ফটাঢোল

কল্পনা আৰু বাস্তৱৰ আশ্চৰ্যজনক সমাহাৰেৰে কল্পবৈজ্ঞানিক গ্ৰন্থ-কায়কল্প : অনামিকা বড়া

মনুষ্যৰ অনুসন্ধিৎসু মনৰ সীমনা যেনেকৈ নিৰ্ধাৰণ কৰিব নোৱাৰি, তেনেকৈ নৱ সৃষ্টিৰ স্পৃহাৰো নাথাকে কোনো পৰিসীমা। কল্পনাপ্ৰিয় মানুহৰ তেনে স্পৃহা কিছুমান প্ৰতিফলিত কৰিয়েই সাহিত্যজগতত সৃষ্টি হৈ আহিছে কল্পবিজ্ঞানৰ বিবিধ ৰচনা। তেনে এখন অভিনৱ গ্ৰন্থ হৈছে যশস্বী লেখক লক্ষ্মীনন্দন বৰাৰ “কায়কল্প”।

ঔপন্যাসিক আৰু গল্পকাৰ হিচাপে প্ৰখ্যাত বৰাদেৱে ভ্ৰমণ কাহিনী, জীৱনী, নাটক, বিজ্ঞান ৰচনা, অনুবাদ আদি সকলোতেই অৰিহণা যোগাইছে। বিজ্ঞানৰ ক্ষেত্ৰৰ সৈতে হাতে-কামে জড়িত হোৱা বৰাদেৱে বিজ্ঞান মানসিকতাৰে সামাজিক স্বৰূপ উপলব্ধি কৰি সমাজৰ উত্তৰণৰ বাট কটাৰ চিন্তা চৰ্চা কৰি প্ৰণয়ণ কৰিছে কেইবাখনো বিজ্ঞানভিত্তিক গ্ৰন্থ। সেইসমূহৰে অন্যতম কল্পবিজ্ঞানভিত্তিক গ্ৰন্থ “কায়কল্প” হৈছে বিজ্ঞান আৰু সমাজৰ সুষম সমন্বয়ৰ প্ৰতীক৷

উপন্যাসখনিৰ মূল চৰিত্ৰ বিজ্ঞানী ড° অনুজ কৃপালনি। সাতত্ৰিশ বছৰ বয়সত তেওঁতকৈ পোন্ধৰ বছৰে সৰু নয়নাৰ সৈতে প্ৰেমৰ পৰিণতিত বিবাহপাশত আবদ্ধ হয়। কিন্তু আমেৰিকালৈ গৈ ভোগসৰ্বস্ব সমাজত উটি ভাঁহি নয়নাই পিছলৈ বয়সে আঁচোৰ পেলোৱা স্বামী কৃপালনিৰ পৰা আঁতৰি আহিবলৈ বিচাৰে। বিদেশত থাকিও ভাৰতীয় আদৰ্শক বুকুত জীয়াই ৰখা বিজ্ঞানী ড° কৃপালনিয়ে কিন্তু বিবাহ বিচ্ছেদত অনুমতি নিদি নয়নাৰ যৌৱনৰ উন্মাদনাক প্ৰত্যাহ্বান জনাবলৈ ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিলে। ভাৰতলৈ আহিয়েই ‘ভাৰত বিজ্ঞানাগাৰ’ত প্ৰাচীন ভাৰতীয় আয়ুৰ্বেদৰ পৰা আৰম্ভ কৰি অনেক বিষয়ৰ গ্ৰন্থ অধ্যয়ন কৰি শেষত হিমালয় পৰ্বতৰ আশ্ৰমত থকা যোগী অমৰেন্দ্ৰ ব্ৰহ্মচাৰীৰ যোগেদি যৌৱন ধৰি ৰাখিব পৰা ঔষধৰ সন্ধান লাভ কৰে। তেনেদৰেই তেওঁ সৃষ্টি কৰি উলিয়ায় “কায়কল্প-২৫” নামৰ মানুহৰ যৌৱন ধৰি ৰাখিব পৰা ঔষধবিধ। কিন্তু ঔষধবিধ মানৱজাতিৰ বাবে ভয়ংকৰ হোৱাৰ কথা উপলব্ধি কৰি ড° কৃপালনিয়ে “কায়কল্প-২৫”ৰ ৰহস্য চিৰদিনৰ বাবে মানৱ সমাজত প্ৰকাশ নকৰাটোৱেই বিবেচনা কৰে। থোৰতে উপন্যাসৰ কাহিনীভাগ এয়ে।

