ফটাঢোল

কুমজেলেকুৱা, এজাক কেঁকোৰা আৰু এটা ভাটৌ – অনিমা দাস

দেউতাৰ চাকৰিসূত্ৰে আমাৰ পৰিয়ালটো ভিন ভিন ঠাইত চৰকাৰী বাসগৃহত থাকিবলগীয়া হৈছিল। মোৰ ভন্টি আৰু ভাইটি দুটা মোতকৈ বহুতো সৰু আছিল। মই ডাঙৰ আছিলো বাবে সিহঁতে নজনা কথাবোৰ শিকাই থাকিব লাগিছিল।
ভাইটিৰ জীৱ-জন্তুৰ প্ৰতি বৰ প্ৰীতি আছিল। ভাইটিয়ে নামেৰে সৈতে সৰু-ডাঙৰ জীৱ জন্তুবোৰৰ লগত চিনাকি হৈ সিহঁতৰ লগত বন্ধুত্ব পাতি ভাল পাইছিল। কিছুমানৰ লগত ভাল বন্ধু হৈ পৰিছিল। কথা পাতি যিবোৰৰ লগত মন ভাল লাগিছিল সেইবোৰক নিজৰ খোৱা বস্তু দিছিল আৰু মনেৰে নিমিলাবোৰক সিপুৰী পোৱাইছিল সি।
আহাৰ মাহৰ বৰষুণৰ বতৰ। ভাইটিৰ তেতিয়া বয়স চাৰিবছৰমান পাৰ হৈছে। ভাইটিয়ে মোক খাটনি ধৰিবলৈ আৰম্ভ কৰিলে। মোৰ ওচৰলৈ আহি কলে-‘অ বা মোক আজি কুমজেলেকুৱাটো দেখাই দিবিচোন।”
মই বোলো- “হ’ব দে সেইটোনো কি কথা।”
আবেলি সময়ত মই ভাইটিক আমি থকা চৰকাৰী ঘৰৰ পাছফালে কুমজেলেকুৱা দেখুৱাবলৈ লৈ গ’লো।
এডাল গছৰ ঠানিত দুটামান কুমজেলেকুৱা বগাই আছিল। মই তাক মাতি দেখুৱাই ক’লো- এইয়া চা কুমজেলকুৱা।
সি ‘ক’ত ঐ কুমজেলেকুৱা, ক’ত ঐ কুমজেলেকুৱা?’ বুলি সুধি সুধি বিচাৰি থাকিল। এইবাৰ মই এটা গছৰ শুকান ঠানি আনি কুমজেলেকুৱাৰ গাত লগাই দেখুৱাই দিলো।
ভাইটিয়ে কুজেলেকুৱাকেইটা দেখিয়েই হি হি হিকৈ হাঁহি থাকিল। হাঁহি হাঁহিয়েই কৈ উঠিল ‘হুউ পোৱালি পোৱালি’। সিহঁতৰ লগত বন্ধু পাতিব নোৱাৰি বুলি গুচি আহিল।
ভাইটিয়ে কুমজেলেকুৱা নামৰ প্ৰাণীটো ইমান সৰু বুলি ভাবিবই পৰা নাছিল। গৰু-ছাগলী,কুকুৰ-মেকুৰীবোৰচোন ডাঙৰ ডাঙৰ। কুমজেলেকুৱা ইমান দীঘল নাম অথচ দেখিবলৈ ইমান অকণমানি প্ৰাণী!
এটা সময়ত আমি নিজা ঘৰত থাকিবলৈ ল’লো। ভাইটিয়ে জীৱ-জন্তু ভাল পাই কাৰণে এজনী গৰু কিনি আনিলে। লাহে লাহে ছাগলী হাঁহ-কুকুৰা সকলো আনিলে। এটা সময়ত গৰুজনীৰ এজনী চেউৰী পোৱালী জগিল।তাকে দেখি দেউতাই বোলে-“আঐ দেহি কপালত এনে সুন্দৰ বগা ফোঁট লৈ আহিছে এইজনীক ডাঙৰ হ’লে নেবেচো।”
