ফটাঢোল

কুম্ভীলকৰ বিড়ালগাঁথা – মাধুৰ্য গোস্বামী

(১)

স্থান-সূৰ্যশ্ৰী থিয়েটাৰৰ আখৰাগৃহ

নাট- মা মনসা

নাট্যকাৰ তথা পৰিচালক চতূৰ্ভূজে ইটো-সিটো নিৰ্দেশ দি আছে। যথা- “ময়েই সংহাৰিণী, কালভৈৰৱী মা মনসা” বোলা ডায়লগটো অভিনেত্ৰী চিত্ৰা পৰাশৰে আৰু অলপ ডাঙৰকৈ চিঞৰি ক’ব লাগিব, আকৌ সেইখিনি অকল সম্মুখত ভিলেইনৰ চৰিত্ৰত অভিনয় কৰি থকা বিজিত দাসক ক’লেই নহ’ব, ৰাইজৰ ফালেও মুখ কৰি ক’ব লাগিব। পৰিচালকৰ কথামতেই চিত্ৰাই প্ৰচণ্ড জোৰে জোৰে চিঞৰিবলৈ ধৰিলে। একপ্ৰকাৰ আটাহ পৰাৰ দৰে লাগিলেও উপস্থিত থকা আটাইৰে হাততালিৰে আখৰা গৃহ মুখৰিত হৈ পৰিল। নহব’নো কিয়? চিত্ৰাৰ দৰে এনেকুৱা দুৰ্দান্ত অভিনয় কৰা আহেনো কিমানজনী চিনেমাৰপৰা! তাতে অসমীয়া চিনেমাৰ দুৰৱস্থাৰ সীমা নাইকিয়া হৈ আছে যোৱা কিছুবছৰ ধৰি! সাতে-সোতৰই মিলি দহমিটাৰ দূৰলৈকো শুনাকৈ ডায়লগ দিব নোৱাৰা চিনেমাৰ এক্টৰ-এক্ট্ৰেছবোৰো থিয়েটাৰলৈ আহিছে।

“মাতাল হ’ল এই ৰাতি”- চতূৰ্ভূজৰ ফোনৰ ৰিংগটোনটো বাজি উঠিল। চতূৰ্ভূজে অলপ একাষৰীয়াকৈ গৈ ফোনটো উঠালে।

“হেল্ল’। অ ৰয় দা কওক। কি? কোনে কৈছে পলক ভৃংগৰাজ থিয়েটাৰত নলওঁ বুলি? আৰু ইফালে পল বৰুৱাক মই কথা দি থৈছো অহাবাৰলৈ ভৃংগৰাজতে অভিনয় কৰোৱাম বুলি। কৈ দিব মালিকক। যদি নলয় তেন্তে অহাবাৰৰপৰা আপোনালোকক মই নাটক দিয়া বন্ধ কৰি দিম কিন্তু! আৰু মই নাটক নিদিলে কি অৱস্থা হ’ব সেইটো সকলোৱে জানে নিশ্চয়!”

সিফালৰপৰা আনজনে ক’লে,- “কিন্তু চতূৰ্ভূজ দা, পলৰ ভয়চটো খুবেই সৰু। ৰোমাণ্টিক চিনেমাহে দুই এখন কৰিছে। মডেলিঙৰপৰা অহা ল’ৰা। সেইকাৰণে মালিকে নোৱাৰে বুলি কৈছে”।

“না না না। মই সেইচব নাজানো। মুঠতে অহাবাৰলৈ পল তাতে মূল অভিনেতা হ’ব লাগিব। তাৰ কাৰণে মই নাটক লিখিব দিছোৱেই অলৰেডী। পূৰা তাৰ লগত মিলাকৈ লিখাইছো। যদি নলয় তেতিয়াহ’লে মই আপোনালোকৰ থিয়েটাৰ ডুবাম”, -চতূৰ্ভূজ গৰজি উঠিল।

“ঠিক আছে চতূৰ্ভূজ দা, মই বাৰু কথাটো আকৌ আলোচনা কৰিম।”-এইবুলি ফোনটো কাটি দি সিমূৰৰজনে ভোৰভোৰাই থাকিল,- “চাল্লা, হিটলাৰ ওলাইছে। কি তাৰ দাদাগিৰি! যেন সিহে এই থিয়েটাৰ উদ্যোগটোৰ মালিক! তাৰ মতেই চব হ’ব লাগে! নাটক তাৰ, হিৰো-হিৰোইন তাৰ। বাকীবোৰহে আমাৰ। আৰু থাকিল নো কিডাল? হুঁহ!”

(২)

চুচুক চামাককৈ ওচৰৰ বিজু আৰু টিংকুৱে ‘মা মনসা’ নাটকৰ আখৰা চাবলৈ আহিছে। নাট্যকাৰ চতূৰ্ভূজে নিৰ্দেশ দি গৈছে এফালৰপৰা। নায়িকা চিত্ৰাক গিৰিয়েকে এচিড মাৰি দিব, ধোঁৱা ওলাব মুখৰ চাৰিওফালে, পোহৰ কম হ’ব লাগিব সেইখিনি সময়ত। লগে লগে চিত্ৰাই মুখখন ঢাকি চিঞৰ এটা মাৰিব।

ইমান সময় ভেবা লাগি চাই থকা বিজুৱে টিংকুক ক’লে, -”ঐ, এইখন ক’ৰবাত দেখা দেখা লগা নাইনে? মানে কাহিনীটো?”

“হেই ৰহ। ভালকৈ চাবলৈ দে। এতিয়া চিত্ৰাই গিৰিয়েকৰ ওপৰত বদলা ল’ব, চাই থাক। তাৰ বেলেগৰ ঘৈণীয়েকৰ লগতো সম্পৰ্ক…!”