স্বকীয় বিশেষত্বৰ “কায়কল্প” উপন্যাসখনিত বিজ্ঞান-প্ৰযুক্তিবিদ্যা, কল্পনা, সমাজ, অনুসন্ধিৎসা, ভাষাৰ বৈচিত্ৰতা আদিৰ প্ৰতিফলন ঘটিছে। জৈৱ প্ৰযুক্তিবিদ্যা, চিকিৎসাবিজ্ঞান, মেকানিকেল ইঞ্জিনীয়াৰিং, আণৱিক জীৱবিদ্যা আদিৰ ধাৰণা বহন কৰা উপন্যাসখনিৰ সন্দৰ্ভত লেখকে কৈছে, “ভাৰতত অতীতৰ পৰা চলি থকা কায়কল্প-চিকিৎসা আৰু সাম্প্ৰতিক জৰাবিজ্ঞানৰ কিছুমান চমকপ্ৰদ তথ্যৰ আলমত গঢ় লোৱা ‘কায়কল্প’ বিজ্ঞানভিত্তিক উপন্যাস বুলি আপাততঃ ক’ব পাৰি যদিও তেজ-মঙহৰ মানুহৰ দুখ-দুৰ্দশা, আশা-আকাংক্ষা, সংঘাত, প্ৰণয় আদি মানৱীয় মৌল প্ৰবৃত্তিসমূহ ইয়াৰ পৰা বাদ পৰা নাই। গতিকে ই এখন উপন্যাসহে, মাত্ৰ ইয়াৰ বিষয়বস্তুহে আধুনিক বিজ্ঞানৰ পৰা আহৰণ কৰা হৈছে।”

(“কায়কল্প”, মুখবন্ধ)

বৈদিক যুগৰ চিকিৎসা পদ্ধতি আৰু আধুনিক জৈৱ-প্ৰযুক্তিবিজ্ঞানৰ সমন্বয় ঘটিছে “কায়কল্প”ত। জৈৱ-প্ৰযুক্তিবিদ্যাৰ অভূতপূৰ্ব বিকাশৰ ছবি এখন অংকন হৈছে উপন্যাসখনিত। লগতে ঔপন্যাসিক পৰিস্থিতিৰ বৰ্ণনাৰ মাজতে বিজ্ঞান প্ৰযুক্তিসৃষ্ট বিভিন্ন উপাদান যেনে ধাতুগত যন্ত্ৰ-পাতি, যান-বাহন, আধুনিক খাদ্যসম্ভাৰ, ঔষধপাতি, সাজ-পোছাক, বিজ্ঞানাগাৰ, অট্টালিকা আদিৰ পয়োভৰ ঘটিছে। লগতে পূৰ্ণ প্ৰতিফলন ঘটিছে নগৰীয়া সমাজৰ প্ৰাত্যহিক জীৱনত মানুহে বিজ্ঞান-প্ৰযুক্তিৰ নানান আৱিষ্কাৰৰ সৈতে ৰখা সম্বন্ধৰ।

