ফটাঢোল

কাগজৰ বাঘ, চেনেলৰ ডন! – নিশিকুটুম্ব লেখাৰু

: চলিবলৈ বৰ অসুবিধা হৈছে। আপোনালোকে জানেই সকলো। – মই তলমুৰ কৰি হাতৰ কলমটো পিটিকি পিটিকি লাহে লাহে কৈ গলো। পেটটো কলমলাই উঠিল।

: এনেদৰে কিছুদিন গলে মোৰেই খাব-ববলৈকো অসুবিধা হ’ব। – অকণো নোৰোৱাকৈ আকৌ একেলেথাৰিয়ে কৈ গলো। মোৰ সমুখত ঠিয় দি থকা মানুহকেইজনৰ মুখত ভাৱলেশহীন অভিব্যক্তি। মই অলপ বিৰক্ত হ’লো। ভোক লাগিছে। কিন্তু কথাখিনি আজিয়েই কৈ শেষ কৰিব লাগিব। নহলে দেৰী হৈ যাব। পিছলৈ সুযোগ নাপাম। আকৌ আৰম্ভ কৰিলো।

: মই নোৱাৰিম আৰু। গতিকে আপোনালোকে নিজেই ভবিষ্যতৰ কথা ভাবক। কাইলৈৰ পৰা আপোনালোকে কাকতৰ অফিচলৈ আহিব নালাগে। মই অফিচৰ বাকীবোৰক কৈ দিম। সিদিনা মন্ত্ৰীৰ সৈতে বিলোৱা সাহায্যৰ টোপোলাকেইটামান আমাৰ অফিচৰ গাড়ীতেই ৰৈ গৈছিল। চাউল, দাইল, নিমখ আনকি আলুও আছে। মই নিজেই ফাঁচীবজাৰৰ জৈনৰ পৰা ভাল আলুৰ বস্তা অনাইছিলো। এটা টোপোলা লৈ যাওক। যাওক এতিয়া! ঐ মিণ্টু, চাই দে অল্প!

শেষৰ কথাখিনি অলপ টানকৈয়ে কৈ মই মোৰ বিশ্বাসী বঙালী লগুৱাটোৰ ফালে চালো। মই বাহিৰত যিমানেই জাতীয়তাবাদী দেখুৱালেও বঙালী মানুহৰ সৈতে কথা কবলৈ হ’লে মুখত আধাভঙা বঙালীহে ফুটে। আনকি অসমতে চাৰিপুৰুষ পাৰ কৰা কোনোবা বিহাৰী, মাৰোৱাৰী আদি লোকৰ সৈতেও ‘খাতাহে-যাতাহে’কৈ হলেও হিন্দী দুফাকিমান গালেহে মোৰ দেহাটো সুত পৰে।

: ছাৰ, ছাৰ! মানে মানে… – নলবাৰীৰ ছোৱালীজনীয়ে কিবা এষাৰ কব খুজিলে। আনকেইজনেও হয়ভৰ দি কিবা দুষাৰমান কবলৈ খুজিলে।
: চাল্লা……! ওলাই যা এতিয়াই! মোৰ কথা ফাইনেল! চাল্লা……- মোৰ মুখেৰে অশ্লীল গালি দুষাৰমান ওলাই আহিলেই। কিমান আৰু ভদ্ৰলোকৰ ভাওঁ দিম? মোৰ মুখত তেনে কথা শুনি লগুৱাটোৰ বাহিৰে আনবোৰ হতভম্ব হ’ল। কাৰো মুখত মাত নোলাল।

: চলৌ! – লগুৱাটোৱে সি এই সুযোগতে সকলোকে ঠেলি-হেচি কোঠাটোৰ পৰা উলিয়াই নিলে। হেঁচা-ঠেলা কৰোঁতে সি ছোৱালীজনীৰ গাত দৃষ্টিকটুভাৱে হাত দিয়া কথাটোত মোৰ চকু পৰিলেও মই মুখেৰে একো নকলো।
: পা মজা এতিয়া! মই কিমানদিন চেষ্টা কৰিলো, ধৰা নিদিলি। ধৰা দিলে আজি এনে অৱস্থা নহলহেঁতেন। পিছে এতিয়া কেনে মজা! – মনে মনে ভাবিলো।