“ঐ কণা, পাহৰিলি নেকি। এইখনচোন গোটেইখন ৰেখা আৰু কবীৰ বেদীৰ “খুন ভৰী মাংগ”ৰ পৰা কপি মাৰিছে”— বিজুৱে খঙৰে ক’লে।

“এহ্‌। হয় দেখোন অ’ ” -মূৰটো খজুৱাই টিংকুৱে ক’লে। “বাদ দে, পিছত গাঁৱত ভালকৈ দেখুৱালে চাম। তাতে গেলেৰীত এনেও ফ্ৰী। ব’ল যাওঁ ঘৰত”।

বিজু-টিংকু গুচি যোৱাৰ পিছতো চতূৰ্ভূজৰ নাট্য নিৰ্দেশনা চলি থাকিল।

(৩)

স্থান- প্ৰবীণ ভ্ৰাম্যমান অভিনেতা অনিমেশ বৰুৱাৰ ঘৰ।

অনিমেশ বৰুৱা আৰু নাটকৰ ক্ষেত্ৰখনৰ আন এজন ভোটাতৰাসদৃশ প্ৰবীণ অভিনেতা গিৰিজা মহন্ত সুৰাপানত ব্যস্ত। তিনি নম্বৰ পেগটো গলাধ:কৰণ কৰি সশব্দে গিলাচটো টেবুলত থৈ বৰুৱাই ক’বলৈ ধৰিলে, –

“এই চতূৰ্ভূজৰ কাৰণে যতচব গোলমাল। যোৱা ত্ৰিশ বছৰ ধৰি ভ্ৰাম্যমানত অভিনয় কৰিলোঁ। কোনোদিন কোনো প্ৰযোজকে পইছাৰ ক্ষেত্ৰত খেলিমেলি নকৰিলে। এতিয়া এই চতূৰ্ভূজৰ চুৱা চেলেকাবোৰৰ আমাক পে’মেণ্ট দিবলৈ পইছা নাথাকে। ইফালে আমাৰ পাঁচগুণমান পইছা দিব চিনেমাৰপৰা অনা অভিনেতাবোৰক।”

“তাকেই বৰুৱা” বুলি কৈ মহন্তইও পেগটো কোটকোটকৈ পি শেষ কৰি মুখখন মচি কাজু দুটা মুখত ভৰাই পুনৰ ক’বলৈ ধৰিলে,-

“তথাপি নীতিন বৰা বা চিত্ৰাহঁত বাৰু চিনেমাৰপৰা আহিলেও ভালেই কৰে। অভিনয় দক্ষতা আছে, মঞ্চ কঁপাব পৰাকৈ অন্ততঃ মাত আছে। কিন্তু এই যে ডৰথী, পল বৰুৱা, প্ৰণামী এইবোৰৰ কি আছেহে? কিহৰ কাৰণে সিহঁতৰ দাম ত্ৰিশ-চল্লিছ লাখ টকা?”

“কি ক’ব!!” হুমুনিয়াহ এটা কাঢ়ি কৈ উঠিল বৰুৱাই,-

“এসময়ত কিমান ভাল ভাল নাট্যকাৰৰ নাটক কৰিলোঁ। কিমান সন্মান পালোঁ মানুহৰপৰা। নাট্যকাৰেই কওক বা পৰিচালকেই হওক, কোনেও প্ৰাপ্যখিনি দিয়াত অকণো কুণ্ঠাবোধ কৰা নাছিল, সেয়া সন্মানেই হওক বা মাননিৰ ক্ষেত্ৰতেই হওক। সঁচা কথা ক’বলৈ গ’লে এতিয়াৰ নাটকবোৰত অভিনয় কৰিবলৈকো মন নাযায়। নায়ক-নায়িকাৰ দৌৰাত্ম্যত আমাৰ পেঁপুৱালগা অৱস্থা। মঞ্চখন ৰাইজৰ আগলৈ নি নানাচিলে, খুঁটাৰ ওপৰত হিৰোইন উঠি মিনি স্কাৰ্ট পিন্ধি হাত-ভৰি আচাৰিব নোৱাৰিলে যেন নাটক কমপ্লিটেই নহয়। জকমকীয়া, জলজল পটপটকৈ শৰীৰ দেখা কাপোৰ পিন্ধি নাচা, দুটামান এক্‌চন চিন থকা নাটকবোৰহে ৰাইজে দেখোন পাৰ ভাঙি চাবলৈ অহা হ’ল। চিৰিয়াছ নাট্যপ্ৰেমীও নোহোৱা হ’ল হে! চব সেই কিৰিলি পৰা, হিৰোইন খুটাত উঠিলে তলৰপৰা চাই চিঞৰা চেমনীয়া কিছুমানহে এতিয়া নাট্যপ্ৰেমী দৰ্শক। অথচ এইবোৰ কথা ক’লে আমাক আউটডেটেড বুলি ক’ব। বেয়া বুলিতো ক’ব নোৱাৰিয়েই! আৰু চতূৰ্ভূজৰ মতে সেইবোৰ হ’ল এক্সপেৰিমেণ্ট।”

“হয়হে বৰুৱা। প্ৰযোজক চব তাৰ আঙুলিত নাচে। এইফালে পৰিচালকো আকৌ তেওঁ নিজেই! ক’ৰপৰা জানো ইমানবোৰ নাটক লিখোৱাই আনে, আচৰিত লাগে। শুনিবলৈ পোৱামতে কেইজনমান আছেই হেনো নাটক লিখি দিয়া। নাম নাথাকিলে সেইবোৰ কেলেহুৱাৰ নাটক কোনে ল’ব। গতিকে টকা-পইছা লৈ লিখি দিয়ে চাগে।”

বৰুৱাই তপৰাই কৈ উঠিল,-

“চাগে নহয়, সঁচাকৈয়ে হয়। মোৰ এজন সাংবাদিক বন্ধুৱে কৈছিল সেইজনৰ সাক্ষাত্কাৰ ল’বলৈ গৈ হোৱা অভিজ্ঞতাৰ বিষয়ে, কওঁ শুনক!