কল্পবিজ্ঞান উপন্যাসত কল্পনাৰ পয়োভৰ ঘটাতো স্বাভাৱিক। “কায়কল্প”ও ইয়াৰ ব্যতিক্ৰম নহয়। লেখকে প্ৰচুৰ কাল্পনিক উপাদানৰ সংযোজনেৰে বাস্তৱ আৰু কল্পনাৰ সুষম সন্মিলন ঘটাইছে “কায়কল্প”ৰ পাতত। নিজাকৈ কেইবাটাও কল্পনাসৃষ্ট বস্তুৰ প্ৰকাশ ঘটোৱা উপন্যাসখনিত লেখকে কল্পনাৰ ৰহণ সনাত অলপো কৃপণালি কৰা নাই। উদাহৰণস্বৰূপে “কাল-যন্ত্ৰযান”, “ড্ৰিম লেবৰেটৰী(সপোন বিজ্ঞানাগাৰ)”, চুম্বক শক্তিৰ দ্বাৰা ভাসমান বিছনা আৰু চকী, যন্ত্ৰমানৱ আদি উপাদান “কায়কল্পৰ” কল্পনাপ্ৰসূত জগতখনৰ শক্তিশালী দিশ। তদুপৰি A.K.-29 নামৰ উন্নত প্ৰজাতিৰ ধান, H3 নামৰ ড্ৰাগ, খাৰুৱা তেল খান্দোতে ওলোৱা বিষাক্ত পানীয়বোৰক গ্ৰাস কৰিব পৰা বেক্টেৰিয়াম অণুজিয়াম ইত্যাদি কাল্পনিক উপাদানৰ উপস্থাপনে উপন্যাসখনত বিজ্ঞান-প্ৰযুক্তিৰ নতুন দিশৰ প্ৰকাশ ঘটাই মানৱ সমাজত জগাই তুলিছে অনুসন্ধিৎসা।

নক’লে নহ’ব যে কল্পনা আৰু বাস্তৱৰ সমাহাৰ ঘটা “কায়কল্প”ত অলৌকিকতাৰো এক সুন্দৰ উপস্থাপন ঘটিছে। একে সময়তে সমাজ এখনত চলি থকা বিভিন্ন ধৰণৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদিকো ওলাই কৰা নাই। সমাজ আৰু মানুহ উপন্যাসৰ এৰাব নোৱাৰা উপাদান আৰু “কায়কল্প” ইয়াৰ ব্যতিক্ৰম নহয়। বৰঞ্চ সমাজ আৰু মানুহৰ পৰিবৰ্তন প্ৰয়াসী দৃষ্টিভংগী উপন্যাসখনৰ পাতে পাতে উপলব্ধ। বিজ্ঞানে সমাজ আৰু মানুহৰ জীৱনলৈ আনিব পৰা পৰিবৰ্তনৰ এক সুন্দৰ আভাস আকৰ্ষণীয়কৈ প্ৰকাশ পাইছে “কায়কল্প” উপন্যাসখনিত।

মানুহৰ পুনৰ যৌৱনপ্ৰাপ্তি বা যৌৱনক বিলম্বিত কৰা আৰু আয়ুস বৃদ্ধি কৰাৰ গোপন আকাঙ্ক্ষাক মূৰ্ত কৰি তোলা “কায়কল্প”ত লেখকে প্ৰকৃতিৰ বিৰুদ্ধে মানৱ সমাজে কৰা প্ৰচেষ্টাক সহজে উপলব্ধ হোৱাকৈ সমালোচনা কৰিছে। অফুৰন্ত কল্পনাশক্তি আৰু বিচক্ষণ উদ্ভাৱনী ক্ষমতাৰ সমাহাৰ ঘটা “কায়কল্প” অসমীয়া সাহিত্যত আধুনিক বিজ্ঞান আৰু প্ৰাচীন ভাৰতীয় বিজ্ঞান-দৰ্শনৰ সমন্বয় তথা সংশ্লেষণৰ এক অন্যতম কীৰ্তি বুলিলেও বঢ়াই কোৱা নহ’ব।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.