এনেকৈয়ে গৰু ছাগলী, হাঁহ-কুকুৰাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে। ক’বলৈ গ’লে আমাৰ ঘৰখন ‘কেটেল ফাৰ্ম, প’লট্ৰি ফাৰ্মৰ দৰে হৈ গ’লগৈ। মৰম লাগি বেচাৰ কথা ভাবিব নোৱাৰা অৱস্থা হ’ল। ৰাস্তাৰে যোৱা দুই এটা বেপাৰী গৰু ছাগলী কিনিব অহা বেপাৰীক এটা দাম কৈ শুনাইছিল। সেই দামটো শুনি আমাৰ ঘৰলৈ গৰু কিনিবলৈ আহিবই বাদ দিছিল।
ভাইটিয়ে জীৱ জন্তুৰ ভাল পোৱা কথাটো বহুতে জানিছিল। এবাৰ দেউইতাৰ বন্ধু এজনে ভাইটিলৈ বুলি এজনী ভাটৌ চৰাই উপহাৰ দিলে। সি ভাটৌটোক প্ৰতিপালন কৰাত ব্যস্ত থাকে কাৰণ সি ভাটৌৱে কথা কয় বুলি জানিব পাৰিছিল। সি তাইক কল, গাখীৰ ভাত খাবলৈ দিছিল। মৰমতে মাজে মাজে ভাটৌজনীক পিঠিত উঠাই ফুৰাবলৈ লৈ গৈছিল।
এদিন বাৰিষাৰ বতৰত বাৰীৰ পাছত এটা কাছই ফুৰি আছিল। তাকে দেখি মই কাছটোক ধৰি আনি নাইলনৰ সূতাৰে ভৰিত বিন্ধাই পুখুৰীত এৰাল দিলো। মই কাছটোক চোৱা-চিতা কৰিলো। কাছটোক খুৱাবলৈ মই মুৰি, বিস্কুট আদি কিনো। আবেলি সময়ত কাছটোক ৰচীৰে টানি পাৰলৈ লৈ আনো আৰু সেইবোৰ মই খুৱাই পুখুৰীৰ মাজলৈ এৰি দিওঁ। কাছটোক খুৱাই খুৱাই কেনেকৈ নোদোকা কৰিব পাৰি তাৰে চেষ্টা চলালো। এনেকৈ কিছুদিন ঠিকে-ঠাকে চলিল।
ভাইটিয়ে মাজে মাজে কাছটো চাই যায়। মই তাক কওঁ-‘কাছ আৰু ভাটৌ পোহ মানিলে ইয়াৰপৰা আৰু ক’তো নাযায়’।
সদায় আবেলি সময়ত কাছ জনীয়ে মুৰি, বিস্কুট খোৱা দৃশ্যটো পুখুৰীটো আগৰে পৰা বসবাস কৰা এজাক কেঁকোৰাৰ চকুত পৰিল।কেঁকোৰাৰ জাকটো কাছক খাদ্য দিয়াৰ সময়তে কাছৰ ওচৰে পাজৰে ওলাবলৈ ধৰিলে।
এদিন আবেলি কাছটোক মুৰি দিবলৈ গৈ দেখো কাছটো নাই। মোৰ বুজিবলৈ বাকী নাথাকিল যে কেঁকোৰাকেইটাই এই কামটো কৰিলে। সিহঁতে কাছটোক বন্ধা সূতাডাল কাটি দিছিল আৰু কাছটো মুক্ত হৈ অহা বাটে গুছি গৈছিল। কাছটো নেদেখি মোৰ মনত বৰ বেজাৰ লাগিল।
ভাইটিৰ ভাটৌজনীৰ সৈতে কথা পাতি থকাতো মাত ওলোৱা নাছিল। সেয়ে সি মাজে মাজে ভাটৌজনীক সঁজাৰ পৰা মুক্ত কৰি দিছিল। কিছুদিন ভাটৌ জনী আমৰ গছ আৰু লিচু গছত বাহ লৈছিল। পিছত ভাটৌ জনীও ওচৰৰ পাহাৰ খনলৈ গুচি গৈছিল।

☆★☆★☆

One comment

  • হিৰণ্যজ্যোতি দাস

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.