খবৰ নিদিয়াকৈ গৈছিল মোৰ সাংবাদিক বন্ধু। ঘৰৰ মানুহে বোলে তেখেতে চিনেমা চাই আছে। সাংবাদিক বন্ধুৱে বোলে ক’তা, টিভি দেখোন আপোনালোকেহে চাই আছে!’

তেখেতৰ পত্নীয়ে এইবাৰ মাত লগালে,-‘এওঁ মানে লেপটপতেই চায়। আৰু এইসময়ত ডিষ্টাৰ্ব কৰিলে বেয়া পায়।‘

সাংবাদিক বন্ধুৱে বোলে হ’ব, একো নাই, ময়ো চিনেমা চাই ভাল পাওঁ, চুপ-চাপ বহি চিনেমাকে চাম- বুলি ভিতৰ সোমাই যোৱাত বাধা দিব নোৱাৰি তেখেতৰ ষ্টাডী ৰূমটো দেখুৱাই দিলে। বন্ধুৱে চুপে-চাপে ৰূমৰ ভিতৰ সোমাই গৈ দেখে যে বিখ্যাত নাট্যকাৰে লেপটপত দক্ষিণৰ অত্যন্ত জনপ্ৰিয় চিনেমা এখন চাই আছে, লগতে বহী এখনত কিবা-কিবি লিখিও গৈ আছে। দুৱাৰ খোলাৰ শব্দতেই হ’ব পাই নাট্যকাৰে ঘূৰি চাই সাংবাদিক বন্ধুক দেখি ততাতৈয়াকৈ লেপটপ অফ কৰি দিলে।

‘দাদা, অফ কিয় কৰিলে?-সাংবাদিকজনে সুধিলে,- ‘ময়ো দক্ষিণৰ চিনেমা চাই ভাল পাওঁ। সেয়েহে আপোনাৰ বৌৱে আপুনি চিনেমা চাই থকা বুলি কোৱাত দুৱাৰত নক নকৰাকৈয়ে গুচি আহিলোঁ। লগাই দিয়ক নহ’লে, চাই শেষ কৰি আপোনাৰ পৰা নাটক সম্পৰ্কীয় কথা কেইটামান পাতি ল’ম। আমাৰ এডিটৰে পঠিয়াইছে মোক, আজিয়েই লিখনিটো দিব লাগে, আপোনাৰ ফোন অফ আছে, ইফালে লেণ্ডলাইনতো পোৱা নাই। সেয়ে ভাৱিলোঁ নিজেই আহি চাঁও, আপোনাক কিজানি লগ পায়েই যাঁও!’

‘সাধাৰণতে মই আগতিয়াকৈ অনুমতি লৈ নাহিলে সাক্ষাত্কাৰ নিদিওঁ বুলি তোমালোকৰ এডিটৰে জানে দেখোন!’- নাট্যকাৰৰ মাতত কিছুপৰিমাণে খঙৰ আভাস!

সাংবাদিকো এৰি দিয়া ভকত নহয়, সেয়েহে অনুনয়ৰ সুৰত ক’বলৈ ধৰিলে,-‘দাদা, সঁচাকৈয়ে চ’ৰি দেই! কিন্তু এই লিখনিটো আপোনাৰ নাট্য জীৱনৰ সোণালী কথাৰে ভৰপূৰ, সম্পূৰ্ণ এক পৃষ্ঠাত যাব। এইখন ৰাজ্যত আপোনাতকৈ দক্ষ, প্ৰতিভাধৰ নাট্যকাৰ কেইজন আছে নো! নাটকৰ বিষয়ত উলিয়াবলগীয়া এই বিশেষ পৰিপূৰিকাখনত আপোনাৰ বিষয়ে নিলিখাকৈ কেনেকৈ প্ৰকাশ কৰা সম্ভৱ। মই কেমেৰাও লৈ আনিছোঁ, আপুনি এইখন চকীতে বহি কালজয়ী নাটকবোৰ যে লিখি থাকে সেইটোতো নাটক ভাল পোৱা ৰাইজক দেখুৱাবই লাগিব।‘

এইবাৰ যেনিবা নাট্যকাৰ শান্ত হ’ল। ইতিমধ্যে আন্ধাৰ কৰি ৰখা ৰূমটোৰ পৰ্দাবোৰ নাট্যকাৰে ৰিমো’ট টিপি কোঁচাই দিয়াত ৰূমটো পোহৰ হৈ পৰিল। সাংবাদিকে দেখিলে যে নাট্যকাৰৰ টেবুলত হাতে লিখা কাগজৰ পৃষ্ঠা তথা আন কিছুমান প্ৰিণ্ট আউটৰ পৃষ্ঠা দম দম হৈ পৰি আছে। ওচৰলৈ গৈ দেখে সেইয়া কিবা নাটকৰ ডায়লগ যেন লাগিল। কিন্তু হাতে লিখা কাগজবোৰৰ লিখাবোৰ দেখি বহুজনৰ হাতৰ আখৰ যেন বোধ হ’ল। উত্সুক সাংবাদিকে সুধিয়েই দিলে,-

