পাৰি? সেয়ে বিজয়ে প্ৰথমতে কথাটো উলিয়ালে৷ 

অৱশেষত আটাইকেইজনে ফোনতে কথা পাতি এপাৰ্টমেণ্টটোতে থকা দেৱজিতৰ ঘৰতে বহাৰ পৰিকল্পনা কৰিলে৷ পাৰ্টিৰ বাবে দেৱজিতৰ ঘৰটো নিৰ্বাচন কৰাৰ কাৰণ নথকা নহয়৷ দেৱজিতে বিয়া-বাৰু নকৰিলেও গ্ৰুপটোৰ অন্যতম সক্ৰিয় সদস্য৷ তেওঁ ভাল ৰান্ধিবও জানে কিন্তু দেৱজিতক বাদ দি বাকীকেইজনৰ এটা সমস্যা আছে৷ সেয়া হ’ল তেওঁলোকে পত্নীসকলক পাৰ্টিৰ কথা ক’ব নোৱাৰে৷ গতিকে পাৰ্টিটোক ‘কবি সন্মিলন’ নাম দিয়া হ’ল৷ দেৱজিত যিহেতু এগৰাকী কবি গতিকে তেওঁৰ ঘৰত কবি সন্মিলন পতাৰ কথা ক’লে সকলোৱে পত্নীৰ পৰা বাধা নাপাব বুলি ভাবিয়েই এই পৰিকল্পনা কৰা হ’ল৷ এইবোৰ বুদ্ধিত কাকতিদেৱ বৃহস্পতি বুলি ক’লেও বঢ়াই কোৱা নহয়৷ গতিকে দেৱজিতৰ সৈতে কথা পাতি বুদ্ধিটো তে‍ঁৱেই উলিয়ালে৷ এপাৰ্টমেণ্টটোৰ এটা কোণত থকা দেৱজিতৰ বাসভৱন(ফ্লেট)ত সেইদিনাই নিশা ৰঙীন কবি সন্মিলন পতাৰ সিদ্ধান্ত হোৱা হ’ল৷ গতিকে তাৰবাবে সকলোৱে পত্নীৰ পৰা অনুমতি লোৱাৰ সংগ্ৰাম আৰম্ভ কৰিলে৷ কোনোবাই মৌমিঠা মাত উলিয়াই, কোনোবাই পত্নীক ক্লিয়পেট্ৰা সজাই, কোনোবাই আকৌ শ্ৰীমতীৰ কাপোৰৰ ৰঙৰ প্ৰশংসা কৰি, কোনোবাই কামৰ গুণ বখানি, কাপোৰ ধুই বা বাচন ধুই মুঠতে যেনেদৰে পাৰি পত্নী বশীকৰণত ‘কবিসকল’ নামি পৰিল৷ তেওঁলোক অৱশ্যে সফল নোহোৱাকৈ নাথাকিল কিন্তু এই সফলতা সহজে অহা নাছিল৷ ‘কবি’ৰ গেংটোৱে ‘কবি সন্মিলন’ৰ  কথাটো নিজৰ নিজৰ পত্নীসকলক ক’লে যদিও আটাইকেইজনৰে পত্নীসকলে একে আষাৰতে কবি সন্মিলনৰ কথাটো বিশ্বাস কৰিবলৈ টান পালে৷ কবি সন্মিলনতে ‘ডিনাৰো’ হ’ব বুলি ক’লে পটকৈ বাৰু বিশ্বাস কেনেকৈ হ’ব? তাতেই আকৌ পত্নীৰ মন, নহ’বৰে কথা!

সেয়ে কাকতিদেৱক পত্নীয়ে প্ৰশ্ন কৰিলে, 

: আপুনি কেতিয়াৰ পৰা কবিতা লিখিবলৈ ল’লেহে? আপুনি আৰু কবিতা দেখোন সুমেৰু আৰু কুমেৰুহে?