ছোৱালীজনীৰ ঘৰ নলবাৰী জিলাত। দেউতাক নাই। বৃদ্ধা মাকৰ সতে দুটাকৈ বেমাৰী ভায়েকৰ আলপৈচানো তায়েই ধৰিব লাগে। বয়স প্ৰায় ভাটি দিলেই। নিজৰ বিয়া-বাৰুৰ কথা নাভাবি এই সৰু চাকৰিটোও কৰিয়েই কোনোমতে চলি আছিল। পিছে আজি ময়েই চাকৰিটোৰ মুদা মাৰি দিলো। উপায় নাই। কম্প্ৰমাইজ নকৰিলে সকলো এদিন এনেকৈযে শেষ হ’ব।

আকৌ পেটটোৱে কলমলাই উঠিল। ভোকত প্ৰাণ যোৱা যেন অৱস্থা হৈছে। পুৱাও ভালকৈ একো খোৱা নহল। যোৱানিশা পাৰ্টি এটা আছিল। তাতেই খোৱা। কালি নিশা মনজিতৰ ফাৰ্ম হাউচলৈ গৈছিলো। নিশাৰ সাজ খাবলৈ সি নিমন্ত্ৰণ কৰিছিল। এইহেন আকালৰ সময়তো তাৰ ফাৰ্ম হাউচত বিধে বিধে খাদ্যৰহে পয়োভৰ। সি অৱশ্যে এনেয়ে ৰঙীন মানুহ। নিশা হলেই সি সুন্দৰী যুৱতী-মহিলাৰ সান্নিধ্য বিচাৰি ছচিয়েল মিডিয়া তোলপাৰ কৰি দিয়ে। লেনিয়াই লেনিয়াই নিশা মেচেজ কৰে, তাৰ ফাৰ্ম হাউচলৈ বিশেষ কথাৰ বাবে মাতে। পিছে বহুকেইবাৰ সি এইবোৰৰ বাবে বহুতৰে পৰা কিল-গতা-ভুকু-থলামুৰিও খাইছে। বহু সাংবাদিকেই তাৰ এইবোৰ কথা জানে। পিছে কি হ’ব। জাতীয়তাবাদী নাম লিখা বাঘৰ ছাল এখন গাত লৈ সি ভেড়াৰ দৰে বেবাই থাকিলেও বেছিভাগেই তাক বাঘ বুলিয়েই প্ৰতিপন্ন কৰিব খোজে। সেয়ে সিয়ো নিজৰ বেপাৰ চলাই যাবলৈ সুবিধা পাইছে।

এতিয়া সমগ্ৰ দেশজুৰি লকডাউন, পুলিচৰ পহৰা, বয়বস্তুৰ নাটনি। গধূলি হলেই কোনেও বাটলৈ ওলাব নোৱাৰে। পিছে আমাৰ দৰে কাকত, টিভি চেনেলৰ বৰমুৰীয়াৰ বাবে এইবোৰ অৰ্থহীন কথা। কাজেই কালি নিশা মই তাৰ ফাৰ্মহাউচতে নিশাৰ সাজ খাওঁ বুলি ওলাই গৈছিলো। সিয়ো আপ্যায়নত কোনো ত্ৰুতি ৰখা নাছিল। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কোনোবা এজন দুৰ্নীতিপৰায়ণ বিষয়াৰ হতুৱাই সি তাৰ ফাৰ্মহাউচত হৰিণৰ মাংসৰো যোগাৰ কৰিছিল। একেদৰে চৰকাৰৰ পৰ্য্যটন আৰু সাংস্কৃতিক বিভাগৰ বাৰাণ্ডাতে বেছিভাগ সময় লেটি লৈ থকা ভকতীয়া ঠিকাদাৰ এটাৰ হতুৱাই কেইজনীমান হৰিণীনয়নাও যোগাৰ হৈছিল। মুঠতে পাৰ্টিটো ভালেই চলিছিল। নিশা ঘৰ আহি পোৱাৰ সময়ত মোৰ হুচ নাছিল।

