ফটাঢোল

ক’লা ৰঙৰ ব্লেজাৰটো-দিগন্ত কুমাৰ ভট্টাচাৰ্য

কোটটো হেৰাল।

আমাৰ কাৰণে সেয়া ‘কোট’, কিন্তু মুকুটে কৈছিল -‘ব্লেজাৰ’। মই পাৰ্থক্য নুবুজোঁ। সেয়ে কোট বুলিয়েই কওঁ। গাঁৱৰ চাৰিআলিটোত কেৰম খেলি থকা সোণেশ্বৰহঁতেও হয়তো নাজানে, সেইটো পিন্ধি ৰমেনৰ ভাড়াগাড়ীত বহি মমীৰ বিয়ালৈ গৈ থাকোঁতে সিহঁতে দেখি সেয়ে কিজানিবা চিঞৰিছিল- “বাহঃ চ্যুট-টাই মাৰি ক’লৈ যাৱ অ’ পৰিমল?” সিহঁতৰ কাৰণে সেইটো হ’লগৈ ‘চ্যুট’!

বাৰাণ্ডাৰ চকীখনত কোটটো থোৱা মনত আছিল। ৰাতি খুলি তাত কিয় থৈ গৈছিলোঁ সেয়া পাহৰিলোঁ, কিন্তু চকীখনৰ ওপৰত যে খুলি থৈ গৈছিলোঁ সেয়া মই নিশ্চিত। ছয়মাহিলী পৰীক্ষাৰ অংকৰ বহী দিওঁতে কলিতা ছাৰে “আঠাইশ পালি, ফেইল” বুলি কোৱাৰ পাছতো কিজানিবা ছাৰৰ ক’ৰবাত যোগ কৰোঁতে ভুল হৈছে বুলি পাতবোৰ লুটিয়াই পোৱা নম্বৰবোৰ আকৌ গন্তি কৰাৰ দৰে বাৰাণ্ডাৰ আশে-পাশে বিচৰাৰ লগতে কিবা এটা আশাতে ঘৰৰ ভিতৰৰ কোঠাবোৰতো কোটটো বিচাৰিলোঁ। আশা ক্ষীণ আছিল, নাপালোঁ।

নাই মানে ক’তোৱেই নাই।

অণুলৈ খঙটো উঠি আহিল। মই কৈছিলোঁ পুৰণি হ’লেও ছুৱেটাৰটোকে পিন্ধি যাওঁ। তাই নামানে। আমাৰ বিয়াৰ পাছত তেওঁলোকৰ ঘৰৰ প্ৰথমটো অনুষ্ঠান, ভালকৈ পিন্ধি-উৰি নগ’লে হ’ব জানো? অণুৱে কথাবোৰ নুবুজে বুলি নকওঁ, বুজে। তাই মোৰ আৰ্থিক অৱস্থাটোৰ কথাও ভালকৈয়ে জানে। বিয়াৰ আগতো তাইক লুকুওৱা নাছিলোঁ একো। অণুহঁতৰ গুৱাহাটীৰ ঘৰৰ কাষতে আমাৰ কোম্পেনীৰ অ’ফিচ ঘৰটো। দুটা ৰূমৰ সৰু অ’ফিচ।

: প্ৰাইভেট কোম্পেনীৰ সৰু চাকৰি, সামান্য দৰমহা। জমা ধন বুলিবলৈ শূন্য। মাহত যি পাওঁ, মাহৰ শেষলৈ নাথাকেই। থাকিব লাগিব গাঁৱত, ঘৰতো কোনো নাই। পাৰিবা?

তাইক বুজাই কৈছিলোঁ সকলো।

: মোৰ কাৰণে টকা-পইচাই সকলো নহয়৷

তাই কৈছিল।

আস্‌ এক ফিল্মী ডাইলগ! প্ৰেমে বহুতক অন্ধ কৰে বুলি এনেই নকয়!

