ফটাঢোল

ক’লা ককাইৰ দুখ -প্ৰনীতা গোস্বামী বৰঠাকুৰ

ভমকা ফুলীয়াই তিৰ্যক চাৱনিৰে
ক’লা ককাইলৈ চালে,
তোৰ দেখোন বছৰ চেৰেক হ’ল একে ঠাইতে আছ
শিপা গজিল চাগে।
নুবুজিবি ভনীটি তই মোৰ দুখ
কিয় মাৰিছ খোঁচ
এসময়ত আছিলোঁ বাটৰ লগৰী
আজিহে নোপোচে মোক।
তই হ’লি সাতাম পুৰুষীয়া
চেহেৰাও নহয় ভাল,
আধুনিক সমাজত তই এলাগী
লৈ ফুৰাও টান।
নক’বি হেৰৌ তেনেকৈ মোক
আছিলোঁ আলাসৰ লাড়ু
জ্যেষ্ঠজনেই লগ দিছিল মোক
নবখানো এতিয়া আৰু।
প্ৰতিখোজতে মই তেওঁক দিছিলোঁ
মনত অপাৰ ভৰষা,
মোৰ জোৰতেই তেওঁৰ খোজবোৰেও
লৈছিল স্থিতপ্ৰজ্ঞতা।
‘ছাতি, লাঠি, তিয়নি নেৰিবি’
বুলি এষাৰ বচন আছে,
বুঢ়া-মেঠাই সেয়া সৰোগত কৰি
লৈছিল মোক আগে।
তোৰ দৰে কঁকাল ভঙা আধুনিকাই
কি বুজিবি বিশ্বাসৰ জোৰ
ডাঙৰ বতাহ-বৰষুণ এজাকতে
তই হেৰুৱাৱ নিজৰ জোৰ।
বেতৰ দীঘল নালটিৰ সৈতে মই
বুকু ফিন্দাই থাকোঁ,
গহীন গাম্ভীৰ চাল চলনত
মইহে আঁত ধৰোঁ।
তই হ’লি চুকৰ ভেকুলী
বেগতে সোমাই থাক
ৰ’দ, বৰষুণৰ বাহিৰে তোক
নোপোচে কোনেও ঘৰত।
মই আছিলোঁ সন্মানৰ প্ৰতীক
বিদায় সভা শুৱনি কৰা
সযতনে ৰাখিছিল বেৰত ওলোমাই
ওলালেই হাততে পোৱা।
ককাই ভনী দুইজনে মিলি
আছিল মুখ চুপতি মাৰি
কণমইনাই আহি আজুৰি নিলেহি
ককাৰ ক’লা ছাতিটি।
বগৰী গছত বগৰী লাগিছে
গছ ভৰি লোমা লোমে
মইনাই কোবালেহি  ভৰা গছত
ককাৰ ছাতিৰ নালেৰে।
কেঁকাই উঠিল ক’লা ককাইটি
গাত ঠেকেচা খায়
বহু বছৰ হ’ল লৰচৰ নকৰা
কেনেকৈনো সহে মাৰ।
হাকুতি হ’লহি মইনাৰ হাতত
ঐতিয্য পৰিল ম্লান,
ভনীটিৰ ওচৰত মুখ উলিয়াবলৈ
কাইটিৰ লাগিল লাজ।
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.