আন সময়ত নিশা কোনোবা ‘বেচেৰা’ক এনে অৱস্থাত পোৱা হ’লে মোৰেই চেনেল আৰু কাকতকেইখনে একেবাৰে বাৰ বজাই দিলেহেতেন! আনকি দুগৰাকী প্ৰাপ্তবয়স্ক প্ৰেমিক-প্ৰেমিকাৰ একান্ত অন্তৰংগ মুহূৰ্তখিনিকো ‘ব্ৰেকিং নিউজ’ বুলি মা-মছলা সানি পৰিবেশন কৰাত মোৰেই চেনেলটোৰ প্ৰায় আটাইবোৰেই সিদ্ধহস্ত।

আন নালাগেই। মোৰেই চেনেলৰ শ্ৰীমান নিচুকনি শইকীয়াৰ কথা সকলোৱে জানে। টিভিৰ পৰ্দাত তেৰা সাক্ষাত বিনয়ৰ অৱতাৰ, পিছে পৰ্দাৰ আঁৰত ৰুক্ষ, বদমেজাজী, অভদ্ৰ। সকলোৱেই জানে, কোনেও ফুটাই নকয়। কেতিয়াবা পিছে কথাৰ ফাকতে অভদ্ৰামিবোৰ ওলাই যায়। তেৰাই এবাৰ অসমৰ এগৰাকী প্ৰখ্যাত সংগীত শিল্পীক সুধিছিল, “আপোনাৰ বিয়া হোৱা ইমান দিন হ’ল। এতিয়াও কেঁচুৱা হোৱা নাই যে! কিয়?”

এনেবোৰ একান্ত ব্যক্তিগত কথা মুকলিকৈ সুধিবলৈ ঘোকোট গাঁৱৰ পদূলিশুঙাকেইটাইও সাহস নকৰে। পিছে গুৱাহাটীৰ টিভিৰ ষ্টুডিঅ’ নহৈ আন ঠাইত হলে তেৰাৰ নাক-মুখ ভাঙি, মহাভাৰতৰ জয়দ্ৰথৰ দৰে আধাকেচেলুৱাকৈ মুৰৰ চুলি খুৰাই, ধৰা পৰা গৰুচোৰৰ দৰে চুণৰ ফোট দি, ডিঙিত ভঙা টিন আঁৰি ভালকৈ এসেকা দিহে এৰি দিলেহেঁতেন।

পিছে সেইবোৰ বাদ দিলো। ইতিমধ্যে মোৰ দুপৰীয়াৰ আহাৰ আহি মোৰ কোঠালিত উপস্থিত হৈছিল। মোৰ দুপৰীয়াৰ আহাৰ দুবিধ। এবিধ পেটৰ, আনবিধ দেহ-মন সকলোৰে! হেঃ হেঃ!

: আহা! বহা। ভোক লাগিছে, সোনকালে আৰম্ভ কৰো! – মই ‘খাদ্য’ আৰু ‘খাদ্যধাৰিণী’লৈ চাই মিচিকিয়াই হাঁহি কলো।

বঙালী লগুৱাটোৰেই কাম এইবোৰ। একো নোকোৱাকৈয়েই বহু বুজে আৰু সেইমতে আয়োজন কৰে। জীৱনত বহু কষ্ট কৰিলো। এতিয়া আৰামৰ দিন। এতিয়া কাকো খাতিৰ কৰিবলৈ নাই। সকলোৰে লগত মিলামিছা কৰি থাকো। আনকি দেখাক দেখুৱাই মহাপ্ৰতাপী মন্ত্ৰীজনাৰ সৈতে অহি-নকুল সম্পৰ্ক। প্ৰতিদিনেই কাকতৰ প্ৰথম পৃষ্ঠাত মন্ত্ৰীজনাৰ কথাই প্ৰতি সমালোচনা, প্ৰতিদিনেই মোৰ চেনেলৰ প্ৰাইম টাইমত মহাপ্ৰতাপী মন্ত্ৰীজনাৰ কিবা নহয় কিবা ক্ষুদ্ৰ কথাক লৈ থকাসৰকা আলোচনা।