এদিন সেই প্ৰেমৰ নাৱতে বহি তাই মোৰ লগত আহি গাঁও পালেহি। অণুহঁতৰ ঘৰত হাঁহাকাৰ লাগিল। দেউতাকে মৰি গ’লেও তাইৰ মুখ কেতিয়াও নাচাওঁ বুলি ক’লে। তেওঁ ভুল কিবা কৈছিল বুলি নকওঁ। ময়ো তেওঁৰ ঠাইত থাকিলে হয়তো একেই ক’লোঁহেঁতন। এবছৰমান পাছত অণুৰ মাকে এদিন ফোন কৰি কন্দা-কটা কৰিলে। যাবলৈ জোৰ কৰিলে। হাজাৰ হওক, পেটৰ পো। তেনেকৈয়ে আহ-যাহ হ’ল। তেওঁলোকে এবাৰেই আহিছিল আমাৰ ঘৰলৈ। আমাৰ গাঁৱৰ ঘৰখনৰ অৱস্থা দেখি দেউতাকে কোনেও নেদেখাকৈ উচুপিছিল। মই দেখিছিলোঁ। মোৰো বুকুখন বিষাইছিল। মোৰ লগত সংসাৰ কৰিবলৈ অহাটো অণুৱে জীৱনৰ আটাইতকৈ ডাঙৰ ভুল বুলি যাতে উপলব্ধি নকৰে সেয়া মই সতৰ্কতাৰে লক্ষ্য কৰোঁ সদায়েই।

অণুৱে মোক বুজে। হয়তো তাই বুজিবলৈ বাধ্য কিয়নো মই মিছাৰ আশ্ৰয় লোৱা নাছিলোঁ কেতিয়াও।

: বিয়াখনলৈ নগ’লে ঠিক নহ’ব ন?

মই সৰু আশা এটাক সাবটি সুধিছিলোঁ তাইক।

: কি কথা কোৱা হে? মমী আমাৰ খুৰাৰ এজনীয়ে ছোৱালী। তাই ভিচিডি কৰে, গানত নাচে। কিমান ডাঙৰ এক্টৰ-এক্ট্ৰেছ অহিব চাবা। বহুত ডাঙৰকৈ বিয়া হ’ব। নোযোৱাৰ কথাই নাভাবিবা৷

তাই জকজকাই উঠিছিল।

: আৰু শুনা, ভাল দামী কিবা দিব লাগিব বিয়াত। আমি প্ৰথম যাম একেলগে বিয়ালৈ। এইটো মোৰ দাবী এইবাৰলৈ, পাছত কেতিয়াও নকৰোঁ আৰু এনে৷

তাই আকৌ কৈছিল।

হিচাপ নিমিলিল। আমি দৰমহাৰ সামান্য টকাৰে মাহৰ হিচাপ কৰা মানুহ। উপহাৰ বুলিবলৈ সোণৰ মিহি কাণফুলিতেই ছয়হেজাৰ পৰিল। অণুৰ কাপোৰযোৰৰ পাঁচহেজাৰ অ’ফিচৰে মহেনৰ পৰা ধাৰলৈ ল’লোঁ। মোৰ নতুন ছুৱেটাৰৰ কথা ভাবিবলৈও হিম্মত নহ’ল।

মমীৰ বিয়াৰ দুদিন আগত গাঁৱৰ হৰেণ মৌজাদাৰৰ জীয়েকৰ বিয়া আছিল। ঘৰৰ ওচৰৰ মুকুটে পিন্ধা ক’লা ৰঙৰ কোটটো দেখি মোৰ চকু ৰৈ গৈছিল। কোটটোৱে মুকুটক গাঁৱৰ আনবোৰ ডেকাতকৈ পৃথকে জিলিকাই তুলিছিল সেইদিনা। মুকুটে টাউনত ঠিকাৰ কাম কৰে।

: মুকুটকে কৈ চাওঁ দিয়া। এদিনৰ কাৰণে কোটটো দিব পাৰিব নে নাই, সুধি চাওঁ৷

ঘৰলৈ আহি অণুক সুধিছিলোঁ।

: নিজৰ নাই বুলিয়ে যাকে তাকে কাপোৰৰ কাৰণে অনুৰোধ কৰিবলৈ যাবা নে?

