ফটাঢোল

কিলাৰ ইন্সটিংক্ট- হেমন্ত কাকতি

“তহঁতে জীৱনত একো এটা কৰিব নোৱাৰিলি, মেইন প্ৰৱলেমটো হ’ল তহঁতৰ ভিতৰত সেই ‘মেইন বস্তু’টো নাই৷”

এইটো হ’ল চিদানন্দ বৰাৰ কমন ডায়েলগ৷ আজিলৈকে এই ডায়েলগটো কিমানক যে দিছে তাৰ লেখ জোখ নাই৷ তেওঁ মোকো দুবাৰমান শুনাই থৈছে৷ বেছি ভাগ সময়তে কথাষাৰ উলাই কৰি থাকোঁ যদিও বহু সময়ত অনুভৱ হোৱা হ’ল যে কথাষাৰ একেবাৰে মিছাও নহয়৷ এই লাজ আৰু ভয়ৰ বাবে জীৱনত হওঁ হওঁ হোৱা কত বস্তু “লাষ্ট মমেণ্ট”ত নেপাওঁ গৈ৷ এই লৈ বহুবাৰ অনুশোচনাও আহিছিল৷

চিদানন্দ বৰা মানে হ’ল, আমাৰ সকলোৰে মৰমৰ চিদা ককাইদেউ৷ বয়স প্ৰায় পঞ্চাশৰ ওচৰা ওচৰি যদিও মানুহজনক দেখিলে ধৰিব নোৱাৰি৷ লাগিব যেন চল্লিছ পাৰ হোৱাই নাই৷ মানুহজন আমাৰ গেঙটোৰ প্ৰায় সকলোৰে ফ্ৰেণ্ড, ফিলোচফাৰ আৰু গাইড৷ তেওঁৰ মতে এসময়ত তেওঁ হাত নিদিয়া কাম নাই৷ মাছৰ বেপাৰৰ পৰা শাক পাচলিলৈ, ঠিকা ঠুকলিৰ পৰা বিল্ডিং কনষ্ট্ৰাকচনলৈ, গাড়ী মটৰৰ ব্যৱসায়ৰ পৰা বাংলাদেশলৈ গৰুৰ চোৰাং চালান দিয়ালৈ.…. সকলোতে এবাৰ হ’লেও হাত ‘আজমাই’ থৈছে৷ আমাৰ খুৰাহ‍ঁতৰ মতেটো ড্ৰাগচৰ কাৰবাৰতো হাত দি জেইল খাতি অহা মানুহ৷ পিচে আমি সুধিলে তেওঁ স্বীকাৰ নকৰি জাষ্ট কৈ থৈ দিয়ে –

“বুজিছ, সেইবোৰ চকুচৰহাবোৰে এনেই উলিয়াই ফুৰে৷ মই তেনে মানুহ যেন লাগে জানো?”

আমি হা না একো নকৈ শুনি থৈ দিওঁ৷ তেওঁৰ খঙটোক আমি প্ৰায় সকলোৱে সমীহ কৰোঁ৷ কাৰণ তেওঁৰ ‘মেইন বস্তু’টো বৰ ষ্ট্ৰং বুলি সবৰে মাজত এটা ‘ফিয়েৰ চাইক’চিছ’ বনাই লৈছে৷

ৰ’ব, মেইন বস্তু বুলি কওঁতে কৈ থওঁ, তেওঁৰ ডায়েলগটোৰ পিছৰ লাইনটো হ’ল, তহঁতৰ মেইন বস্তু, মানে ‘কিলাৰ ইন্সটিংক্ট’ বোলা বস্তুটো নাই৷ ক’ৰণাই কোৱাৰেণ্টাইন, হাইড্ৰ’ক্সিক্ল’ৰ’কুইন আদি শিকোৱাৰ দৰে, চিদাদাৰ সান্নিধ্যতে আমি ঢেৰ দাঁত ভঙা ইংৰাজী শব্দ সেই তাহানিতে শুনি থৈছোঁ৷ গতিকে কিলাৰ ইন্সটিংক্টৰ দৰে শব্দ শিকি আমি তাহানিতে অভাৰ কনফিডেণ্ট হৈ থাকিছিলোঁ৷