পিছে জনাসকলে জানে, যে তেখেতৰ সৈতে মোৰ ভিতৰপকীয়া সম্পৰ্কভাগি বেলেগ। মানে লোককে দেখুৱাই কেটেৰাই মাতিবা, ভিতৰি নেৰিবা বেথা। আনকি মোৰ পৰিয়ালৰ বিবাহ-সম্প্ৰদান-কাজ-কৰ্ম আদি সকলো অনুষ্ঠানতে তেখেত বিশেষভাৱে নিমন্ত্ৰিত অতিথি। এনেধৰণৰ কোনো অনুষ্ঠানতে তেখেতৰ অনুপস্থিতি দেখা নাই। মানে মহাপ্ৰতাপী মন্ত্ৰীজনাই কোনো দিনেই সুৰসুৰকৈ আহি মনে মনে বাতি-চেট এটা দি বিলনীয়াই থালত তুলি দিয়া দুই এপদ খোৱাবস্তু গোগ্ৰাসে গিলি ৰভাৰ পিছফালেৰে পলায়ন কৰাৰ লেখিয়া নহয়। পৰিয়ালৰ সৈতে আহি সকলোকে মাত লগাই থালখন চেলেকি চেলেকি উদং কৰি বীৰদৰ্পে প্ৰস্থান কৰা মহাপ্ৰতাপী মন্ত্ৰীজনাৰ কথাই বেলেগ!

এইবোৰ ভাবি ভাবি মোৰো দুপৰীয়াৰ খাদ্যখিনি খোৱা শেষ হ’ল। ‘খাদ্যধাৰিণী’ৰ মিচিকিয়া হাঁহি। ইয়াৰ পিছৰ সময়খিনি মোৰ বাবে জিৰণিৰ সময়। এইবাৰ ‘খাদ্যধাৰিণী’য়ে কোঠাটোৰ দুৱাৰখনৰ খিলিটো লগাই দি মোৰ ওচৰলৈ আহি কাষতে বহি ল’লে। আঃ! কি যে প্ৰশান্তি। মই ভাৱনাৰ সাগৰত বুৰ গলো।

এই যে আমাৰ দৰে কাকত, চেনেল, আলোচনীৰ মালিকবোৰ! কিমান যে ক্ষমতা, কিমান যে প্ৰতাপ। পিছে মোৰো বহু কথা এনেকৈয়ে কবলৈ থাকি যায়। কেতিয়াবা মোৰো মহাপ্ৰতাপী মন্ত্ৰীৰ দৰে সাক্ষাৎকাৰ দিবলৈ মন যায়। মহাপ্ৰতাপী মন্ত্ৰীজনাৰ জৰী এডালৰ দৰে লেহুকা মেৰুদণ্ডৰ লেমটৌ এগৰাকী আছে। তেৰাক দেখিলেই ‘টম এণ্ড জেৰী’লৈ মনত পৰে, পিছে এখেত নিগনি হলেও ‘জেৰী’ৰ দৰে স্মাৰ্ট নহয়, তাৰ ওলোটাহে! মহাপ্ৰতাপী মন্ত্ৰীয়ে মেলে-মিটিঙে নিজৰ কথাখিনি মন খুলি কবলৈ সুবিধা নাপালেই নিগনি মানে ‘জেৰী’ৰ আগত বহি লয়। তাৰ পাছত এফালৰ পৰা বলকি যায়। ইফালে সাক্ষাৎকাৰগ্ৰহণকাৰী ‘জেৰী’য়ে ফান্দত পৰা অকণমানি বটা নিগনিটোৰ দৰে ভয়ে ভয়ে ‘ও’, ‘হয়’, ‘ঠিকেই’, ‘একেবাৰে ঠিক’, ‘একদম’ আদি শব্দকেইটামান কৈয়েই সময়খিনি কটাই দিয়ে।

