ফটাঢোল

‘কা’- ‘কা’- ‘কা’ – ৰঞ্জিত কুমাৰ শৰ্মা

: কা-কা-কা…!

: ‘হেৰি, কাউৰীকেইটাই যে অথনিৰে পৰা চিঞৰি আছে খেদি দিব নোৱাৰে নেকি?’ গিৰীয়েকক উদ্দেশ্যি অসন্তুষ্টিৰে কণ্ঠস্বৰ অলপ ডাঙৰ কৰিয়েই ক’লে লতা কলিতাই৷

নঙলা মুখতে (অ’, এতিয়া আৰু নঙলামুখ কাৰণো আছে? তাতেই আকৌ চহৰৰ ঘৰ৷ গতিকে গে’ট বুলি কোৱাটোৱেই ভাল হ’ব৷), মানে চৌহদৰ লোৰ গে’টখনৰ কাষতে থকা গছজোপাত কাউৰী কেইটামানে কা-কা কৰি চিঞৰি আছিল৷ কাউৰীৰ ‘কা-কা’ শুনি হিতেশ কলিতাৰ পত্নী লতা কলিতাৰ অসহ্য লাগিল৷ তেওঁ বিছনাতে পেট পেলাই আইফোন পিটিকি থকা গিৰীয়েকলৈ চালে৷ নাই, গিৰীয়েক নিজতেই মগন৷ কাউৰীৰ ‘কা-কা’ তেওঁ শুনা নাই৷ পিচে পত্নীৰ মাততহে ভাৱনাৰ আঁত হেৰাল হিতেশ কলিতাৰ৷ ডাইনিং টেবুলখন মচি থকা পত্নীৰ পিনে মুখখন ঘূৰাই কলিতাই সুধিলে–

: ‘কি হ’লহে?

: ‘কি হ’ল মানে? কাউৰীকেইটাই যে অমংগলীয়াকৈ চিঞৰি আছে আপুনি শুনাই নাই নেকি?’

: ‘এহ্! এই ধোদৰ পচলা, কৰ্মবিমুখ অসমীয়াসোপাক নীতিশিক্ষা দি ফে’চবুকতে দুআষাৰমান লিখি আছিলোঁ৷ কাউৰীৰ মাতলৈ মনেই কৰা নাই৷’

: ‘এতিয়া শুনিছেতো? যাওক খেদি আহকগৈ৷’

: ‘হ’ব দিয়াহে, গোটেই দেশে কা-কা কৈ চিঞৰিছে৷ কাউৰীকেইটাই মাতিলেনো কি হ’ব?’

: ‘আইতা-মাহঁতে কৈ গৈছে, কাউৰীৰ কা-কা মাত হেনো বিপদৰ আগজাননী৷ তেনেকৈয়ে শুনি আহিছোঁ৷ সেয়ে কাউৰীৰ কা-কা মাত শুনিলে মনত কিবা ভয় হয়৷ দেশৰ কথা ক’ব নালাগে, যাওকগৈ কাউৰীকেইটা খেদি দিয়ক৷’

পত্নীৰ কথা পেলাব নোৱাৰি কলিতাই ডাঢ়ি খুৰাওঁতে ব্যৱহাৰ কৰা আইনাখন লৈ বাহিৰলৈ ওলাই গ’ল৷ সূৰ্যৰ পোহৰ আইনাখনেৰে প্ৰতিফলিত কৰি কলিতাই গছজোপাত থকা কাউৰীজাকৰ গাত পেলাবলৈ চেষ্টা কৰিলে৷ কিছু সময়ৰ ভিতৰতে কা-কা কৰি তিনিটামান কাউৰী উৰি গ’ল যদিও আন দুটামানে গছজোপাতে লৰচৰ কৰি থকাত হিতেশ কলিতাই ঘৰৰ চৌহদতে পোৱা ইটাৰ সৰু টুকুৰা দুটামানকে মাৰি পঠিয়ালে৷ তেতিয়াহে যেনিবা ডেমকেয়াৰ ভাবত থকা কউৰীকেইটিও পলাবলৈ বাধ্য হ’ল৷ অৱশ্যে উৰি যাওঁতে সেইকেইটাই অধিক স্বৰেৰে কা-কা-কাকৈ ‘যা ঘৈণীয়েৰৰ গেবাৰী খাটগৈ’ বুলি কলিতাক শাওপাত্ দি যাবলৈ নাপাহৰিলে৷ কাউৰী খেদি ঘৰ সোমোৱা কলিতাই আইনাখন গজালত ওলোমাই থৈ ‘হেৰা কাউৰীকেইটা খেদি থৈ আহিলোঁ দিয়া’ বুলি ক’বলৈহে পালে, কাউৰীৰ অভিশাপ লাগিলেই৷ মানে শ্ৰীমতীৰ নতুন নিৰ্দেশনা আহিলেই৷

