ফটাঢোল

কালৰো কাল – স্বাক্ষৰজ্যোতি মহন্ত

সেইদিনা শনিবাৰ আছিল, গতিকে University বন্ধ৷ কল্প ১১ টা মান বজাত সাৰ পাইছে। উঠিয়ে ভোকত চিঞৰিলে “ঐ ভাত আছে নাই, ভোক লাগিছে বে”। প্ৰাঞ্জলে বাথৰূমৰ পৰা ওলাই গামোচাৰে গাটো মোহাৰি মোহাৰি ক’লে “বাইদেউ নাহিল আজি, ভাত বনাব লাগিব আৰু লক্ষ্য দা জেৰক্স আনিবলৈ JCN হোষ্টেল গ’ল অহাই নাই…. সোনকালে উঠ মই ভাতটো পাতোঁগৈ তই ভাজিটো বনাবি”৷ লক্ষ্য তেনেতে ৰূমলৈ সোমাই আহিল। ‘এই ভাত বনাবলৈযে নাই দেই, সুমন হোটেল যাওঁ… তাতে খাওঁগৈ ভাততো…. Dry Fry মাংসতো ভাল লাগে তাত”৷ কল্পয়ো লগে লগে ক’লে “অঁ অঁ আজি সুমনতে খাওঁগৈ’৷

“হ’ব তেন্তে মইনো অকলে কি খাম… খালী মোৰ পইচা নাই আক’… কোনে দিয় দিবি” প্ৰাঞ্জলে ক’লে। “হ’ব হ’ব ওলা সোনকালে” কল্পই ক’লে৷ তিনিওটা কোমাৰনিছিগাৰ পৰা অট’টে উঠিল গেটলৈকে৷ সিহঁতৰ লগতে ল’ৰা ছোৱালী এহালো অট’টে গৈছিল৷ ছোৱালীজনীক দেখি প্ৰাঞ্জলে কল্পৰ কাণে কাণে ক’লে “ঐ…এইৰ নাম Angel Lucifer…মই চিনি পাওঁ….মোৰ FB Friend”৷ কল্পই চকুটো টিপিয়াই লক্ষ্যক ছোৱালীজনীলৈ চাবলৈ ক’লে৷

তেনেতে ইউনিভাৰচিটিৰ গেট পোৱাত ল’ৰা ছোৱালীহাল নামি পইচাটো দি হাতত হাত ধৰি পাৰ হ’বলৈ লওঁতেই (ল’ৰাটো আগত আছিল) গাড়ী এখনে ল’ৰাটোক প্ৰচণ্ড জোৰত খুণ্ডিয়ালে৷ ল’ৰাটো চিটিকি বহুত দূৰৈত ওফৰি পৰিলগৈ৷ ছোৱালীজনী নিজৰ ঠাইতে থাকিল। হাততে ধৰি থকা ল’ৰাটো কেনেকৈ গাড়ীৰ খুণ্ডাত ওফৰি পৰিল তাই উমানেই নাপালে৷ লগে লগে হুৱাদুৱা লাগিল৷ সকলো ল’ৰাটোৰ ওচৰলৈ ঢপলিয়ালে৷ ল’ৰাটো তেজেৰে লুটুৰি পুটুৰি৷ ইতিমধ্যে তাৰ মৃত্যু হৈছে৷ কল্প, লক্ষ্য আৰু প্ৰাঞ্জলো দৌৰিলে৷ সিহঁতৰ লগতে অহা ল’ৰাটো চকুৰ আগতে মৰিল৷ ইফালে ছোৱালীজনী গৈ ল’ৰাটোৰ গাত পৰি কান্দিছে৷ ইফালে ইহঁতকেইটাই মানুহৰ জুমটো ভাঙি ল’ৰাটোক চাইছেগে৷ সকলোৱে দুখ কৰিছে৷

ইয়াতকৈ হৃদয় বিদাৰক দৃশ্য সিহঁতিকেইটাই কোনোদিনেই দেখা নাই৷ ছোৱালীজনীলৈ সিহঁতৰ বেয়া লাগিছে৷ সিহঁতি মনতে ভাবিছে ইয়াতকৈ কৰুণ প্ৰেমৰ পৰিণতি কেতিয়াও হোৱা নাই চাগে৷ সিহঁতৰ ভোক ক’ৰবাতে থাকিল৷ কল্পই ক’লে “মই আৰু এইবোৰ চাই থাকিব নোৱাৰোঁ, যাওঁগৈ ৰূমলে”৷ লক্ষ্যও ক’লে “হমম…. যাওঁগৈ ব’ল”৷ তেনেতে হঠাৎ……. খচক…..খচক…..খচক….খচকে ১ মিনিট মানতে ৩০, ৪০ টা মান শব্দ কৰিলে৷ প্ৰাঞ্জলহঁতে ঘুৰি চাই দেখে ছোৱালীজনীয়ে ল’ৰাটোৰ গাত পৰি মুখখন বেকাবেকি কৰি বিভিন্ন পজত ধুমাধুম Selfie তুলিছে৷ সকলো অবাক৷ ৰূমলৈ আহি প্ৰাঞ্জলে Facebook টো খুলি দেখে ছোৱালীজনীয়ে এখন Selfie Upload কৰিছে আৰু লিখিছে “Mehh & My Boyfriend” ৰাষ্টাৰ মাজত – Feeling Sad With Angel Priya and 18 Others.

☆★☆★☆

3 Comments

  • বাগ্মীতা

    ভাল লাগিল পঢ়ি।

    Reply
  • হিৰণ্যজ্যোতি দাস

    চেলফি মেনিয়াৰ সুন্দৰ বিশ্লেষণ ৷ ভাল লাগিল ৷

    Reply

Leave a Reply

Your email address will not be published.