: অনুৰোধ নহয়তো। আৰু, সি কোনো দূৰৰৈৰ অচিনাকি নহয়তো। মেট্ৰিক পৰীক্ষাত লিখিবলৈ সি মোৰ পৰাই দুটা কলম লৈ গৈছিল। ফুটবল খেলিবলৈ সি কিমানবাৰ মোৰ স্কুলৰ জাৰ্চিটো নিছিল!

মুকুটক গৈ অসুবিধাৰ কথাটো কৈছিলোঁ।

: আৰে পৰিমল, মোৰ নিজৰ হ’লে তোক চকু মুদি দি দিলোঁহেঁতেন। ব্লেজাৰটো মোৰো নহয়। লগৰ ঠিকাদাৰ এজনৰ৷

মুকুটে সঁচাই কৈছিল সম্ভৱ। তাক আগতে তেনে কোট পিন্ধা দেখা নাছিলোঁ কেতিয়াও। তাক বুজাইছিলোঁ। একপ্ৰকাৰ কাকূতিয়েই কৰিছিলোঁ। সি মুখখন গোমা কৰি মান্তি হৈছিল।

: চাহ, মিঠাইৰ ৰস- এইবোৰ কিন্তু নেপেলাবি দেই। বাছত গ’লে পিন্ধি নাযাবি। বিয়াঘৰ পোৱাৰ আগতহে পিন্ধি ল’বি। আহিয়েই ঘূৰাই দিবি। ময়ো লগৰজনক ওভোতাই দিব লাগিব৷

সি দীঘলীয়াকৈ ভাষণ দিছিল বহুকেইটা উপদেশৰ সৈতে।

: বাছত নাযাওঁ। আমাৰ ৰমেন ড্ৰাইভাৰক কৈছোঁ। তাৰ গাড়ীতে অহা যোৱা কৰিম৷

: ঠিক আছে। ব্লেজাৰটো ঠিকে ৰাখিবি৷

সেই ব্লেজাৰটো মানে কোটটোৱেই হেৰাল। গুৱাহাটীৰ মমীৰ বিয়াৰ পৰা কালি ৰাতি ১২টাত আহি পাইছিলোঁ। আহি বাৰাণ্ডাতে চকীখনত কোটটো থোৱা মনত আছে। হয়, একদম কনফাৰ্মড্। গাড়ীত আহোঁতে কোটটো শোটমোচ খাব বুলি খুলি হাতত লৈয়ে আহিছিলোঁ। গাড়ীৰপৰা নামি দুৱাৰৰ তলাটো খুলিবলৈ কোটটো চকীতে থৈছিলোঁ। ‘মহাৰাজ’ ভুকি দৌৰি আহিছিল। মহাৰাজ আমাৰ পোহনীয়া ঢেঁকুৰাটো। জানুৱাৰীৰ ঠাণ্ডাত সি কঁপিছিল। আগতে আমাৰ দুটা গৰু আছিল। এতিয়া নাই। সেই জৰাজীৰ্ণ গোহালিটোৰ এচুকতে মহাৰাজ পৰি থাকে ৰাতি। টোপনি বেছি তাৰ। শব্দ পালেও নুভুকে, সাৰ নাপায়। আজি বোধকৰো ঠাণ্ডাতে সাৰ পাই গ’ল। “যা যা” বুলি তাক গোহালিলৈ যাবলৈ ক’লোঁ। সি দুবাৰ ভুকি আঁতৰি গ’ল।

হয়, চকীখনতে থৈছিলোঁ কোটটো। ৰাতিপুৱা মনত পৰাত তাত নেদেখি বুকুখনে চিৰিঙকৈ মাৰিলে। হাঁহাকাৰ লাগিল। অণুলৈ খঙটো উঠি আহিল। মই কৈছিলোঁ পুৰণি হ’লেও ছুৱেটাৰটোকে পিন্ধি যাওঁ। তাই নামানিলে!

: ইমান অন্যমনস্ক হ’লে কেনেকৈ হ’ব? বেলেগৰ বস্তু এপদ ভালকৈ ৰাখিবই নোৱৰা যদি আনিছিলা কিয়?