: ‘হেৰি শুনকচোন৷’

: ‘কি হ’ল আকৌ?’ পত্নীৰ ওচৰলৈ গৈ কলিতাই শুধিলে৷

: ‘ৰঙালাওডোখৰ আৰু আলুকেইটা কাটকচোন৷ ছয়াবিন কেইটামান তিয়াই থৈছোঁ৷ তৰকাৰী এখন কৰোঁ৷ সেইখিনি হ’লে বেঙেনা দুটামানো ডোখৰ ডোখৰ কৰি থ’ব৷ নহ’লে ভাত খাওঁতে বেলি ডুবিব, কৈ থলোঁ৷ মোৰ বহু কাম আছে৷’

: ‘এহ্, মোৰ কিবা অলপ লিখিব লগা আছিলহে৷’ কলিতাই লাহেকৈ ক’লে৷

: ‘হ’ব দিয়ক ৷ এইকেইদিন অ’ফিচটোৰ পৰা আহিও দেখোন ৰাতি ৰাতি কলম নহ’লে ম’বাইল, ম’বাইল নহ’লে কলম লৈ থকাই দেখিছোঁ৷ আজি অ’ফিচ বন্ধৰ দিনটোত পৰিয়ালৰ কামো অলপ কৰকচোন৷’

: ‘এইকেইদিন ভাল ট’পিক ওলাইছে বুজিছা? লিখিবলৈ ভাল হৈছে৷ নতুন দলো হ’ব বোলে৷’

: ‘এহ্ হ’ব দিয়কহে৷ বৰ একেবাৰে…৷’ লতা কলিতাৰ কথা আধৰুৱা হ’ল৷ বাহিৰত একেলগে বহু মানুহে কিবাকিবি শ্ল’গান দিয়া যেন শুনি কলিতা দম্পতী মৌন হৈ পৰিল৷ ক্ষন্তেক সময় মৌন হৈ দুয়োৱে পৰস্পৰলৈ চালে৷ তাৰ পিছত দুয়ো বহিৰলৈ ওলাই গ’ল৷ কলিতা দম্পতীৰ ঘৰৰ সমুখেৰে পুৰুষ-মহিলা, যুৱক-যুৱতীৰ সমদল এটা পাৰ হৈ গ’ল৷ সমদলকাৰীসকলে ”কা’ বাতিল কৰক, কা আমি নামানো’ আদি শ্ল’গান দি আগবাঢ়িছে৷ কলিতাৰ এনে লাগিল যেন তেওঁক দেখি সমদলৰ কেইজনমানে ইচ্ছাকৃতভাৱে কিছু জোৰকৈ চিঞৰিছে৷

: ‘কাম-কাজ নাই, ৰাস্তাত চিঞৰি থাক৷’ মুখেৰে ভোৰভোৰাই ঘৰৰ ভিতৰত সোমাল কলিতা৷ পিছে পিছে পত্নীও৷ ঘৰ সোমাই হিতেশ কলিতাই পাছলি কাটিবলৈ হাতত কটাৰীখন তুলি ল’লে৷

: ‘সমদলত দেখোন বহু মানুহ ওলাইছেহে?’ লতা কলিতাই গিৰীয়েকক ক’লে৷

: ‘ওলাওক দিয়া হে৷ আমাৰ সেইবোৰত মন দিয়াৰ দৰকাৰ নাই৷’

: ‘মানে?’ ঘৈণীয়েকৰ প্ৰশ্ন৷

: ‘মানে আৰু কি? গজগজীয়া, দৰমহাৰ উপৰি বাহিৰা আমদানি হ’ব পৰা চাকৰি এটা কৰি আছোঁ৷ কোনোমতে চুঁচৰি-চুঁচৰি স্নাতক উত্তীৰ্ণ পুতেৰাই জনসংযোগ বিভাগত চাকৰি এটা পাইছে৷ খুলশালীজনীৰো পঞ্চায়তত চাকৰি এটা যোগাৰ হৈছে৷ ঘৰতে বহি তুমিও জানো এন জি অ’ৰ নামত দুপইচা পোৱা নাই-! গতিকে নিজৰ নিজৰ কামত মূৰ খটুৱাটোৱেই ভাল বুজিছা?’