‘দাদা, এইয়া কিবা নতুন নাটক নেকি? আৰু এইয়া দেখোন বেলেগ মানুহে লিখা হাতৰ আখৰ যেন লাগিছে!- সাংবাদিকে আৰ-তাৰ মুখত শুনি আছিল যে নাট্যকাৰে টকা দি আন কাৰোবাৰ হতুৱাই নাটক লিখাই নিজৰ নামত দিয়ে।

নাট্যকাৰ কিছুপৰিমাণে উচপ খাই উঠা যেন লাগিল। যেনেতেনে কাগজবোৰ সামৰি টেবুলৰ ড্ৰয়াৰত থৈ কৈ উঠিল,-

‘কি সুধিব খোজা সোনকালে সোধা। মোৰ বহুত কাম আছে। এফালে যাবলগীয়াও আছে। ফটোকিখনো তুলি লোৱা। সোনকাল কৰা।‘

কথাখিনি কৈ উঠি অনিমেষ বৰুৱাই হুঁহুৱাই হাঁহি পুনৰ ক’লে,- ‘বুইছে মহন্ত, নাট্যকাৰ চতূৰ্ভূজৰ আচল চৰিত্ৰ সেইদিনা মোৰ সাংবাদিক বন্ধুৱে ভালকৈয়ে বুজি পাইছিল।‘“

বিতৃষ্ণাত থুৱাই বৰুৱাই পুনৰ কৈ উঠিল,-“সি চাল্লা, মানুহক আভুৱা ভাৰিবলৈ প্ৰথমৰে পৰা প্লেন কৰি লৈছিল। নিজৰ আচল নামটোৰ ঠাইত ছদ্মনাম লৈ নাটক লিখাত নামিছিল। বুলিবা, দৰ্শকে গ্ৰহণ নকৰিলে নিজৰ আচল নামটোত দাগ নপৰিব। সিমানখিনি সাহস নাই তাৰ! থাকিবনো কেনেকৈ, চব এই দক্ষিণৰ চিনেমা, ভোজপুৰী চিনেমা, চীন, কোৰিয়াৰ চিনেমাৰ পৰা নকল মাৰে যে! নামো লৈছে কি চাওক, চতূৰ্ভূজ! ৱাক! থু!”

“আচল কথাটো হ’ল লবী বুজিছে বৰুৱা।-গিৰিজা মহন্তই কৈ উঠিল,- নাট্যকাৰ, পৰিচালক চতূৰ্ভূজ, এই এজনৰেই লবী চলি আছে এতিয়া। হিৰো-হিৰোইন ঠিক কৰি দিয়াও এইজনেই। দাম-দৰ কৰাৰ পৰা সকলো মেনেজ কৰালৈ সকলোতে অবাধ গতি। তাৰপিছত সাক্ষাৎকাৰবোৰত গৈ কৈ থাকে যে ৰাইজেই নাটকৰ ভৰষা, শ শ পৰিয়াল চলাই আছে ভ্ৰাম্যমান থিয়েটাৰে। বচ্‌!! ৰাইজৰ উচাহ পাৰ ভাঙি আহিবলৈ কেতপৰ? গতিকে দিন-দুপৰৰপৰাই নাটকৰ দৰ্শনী আৰম্ভ। ইফালে নাটক চোৱাবোৰে বুজি পায়নে নাপায় জানো কেইখন চিনেমাৰপৰা জোৰা-টাপলি মাৰি সেইবোৰ বনোৱা হৈছে। আচলতে এই চতূৰ্ভূজ নামটো যে লৈছে, তাৰ অৰ্থটো হ’ল চাৰিওদিশে নিজৰ জাল, মানে লবী বিস্তাৰ কৰি নিজৰ আধিপত্য চলাই যোৱা। চেহ্‌ !! “

(৪)

“হেৰি দত্ত, দেখিছেনে। এই চতূৰ্ভূজ বোলা নাট্যকাৰজনৰ গুণ্ডাগিৰি? আজিৰ পেপাৰত চাওকচোন। সি হেনো নিজৰ খেয়াল-খুচিমতেহে চবকে নাটক দিয়ে। অভিনেতা-অভিনেত্ৰী চাইহে হেনো নাটক লিখে। শুনিছিল কেতিয়াবা এনেকুৱা কথা? আগতে স্ক্ৰিপ্ট লিখা হোৱাৰ পিছতহে অভিনেতা-অভিনেত্ৰীয়ে কোনে কোনটো ৰোলত অভিনয় কৰিব সেয়া ঠিক কৰা হৈছিল। এতিয়া এবছৰৰো আগতেই সকলো ঠিক, তাৰপিছত অভিনেতা চাই স্ক্ৰিপ্ট। ভ্ৰাম্যমানৰ পুৰণি সুদক্ষ অভিনেতা-অভিনেত্ৰী যি দুই-এজন আছে তেওঁলোকক কেলেহুৱাৰ দৰেহে কৰি পেলালে এই চতূৰ্ভূজৰ লবীয়ে।”

“তাকেই ভৰালী। আমাৰ পৰশেও কৈ আছে, ফে’চবুকতো হেনো এইবোৰ লৈ সাংঘাটিক হৈ-হাল্লা হ’বলৈ ধৰিছে। ভাল নাটক-চিনেমা চোৱা মানুখিনিয়ে সেই চতূৰ্ভূজ নে বহুভূজ সেইজনক হেনো তুলাধুনা দিছে। কিছুমানে আকৌ সমৰ্থনো কৰিছে। সেইবোৰৰ মতে পুৰণি দিনৰ নাটক চোৱা মানুহে কি বুজিব এতিয়া কি ট্ৰেণ্ড চলিছে। মুঠতে এখন ডাঙৰ পয়মাল। ইফালে নীতিন বৰাহঁতে নিউজ চেনেলত গৈ কৈছে যে চতূৰ্ভূজে নাটক নিলিখিলে হেনো লিখোঁতা নাই। এনেকৈ ক’বই লাগিব, নহ’লে যে নীতিন বৰাৰ দৰে অভিনেতাকো চতূৰ্ভূজে ভাল ৰোল নিদিব সেইটো খাটাং। হেৰৌ, চতূৰ্ভূজক বাদ দি আনসকলেও সুযোগ পাবওতো লাগিব! সকলোতে কেৱল চতূৰ্ভূজৰ নাটকৰ নামহে শুনিবলৈ পোৱা যায়। যি দুই-এজন নাট্যকাৰ এতিয়া অলপ উঠিব ধৰিছে সেইকেইজনেও তাক তেল-তুল মাৰিহে উঠিছে কিজানি। নহ’লেনো কাৰোবাৰ সাধ্য আছেনে !!”