দিনটোৰ কাম সামৰি চিদা দা সদায় গধূলি আহি যায় আমাৰ আড্ডাৰ থলীলৈ৷ মহেনদাৰ পাণ দোকানৰ সন্মুখত দুডাল বাঁহৰ খুটাৰ ওপৰত গজালিয়াই থোৱা তক্তা দুখনৰ ওপৰতে চলে সমস্ত ভাৰস্তখনৰ পৰ্য্যালোচনা৷ কাষ্টমাৰ নেথাকিলে মহেনদাও আহি যায় আমাৰ লগত আড্ডাৰ ৰস ল’বলৈ৷ আমাৰ কেইটাৰ ৰেগুলাৰ প্ৰয়োজনৰ বস্তু যেনে, তামোল, চাধা, চিগাৰেট, শিখৰ, ৰজনী আৰু দুই এপদ লাগতিয়াল বস্তু মহেনদাৰ দোকানৰ পৰাই লোৱা হয়৷

প্ৰায় তিনিমাহ লকডাউনৰ মূৰত আনলক ১ আৰম্ভণি হোৱাৰ সময়৷ ইমানদিনে হোৱাটচএপত আড্ডা চলিছিল যদিও আনলক হোৱাৰ পিছত সোঁশৰীৰে লগ হোৱাৰ সময়৷ গতিকে ঠিক কৰা হ’ল যে পুনৰ বহিব লাগে৷ আৰম্ভণি হিচাবে পুনৰ মহেনদাৰ দোকানতে লগ হ’ম বুলি ঠিক কৰা হ’ল৷

সেইদিনা দেওবাৰ৷ আমাৰ লগৰ সঞ্জু বাবা, অলকেশ, হিমাংশু, ধুৰ্জোতি, সুকুমাৰ, অভিজিত, ভাস্কৰ, পদ্ম, কৃষ্ণ, ৰিণ্টু, বিজয়, দেবজিত আদি প্ৰায় দহ বাৰজনমান জমা হৈছোঁ৷ লাহে লাহে বহুদিনৰ মূৰত আমাৰ আড্ডা পুনৰ জমি উঠিছিল৷ সিদিনা আড্ডাৰ মূল টপিক আছিল, প্ৰেম৷ নক’লেও হ’ব যে আমাৰ লগৰবোৰৰ প্ৰায় ১০০ শতাংশই আছিল বিফল প্ৰেমিক৷ আমাৰ সকলোৰে এটা বদ্ধমূল ধাৰণা আছিল যে চিদা দা হ’ল সফল প্ৰেমিক৷ কাৰণ চিদাদাৰ মেইন বস্তু কিলাৰ ইন্সটিংক্ট আছে! লগত সহযোগ কৰিছে তেওঁৰ ‘কিলাৰ লুক’ টোৱে৷ চানগ্লাচ এযোৰ পিন্ধি তেওঁ নিজৰ বুলেটখন চলাই যেতিয়া আমাৰ ওচৰ পাই ব্ৰেক মাৰে, চাউথৰ কোনো হিৰ’তকৈ কম নেলাগে৷ মানে ধৰক আমাৰ দৰে মানুহৰ বাবে “গৰীবো কা ৰজনীকান্ত৷” গতিকে আমি কামোৰ দিয়া আৰম্ভ কৰিলোঁ, চিদা দা প্লিজ আপোনাৰ প্ৰেম কাহিনী কওক না৷ কেনেকৈ কি হৈছিল? মিনতি খুৰীক কেনেকৈ লগ পালে? (মিনতি খুৰী মানে চিদা দাৰ এসময়ৰ প্ৰেমিকা)

চিদা দাই অলপ দেৰি মনে মনে আছিল, বহুত পৰ মাতবোল নকৰাত আমাৰ মাজৰে অভাৰ এনথুজিয়াষ্টিক অভিজিত গোস্বামীয়ে টেপেক কৈ মাত দিলে- “শুন প্ৰেম কৰোঁ বুলি তেনেকৈ কৰিব নোৱাৰি, কেতিয়া হৈ যায় ক’ব নোৱাৰি৷ হয়নে চিদা দা?”