: ‘সেইবোৰ বাৰু বুজিলোঁ৷ কিন্তু এই ‘কা’ ‘কা’ বুলি মানুহবোৰে ইমান হুলস্থূল কৰিছে কিয়? ‘কা’ৰ বিষয়ে বুজিব পৰাকৈ কওকচোন৷ ভয় কৰিবলগানো কি আছে?’

পত্নীৰ প্ৰশ্ন শুনি হিতেশ কলিতাই ভাবিলে– ‘এ মজা! শহুৰৰ জীয়েকক এতিয়া ‘কা’ বুজাব লাগে৷ হেৰৌ, প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীয়েও দেশক বুজাব পৰা নাই, এতিয়া কলিতাৰ পোৱে ‘কা’ বুজায়৷’ পত্নীৰ মুখলৈ চাই কলিতাই ভাৱত বুৰ গৈ থাকোঁতেই পত্নীয়ে ক’লে–

: ‘ভেবা লাগি কি ভাবি আছে? জানে যদি কওক, সোনকাল কৰক৷’

কাণৰ কাষতে কৰ্কশ শব্দ শুনি হিতেশ কলিতাৰ ভাৱত যতি পৰিল৷ পত্নীক বুজাবলৈ কলিতাই মুখ মেলিলে–
‘ভয় কৰিবলগা একো নাই৷ ‘কা’ খাব-পিন্ধিব পৰা বস্তু নহয়৷ ‘কা’ মানুহ মৰা অস্ত্ৰও নহয়৷ সেইখন সংসদত পাছ হোৱা আইনহে।’

: ‘কিন্তু তাৰ পৰা কি হ’ব?’ পত্নীৰ পুনৰ প্ৰশ্ন৷ কাকতিয়েও বুজোৱাৰ চেষ্টা কৰিলে–

: ‘কি হ’ব মানে, বুজা নাই? আমাৰ ধৰ্মৰ লোকক আমাৰ দেশৰ নাগৰিকত্ব দিয়া হ’ব।’

: ‘কিয়? কেনেকৈ? বুজাই দিয়কচোন।’

: ‘মানে আফগানিস্তান, পাকিস্তান বা বাংলাদেশত যদি অত্যাচাৰৰ বলি হৈ কোনোবা হিন্দু, জৈন, বৌদ্ধ, খ্ৰীষ্টান আদি ধৰ্মৰ লোক সেই দেশবোৰৰ পৰা ভাৰতলৈ আহিছে বা আহে তেন্তে তেওঁলোক আমাৰ নিজা মানুহ হ’ব।

: ‘সহজকৈ কওকচোন।’ ঘৈণীয়েকে পুনৰ সুধিলে৷

ক্ষন্তেক সময় নিৰৱে চিন্তা কৰি কলিতাই ক’লে–

: ‘আচ্ছা, ধৰি লোৱা মুনুক স্বামীগৃহৰ পৰিয়ালে মাৰধৰ কৰি ঘৰৰ পৰা উলিয়াই দিলে।’
: ‘কোন মুনু?’ চকু ডাঙৰকৈ মেলি ঘৈণীয়েক লতা কলিতাৰ প্ৰশ্ন৷

মৃদু সুৰত হিতেশ কলিতাই ক’লে–

: ‘আমাৰ গাঁৱৰ ঘৰৰ পিছফালে দেউতাই যে তাহানিতে মাটি অকনমান দি থাকিবলৈ দিছিল সুধাংশু কাকাৰ পৰিয়ালটো৷ সিহঁতৰে ডাঙৰ নাতি নিখিলে যে বিয়া পাতিছে৷ সেই নিখিলৰেই ঘৈণীয়েক মুনু৷’

: ‘মুনু? সেইজনীৰ নাম মন্থৰাহে?’

: ‘চোৱাচোন, ইমান ধুনীয়া মানুহজনীৰ নাম বাৰু মন্থৰা ৰাখিব লাগেনে? নিখিলে তাইক মুনু বুলিহে মাতে।’

: ‘নিখিলে যি বুলি মাতে মাতি থাকক। তেওঁৰ পত্নী, তেওঁৰ ইচ্ছামতে মাতিব পাৰে। আপুনিও মুনু বুলিয়েই মাতে নেকি? ইহ্ …! মন্থৰা একেবাৰে ‘মুনু’ হ’লগৈ।’

ঘৈণীয়েকৰ ৰঙা চকু দেখি কলিতাই দুবাৰমান সেপ গিলিলে। দেওবৰীয়া দুপৰীয়াৰ সাঁজৰ বাবে ৰঙালাওৰ বাকলি গুচাই থকা কটাৰীখনেৰে কলিতাই কপালখন খজুৱাই ক’লে– ‘নাই নাই, মই কিয় মাতিম? নিখিলে কোৱা বাবেহে…!’

