ফটাঢোল

কলেজীয়া ফটাপ্ৰেম-গীতিমল্লিকা গগৈ

প্ৰথম ভালপোৱা হৈছিল এল পি স্কুলত পঢ়ি থাকোঁতে। ল’ৰাটোৰ নাম আছিল এচেক। শ্ৰেণীটোৰ ভিতৰতে সি ওখ আছিল কাৰণেই তাক ভাল লাগিছিল। পিছে এদিন ছেকেণ্ড চাৰৰ খুব পিটন খালে সি সৰল অঙ্কটো কৰিব নোৱাৰা কাৰণে। সৰল অঙ্কটোও নোৱাৰেনে সি! প্ৰেম সিমানতে সমাপ্ত।

হাইস্কুলত কেইবাজনো আছিল। কিন্তু আমাৰ নিচাদেউৰ ল’ৰা এটাই (ৰমেনকাই) মোৰ চৰিত্ৰৰ যেন ঠিকাহে লৈ থৈছিল। চিনাকীকেইটাৰ কথাই নাই, সি চিনি নোপোৱা মাৰ ঘৰৰ ফালৰ সম্পৰ্কীয় ল’ৰাৰ লগত দেখিলেও ঘৰত লগাইছিল – ‘মামনিয়ে অমুকৰ লগত খিকিন্দালি কৰি আছে। পকিলে আৰু। মেট্ৰিক ফেইল বুলি ধৰি লওক।’

সেয়েহে হাইস্কুলত মোৰ প্ৰেম পকিবলৈকে নেপালে ঐ বাকলি।

ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলোঁ। হোষ্টেলত আছিলোঁ, তাতে চুপাৰ বাইদেউ যিহে কাঢ়া আছিল! দুবছৰলৈ প্ৰেক্টিকেলৰ ডেমন্সট্ৰেটৰ চাৰ আৰু চকীদাৰ ৰামেশ্বৰৰ বাহিৰে কোনো ল’ৰাই দেখা নাছিলোঁ।

কলেজ পোৱাৰ পাছত কোনে পায় আৰু। পিছে অধিক মাছত বগলী কণা যেনহে হ’লো দেও।

কাৰোবাৰ ফিগাৰ ধুনীয়া, কোনোবা বৰ চোকা, কোনোবাই লেটেষ্ট বাইক লৈ আহে, কোনোবাই ধুনীয়া ধুনীয়া কবিতা লিখে, আকৌ কোনোবা এজন ভাল অভিনয় শিল্পী, ইফালে এজনৰ ৰোমাণ্টিক কণ্ঠৰ আবৃত্তি শুনি আমাৰ কেইবাগৰাকীৰ হিয়া থৌকিবাথৌ মুঠতে।

তাৰ ভিতৰত কেইটামানে আমালৈকো চকু দিছিল যেনিবা। দুটামানেতো চেলাপেটী জোক লগা দি লাগিছিল। “তোমাৰ বাবেই মোৰ পৃথিৱীখন সেউজীয়া হৈ পৰিছে, জীয়াই থকাৰ প্ৰেৰণাও তুমিয়েই দিছা” জাতীয় কবিতাও লিখিছিল। পিছে মই গুৰুত্ব নিদিলো।

ডিগ্ৰীৰ দ্বিতীয় বৰ্ষত অৱশেষত এজনৰ সৈতে মোৰ চেনেলটো কেনেবাকৈ মিলিলগৈ আৰু।

তেতিয়া মোৰো পৃথিৱীখন সেউজীয়া হৈ পৰিল, সি মোৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিল। তাৰ কথা নভবাকৈ ডিঙিৰে ভাতেই নোযোৱা হ’ল। চকুচৰহা, কুৰ্চুটীয়া দুজনীমানে কৈছিল – “সাৱধান, ল’ৰাটো তই ভবাৰ দৰে চিৰিয়াছ নহয় যেন লাগে।”

পিছে প্ৰেম যে অন্ধ তাক প্ৰমাণ কৰি মই সিহঁতকহে ককৰ্থনা কৰিলোঁ – ‘নিজে পটাব নোৱাৰিলি যে, সেই কাৰণে আঙুৰ টেঙা।’

তাৰ ক্ষণে ৰুষ্ট, ক্ষণে তুষ্ট স্বভাৱটো প্ৰেমিকৰ এটা ক্ৰাইটেৰিয়া বুলি ধৰি ল’লো। তাতে পঢ়াৰো প্ৰেচাৰ। সাতে পাঁচে এটা চকু সঁচাই বন্ধ কৰি ল’লো।

ফাইনেল ইয়েৰৰ পৰীক্ষাৰ আগে আগে সি কাঠচিতীয়াই জুনিয়ৰ এজনীৰ আগে-পিচে চালি ধৰি থকা খবৰটো পালোঁ।

কি ক’ম! ইমান কঠুৱা ল’ৰা থাকেনে ঐ! এদিন লগ কৰিবলৈ মাতিলো। প্ৰথমতে নাহেই। যেনিবা মোৰ কুৰ্চুটীয়া বান্ধৱীকেইজনীয়ে তাক কিবাকৈ ব্লেকমেইল কৰি মোক লগ কৰিবলৈ মান্তি কৰালে।

তাক ক’লো – “বাকী কথা বাদেই দিলো বাৰু, কিন্তু মই যে তোৰ অনবৰতে “কুহুৰ কুহুৰ”কৈ মাৰি থকা কাঁহটো ইমান কষ্টেৰে য’ৰ-ত’ৰপৰা বিচাৰি এৰাগুটি আনি, তাতে পাঁচটাকৈ জালুক খুন্দি খুন্দি পুৰিয়া বনাই বনাই খোৱাই ভাল কৰিছিলোঁ, তথাপি তোৰ বেয়া নেলাগিল নে মোক এনেকৈ ঠগিবলৈ? বাকী বাদ দিলো বাৰু, তোৰ মনটো ইমান পিছল নে যে প্ৰথমে এজনী, তাৰপিছত আৰু এজনীক পচন্দ কৰিব পাৰিলি! বিয়াৰ পিছতো তই চাগে এনেকৈয়ে ইজনী-সিজনীকৈ সলাই থাকিবি। ভাল বাচিলো দেই তোৰ নিচিনা ডলাৰ বগৰীৰপৰা। আকৌ যাতে তোক এই জীৱনত নেদেখো তই তাকে প্ৰাৰ্থনা কৰিবি। তোক দেখিব লাগিলে ঠাইতে তোৰ মাৰৰ বাপেৰৰ বিয়া দেখুৱাই দিম, বুজিলি?”

সেইদিনা মোৰ ভাৰাৰুমত কুৰ্চুটীয়া বান্ধৱীকেইজনীৰ সৈতে মিলি কুকুৰা মাৰি ভোজ খালো। তাৰ এমাহৰ পিছত আৰামত পৰীক্ষা দিলো।

☆ ★ ☆ ★ ☆

2 Comments

  • ৰাজশ্ৰী শৰ্মা

    ভাল লাগিল অ বা।

    Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ ভাল ৰক্ষা পৰিলা৷ ভাল লাগিল গীতিমল্লিকা

    Reply

Leave a Reply

Your email address will not be published.