“আনহাতে সিদিনা চতূৰ্ভূজে আহি নিউজ চেনেলত কৈছে আগৰ সেই দিন নাই হেনো। এতিয়া দৰ্শকৰ ৰুচি অনুযায়ীহে নাটক লিখিব লাগিব। নিন্দুক মানুহবোৰেহে হেনো তেওঁৰ সফলতাত ঈৰ্ষান্বিত হৈ এইবোৰ ক’বলৈ ধৰিছে। সেয়ে এইবোৰ কথাত তেওঁ গুৰুত্ব দিব নোখোজে।”

(৫)

স্থান- নলবাৰী ৰাস মহোৎসৱ।

আয়োজকে টেটুফালি মাইকত চিঞৰি আছে,- “শ্ৰদ্ধাৰ নাট্যপ্ৰেমী ৰাইজ, নলবাৰী ৰাস মহোৎসৱ উপলক্ষে আহি পোৱা চিত্ৰলেখা থিয়েটাৰৰ আজি গৌৰৱোজ্জ্বল দ্বিতীয় নিশা। এই দ্বিতীয় নিশাত তেখেতসকলে মঞ্চস্থ কৰিব যশস্বী, স্বনামধন্য নাট্যকাৰ চতূৰ্ভূজৰ দ্বাৰা ৰচিত আৰু পৰিচালিত নাট যিখন নাটকে অসমৰ ইমূৰৰপৰা সিমূৰলৈ খলকনি তুলি সকলো ঠাইতে তিনি-চাৰিটাকৈ দৰ্শনী কৰি আহিছে, সেয়া হ’ল “অজেয় প্ৰেমিক”, “অজেয়অঅঅ প্ৰেমিক”। শ্ৰদ্ধাৰ ৰাইজ, সন্ধিয়া ঠিক পাঁচ বজাৰ লগে লগে আমাৰ প্ৰথম দৰ্শনী আৰু ঠিক আঠ বজাৰ লগে লগে আমাৰ দ্বিতীয় দৰ্শনী আৰম্ভ হ’ব। গতিকে পলম নকৰিব ৰাইজ, আমাৰ হাতত আৰু বেছি টিকট নাই। ৰাইজৰ সুবিধাৰ্থে টিকটৰ হাৰ নিচেই কমাই ৰখা হৈছে। প্ৰথম শ্ৰেণীৰ ভিআইপি ৪০০ টকা, দ্বিতীয় শ্ৰেণী ৩০০ টকা আৰু সকলোৰে পৰিচিত গেলেৰী মাত্ৰ ১০০ টকা। আহক ৰাইজ আহক…।”

এগালমান ডেকা-চেমনীয়াৰ চিঞৰৰ মাজেদি নাটক আৰম্ভ হ’ল। “তুমি মোৰ বাসনা” গানটোত নায়িকাই মিনি স্কাৰ্ট পিন্ধি ওলোৱাৰ লগে লগেই সকলোৱে চিঞৰত গগণ ফালিলে। তাৰ লগে লগে “কম মা.. এই” বুলি দুজনমানে অশ্লীল শব্দৰ ৰাগী জুৰিবও ধৰিলে। আনফালে চকীত বহা দুজনমান ডেকাই ওচৰত বহা কোনোবা ছোৱালীক অ’ত-ত’ত খুচি কেনেবাকৈ হাতখন গালৈকে নিব পাৰি নেকি তাৰো চেষ্টা চলাই থাকিল।

এইফালে গানটোৰ পিছতে আৰম্ভ হ’ল নীতিন বৰাৰ ডায়লগৰ জোৱাৰ, -“তোমাৰ প্ৰেম, তোমাৰ ভালপোৱা ফুলৰ দৰেই, যি ফুলাৰ পিছত এদিন নোহোৱাও হৈ যায়। কিন্তু মোৰ প্ৰেম, মোৰ প্ৰেম চন্দ্ৰ-সূৰ্যৰ দৰেই সত্য যি চিৰদিন চিৰকাল থাকিব” আদি। তাৰ লগে লগে চলি থাকিল ৰাইজৰ চিঞৰ,- “তামাম তামাম। ফালি দিছি বে নীতিনে। এইহে ডায়লগ।”

“ফাটাফাটি ফাটাফাটি”।

(৬)