: ‘হ’ব হ’ব। মোৰ জনা আছে। আঞ্জাৰ মাছডোখৰো তুলি খাব নজনাৰ ভাও দিব নালাগে। এতিয়া মূল কথাটো কওক।’

: ‘মূল কথা?’ হিতেশ কলিতাই ফালৰি কটাৰ চেষ্টা কৰিলে৷

: ‘আইনখনৰ কথা।’ লতা কলিতাও এৰি দিয়া বিধৰ নহয়, পকাই ধৰিলে৷

: ‘অ’ বাৰু। ধৰি লোৱা মুনুক…, আই মিন, নিখিলৰ ঘৈণীয়েকক স্বামীগৃহৰ পৰিয়ালে ঘৰৰ পৰা উলিয়াই দিয়াত তেওঁ আশ্ৰয় বিচাৰি আমাৰ ঘৰলৈ আহিল আৰু আমি মানুহজনীক আমাৰ ঘৰত থাকিবলৈ দিলোঁ।’

: ‘কিয় থাকিব দিম?’

: ‘আহ হা? মই কথাটোহে কৈছোঁ। তেওঁক আমাৰ ঘৰত বাৰু থাকিবলৈ দিলোঁ। এনেকৈ এদিন-দুদিনকৈ থাকোতে থাকোতে মুনুৱে মানে নিখিলৰ মানুহজনীয়ে যদি আমাৰ ঘৰত তোমাৰ দৰে সমপৰ্যায়ৰ মৰ্যাদা পাব বিচাৰে, তেন্তে তেওঁক সেই মৰ্যাদা নিদিম নেকি?’ ঘৈণীয়েকৰ চকুলৈ নচোৱাকৈয়ে কলিতাই কথাখিনি ক’লে৷
ফেঁটী সাপে ফেঁট ধৰি উঠাৰ দৰে লতা কলিতা গুজৰি উঠিল–

: ‘কিয় দিম? ইহ্ ধান্দা চোৱা।’

কঁপি কঁপি কলিতাই মাত দিলে–

: ‘এনেই নাৰাখোঁ নহয়, আইনমতে সকলো কৰিহে ৰাখিম৷ আৰু তোমাৰ অধিকাৰ, তোমাৰ প্ৰাপ্য, তোমাৰ মৰ্যদাও অক্ষুণ্ণ থাকিব, চিন্তা কৰিব নালাগে৷’

পাছলি কাটি থকা কলিতাৰ হাতৰ পৰা কটাৰীখন থাপ মাৰি কাঢ়ি লৈ লতা কলিতাই গিৰীয়েকৰ পিনে কটাৰীখন টোঁৱাই ক’লে–

: ‘কাটি দুছোৱা কৰিম।’

থত-মত খাই কলিতাই হাত দুখন দাঙি, মানে ছাৰেণ্ডাৰ কৰি শুধিলে–
: ‘কাক?’

: ‘বিদেশীক।’ গৰ্জন কৰি উঠিল লতা কলিতা৷ পিচ মুহূৰ্ততে বাহিৰলৈ গৈ লতা কলিতাই ঘৰটোৰ পিছফালে পৰি থকা চাৰিফুটমান দীঘল আগলি বাঁহৰ টুকুৰা এটা লৈ ঘৰ সোমাল৷ পত্নীৰ এনে ৰুদ্ৰমূৰ্তি দেখি হিতেশ কলিতা বহাৰ পৰা একেজাঁপে থিয় হ’ল৷ দুবাৰমান সেপ ঢুকি কলিতাই ‘হেৰা হেৰা কি কৰা, কি কৰা? নাপায় নাপায়’ বুলি পত্নীক বাধা দিয়াৰ চেষ্টা কৰিলে৷

বাঁহৰ টুকুৰাটো গিৰীয়েকৰ সন্মুখত জোকাৰি জোকাৰি লতা কলিতাই কৈ উঠিল–
: ‘ভয় কৰিব নালাগে৷ এই টুকুৰাটোৰ এটা মূৰত কাপোৰ মেৰিয়াই বান্ধি থ’ব৷ সন্ধিয়া জোঁৰ সমদল ওলালে মইও ওলাই যাম৷’

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.