ফটাঢোল

কি, ক’ত, কেনেকৈ ইত্যাদি – অত্ৰেয়ী গোস্বামী

সময় বৰ দ্ৰুতগতিত সলনি হৈছে৷ সেই সলনি আমি মানি লৈছোঁ‌৷ মানি নোলোৱা মানেই হাজাৰ খোজ পিছুৱাই অৱস্থান কৰা৷ পৰিৱৰ্তিত সময়ৰ সৈতে নিজকে খাপ খুৱাই সমান্তৰাল গতিত অগ্ৰসৰ হ’ব পৰাটো এটা কলা৷ অন্ততঃ আজিৰ যুগৰ এক সুন্দৰ কলা৷ আমি সম্পূৰ্ণৰূপে সেই কলা আহৰণ কৰিব নোৱাৰো বা নাই পৰা৷ আমাৰ এটা ভেঁটি আছে৷ সেই ভেঁটিৰ ইটা-বালি-চিমেণ্টৰ সৈতে খাপ নোখোৱা সামগ্ৰীৰ ব্যৱহাৰে আমাক আমুৱায়৷ আমি ভেঁটি খহাব নোৱাৰো। আমি ভেঁটি খহোৱাৰ চূড়ান্ত প্ৰতিবাদ কৰোঁ৷ কাৰণ আমি আমাৰ শিপাডাল সেই ভেঁটিতেই গুজি থ’লো৷ আমি আমাক উঘালি পেলাব নোৱাৰো৷ আমি থিয় হৈ থাকিবৰ বাবে সেই ভেঁটিটো লাগিবই৷ আমাক ঠিয় কৰাই ৰাখিবৰ বাবে সেই শিপাডাল তাতেই থাকিব লাগিব৷ ইমানখিনি পাতনিৰ পিছত আমি নিশ্চিত ভাবে ক’ব পাৰোঁ যে নতুনক আদৰি ল’লেও আমি পুৰণিক বাদ দিব নোৱাৰোঁ, দিব নালাগে৷ এই সময়ে কিন্তু আমাক বিপাঙত পেলাইছে৷ কি ল’ম, কি নল’ম? কি ধৰিম কি এৰিম? দোধোৰমোধোৰ৷ এনেকুৱা অৱস্থাত আমাৰ এৰা-ধৰাবোৰ সঠিক নহয়৷ কিঞ্চিত হ’লেও খোকোজা ৰৈ যায়৷

প্ৰথম কথা, আমি কি ল’ম? ধৰা হ’ল, এটি তিনি বছৰীয়া সন্তানৰ পিতৃ-মাতৃ৷ সন্তানৰ ভৱিষ্যতৰ খাটিৰত তেওঁলোকে এই কিটোৰ সৈতে বাৰুকৈয়ে যুঁজিবলগীয়া হয়৷ ভাল বুলি আগবঢ়াই দিয়াৰ পিছত ভাল হ’লে ভালেই, খাল হ’লে? কোনে ৰিক্স ল’ব? সন্তানৰ সকলো দায়িত্ব পিতৃ-মাতৃৰ৷ গতিকে ভেঁটি গঢ়াৰ সুবিধাকণ সঠিক স্থানত কৰোৱাব নোৱাৰিলে জীৱনলৈ আক্ষেপ ৰৈ যাব৷ কি কৰিব? কি সুধিব? কি পঢ়ুৱাব? ভাষা কি হ’ব? এনেকুৱা অনেক প্ৰশ্নই জুৰুলা কৰে আজিকালিৰ অভিভাৱকসকলক৷ আগৰ দিন নাই আৰু৷ মাত ফুটিল কি নুফুটিল ঢাৰি এখন লৈ ধুলিয়ে বালিয়ে স্কুলৰ মজিয়াত পাখি কলমৰ চিঞাহী গালেমুখে সানিবলৈ৷ ঘৰত ডাঙৰ এটা থাকিলে আৰু সহজ৷ কোনে কেতিয়া স্কুললৈ গৈ এল.পি পাছ কৰে মাক- বাপেকৰ হিচাপেই নাথাকে৷ এতিয়া পিছে ৰামো নাই, অযোধ্যাও নাই৷ চাৰি বছৰ হ’ল কি নহওতেই সন্তানৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হ’ব লাগিব৷ কিন্তু সেই শিক্ষাৰ মাধ্যম কি হ’ব?কিয় হয় এই প্ৰশ্নটো? এই প্ৰশ্নটো উত্থাপন নোহোৱাকৈ কিয় মাতৃভাষাক অগ্ৰাধিকাৰ দিয়া নহয়? আমি সকলোৱে নিৰ্বিবাদে নিজ মাতৃক আগস্থান দিওঁ৷ শিক্ষাৰ ক্ষেত্ৰত মাকজনীক পিছুৱাই থওঁ৷ কিয়? কিয়?কিয়? অৰণ্যৰোদন!