“ঘেণ্টা! কলি নে আগ গুৰি নোহোৱা কথা এটা! এইবোৰেই হ’ল তহঁতৰ দৰে ভাগ্যক ধিয়াই বহি থকা মানুহৰ কথা৷ ক’লোঁনে, তহঁতৰ এটাৰো কিলাৰ ইন্সটিংক্ট নাই বুলি৷” – চিদাদাই অলপ কৃত্ৰিম খং দেখুৱাই মৃদু ধমকেৰে অভিজিতক চেটেপ কৰি দিলে৷

আমি বুজি পালোঁ, চিদা দাৰ খং উঠিছে৷ গতিকে মনে মনে থাকি তেওঁৰ নেক্স্ট ম’ভটোৰ অপেক্ষাত ৰ’লোঁ৷

“শুন, গল্প এটা কওঁ৷ নব্বৈৰ দশকৰ শেষৰ ফালৰ কথা৷ মোৰ খুৰা এজনৰ কাহিনী কওঁ৷”

পিন ড্ৰপ চাইলেন্স!

“খুৰাৰ তেতিয়া চাকৰি নাই৷ বহু কেইটা কম্পেনীত এপ্লাই কৰিছে, কিন্তু ক’ৰো পৰা ইণ্টাৰভিউ কল অহা নাই৷ অৱশেষত  টাটা কম্পেনীৰ চাকৰি এটাৰ বাবে কল পালে৷ লিখিত পৰীক্ষা গুৱাহাটীত দি, পিছত গ্ৰুপ ডিচকাচন, ভাইভাতো চিলেক্ট হ’ল৷ ফাইনেল ইণ্টাৰভিউ কলিকতাত হ’ব৷ গতিকে ফাইনেল ইণ্টাৰভিউটো দি কেৱল মাত্ৰ এপইণ্টমেণ্ট লেটাৰখন লৈ জইন কৰিব লাগে৷ মানে ধৰ সাধাৰণ ফৰ্মেলিটিখিনি কৰিলেই চাকৰি পক্কা৷ দৰমহাও গম পাইছই, টাটা কোম্পানী৷”

“বাহ, তাৰ পিছত?” – আদিত্যৰ উৎসুক প্ৰশ্ন৷

“তাৰ পিছত খুৰাই ট্ৰেইনত যোৱাৰ বাবে ৰিজাৰ্ভেচন কৰি যাবলৈ ৰেডী হ’ল৷ যাবৰ দিনা গুৱাহাটী ৰে’লৱে ষ্টেচনত ৰাতিপুৱা দহ বজাত ১ নং প্লেটফৰ্মত সৰু  চুটকেচটো লৈ খুৰা ঠিয় হৈ থাকিল৷ ট্ৰেইন আহিবলৈ তেতিয়াও দহ মিনিটমান বাকী৷ প্লেটফৰ্মৰ সিটো পাৰে হঠাৎ খুৰাৰ চকু পৰিল ধুনীয়া ছোৱালী এজনী৷ তাইও ক’ৰবালৈ যাবলৈ ৰেডী হৈ ট্ৰেইনলৈ ৰৈ আছে৷ পিন্ধনত জিন্স আৰু কমলা ৰঙৰ চুটী টপ৷  পিঠিত পৰি থকা চুলিখিনি মাজে মাজে বতাহত উৰি আহি গালে মুখে পৰিছে আৰু গুচাই আকৌ দূৰলৈ চাইছে৷ মাজে মাজে ঘড়ীটোও চাইছে৷ দাদাৰ চকু তাইৰ ওপৰত নিবিদ্ধ৷ দেখিবলৈ একেবাৰে সাইলাখ জিনত আমন!  দুবাৰ চকুৱে চকুৱে পৰি তাই মুখখন ঘূৰাই দিছিল যদিও খুৰাৰ স্থিৰ দৃষ্টিত তাইও ঘূৰি চাবলৈ বাধ্য হ’ল৷ খুৰাই লাহেকৈ মিচিকিয়া হাঁহি এটাৰে চাই ৰ’ল৷ প্লেটফৰ্মত ইতিমধ্যে এখন ট্ৰেইন তীব্ৰ বেগেৰে পাৰ হৈ গ’ল৷ ডবাবোৰৰ ফাঁকে ফাঁকে দুয়ো দুয়োকে চাই ৰ’ল৷ তাৰ পিছত আৰু দুখন ট্ৰেইন পাৰ হৈ গ’ল৷ তাৰ পিছত আৰু এখন৷”

“তাৰ পিছত?”

