ফটাঢোল

কলিকতাত লটিঘটি – কংকনা মহন্ত

১৯৯৫ চন মানৰে কথা। আজিকালি পুৰণা কথা বৰকৈ মনত পৰে। এইটো হেনো বুঢ়া হোৱাৰ লক্ষণ। তেতিয়া আমি নাগালেণ্ডৰ তুলিত থাকোঁ, তাৰ পেপাৰমিলত।এওঁৰ হঠাৎ কলিকতাত অফিচৰ এখন মিটিং ওলাল। ল’ৰাৰ পৰীক্ষা শেষ, গতিকে আমিও লগতে ওলালোঁ।আমি কামৰূপ এক্সপ্ৰেছত গৈছোঁ আৰু চল্টলেকৰ পেপাৰমিলৰ গেষ্টহাউচত থকাৰ ব্যৱস্থা। ৰেলত কুউ..ঝক্‌ঝক্‌ কৰি গৈ আছোঁ। মনত ফূৰ্তি! ফুৰিম, বজাৰ কৰিম। এওঁৰ মিটিং অলপ সময়ৰ কাৰণে। সব প্লেনড্। ৰাতিপুৱা সাতটাত হাওৰাত নামি চিধা গেষ্টহাউচত আমাক থৈ এওঁ অফিচলৈ যাব আৰু আবেলি আমি ফুৰিবলৈ ওলাই যাম। এনেই নকয় নহয়, ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। ট্ৰেইন তিনিঘণ্টা লেট যিটো সেইসময়ত তেনেই কমন কথা আছিল। মইহে ৰেলৱেৰ ওপৰত বেছি ভৰষা কৰিছিলোঁ। এঘাৰটাত এওঁৰ মিটিং আৰু সময়ত নাপালে ডাঙৰ সমস্যা হ’ব। তেওঁৰ চিন্তাত আমিও চিন্তাত পৰিলোঁ। শেষত ঠিক হ’ল এওঁ আমাক ষ্টেচনতে থৈ চিধা মিটিঙলৈ যাব আৰু দুটামান বজাত মিটিং শেষ হোৱাৰ পিছত আমাক লৈ গেষ্টহাউচলৈ যাব। বস্তু বাহানি ক্ল’কৰুমতে থৈ দিম। এওঁ ৰেলতে ইউনিফৰ্ম পিন্ধি তৈয়াৰ হৈ ল’লে।

দহটাত আমি নামিলোঁ হাওৰাত। সময় নাই এওঁৰ হাতত। দৌৰাদৌৰিকৈ বস্তু থ’বলৈ ক্ল’কৰুমলৈ গ’লোঁ, তাত বস্তু নাৰাখে কাৰণ আমাৰ ৰিটাৰ্ণ টিকেট কেইদিনমানৰ পিছত। আমি ভাবিলোঁ ৰেষ্ট ৰুমতে থাকিম, বস্তুৰ কাৰণেও চিন্তা নাই।তাতো একেই, সেইদিনা যাবলগীয়া মানুহকহে তাত থাকিবলৈ দিব। ইমান ৰিকুৱেষ্ট কৰিলোঁ কিন্তু সব বেকাৰ। উপায় নাপায় কেণ্টিন এখনত ৰিকুৱেষ্ট কৰোঁতে তাতেই লাগেজখিনি তলা মাৰি ৰাখি থ’বলৈ দিলে। কৃতজ্ঞতা জনাবলৈ তাতে পৰঠা চাহ খালোঁ। এওঁ তেতিয়ালৈ গ’লগৈ। মই আৰু মোৰ ল’ৰা গোটেই দিন ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছোঁ। এবাৰ নিজে অলপ ফুৰি আহোঁ বুলি ষ্টেচনৰ বাহিৰলৈ ওলাই ভিৰ দেখি ভয় খাই আকৌ ভিতৰ সোমালোঁ। দুপৰীয়া কেণ্টিনত কিবা এটা খাই বহি আছোঁ। তেনেকুৱাতে টিটি এজন আহি মোৰ ওচৰ পালেহি। বৰ ভালকৈ সুধিলে মেডাম আপোনাক তেতিয়াৰ পৰা এই সৰু ল’ৰাটোৰ লগত ইয়াতে ঘূৰি ফুৰা দেখিছোঁ, কি হ’ল? কাৰ লগত আহিছে? ক’ত যাব? একেলগে এসোপা প্ৰশ্ন। মই মোৰ কথাখিনি ক’লোঁ, এওঁৰ মিটিঙৰ কথা ক’লোঁঁ৷ কিন্তু তেওঁ ভাবিলে কোনোবাই মোক বিয়া পাতি ল’ৰাৰে সৈতে ষ্টেচনতে এৰি গ’ল। মই যিমানে কৈছোঁ নহয়, তেওঁ বিশ্বাস নকৰে। মোক জোৰকৈ পুলিচ থানালৈ লৈ যায়েই আৰু। মই নাযাওঁ, তেওঁ নেৰে। তেতিয়ালৈ মোৰ চাৰিওফালে মানুহ গোট খাই গ’ল। এতিয়া কিমানক বুজাম। তেতিয়া চাৰি/পাঁচ মান বাজিল। মোৰো চিন্তা লাগি আছে। একো খবৰো পোৱা নাই। টিটিয়ে তথাপিও মোক জোৰকৈ ওচৰৰ চিআৰপি কেম্প এটালৈ লৈ গ’ল। চিআৰপিৰ অফিচাৰজনে যেনিবা মোৰ কথাটো বুজিলে আৰু দৰকাৰ হ’লে খবৰ দিবলৈ কৈ টিটি আৰু মোক পঠিয়াই দিলে‌।