এই সময় তীব্ৰ প্ৰতিযোগিতাৰ৷ এই প্ৰতিযোগিতাৰ দৌৰত সকলোৱে প্ৰথম হ’ব বিচাৰে৷ আচৰিত কথা আজিকালি কোনেও খোজ কাঢ়িবলৈ মনেই নকৰে৷ সকলোৱে কেৱল দৌৰে আৰু দৌৰে৷ লক্ষ্যৰ দিশে অথবা লক্ষ্যহীন ভাবে৷ প্ৰত্যেক পিতৃ-মাতৃয়ে বিচাৰে নিজৰ সন্তান এই দৌৰত পিছ পৰি নৰওক৷ ফৰফৰাই ইংৰাজী ক’ব পৰা হওক৷ অসমীয়া কেৱল ঘৰুৱা ভাষা৷ যেনেকৈ ঘৰুৱা সাজেৰে আমি ফুৰিবলৈ নাযাওঁ ঠিক তেনেকৈ অসমীয়া ভাষাটো আমি ঘৰতে থৈ যাওঁ৷ বাহিৰ ওলালেই ইংৰাজীৰ ফুলজাৰি জ্বলাওঁ৷ ঘৰৰ ভিতৰত খাটি অসমীয়া গালিৰে দাঁত কৰচি থকা কেইটায়ো গেটৰ বাহিৰ হ’লেই ইংৰাজীতহে খং কৰে৷ হয়, ইংৰাজী মান্য ভাষা৷ এই ভাষাটোৰ সাংঘাতিক গাম্ভীৰ্যতা আছে৷ সেইবুলি অসমীয়াৰ নাই নেকি? এতিয়া কথা হ’ল, “মোৰ আইক ভাল পাওঁ বুলিলে জানো আনৰ আইক বেয়া পোৱাটো বুজাব?”

মুঠতে সন্তানৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিবলৈ যাওঁতেই উদয় হয় প্ৰথমটো “কি।” কি পঢ়িব? অসমীয়া নে ইংৰাজী? তাতোকৈয়ো আগতে যেতিয়া শিশু এটিৰ থুনুক থানাককৈ মাত ফুটে তেতিয়াই ভাষাৰ প্ৰশ্নটো আহে? কি শিকাব? নমস্কাৰ বুলি ক’বনে হেল্ল’ অথবা হাই বুলি ক’ব? “হলৌ উঠিল টকৌ গছত” নে “জনী জনী ইয়েচ পাপা?” আম নে মেংগ’, গৰু নে কাও?আটাইতকৈ ডাঙৰ কথা মজিয়া ক’ব নে ফ্ল’ৰ? বেৰ নে ৱাল? উঃ! বৰ আহুকলীয়া কথাবোৰ৷ ক’ব নেকি ডেডী? নে দেৱ->দেৱতা->দেউতাই ভাল? এই প্ৰশ্নবোৰৰ যথাযথ উত্তৰ কোনে দিব? প্ৰতিটো উত্তৰ শুদ্ধ হ’বনে? বহুক্ষেত্ৰত পৰিস্থিতিৰ সৈতে ভাৰসাম্য ৰক্ষা কৰিও উত্তৰ একোটা নিৰ্বাচন কৰা হয়৷

কেনেকুৱা পৰিস্থিতি? য’ত মাকৰ সৈতে সমতুল্য ৰক্ষা কৰিব নোৱাৰি৷ আচৰিত! ধৰা হ’ল, পিতৃ -মাতৃ দুয়ো কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল৷ গতিকে বদলি হ’লেও যাতে সন্তানৰ অসুবিধা নহয় সেই কথাই প্ৰাধান্য লাভ কৰে৷ তাৰ বাবে কেন্দ্ৰীয় বিদ্যালয় সুন্দৰ উপায়৷ ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে কেন্দ্ৰীবিদ্যালয়সমূহ উপলব্ধ৷ এই পৰিস্থিতি আৰু সুবিধা-অসুবিধাৰ অজুহাতত অসমীয়া ভাষাটো হেৰাই যাব নেকি?