অণুৱে ওলোটাই মোকহে চিঞৰিলে। ময়ো চিঞৰিলোঁ। কথাৰ কটা-কটি চলিল। কিছুসময় নিটাল মাৰিলে সকলো। পুৱা দেৰিকৈ সাৰ পাইছিলোঁ ৰাতি শোওঁতে পলম হোৱা বাবে।

“মাহিনী বুঢ়ী যে সদায় আহে, আজি অহা নাই। নে তাই পুৱাই আহি কোটটো বাৰাণ্ডাতে দেখি লৈ গুচি গ’ল?
মাছ বেপাৰী কেইটামানো আহে কেতিয়াবা পুৱাই। নে সিহঁতৰে কোনোবা আহি কোটটো লৈ পলাল?

নে মুকুটে কোটটো ঘূৰাই নিবলৈ আহি বাৰাণ্ডাতে দেখি লৈ গ’ল আমাক টোপনিৰপৰা নজগোৱাকৈ?”

বহুকেইটা প্ৰশ্নই মূৰত পাকঘূৰণি খালে।

মুকুটলৈ ফ’ন লগালোঁ।

: হেল্লো, তই কোটটো নিছিলি নেকি?

: কি ফাল্টু কথা কৈছ? মই কালিৰপৰা টাউনতে আছোঁ, কি হ’ল ব্লেজাৰটোৰ? নাই? ক’ত হেৰাল? ক’ত এৰিলি? ক’ত পেলালি? এতিয়া কি হ’ব? বলেনক কি ক’ম? ধেই, শেষ কৰি দিলি….

মুকুটৰ টেনছন দেখি মই জ্বৰত ঘমা দি ঘামিলোঁ৷ আকৌ বিচাৰিলোঁ ঘৰত। নাই, ক’তো নাই কোটটো।
ৰাতি হ’ল। ভাত এগৰাহ খাবলৈও মন নগ’ল।

: কি হ’ব এতিয়া?

অণুৱে সুধিলে।

: মুকুটক কিবা কৈ বুজাব লাগিব৷

: মানিব জানো?

: নাজানো।

ৰাতি মুকুটে ফ’ন কৰিলে আকৌ। দিনটোত সি কৰা সেয়া পোন্ধৰ নম্বৰ ফ’ন কল।

: চা, ক’বলৈ বেয়া লাগিছে। মোৰো অৱস্থা বৰ বেয়া। বিলবোৰ পৰি আছে। পইচা নাই। পানীত হাঁহ নচৰা অৱস্থা। বলেনে অলপ আগেয়ে ব্লেজাৰটোৰ কথা সুধিলে। মই একো কোৱা নাই। কম হ’লেও সেইটোৰ দাম পাঁচ-ছয়হেজাৰ হ’ব। তই চাৰিহেজাৰ মান যোগাৰ কৰ কিবাকৈ। তাক নিদিয়াকৈ নোৱাৰিম। খটৰা বস্তু আছে সি। বেয়া নাপাবি, ভাল সময় চলি থকা হ’লে পইচাৰ কথা তোক নক’লোঁহেঁতেন৷

মুকুটে ফ’নটো কাটি দিলে।

চাৰিহেজাৰ! ৰমেন ড্ৰাইভাৰক গাড়ীৰ বাকী পোন্ধৰশ!

অ’ফিচৰ মহেনক কাপোৰৰ পাঁচহেজাৰ! এতিয়া আকৌ চাৰিহেজাৰ! বাৰাণ্ডাতে বহি বহি হিচাপ কৰি থাকিলোঁ। মিলাব পৰা নাই। মহাৰাজক চিঞৰি মাতিলোঁ। সাৰ-সুৰ নাই আজি তাৰ। মোৰ কাঁহীত আজি বহুত ভাত নোখোৱাকৈ ৰৈ গৈছিল। হয়তো সেই ৰোৱা-থোৱাকে এপেট পূৰাই খাই মহাৰাজ মহাসুখে টোপনিত লালকাল।

অণু আহি মোৰ কাষতে চকীখনত বহিল।

: কি কৰিম বুলি ভাবিছা?