“নমস্কাৰ, গুড ইভিনিং, শুভ সন্ধিয়া, প্ৰিয় দৰ্শক, মই চন্দন ভট্টাচাৰ্যই ‘দৈনিক লাইভ ২৪×৭’ ত আজি সন্ধিয়াৰ বিশেষ আলহী হিচাপে আহি আমাৰ মাজত আহি উপস্থিত হৈছেহি অসমৰ এগৰাকী স্বনামধন্য নাট্যকাৰ যাৰ প্ৰতিখন নাটকেই অসমৰ ইমূৰৰপৰা সিমূৰলৈ খলকনি তুলি আহিছে, যাৰ নাটক বুলি ক’লেই ৰাইজ ঢপলিয়াই আহে চাবলৈ, যাৰ নাটকৰ সংলাপ ৰাইজৰ মুখে মুখে প্ৰচলিত হয়। তেখেত বৰ্তমান নাট্যজগতৰ এটা উজ্জ্বল ভোটাতৰা। হয়, সেয়া আন কোনো নহয়, আপোনাৰ মোৰ সকলোৰে এটি পৰিচিত নাম, যাৰ নাটক বুলি ক’লেই আমি বলিয়া হৈ পৰোঁ, ৰাইজ বলিয়া হৈ পৰে; সেইজনেই হ’ল যশস্বী নাট্যকাৰ চতূৰ্ভূজ। চতূৰ্ভূজ ডাঙৰীয়া, ষ্টুডিঅ’ৰ মজিয়ালৈ আপোনাক স্বাগতম জনাইছোঁ।”

“ধন্যবাদ”- মিচিকিয়া হাঁহিৰে প্ৰতি নমস্কাৰ জনালে নাট্যকাৰ চতূৰ্ভূজে।

“চতূৰ্ভূজ ডাঙৰীয়া, শেহতীয়াকৈ নাট্যপ্ৰেমী ৰাইজৰ মাজত খলকনি তোলা আপোনাৰ ৰচিত, পৰিচালিত ‘মহাৰণ’ নাটকখনৰ বিষয়ে কিছু ক’ব নেকি?”

“হয়। ‘মহাৰণ’ নাটকখন দৰাচলতে দুটা পৰিয়ালৰ মাজত হোৱা সংঘাতৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে। আৰু সেই সংঘাতক এক নাটকীয় পৰ্যায়লৈ লৈ যোৱা হৈছে। অৱশেষত দুয়োটা পৰিয়ালৰ ল’ৰা-ছোৱালীৰ প্ৰেমে কেনেদৰে তেওঁলোকৰ মাজত মিলনসেঁতু গঢ়িলে সেয়াই চমুকৈ কাহিনীভাগ। প্ৰেম-ৰোমাঞ্চ, ঈৰ্ষা, অহংকাৰ এই সকলোবোৰকে বৰ ধুনীয়াকৈ দেখুওৱা হৈছে। নীতিন বৰাৰ অভিনয়ো খুব শলাগিবলগীয়া। মূল অভিনেত্ৰী কাব্যশ্ৰী বৰুৱাৰ অভিনয়ো চাই খুব ভাল পাইছে ৰাইজে। মুঠতে নাটকখন খুব ভাল আৰু পৰিয়াল এটাৰ কথাবোৰ খুব সুক্ষ্ম পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে বুলি ৰাইজে কৈছে।”

“হয় ডাঙৰীয়া। নাটকখনৰ বিশেষকৈ ‘তুমি মোৰ জীয়া স্বপ্ন’ গানটোও এইবাৰ ইউ টিউবত খুব বিখ্যাত হৈছে”।

চতূৰ্ভূজে ‘হয় হয়’ বুলি শলাগি ক’লে, -“গানটোৰ লিৰিকচ্‌টো বৰ ধুনীয়া। আৰু অসমৰ আটাইতকৈ বিখ্যাত গায়কজনে খুব সুন্দৰকৈ গাইছে। যিহেতু মই সেইটো বিভাগত নাই গতিকে সেই বিষয়ে বহলাই ক’ব নোৱাৰিম। তথাপি গানটো মোৰো খুব পছন্দ।”

“হয় চতূৰ্ভূজ ডাঙৰীয়া। এই নাটকখনৰ বিষয়েই যিহেতু আলোচনা হৈছে, কিছু কিছুৱে নাটকখনৰ কাহিনীটো হিন্দী চিনেমা ‘কিয়ামত চে কিয়ামত তক’, ‘সৌদাগৰ’ তথা আন দুই-এখন চিনেমাৰ লগত মিল আছে বুলি কোৱা-কুই কৰি আছে। এই সন্দৰ্ভত আপুনি কিবা ক‘ব খোজে নেকি?”

নাট্যকাৰ মুখখন কিছু পৰিমাণে কঠিন হৈ পৰিল। ক্ষণিক পিচতে সহজ হৈ মুখত কৃত্ৰিম হাঁহি এটা মাৰি ক‘বলৈ ধৰিলে,-“হাঃ হাঃ হাঃ আপুনি এই প্ৰশ্নটো সুধি বৰ ভাল কৰিলে। মই আচলতে সেইবোৰ কথাত প্ৰতিক্ৰিয়া দিয়াটো গুৰুত্বপূৰ্ণ বুলি ভাৱাই নাই। চাওক, চিনেমা থিয়েটাৰ এইবোৰ সংস্কৃতিৰ বস্তু। এনেকুৱা একে ধৰণৰ মিল থকা কাহিনী থাকেই! কিন্তু কাহিনীটো কেনেদৰে প্ৰকাশ কৰে সেইটোহে দৰকাৰী। মোৰ নাটকৰ ডায়লগ শুনিলে নাটক চোৱা দৰ্শকৰ যি প্ৰতিক্ৰিয়া দেখোঁ সেইয়া দেখাৰ পিছত মই কাকো জৱাবদিহি দিব নোখোঁজো। দৰ্শক-ৰাইজেই মোৰ বাবে সকলো। ৰাইজেই অসমৰ ভ্ৰাম্যমান থিয়েটাৰক জীয়াই ৰাখিছে আৰু মোৰ বিশ্বাস জীয়াই ৰাখিব।“

“হয় হয়, নাটক, চিনেমাৰ বাবে দৰ্শকেই সকলো। বহুত ভাল কথা ক‘লে চতূৰ্ভূজ ডাঙৰীয়া। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। বৰ্তমান যিসকল নাট্যকাৰ আছে, তেওঁলোকক আপোনাৰ দৰে ইমান সফল দেখা নাযায়। তেওঁলোকৰ মাজত আপুনি কিহৰ অভাৱ বুলি ভাবে?”