দ্বিতীয়তে আহিব ক’ত পঢ়ুৱাব সন্তানক? কেনেকৈ বাচনি কৰিব ভাল স্কুল, ভাল ব’ৰ্ড, ভাল শিক্ষক অথবা পদ্ধতিগত শিক্ষাৰ মনোগ্ৰাহী উপায়? ক’ৰবাত সকলো ভাল অভিজ্ঞ শিক্ষকৰ অভাৱ৷ ক’ৰবাত আকৌ শিশুৰ ওপৰত জাপি দিয়া হয় অত্যাধিক বোজা৷ ক’ৰবাত আকৌ স্কুলৰ ভিতৰখন কেলেংকাৰী৷ মুঠতে এশ এটা কাৰণ৷ ইয়াৰ মাজতো অনেক ভাবনা-চিন্তাৰ অন্তত (যিটো অত্যন্ত প্ৰয়োজনীয় আজিকালি) যেনিবা কোনোবাই অসমীয়া মাধ্যমৰ চৰকাৰী স্কুল এখনকেই ভাল হ’ব বুলি ঠিক কৰিলে৷ তাতো লাগিব কেণা৷ ইমানবোৰ প্ৰাইভেট স্কুল থাকোঁ‌তে আজিকালি কোনোবাই চৰকাৰী স্কুলত পঢ়ুৱাই নেকি? তাতে সেইবোৰত ঠেলাৱালা, ৰিক্সাৱলা, দৰ্জীৰ পৰা মুচিলৈকে (কেইটানো অসমীয়া মুচি আছে?) সকলোৰে ল’ৰা-ছোৱালীয়ে পঢ়ে (বাধ্যত পৰি হ’লেও।) এয়া মধ্যবিত্তীয় ধাৰণা৷ বোলে হাতত নাই কণটো, বৰসবাহলৈ মনটো৷

সৌ সিদিনাৰ এটা অভিজ্ঞতা৷ মানুহগৰাকীয়ে ‘ক’ৰ তিনিটা চুকেই চিনি নাপায়৷ আমাৰ কণমানিজনীৰ কেইবছৰ হ’ল সুধিলে৷ মই বোলো আঢ়ৈ বছৰ (তেতিয়াও হোৱা নাই৷ এমাহমান বাকী।) মানুহগৰাকীয়ে বৰ আচৰিত হ’ল আৰু মোক ক’লে, “তাইক ডনবস্ক’তে দি দিবা বুজিছা?” লগতে ইংৰাজী স্কুলত পঢ়িলে হোৱা সুবিধাবোৰ ইমান সাৱলীলভাবে কৈ গ’ল যে মই ভেবা লাগি তেওঁৰ মুখলৈ চাই থাকিলোঁ‌৷ সেইখিনি সময়তে যেনিবা জীয়ৰীয়ে মোক উদ্ধাৰ কৰিলেহি বোলে “মা, হাতীত উঠি পানীৰাম ঘৰলৈ যায় নে ফুৰিবলৈ যায়?” তাইক ওচৰ চপাই ক’লো, ফুৰিবলৈ যায়৷ আকৌ ঘৰলৈ উভতি আহে৷ তেতিয়া মনটো হ’লে মোৰ বৰ মুকলি মুকলি লাগিছিল৷

ইয়াৰ পিছত আহিল “কেনেকৈ।” কেনেকৈ শিকাব?কেনেকৈ বুজাব? লাহে লাহে সকলো দেখোন নিজৰ সাধ্যৰ বাহিৰলৈ গৈ আছে৷ মাকে বুজালে নুবুজে৷ দেউতাকৰ সময় নাই বুলিবই পাৰি৷ ককা-আইতাৰ লগত খেলেহে৷ পঢ়ে নেকি? চিন্তাত ডুব যায় মাক৷ উপায় কি? আছে৷ সকলোতে উপায় আছে৷ এইবাৰ টিউশ্যন৷ ভাজা এতিয়া লোকৰ তেলেৰে পিঠা৷

এইবিধ আজিকালি Status maintain কৰিব পৰা বৰ সহজ আহিলা৷ সাপো মৰে, লাঠীও নাভাগে৷

আমাক লাগে সহজ পদ্ধতি৷ আমি বিচাৰোঁ চৰ্ট কাট৷ আমি এলেহুৱা৷ আমি যান্ত্ৰিক৷ আমি কম্পিউটাৰ যুগৰ মানুহ৷ আমি কষ্ট কিয় কৰিম? এতিয়া ক্ল’নৰ জড়িয়তে পৃথিৱীত কঁপনি তোলা সময়৷ এনেকুৱা সময়ত আমি পুৰণিকলীয়া কথাবোৰ মনত পেলালে দহে ফিচিঙা-ফিচিং কৰিব৷ সেইবুলিয়েই জানো “বোপা ককাৰ সজটো” এৰি দিব পাৰি? ওঁহো নোৱাৰি৷ এৰিবও নালাগে৷