আচলতে এই খবৰ বা বাতৰিৰ ব্যৱসায়ত ইমানদিনে থাকি মই পকি গৈছো। এই কাৰবাৰটোৰ নাড়ী-নক্ষত্ৰ মোৰ আঙুলিৰ মুৰত। আনহে নালাগে মোৰ প্ৰতিষ্ঠানৰ দৰমহাভোগী বহু সাংবাদিকেই ‘প্ৰেছ’ লিখা ষ্টিকাৰ এটাৰ বলতেই অনবৰতে ‘ফ্ৰেছ’ টকা, ৰমণী, সম্পত্তি ভোগ কৰিব পাৰে। প্ৰতিদিনেই ‘নিউজ’ সমূহৰ দৰদাম চলে।

: “হেল্ল’! আপোনাৰ এটা নিউজ আছে, দিম নেকি?” – এইষাৰেই সোণসেৰীয়া কথা।

খবৰ প্ৰকাশ নকৰিলে বেছি লাভ। কেতিয়াবা খবৰ প্ৰকাশ কৰিলেও বিপৰীত পক্ষৰ পৰা গধূৰ টোপোলা লাভ হয়। ব্লেকমেইল, সুবিধাবাদী ৰাজনীতি, কেলেংকাৰী গাপ দিয়া, কোনোবা নিৰপৰাধীৰ নামত ভুৱা খবৰ উলিয়াই সামাজিক জীৱন ধ্বংস কৰা আদি কাম আমাৰ বাবে বাওঁহাতৰ খেল।

যদি কোনোবা সাধাৰণ মানুহে বৃক্ষৰোপণ, নিস্বঃজনক সহায়, দুখীয়া ছাত্ৰ-ছাত্ৰীক সাহায্য প্ৰদান আদি কাম কৰে, তেন্তে আমাৰ কাকত চেনেল আদিত এইবোৰ বাতৰি ওলোৱাৰ কথাও নুঠে। পিছে কোনোবা বিশেষ ব্যক্তিয়ে দুই কেজি চাউল, এককেজি আলু বিলায় বা শিলনীয়া শুকান ঠাইত এটা গছপুলি ৰুই ভেঁকোভাওনা এখন কৰে আমাৰ চেনেল, কেমেৰা, কাকতত সকলো বাতৰি পাব।

আমাৰ কামকাজত হকাবধা কৰিবলৈও কোনো নাই। সকলো হাতৰ মুঠিত। আনহে নালাগে গুৱাহাটীৰ মাজমজিয়াতে সকলো বাঘা বাঘা, চোকা টেকেলা সদৃশ বাতৰি বুটলি ফুৰা সকলৰ এটা ক্লাৱ মানে মিটিংঘৰ আছে। পিছে সৌ সিদিনালৈকে মিটিংঘৰটোৰ সম্পাদকৰ তুলনাত তাৰে চৌহদৰ কেণ্টিনখনৰ ৰান্ধনিজনৰহে সন্মান বেছি আছিল! সেই মিটিংঘৰটোৰ চৌহদৰ কেণ্টিনৰ ছাগলী মাংসৰ জোলখনৰ সোৱাদেই সুকীয়া!

সৰিয়হৰ ডুলিতেই ভুত! মানে চাৰিওদিশে খবৰ বিচাৰি ফুৰা সত্যসন্ধানীসৱৰ মিটিংঘৰটোৰ কমিটিখনে ১৮ বছৰলৈ নিৰ্বাচন অনুষ্ঠিত নকৰি নিজৰ খেয়ালখুচিমতে চলি আছিল হেনো। কিবা কিবি কুৰুং কাৰাং চলাৰ পাছত সৌসিদিনা প্ৰায় ডেৰযুগৰ পাছত নিৰ্বাচন অনুষ্ঠিত হ’ল। তাকো কৰিবলৈ লোৱাৰ সময়ত মিটিংঘৰটোৰ নতুন কমিটি আহিলে ইনকামত কিবা হীন-দেঢ়ি হব বুলি বিধি পথালি দিয়া মানুহজন কোন আছিল জানেনে? ছাগলী মাংসৰ থপথপীয়া জোল বিলাই ফুৰা কেণ্টিনখনৰ পোৱালিটো নহয়, সাক্ষাৎ মিটিংঘৰৰ পুৰণি সম্পাদকজন!