কাকতিয়ে বোলে, 

: মই কবিতা নিলিখিলেও শুনিবতো পাৰিম৷ যিসকলে কবিতা লিখে তেওঁলোকৰ কবিতাৰ পাঠকতো লাগিব৷ কবিতাৰ বিশ্লেষণো লাগিব, তেতিয়াহে তেওঁলোকে লিখাৰ প্ৰেৰণা পাব৷ 

: হ’ব দিয়ক, বৰ একেবাৰে কবিতাৰ বিশ্লেষক ওলাইছে৷ যাব খুজিছে যাওক৷ নিশা দোভাগ নকৰিব কিন্তু কৈ থ’লোঁ৷

 পত্নীৰ কঢ়া নিৰ্দেশ৷

ৰিণ্টুমণিকো পত্নীয়ে প্ৰশ্ন নকৰাকৈ নাথাকিল৷ ক’লে, 

: মাইনাৰ ৰাইম এটাও মাতি নোপোৱাজনে আকৌ কবিতা লিখে? প্ৰকৃততে কিহৰ সন্মিলন?

: কবি আৰু কবিতাৰেই সন্মিলন হে৷ তুমি মিছাকৈয়ে সন্দেহ কৰিছা৷ কবিতাৰ লগতে সাহিত্যৰো আলোচনা হ’ব তাত৷ 

ৰিণ্টুমণিয়েও কিবাকৈ পত্নীক মনাবলৈ সক্ষম হ’ল৷

বিজয়ে আকৌ এসাঁজ ভাত খুওৱাৰ প্ৰতিশ্ৰুতি দি দেৱজিতৰ পৰা কবিতা এটা লিখাই লৈ সেইটো পত্নীক দেখুৱাই নিজকে কবিৰ ৰূপত আত্মপ্ৰকাশ কৰিলে৷

ভাস্কো ডাঙৰীয়াৰ বিশেষ অসুবিধা নহ’ল৷ বিৰহৰ কবিতা এটাক প্ৰেমৰ ৰসেৰে চৌ চৌ কৰি বোৱাই তেওঁ পত্নীৰ মন জয় কৰি কবি সমালোচকৰ আসনখন খামুচি ৰাখিলে৷

চিদানন্দয়ো এটা শব্দৰেই সীমাহীন অৰ্থপূৰ্ণ কবিতা হয় বুলি শ্ৰীমতীক পতিয়ন নিয়ালে৷ অলকেশৰ আকৌ কথাবোৰেই কবিতা কবিতা হৈ পৰিল৷ সঞ্জীৱ আৰু আদিত্যই এটা বিশেষ উপায় উলিয়ালে৷ প্ৰবন্ধ এটাৰ কিয়দাংশৰ শাৰীবোৰৰ বাওঁফাল আৰু সোঁফালৰ কিছু অংশ কাটি পেলাই মাজৰ অংশখিনি কবিতা আকাৰত লিখি ল’লে আৰু তাকেই নিজৰ নিজৰ পত্নীৰ সন্মুখত আবৃত্তি কৰি দুয়ো আধুনিক কবিৰ স্বীকৃতি পালে৷

এনেদৰে অৱশেষত কবি সন্মিলন পতাৰ অনুমতি হৈ গ’ল৷ বিজয়, আদিত্য আৰু দেৱজিতে গৈ বজাৰো কৰিলে৷ বজাৰ মানে কবি সন্মিলনৰ মুখ্য প্ৰয়োজনীয় সম্পদ চাৰিপদমান, চ’ডা, চাক্‌না, এক কিলোমান কুকুৰাৰ মাংস আৰু টিকাচোঁচৰা হাঁহ এটা৷ চাউল দেৱজিতৰ ঘৰত যি আছে তাৰেই হ’ব, যদিহে ভাত খোৱা হয়!

