ফটাঢোল

কমপ্লেইন_নট টু এক্সপ্লেইন-মনোজ শৰ্মা

শইকীয়া ছাৰে দৈনিক বাতৰিখন হাতত লৈ জপনাখনৰ সন্মুখত ৰৈ  ইফালে সিফালে চাই আছে৷ ওপৰ মহলাৰপৰা এযোৰ তীক্ষ্ণ চকু তেখেতৰ ওপৰত নিবদ্ধ!

“কি হৈছে? ইমান অস্থিৰ হৈ মানুহজনে কি চাই আছে? দেখা যাওক! নতুন আঁচনি ৰূপায়ণৰ নামত এইকেইদিন ক’ভিডক এক প্ৰকাৰ প্ৰত্যাহ্বান জনাই ইফালে সিফালে ঘূৰি বা অতিৰিক্ত কামৰ দোহাই দি অফিচৰ পৰাও পলমকৈ ঘৰলৈ উভতিছে৷”

শইকীয়া ছাৰ কিন্তু সেই একেই আৱেগতে জপনাখনৰ সন্মুখতে ৰৈ আছে৷  

“মানুহজন অস্থিৰ দেখা গৈছে যদিও বেলকনিৰপৰা সেই ত্ৰিশৰ ঘৰৰ অলপ ল’ৰামতীয়া তথা নতুনকৈ পৰিয়ালৰ দায়িত্ব চম্ভালিবলৈ ধৰা অলপ গহীন ভাৱৰ সেইজনৰ দৰে লাগিছে৷ বহুত দিনৰ মূৰত মানুহজনক যেন অলপ বেলেগকৈ দেখিলে৷ আফটাৰ অল মানুহজনৰ এটা চাৰ্ম আছে৷”  মনৰ ভিতৰতে কথাবোৰ পাগুলিয়াই থাকোঁতে হঠাতে ধপং কৈ চৰাই এজনীয়ে গাড়ী গেৰেজৰ টিনৰ ওপৰত কিবা এটা পেলাই উৰি গ’ল৷

শব্দটো শুনি হঠাতে ছাৰে ওপৰলৈ চোৱাত চকুত চকু পৰিলত কেইচেকেণ্ডমানৰ বাবে এক অস্বস্তি পৰিস্থিতিত পৰিল৷

কিন্তু বুদ্ধিত বৃহস্পতি শইকীয়া ছাৰে থিতাতে মনটো স্থিৰ কৰি সুধিলে, “হেৰা, চাহ হ’ল নেকি? মাতিবলৈ আহিব নালাগে ৰ’বা! মই মানে …. “

কথাষাৰ শেষ কৰাৰ সুৱিধা নিদি ওপৰৰপৰা তপৰাই মাত দিলে, “মানে মানে বাদ দিয়া৷ আজি দুধ ক্যা দুধ পানী ক্যা পানী কৰিহে এৰিম৷”

ইফালে ৰাতিপুৱাৰ চৰাইৰ কলৰৱত শইকীয়াই তলৰপৰা  দুধ-পানী শব্দকেইটাহে শুনিলে!

“হে ৰ’বা৷ কিনো কোৱা হে? ইমান দিন সি গাখীৰ দিলে কোনেও একো কমপ্লেইন কৰা নাই৷ আজি কি কথা কৈছা?”

তিঙিচকৈ ভেমটো গৈ খঙলৈ ৰূপান্তৰ হোৱাত পোনচাটেই শইকীয়ানীয়ে প্ৰত্যুত্তৰ দিলে, “বোলো আগতে কমপ্লেইন কৰা নাছিলোঁ৷ এতিয়া কৰিম। একেবাৰে হেড অফিচতে কৰিম। এতিয়াই ফোন লগাম ঘৰলৈ৷ সকলো মীমাংসা কৰিহে এৰিম৷”

“কি কৈছা? কি কমপ্লেইন হে?”

“কমপ্লেইন ইজ কমপ্লেইন! নট টু এক্সপ্লেইন৷”

দৰাচলতে তিনিদিনমান ধৰি হাজোৰ ফালৰ অহা চিনাকী মাছ বেপৰীজনক নেদেখি শইকীয়া ছাৰে অলপ চিন্তিত হৈ আছিল৷ ক’ভিডটোও যেনি তেনি ওলাইছে গৈ! বহুদিনৰ চিনাকী বেপাৰী।  ডাঙৰৰো ডাঙৰ মাছটো দি যায়৷ তাতে আকৌ আজি ৰবিবাৰ৷ যোৱাকালি উলুবাৰী তিনি আলিৰ চকটোৰপৰা অনা ঔটেঙাকেইটা মাছ নাপালে দাইলৰ লগতে মিহলি হ’ব!

কথাবোৰ ভাবি ভাবি চিৰিটো বগাই তিনিঢাপমান ওপৰলৈ আহোঁতেই “টিলিং টিলিং” শব্দটোৰ সৈতে 

“অ’ ছাৰ, আজি দুই কেজিৰ ৰৌ!”- মাতটো শুনি তললৈ চাই শইকীয়াৰ মুখৰ স্বভাৱ সুলভ হাঁহিটো বিৰিঙি উঠিল৷ 

“হেৰা৷ শুনিছা নে? দুই কেজি ৰৌ! বাচন এখন লৈ আহা৷ আৰু বেপাৰীলৈ চাই ধমক মাৰি ক’লে, “তয়ো যে আৰু সময়মতে আহি নাপাৱ? নহ’লে  কমপ্লেইন গৈ হেড অফিচেই পালেহেঁতেন৷”

☆ ★ ☆ ★ ☆

One comment

  • Pranita Goswami

    ৰসাল লেখা। ভাল পালোঁ পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published.