“চাওক। অভাৱ বুলি মই নাভাৱোঁ। তেওঁলোকৰ যথেষ্ট টেলেণ্ট আছে। পঢ়াশুনাও কৰিছে। কিন্তু আৰু পঢ়াৰ দৰকাৰ তেওঁলোকৰ আছে। চাওঁক, ব্যক্তিগতভাৱে মই শ্বেক্সপীয়েৰৰপৰা আৰম্ভ কৰি ইবছেন, বেকেট, আয়’নেস্ক’, পিৰাণ্ডেলো, চফ’ক্লিছ বা আমাৰ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰ, মুনীন বৰুৱা, সেৱাব্ৰত বৰুৱা, হেমন্ত দত্তলৈকে সকলোৰে নাটক পঢ়িছো। তেওঁলোকৰ পৰা শিকিছো। সেইকাৰণে মই আজি এইটো পৰ্যায়ত আছো। আৰু দ্বিতীয় কথাটো হ’ল নাটক লিখিবলৈ হ’লে ষ্টেজখন বা তাৰ কাৰিকৰী দিশখিনি চকুত ৰাখিয়েই লিখিব লাগিব। মই ভাৱোঁ তেওঁলোকে এই দিশটোত গুৰুত্ব দিয়া দৰকাৰ। মই নাটক লিখা আৰম্ভ কৰাৰ আগতে বাৰ বছৰ ধৰি নাটকৰ ষ্টেজখন সুক্ষ্মভাৱে নিৰীক্ষণ কৰিছিলোঁ। সকলো দিশ পুংখানুপুংখভাৱে লক্ষ্য কৰিছিলোঁ। মই ভাৱোঁ এইটো মোৰ সফলতাৰ এটা ডাঙৰ দিশ”।

“হয়। নাট্যপ্ৰমী ৰাইজক আমি জনাব বিচাৰিছো যে চতূৰ্ভূজ ডাঙৰীয়াক অসমৰ শ্বেক্সপীয়েৰ বুলিও জনা যায়। ৰ‘ব, এই কথাটো কওঁতেহে মোৰ আন এটা কথা মনত পৰিল।

চতূৰ্ভূজ ডাঙৰীয়া, আপুনি ইমান ব্যস্ততাৰ মাজতো ইমান নাটক কেনেকৈ লিখে? এয়া অকল মোৰ প্ৰশ্ন নহয়, মই ভাৱোঁ সমগ্ৰ অসমৰ ৰাইজৰে এইটো প্ৰশ্ন হ’ব। আপুনি বছৰত কমেও বিশ-ত্ৰিশখন নাটক লিখে। আকৌ তাৰ বহুখিনি পৰিচালনাও কৰে। মই জানিব বিচাৰিছোঁ যে এয়া এজন মানুহৰ বাবে কিদৰে সম্ভৱ? প্ৰিয় দৰ্শক, তাৰ লগতে আমি আন এটা দিশো চাব লাগিব, সেয়া হ’ল তেখেতৰ সকলোবোৰ নাটকতে লাভ কৰা বিপুল জনপ্ৰিয়তা। ইখনৰ পৰা সিখনকৈ প্ৰায় প্ৰতিখন নাটকেই অত্যন্ত জনপ্ৰিয় হৈ পৰাটো, তাকো একেটা বছৰতে তথা এনেদৰে প্ৰত্যেকবছৰেই লিখাটো চতূৰ্ভূজ ডাঙৰীয়াৰ বাবে কিদৰে সম্ভৱ?”

“চাওক। মই আপোনাক কৈছোৱেই যে নাটক লিখাৰ আগতেই বহু বছৰ ধৰি মই তাৰ বাবে সাধনা চলাইছো, একপ্ৰকাৰৰ গৱেষণা বুলিবই পাৰে। অজস্ৰ নাটক পঢ়িছোঁ, চাইছোঁ, ভ্ৰাম্যমানৰ মঞ্চখন নিৰীক্ষণ কৰিছোঁ। তাৰ উপৰিও দৰ্শকৰ ৰুচি আৰু তেওঁলোকে কেনে ধৰণৰ বস্তু পছন্দ কৰে তাকো লক্ষ্য কৰিছোঁ। বাকী মোৰ সমস্ত সফলতাৰ বাবে মই ৰাইজক ধন্যবাদ দিম। তেওঁলোক নাথাকিলে আজি নাট্যকাৰ চতূৰ্ভূজ হয়তো নাথাকিলহেঁতেন।”-নাট্যকাৰ চতূৰ্ভূজ বিনয় বচনত লেউসেউ হৈ পৰিল।

“হয় ডাঙৰীয়া। দৰ্শকেই ৰজা, দৰ্শকেই সকলো। গতিকে আমি আশা ৰাখিছোঁ অনাগত দিনবোৰত তেখেতে এনেদৰেই জনপ্ৰিয় হোৱা নাটক লিখি যাওক, ৰাইজে উপভোগ কৰক তেখেতৰ নাট। শেষবাৰৰ বাবে আপোনালৈ এটা অনুৰোধ। আপোনাৰ ভাল লগা যিকোনো এখন নাটকৰ এটা ডায়লগ কৈ যাব নেকি?”