নিশা সাতমান বজাত দেৱজিতৰ ঘৰত কবি আৰু কবিতাৰ আলোচকসকল সমবেত হ’ল৷ কবি সন্মিলনৰ সঞ্চালক, আলোচক আৰু কবিসকল ঘূৰণীয়া মেজমেলত বহিল৷ গঁড়মাৰ্কা সম্পদকেইপদৰ সাঁফৰ খোলাৰ আগতে বিজয় আৰু দেৱজিতে হাঁহ নিধন পৰ্ব সমাপ্ত কৰি হংসৰন্ধন আৰম্ভ কৰিছিলেই৷ তেনেতে হঠাৎ কলিং বে’লটো বাজি উঠিল৷ সকলো সচকিত হৈ পৰিল৷ এই সময়ত কোন আহিব পাৰে বাৰু? পাৰ্টিৰ কথাটো আন কাকোৱেই কোৱা হোৱা নাছিল৷ তেন্তে আহিল কোন? পত্নীসকলে বাৰু কবি সন্মিলন থকা বুলি জানেই! নে নাৰীবাহিনীয়েই আহিলহি?

: তুহ্ণাই কুনবাই কাবাক পাৰ্টিৰ কথা কৈছ্‌লি নেকি এ?

কাকতিয়ে ফুচফুচাই প্ৰশ্ন কৰিলে৷

বাকীসকলেও ফুচফুচায়েই উত্তৰ দিলে,

: নাই কোৱা৷

কলিং বে’লৰ শব্দ শুনি হাতত হেতা লৈ ৰান্ধনি ঘৰৰ পৰা দেৱজিত আৰু পিছে পিছে বিজয়ো উধাতু খাই অহা দি কোঠাটোত সোমাল৷

: ঐ বিজয়, কাৰোবাক পাৰ্টিৰ কথা কৈছা নেকি? তোমাৰ আকৌ মুখখনৰ ঠিক নাই নহয়?

 ৰিণ্টুমণিয়ে সুধিলে৷

: নাই নাই, মই আকৌ কিয় ক’মহে? মাত্ৰ এটা হাঁহ আনিছোঁ৷ কুকুৰাৰ মাংসও তেনেই তাকৰ৷ পাৰ্টিৰ কথা আনক কৈ নিজৰ ভাগৰ চান কাঢ়িম নেকি কিবা?

বিজয়ে ক’লে৷

বাকীসকলে দেৱজিতৰ ফালে চালে৷ দেৱজিতে লগে লগে হেতাখনকে ওলোটা পেণ্ডুলামৰ দৰে ইফাল-সিফাল কৰি বুজাই দিলে যে তেঁৱো কাকো মতা নাই৷ এইখিনি সময়ত আৰু তিনিবাৰমান কলিং বে’লটো বাজিলেই৷ দৌৰাদৌৰিকৈ বটলকেইটা বিছনাৰ তললৈ ঠেলি থৈ সকলোৱে কবি ভংগীমাত বহি ল’লে৷ সন্মিলনৰ সঞ্চালক কাকতিদেৱে কাষতে থকা মেজৰ পৰা দেৱজিতৰ কাব্যগ্ৰন্থ এখন টানি ল’লে৷ সঞ্জীৱে গৈ দুৱাৰখন খুলিলে৷ সোমাই আহিল সোনটো৷ লগে লগে সমবেত কণ্ঠত সংগীতবিহীন শব্দ এটা কোঠাটোত শুনা গ’ল-

: তই?

: অঁ মই?

 সোনটোৰ কৌতূহলী উত্তৰ৷

: ইয়াক কুনবাই কৈছলি নাকি ঐ?

কাকতিৰ প্ৰশ্ন৷

বাকীসকলৰ উত্তৰ,

: নাই কোৱা৷

: কিয় আহিলি ক’?

সোনটোক উদ্দেশ্যি দেৱজিতৰ প্ৰশ্ন৷

: অথনি ডাষ্টবিনটোত জাবৰ পেলাবলৈ ওপৰ মহলাৰ পৰা নামি আহোঁতে এইপিনে ‘পেক পেক পেক পেক পেপেক পেক’ এনেকুৱা শব্দ শুনিছিলোঁ৷ অলপ আগতে বাৰাণ্ডাৰ পৰা দেখিলোঁ, আপোনালোকে দেৱজিতদাৰ ঘৰৰ ফালে আহিছে৷ কথাটোনো কি তাৰেই খবৰ ল’বলৈ আহিলোঁ৷