মানে মিটিংঘৰৰ কেণ্টিনৰ মাংসৰ জোল বিলনীয়াজনে এটা কথাত নিশ্চিত আছিল যে তেওঁ ইমান দিনে ‘ইমানদাৰী’ৰেই কেণ্টিনখন চলাইছিল। তেখেতৰ চকী নলৰে। মাংসৰ জোলখনেই তেখেতৰ কামৰ প্ৰমাণ। পিছে মিটিংঘৰৰ সেই সময়ৰ সৰ্বেসৰ্বা তথা হাত দীঘল ‘নৱ ঠাকুৰ’ৰ হাত দুখন দুৰ্নীতিৰ বোকাত পঁচি গেলি শ্বোলেৰ ‘ঠাকুৰ’ৰ দৰে নোহোৱা হবলৈ অকণো বাকী নাছিল!

গতিকে এনেবোৰ সংগঠনে মোৰ কিডাল কৰিব?

আজি মোৰ পুৰণি সাপ্তাহিক কাকত এখন বন্ধ কৰি দিলো। দৈনিকখন ভালকৈয়ে চলি আছে, টিভি চেনেলটোও ৰমৰমীয়া, ৱেব-পৰ্টেলটোও ঠিকেই চলি আছে, আলোচনী এখনো আছে। তথাপিও মহামাৰী, আকালৰ দিনত এনে এটা সিদ্ধান্ত লবলৈ মোৰ অকণো সময় নালাগিল।

মোৰো বহু কষ্ট হৈছে, প্ৰতি বছৰে এখনকৈ কোটি টকীয়া গাড়ী কিনো৷ আজি বহু বছৰৰ পৰা এই কথাটোৰ অকণো সলনি হোৱা নাই। পিছে এইবাৰ এতিয়ালৈ নোৱাৰিলো। হয়, মোৰ চেনেল, ৱেৱ-পৰ্টেল আৰু দৈনিক কাকতখনে ইনকাম কৰি আছে। পিছে এই সাপ্তাহিকখনহে গলগ্ৰহ হৈছিল। সেয়ে বন্ধ কৰি দিলো। এই লকডাউনত মিছামিছি এমখাক পুহি ৰখাৰ দৰকাৰ নাই।

ছচিয়েল মিডিয়াত কেইদিনমান গৰম গৰম কথা চলিব। জীৱনত কোনোদিনেই সাপ্তাহিকখনৰ কপি এটা কিনি নোপোৱা কেইটামানেও বৰ বৰ কথা কব। পিছে ময়ো কম নহয়। দুদিনমান পিছতেই মই এখন বগা কাগজত সাপ্তাহিকখন যে বন্ধ হোৱা নাই, সকলো ঠিকেই আছে বুলি এবকলা লিখুৱাই কৌশলেৰে ছচিয়েল মিডিয়াতে প্ৰচাৰ কৰাই দিম। তলত কাৰো নাম পদবী নথকা কাগজখন দেখিও সকলোৱে সেইফালেই তাপ মাৰিবই। মই জানো।

আজিয়েই সাপ্তাহিকখনৰ কৰ্মচাৰীকেইজনক বিদায় দিলো। মই পিছে সিমান বেয়া মানুহ নহও। পৰোপকাৰী, দয়ালু। সেয়ে সকলোকে এসেৰকৈ চাউল, আধাপোৱা দাইল, নিমখ এজেবা আৰু চাৰিটাকৈ আলু দিহে সন্মানসহকাৰে বিদায় দিছো। বস্তুখিনি ফাঁচীবজাৰৰ জৈনৰ পৰা বিলাবলৈ অনা, অৱশ্যে ফ্ৰিকৈ। এইবোৰ কামত মই পইচা দিয়া মনতেই নপৰে! বিধায়কে যদি বানপীড়িতক গাইপতি চাৰিটাকৈ আলু, সাংসদ মহোদয়ে এপেকেটকৈ বিস্কুট, আন এজনে এপেকেটকৈ ভুজিয়া বিলায়েই ৱাহ ৱাহ লব পাৰে তেন্তে মই কিয় বেছিকৈ দিম? দুদিনমান বু-বু বা-বা চলিব। পিছত সকলো শান্ত হ’ব।