: বুজিবই পৰা নাই। কিবা এটা কৰিব লাগিব৷

: এটা কাম কৰোঁ দিয়া৷

অণুৱে কি উপদেশ দিয়ে জানিবলৈ তাইৰ মুখলৈ চাই ৰ’লোঁ।

: কাপোৰযোৰ যে কিনি আনিছিলা, সেইখন আমাৰ পুৰণি চিনাকি দোকান। কিবা ঠিক লগা নাই বুলি ক’ম ফ’ন কৰি। ঘূৰাই দিবা। গোটেই পইচা আনিবলৈ বেয়া লাগিব ন, বেলেগ কম দামী এযোৰকে লৈ আহিবা। তেনেকৈও যদি দুই-তিনিহেজাৰ মান বাচে।

কি ক’ম ভাবি নাপালোঁ। মনে বিচাৰিলেও মাথাটোৱে তাইৰ কথাখিনিক একেআষাৰে ‘না’ বুলি ক’বলৈ বাধা দিলে। মৌন হৈ শুনিলোঁ মাথোন। তাই যে মোক বুজে ইমান! মনটো ভাল লাগি গ’ল। বাকীখিনি কিবাকৈ মিলাব লাগিব।

দুদিন হৈ গ’ল। পৰহিলৈ মুকুটক চাৰিহেজাৰ দিব লাগিব কোটটোৰ মূল্য। বেচেৰাই মই বুলি তিনি-চাৰি দিন দিলে সময়। কাইলৈ অ’ফিচলৈ যাওঁতে অণুৰ কাপোৰযোৰ ঘূৰাই দিব লাগিব। খুব সযতনে তাই বান্ধি থৈছে। এবাৰ পিন্ধা বুলি ধৰিবকে নোৱাৰি। কাপোৰযোৰ আৰু ৰঙটোৱে তাইক তুলি ধৰিছিল একদম। বহুতে ঘূৰি ঘূৰি চোৱা দেখিছিলোঁ তাইক।

ৰাতি দহ বাজি গৈছে। বাহিৰত বহি আছোঁ। ঠাণ্ডা আজি অলপ বেছিকৈয়ে পৰিছে। মহাৰাজটোৰ সাৰ-সুৰ নাই। অইনদিনা হ’লে এইখিনি সময়ত চোতালত বাগৰি থাকে। চিঞৰিলোঁ তাক দুবাৰমান। নাই। ঠাণ্ডা পাই এইটো মৰি থকা নাইতো, ভয়ো লাগিল অলপ।

“মহাৰাজ, ঔচ ঔচ” বুলি ম’বাইলটোৰ টৰ্চ জ্বলাই মই লাহে লাহে গোহালিটোলৈ আগবাঢ়িলোঁ। বেৰবোৰ কাহানিবাই জহি-খহি গ’ল। বেচেৰাটোক ৰাতিকণ পৰি থাকিবলৈ খেৰ-শুকান ঘাঁহেৰে অলপ গৰম ঠাই কৰি নিদিলোঁ কিয় মই ইমানদিনে? নিজৰ ওপৰতে খং উঠিল।

গোহালিটোৰ এচুকত দেখিলোঁ মহাৰাজ পৰি আছে। ওচৰলৈ গ’লোঁ। টৰ্চৰ পোহৰত দেখিলোঁ মহাৰাজ শুই আছে সেই হেৰোৱা কোটটোৰ ওপৰত! কোটটোৰ গৰম সাবটি এক গভীৰ আমেজত পৰি থকা মহাৰাজৰ পেটটোৱে উঠা-নমা কৰিছে এক সময়ৰ ব্যৱধানত। মোৰ বুকুখনে এতিয়া উশাহ লৈছে তাতকৈও ঘনকৈ। হয়তো মহাৰাজে সেইদিনা পুৱা কোটটো টানি ইয়ালৈ লৈ আনিছিল এখন গৰম বিছনা সাজিবলৈ! তাক চিঞৰি উঠাই কোটটো ল’বলৈ মন নগ’ল। হ’ব, ৰাতিপুৱা লৈ যাম। কাইলৈ মহাৰাজৰ কাৰণে পুৰণি কম্বল আছে যদি বিচাৰিব লাগিব।