 সোনটোৰ উত্তৰ৷

সোনটোৰ উত্তৰ শুনি সকলোৱে ইজনে-সিজনৰ মুখৰ পিনে চালে৷ এনেকুৱা পৰিস্থিতিবোৰ ‘টেক্যল’ কৰিবলৈকে কাকতিদেৱৰ প্ৰয়োজন হয়৷ তেওঁ সোনটোক ক’লে,

: ইয়াত আমি কবি সন্মিলন এখন পাতিছোঁ৷ তাৰ লগতে চুৰচুৰিয়াকৈ খানা এটা৷ তোমাকো কোৱাৰ কথা আছিল কিন্তু তুমি অলপ অসুস্থ হৈ থকা বুলি দেৱজিতে ক’লে৷ সেয়ে তোমাক কোৱা নহ’ল৷ তাতে আকৌ তোমাৰ সম্পৰ্কীয় খুলশালী এজনীও বোলে ইয়াতে আছে৷ তোমাৰ অসুবিধা হ’ব বুলিয়েই নক’লোঁ৷ হ’ব দিয়া আগলৈ এসাঁজ খাম কেতিয়াবা একেলগে৷

: অবিবাহিত পোপটলালৰ ঘৰত আপোনালোকে বহিব পাৰে, কিন্তু মোক ক’ব নোৱাৰে? এইটো কেনে কথা?

সোনটোৰ অভিমান ভৰা প্ৰশ্ন৷

: পোপটলাল?

সমবেত কণ্ঠস্বৰত শব্দটো শুনা গ’ল৷

কাকতিয়ে বুজি পালে৷ তেওঁ পুনৰ সোনটোক ক’লে,

: তুমি দেৱজিতৰ কথা কৈছা নেকি? দেৱজিত হ’ল অৰিজিনেল জ্যেষ্ঠ যুৱ কবি৷ আনহাতে ৰন্ধা-বঢ়াতো হাতখন ভাল৷ সেয়ে তাৰ ঘৰত বহিছোঁ৷ তোমাৰ লগতে বোৱাৰী আৰু খুলশালীজনীৰ বাবে বাৰু মাংস অলপ দেৱজিতে দি থৈ আহিবগৈ৷ সি নগ’লে ময়েই দি আহিম বাৰু৷ বেয়া নাপাবা৷

: হ’ব দিয়ক, 

বুলি কৈ বুকুত বেদনা গুজি সোনটো গ’লগৈ৷ এনেতে পোৰা পোৰা গোন্ধ পাই দেৱজিতে ৰান্ধনি ঘৰলৈ দৌৰ মাৰিলে৷

: বুকখান হম্মাতকে গেইছিল ঐ! 

কাকতিয়ে বুকত বাওঁ হাতখন থৈ ক’লে৷

: কিয়? 

বাকীবোৰৰ প্ৰশ্ন৷

: বৌ অহা যেন পাইছিল নেকি? 

ৰিণ্টুমণিয়ে সুধিলে৷

: তে? আৰ কি? মিছা ক’লি কিডাল হ’ব? তুহ্ণাও সেইটুকে ভয় খাইছ্‌লি দে!

 প্ৰশ্নৰেই কাকতিয়ে উত্তৰ দিলে৷

(দ্ৰষ্টব্য : লেখাটোৰ বাবে ফটাঢোল পৰিয়ালৰ পৰা নাম কেইটামান লোৱা হৈছে৷ কেৱল নামহে লোৱা হৈছে৷ চৰিত্ৰবোৰ লেখকৰ কল্পনাহে মাত্ৰ৷ নামবোৰৰ লগত বাস্তৱত চৰিত্ৰবোৰৰ কোনো সম্পৰ্ক নাই৷ কোনেও দায়-দোষ নধৰে যেন৷)

☆ ★ ☆ ★ ☆

4 Comments

  • ডলী

    মজা লাগিল

    Reply
    • ৰঞ্জিত কুমাৰ শৰ্মা

      ধন্যবাদ জনালোঁ৷

      Reply
  • মানসী

    বঢ়িয়া দেই…

    Reply
    • ৰঞ্জিত কুমাৰ শৰ্মা

      ধন্যবাদ জনালোঁ৷

      Reply

Leave a Reply

Your email address will not be published.