প্লেটফৰ্ম পাওঁতে আকৌ মানুহে আহি বেৰি ধৰিলেহি।তেতিয়া মোৰ আৰু ধৈৰ্য্যৰ বান্ধ চিঙি গ’ল। ল’ৰাক সাৱটি কান্দিবলৈ লওঁতেই দেখিলোঁ এখন জীপৰ পৰা এওঁ নামিছে। এওঁক দেখি তেতিয়া মই ভেঁকৈ কান্দি দিলোঁ। মোৰ কাষৰ পৰা ভিৰ আঁতৰিল। টিটিক এওঁৰ লগত চিনাকি কৰাই ধন্যবাদ দি বস্তু বাহানি লৈ গাড়ীত বহিলোঁ। তেতিয়া সন্ধিয়া। দিনটো এনেকৈ খেলিমেলিতে গ’ল। এওঁৰ মিটিং দেৰিলৈকে চলিছিল।যাহওক এতিয়া চিধা গেষ্টহাউচত বিচনাত বাগৰিমগৈ বুলি উশাহ লৈছোঁহে, জীপৰ দ্ৰাইভাৰে বোলে চাৰ চল্টলেক বহুত দূৰ, ইমান তেল নাই গাড়ীত। ঘূৰি আহিবলৈ তেল কমি যাব। সেইখন অফিচৰ গাড়ী, য’তে ত’তে তেল ভৰাব নোৱাৰে। আমাক এটা ঠাইত নমাই টেক্সি এখন ৰখাই উঠাই দিলে। আকৌ এবাৰ স্বস্তিৰ নিশ্বাস পেলালোঁ। আমি চিটত হেলান দি বহি দ্ৰাইভাৰক ক’লোঁ পেপাৰমিল গেষ্টহাউচ। ভাবিছোঁ চল্টলেকত সবেই জানিবই। দ্ৰাইভাৰে সুধিলে চাৰ টেংকী নম্বৰ কিমান? আমিতো নাজানোঁ। দ্ৰাইভাৰ সমস্যাত পৰিল বোলে ইয়াত টেংকী নম্বৰ হ’লেহে বিচাৰি উলিয়াব পাৰি। তেতিয়া নটা বাজিছে, আমি চল্টলেক পাওঁতে। এতিয়া গোটেই চল্টলেক ঘূৰি ফুৰিছোঁ গেষ্টহাউচ বিচাৰি। দোকান, ৰাস্তাৰ মানুহ সবকে সুধিছোঁ, নাই কোনেও চিনি নাপায়। তেতিয়ালৈ মোৰ ল’ৰা শুই গ’ল। ময়ো লেবেজান। গাড়ীৰ খিড়িকীৰে বাহিৰলৈ চাই গৈছোঁ। টেক্সিৰ মিটাৰ চলি আছে টেক্সিৰ লগতে। তেতিয়ালৈ চাৰে দহটা বাজিল।এবাৰ মই দূৰত পেপাৰমিলৰ লগ’টো দেখিলোঁ। মই এওঁক ক’লোঁঁ সৌটো গেষ্টহাউচ! পেপাৰমিলৰ লগ’টো আছে। এওঁৰ আকৌ সব কথাতে মোক অবিশ্বাস কৰাৰ স্বভাৱ এটা আছে। ক’তা, মই দেখোন দেখা নাই, এওঁৰ উত্তৰ। মই তেতিয়া দ্ৰাইভাৰকে ক’লোঁ দাদা সেইযে দেখিছে লাইট, তালৈ লৈ ব’লক। সি বোলে অ’ এইটো টেংকী নম্বৰ ষোল্ল। অৱশেষত যেনিবা গৈ গেষ্টহাউচ পালোঁঁ৷ ফ্ৰেছ হৈ, খাই বৈ বিচনাত পৰোঁতে বাৰ বাজিল। গোটেই দিনটো আমাৰ মানে মোৰ আৰু ল’ৰাৰ লটিঘটিতে গ’ল।

☆★☆★☆

2 Comments

  • Bhaben Mahanta

    ইমান পুৰনা কথা মই পাহৰিয়েই গৈছিলো । Crime & intelligence ৰ (NE region ) security review . যথাস্থান সময়ত পাই গম পালো আহ্বায়ক বিশেষ কামত অনুপস্থিত । অসম , বেঙ্গল , বিহাৰ , উৰিষ্যাৰ বিভিন্ন ইউনিটৰ পৰা গোট খোৱা বিষয়া সকলক বহুৱাই মিটিং খন ময়ে পৰিচালনা কৰিব লগা হল । Working lunch কৰি মিটিঙৰ মিনিউটচ তৈয়াৰ কৰি জমা দিও মানে প্ৰায় চাৰিটা বাজিল । কলিকটাৰ ট্ৰেফিক ফালি হাওড়া ষ্টেচন পোৱাৰ পিছৰ খিনি কঙ্কনাই লিখিছেই । মোৰো কম লটিঘটি হোৱা নাছিল সেইদিনা ।

    Reply
  • গীতিকা শইকীয়া

    বঢ়িয়া লাগিল পঢ়ি বা। সেইদিনা আপোনাৰ কি অৱস্থা হৈছিল ছাগে! এতিয়া পিচে মনত পেলাই ভাল লাগে নিশ্চয়। লিখাৰ ষ্টাইলটো খুউব ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.