কি যে এক সকাহ! দুই ওঁঠৰ হাঁহিটো মাৰ যোৱা নাই। অণুক চিঞৰি কওঁগৈ। কাপোৰযোৰ ঘূৰাই নিদিলেও হ’ব। বাকী হিচাপ পিছে-পৰেও কৰিম। মুকুটক প্ৰথমে খবৰটো দিওঁ বুলি ভাবোঁতেই অণুৱে চিঞৰি মাতিলে।

: শুনা, কথা এটা। মমীয়ে ফ’ন কৰিছিল অলপ আগতে। সিহঁত হেনো এইফালে ক’ৰবাৰ মন্দিৰ এটালৈ আহিব কাইলৈ। উভতি যাওঁতে আমাৰ ইয়াতে সোমাই ভাত খাই যাম বুলি ক’লে। মই কি ক’ম আৰু। তোমাৰ অৱস্থাটো জানো। কিন্তু ন দৰা-কইনা, না বুলিনো কেনেকৈ কওঁ। শুদাই-নিকাই খাই যাম কৈছে যদিও মাছ-মাংস অলপ নহ’লে বেয়া নালাগিব জানো?

কোটটোৰ খবৰ দিওঁ, নে প্ৰথমতে আকৌ হিচাপবোৰ কৰি লওঁ, ভাবিলোঁ মনতে!

☆ ★ ☆ ★ ☆

20 Comments

  • ইন্দ্ৰ মোহন বৰা

    বৰ ভাল লাগিল। ধন্যবাদ।

    Reply
    • abhijit goswami

      বঢ়িয়া লাগিল দিগু দা 👍👍

      Reply
  • বৰ্ণালী মূদৈ

    বিৰাট ভাল লাগিল দিগন্ত দা..
    মহাৰাজে গৰম বিচনা কৰিলোৱা কোট টোৱে সংঘাটিক চিন্তাত পেলালেই দিলে দেই

    Reply
  • Anonymous

    গল্পটো বৰ ভাল লাগিল দিগন্ত দা

    Reply
  • মেঘনা চৌধুৰী

    গল্পটো বৰ ভাল লাগিল দিগন্ত দা

    Reply
  • HEMANTA KAKATI

    Bhal lagil diganta

    Reply
  • rintumoni dutta

    কি লিখিছা হে দিগন্ত, চেল্যুট

    Reply
  • পৰীস্মিতা গগৈ

    আপোনাৰ এই গল্প লিখা ষ্টাইলটো কি যে ভাল লগা। ইমান ধুনীয়া বৰ্ণনা।

    Reply
  • যাযাবৰ

    মিঠা মিঠা লগা এটা গল্প। ধন্যবাদ দাদা ইমান ধুনীয়া সোৱাদ এটা দিয়া বাবে ।

    Reply
  • নীলাঞ্জনা

    দিগন্তৰ লেখা! সদায়ে চুই যায়৷

    Reply
  • Lakhya Borthakur

    সুন্দৰ গল্প

    Reply
  • মন্দিৰা

    বৰ ভাল লাগিল গল্পটো দিগন্ত

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    ভাল লাগিল গল্পটো৷

    Reply
  • Minati Mahanta

    তোমাৰ লিখনি মোৰ বৰ প্ৰিয় দিগন্ত ! গৰম আমেজ , বঢ়িয়া ।

    Reply
  • কাবেৰী মহন্ত

    তোমাৰ গল্প মানেই নিচা! আৰু বাঢ়ি যায়৷
    চেলুট

    Reply
  • বন্দিতা

    বহুত ভাল লাগিল পঢ়ি

    Reply
  • Bhaskar Jyoti Sarma

    ক্লাছ দিগু দা।

    Reply
  • গীতালি বৰা

    তোমাৰ লেখাত কৰুণতা আৰু হাস্য ৰস মিলি থাকে। ভাল লাগিল দিগন্ত।

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    বহুত ভাল লাগিল পঢ়ি দাদা

    Reply
  • মানসী বৰা

    খুব সুন্দৰ দাদা…

    Reply

Leave a Reply

Your email address will not be published.