কোনেও এইবোৰ নলগা জেঙত লাগি নুফুৰে। আনকি এই যে টিভিত ডিঙিৰ সিৰ ফুলাই চিঞৰি ফুৰা এংকৰি-বেংকৰিবোৰ, বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাতেই সম্পাদকীয় ষ্টাইলত জোৰদাৰ লেখা লিখা বাঘা বাঘা সকলৰো নিজৰ সহকৰ্মীসকলৰ সপক্ষে মাত মাতিবৰ পৰত কিয় দুই ভৰিৰ মাজত নেগুৰ সোমায় সেইটোহে আচৰিত কথা! সৰু সৰু কথাতে নিতৌ টিভিত মুখৰ ফেন বাহিৰ কৰাসকল বা কাকতৰ পৃষ্ঠাত বিদ্ৰোহৰ অগনি সৃষ্টি কৰা ভদ্ৰলোকগণে নিজৰ প্ৰতিষ্ঠানত কম দৰমহাত খটুৱাই থকা কৰ্মীসকলৰ কথা জানিও নজনাৰ ভাওঁ জোৰা কথাবোৰত মই বৰ আমোদ পাওঁ। সৰু সৰু কথাতে সংবাদ প্ৰতিষ্ঠানৰ সাধাৰণ কৰ্মচাৰীসকলক চাকৰিৰ পৰা খেদা, আনকি গৰ্ভৱতী হোৱা বাবেই চাকৰিৰ পৰা খেদা আদি কথাৰো মুখ ফুটাই প্ৰতিবাদ কৰিবলৈ এইসৱৰ কলিজাত যে দম নাই সেয়া মই ভালকৈ জানো।

সেয়ে মই কাকো কেৰেপ নকৰো। মাফিয়া ডনৰ দৰে থাকো। বুঢ়া হলেও নতুন নতুন ষ্টাইল মাৰিবলৈ যত্ন কৰো। আজিকালি অনবৰতে ক’লা চশমা আৰু এটা ফেল্টহেট পিন্ধি থাকিবলৈ লৈছো। মানে মাফিয়া ষ্টাইলৰ আদব-কায়দাত চলিবলৈ লৈছো। নিজৰ বাবে অসমীয়া নাম এটাও ভাবিছো।

“অসমীয়া প্ৰতাপী দন ”

☆ ★ ☆ ★ ☆

4 Comments

  • Rintumoni Dutta

    এইটো কি, বাপ ৰে।

    বিন্ধি যাব, ডেই-পুৰি যাব দেই

    Reply
  • হেমন্ত কাকতি৷

    তামাম লাগিল দেই৷ একদম ফালি দিয়া বুলি কয় যে৷ সেইটো!

    Reply
  • Pranita Goswami Barthakur

    কটা ঘাঁত চেঙা তেল দিয়াদি দিছে। উচ্চ স্তৰীয় ব্যংগ। চেল্যুট হে দিলোঁ দেই।

    Reply
  • অভিজিত কলিতা

    অতি বাস্তৱ আৰু সাহসী ব্যংগ। চৰিত্ৰবোৰ চকুৰ আগতে দেখা পালোঁ‌। সংবাদ জগতৰ ভিতৰুৱা দুৰ্নীতি অনীতিবোৰ মুকলিকৈ লিখা বাবে আপোনাক ধন্যবাদ। এই বিলাক লিখনি ফটাঢোলৰ সম্পদ

    Reply

Leave a Reply

Your email address will not be published.