শিশু এটি জন্ম হোৱাৰ পাছতেই মাক-দেউতাকৰ মনলৈ ভাব আহে “কেনেকৈ ডাঙৰ কৰিম? পাৰিমনে?” পাৰে৷ সকলোৱেই সকলো পৰা হৈ যায়৷ প্ৰত্যেক নৱজাতকৰ প্ৰতিজন পিতৃ-মাতৃৰ মনত অনেক প্ৰশ্ন থাকে৷ কি, ক’ত, কেনেকৈ, কিয় ইত্যাদি৷ এই প্ৰশ্নবোৰে সহজতে লগ এৰা নিদিয়ে৷

দুবছৰ বয়সৰ পৰা শিশুৱে অনুসৰণ কৰিবলৈ শিকে৷ আনে কোৱাটো, আনে কৰাটো সহজেই কৰি পেলায়৷ এই বয়সত সিহঁতে ভাল-বেয়া একো বুজি নাপায়৷ কিছুমান শিশুৱে অধিক মৰম লাগিলে বা বৰ ফূৰ্তি লাগিলে সেই ভাবটো প্ৰকাশ কৰিবলৈ ওচৰতে থকাজনক কামুৰি দিয়ে৷ বহুতে আকৌ খং উঠিলেও কৰে৷ এনেকুৱা বদ অভ্যাসবোৰে বিশেষকৈ মাতৃগৰাকীক বিবুদ্ধিত পেলায়৷ এই বয়সৰ শিশুক মৰিয়াব নোৱাৰি, খং কৰিলেও হিতে বিপৰীত হোৱাৰ আশংকাহে বেছি হয়৷ এনে ক্ষেত্ৰত পৰিয়ালৰ সকলোৰে সহযোগত মাকে বৰ কৌশলেৰে এই অভ্যাস এৰুৱাব লাগিব৷ সময় লাগিব৷ গতিকে ধৈৰ্য্য লাগিবই৷

ছাইল্ড চাইক’লজিৰ মতে এটি শিশুৱে পাঁচ বছৰ বয়সলৈকে অতি সহজেই যিকোনো কথা, কাম, বা বিষয় আয়ত্ত কৰিব পাৰে৷ এই সময়চোৱাত যিকোনো ভাষা শিকিবলৈ বৰ সহজ হয় সিহঁতৰ বাবে৷ শিশু এটিয়ে পাঁচ বছৰ বয়সলৈকে যদি শুদ্ধ ৰূপত মাতৃ ভাষাটো শিকিব পাৰে (যিটো নিশিকাকৈয়ে হয়) তেনে শিশুৱে জীৱনৰ বাকী সময়চোৱাত অতি সহজেই অন্য ভাষা শিকিব পাৰে৷

ইংৰাজী ভাষাৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি৷ ইংৰাজী শব্দবোৰ সিহঁতে অতি সহজেই নিজৰ অধীনলৈ আনিব পাৰে৷ মুঠতে মাধ্যম কেতিয়াও শিক্ষাৰ হেঙাৰ হ’ব নোৱাৰে৷ শিশু এটিৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ সময়ত মাক-দেউতাকৰ খোকোজাবোৰ দেখিলে সিহঁতৰো আত্মবিশ্বাস কমি যায়৷ সৰুৰে পৰাই আত্মনিৰ্ভৰশীল হ’বলৈ শিকাব লাগে৷ সৰুতেই টিউশ্যনৰ প্ৰভাৱে শিশু এটিক পৰনিৰ্ভৰশীলহে কৰি তোলে৷ শেষত ক’ব পাৰি যে সকলো প্ৰাকৃতিক ভাবে হোৱা ভাল৷ অপ্ৰাকৃতিক কথাবোৰ অপকাৰী৷ প্ৰকৃতিৰ বিৰুদ্ধাচৰণ কৰি কোনেও আজিলৈকে “বৰ মানুহৰ বৰ কথা” সিজাব পৰা নাই।

☆★☆★☆

One comment

  • হিৰণ্যজ্যোতি দাস

    “সৰুতেই টিউশ্যনৰ প্ৰভাৱে শিশু এটিক পৰনিৰ্ভৰশীলহে কৰি তোলে ৷” একেবাৰে সঁচা কথা ৷ কিন্তু অভিভাৱক সকল কম জানো ৷ দেখাক দেখি দুই বছৰীয়া শিশুকো টিউচন দিয়া দেখিছো ৷

    Reply

Leave a Reply

Your email address will not be published.