“তাৰ পিছত আৰু কেবাখনো ট্ৰেইন পাৰ হৈ গ’ল৷ সিহঁতৰ নিজৰ নিজৰ ট্ৰেইনো পাৰ হৈ গ’ল, কিন্তু দুয়ো তাতে অলৰ অচৰ হৈ থাকিল৷”

“আচ্ছা, চিদা দা, আপুনি এইবোৰ কেচ কেনেকৈ গম পালে? আপুনিটো তাত নাছিল?”- অলকেশৰ ভয়ে ভয়ে প্ৰশ্ন৷

“আচলতে মিনতি খুৰীয়ে তেওঁলোকৰ দহ বছৰীয়া বিবাহ বাৰ্ষিকীত কাহিনীটো মোকে কৈছিল”- চিদা দাই হাঁহিলে৷

“মানে সেই ছোৱালীজনীয়ে মিনতি খুৰী? আৰু খুৰাৰ চাকৰি?”

–উৎসুক বিজয়ৰ প্ৰশ্ন!

“এইটোৱেটো মেইন বস্তু৷ চাকৰি গুলী মাৰিলে কিন্তু তাইক নেৰিলে! এই কিলাৰ ইন্সটিংক্ট তহঁতৰ নাই কাৰণে বৰলা হৈ মৰিব ওলাইছ আকৌ৷”- চিদা দাৰ গহীন উত্তৰ৷

“কিন্তু চিদা দা, এই হেন পাগল প্ৰেম কাহিনীৰ পিছত হাও কাম… আই মিন… আপুনি মিনতি খুৰীৰ লগত…?”– হিমাংশুৰ পুনৰ উৎসুকতা৷

“আবে মুৰ্খ, ইমান দেৰি কিলাৰ ইন্সটিংক্ট মানে কি বুজালোঁ?”

চিদা দাৰ মুখেদি এইবাৰ এটা ক্ৰুৰ হাঁহি বিৰিঙি গ’ল৷

তাৰ পিছত পিন ড্ৰপ চাইলেন্স!  গেঙৰ সকলো এতিয়া “কিলাৰ ইন্সটিংক্ট” নে কি সেইটো ডেভ’লপ কৰাত মনোযোগ দিছে৷

(সকলো চৰিত্ৰ কাল্পনিক, বাস্তৱৰ লগত কোনো মিল নাই৷)

☆ ★ ☆ ★ ☆

10 Comments

  • ডলী

    হাঃ হাঃ। বঢ়িয়া লাগিল পঢ়ি

    Reply
  • Abhijit Goswami

    বঢ়িয়া লাগিল দাদা 😂 😂 😂

    Reply
  • ৰিণ্টু

    মোৰ অলপ অলপ আহিছেই আজিকালি ‘কিলাৰ ইনষ্টিংক্ট’।

    বঢ়িয়া লাগিল দাদা

    Reply
  • জিতু

    আজি লৈকে কিলাৰ ইন্ষ্টিংক্ট হ’ব নোৱাৰিলো।

    Reply
  • তামাম লিখিছে দেই দাদা ৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    হাঃ হাঃ! তাম্মাম লিখিলে৷

    Reply
  • চিদানন্দ বৰা

    সেইবুলি এতিয়াও মোৰ একো অহংকাৰ নাই -ককাইদেউ ৷ 😊

    তামাম লিখিলে ৷

    Reply
  • কাবেৰী মহন্ত

    বঢ়িয়া লাগিল দাদা

    Reply
  • মানসী বৰা

    হাঃ হাঃ..বঢ়িয়া দাদা..কাহিনীৰ নামটোতেই আকৰ্ষণ -কিলাৰ ইন্সটিংক্ট একদম কিলাৰ হৈছে..

    Reply
  • অভিজিত কলিতা

    ফেণ্টাফেবুলাছ। এইটোৰে আৰম্ভ কৰিছো আজি

    Reply

Leave a Reply

Your email address will not be published.