“হয় চন্দন। এইবাৰৰ মোৰ ‘ধৰ্ষিতা’ নাটক খনৰপৰা এটা ডায়লগ দিছোঁ। নায়িকাক মানে যেতিয়া চহৰত ধৰ্ষণ মানে ৰেপ কৰা হয়,, তেতিয়া ধৰ্ষণকাৰীৰ বাপেকে মানে কয় ডায়লগটো। ডায়লগটো এনেকুৱা, -‘ডাঙৰ ডাঙৰ চহৰত এনেকুৱা সৰু সৰু ঘটনা হয়েই। আৰু ডাঙৰ মানুহৰ পুত্ৰই এনে ডাঙৰ কাম দুই এটা কৰেই!'”।

সাক্ষাৎ গ্ৰহণকাৰী এংকৰ চন্দৰ মুখলৈ চাই নাট্যকাৰ চতূৰ্ভূজে এইবাৰ নিজেই কৈ উঠিল,- ’এতিয়া এইবুলি প্ৰশ্ন নকৰিবা যে এই ডায়লগটোও ক‘ৰবাত শুনা যেন লাগিছে। মই উত্তৰটোও কৈ দিছোঁ, হিন্দী চিনেমাত এনে ধৰণৰ ডায়লগ প্ৰায়েই শুনা যায়। আনকি আমাৰ অসমীয়া চিনেমা, থিয়েটাৰ, গল্প-উপন্যাসতো শুনা যায়, তাৰমানে এইটো নহয় যে মই এই ডায়লগটো মোৰ নাটকৰ ডায়লগ হিচাবে ল‘ব নোৱাৰিম! অথবা চুৰ কৰিছোঁ! কোনেও পেটেণ্ট কৰি থোৱা নাইতো! নে কি কোৱা, হাঃ হাঃ হাঃ।’- নিজৰ ৰসত নিজেই হাঁহিবলৈ ধৰিলে নাট্যকাৰ চতূৰ্ভূজে।

“হয়, হয় চতূৰ্ভূজ ডাঙৰীয়া। আমাৰ আজিলৈ সময়ো শেষ হৈ আহিল। ষ্টুডিঅ’ৰ মজিয়ালৈ অহা বাবে আপোনাক অশেষ ধন্যবাদ”।

(৭)

সেই একেদিনাই একেখন নাটক উপভোগ কৰি উভতি আহিল তুলসী শৰ্মা আৰু তেওঁৰ পৰিবাৰে। অৱসৰপ্ৰাপ্ত শৰ্মাৰ ঘৰুৱা সমস্যা ইমান নাই। তাতে থিয়েটাৰ আহিলে পৰিবাৰেও নিবলৈ কুটুৰি থাকে। গতিকে দুয়ো ভাবি-চিন্তি সেইখন নাটক চাবলৈ মনস্থ কৰি ভিআইপিত টিকট কাটি সোমাল। নাটকৰ মাজতে নায়িকাই যেতিয়া ক্ৰেনৰ দৰে খুঁটাত উঠি হাত মেলি ওপৰতে নাচিবলৈ ধৰিলে, শৰ্মাই দেখিলে যে নায়িকা তেওঁৰ প্ৰায় মূৰৰ ওপৰতে। লাজতে শৰ্মাই ঘৈণীয়েকৰ ফালে মূৰ তুলিও চাব নোৱাৰা অৱস্থা। তেওঁ এইবোৰ চিনেমাতহে দেখিছে।

নাটক চাই উভতি আহোঁতে বাটত তেওঁ ঘৈণীয়েকক ক’বলৈ ধৰিলে,- “হেৰা, এইবোৰ নাটক দুনাই চাবলৈ নাহোঁ বুজিছা। বৰ লাজ লাগিছে হে!”

“তাকেই। আৰু কাহিনীটো কেনেকুৱা দেখিলেনে? টিভিত দি থকা সেই হিন্দী-চাউথৰ চিনেমাৰপৰাহে যেন মাৰি আনিছে। যেন নিজৰ একো নায়েই। কেৱল চিঞৰ-বাখৰ কৰি দিয়া ডায়লগ কেইটামান”।

“এৰা, এসময়ত ভূপেন হাজৰিকাই অসমত প্ৰথম ভ্ৰাম্যমান থিয়েটাৰ দেখি অভিভূত হৈ পৰিছিল, বাহিৰত গৈ অসমৰ নাটকৰ বিষয়ে কৈছিল। অচ্যুৎ লহকৰক ভূৰি ভূৰি প্ৰশংসা কৰিছিল তেওঁৰ সেই কাৰ্যৰ বাবে। কিমান যে ধুনীয়া, ৰুচিসন্মত নাটক চাইছিলো। “কাবুলীৱালা”, “এটি পইছা”, “অসীমত যাৰ হেৰাল সীমা” আৰু যে কত কি সুন্দৰ নাটক চাই মনত পোৱা আনন্দেৰে আমি উভতিছিলোঁ! এতিয়া নাটকৰ বিষয়ে কিবা কথা পাতিবলৈকে লাজ লগা হৈছে। সেই দিন আৰু নাই। এই থিয়েটাৰ গ্ৰুপবোৰো বজাৰ হৈ গ’ল চব। লাখ-কোটি টকাৰ খেল এইবোৰ, আৰু তাত উজান দিয়া তৰল দৰ্শক কিছুমান যিয়ে ইয়াক জীয়াই ৰাখিছে। বুজিছা, যেনেকৈ নাটক শেষ হোৱাৰ আগত পিছদিনাৰ নাটকৰ ঘোষণা কৰি নাটকৰ যৱনিকা পৰিবলৈ মাত্ৰ কেইমুহূৰ্তমানহে বাকী থকা বুলি কয়, ঠিক তেনেকৈ মোৰো আজি ক’বলৈ মন গৈছে,-

“ভ্ৰাম্যমান থিয়েটাৰ আৰু ভাল নাটকৰ সঁচাকৈয়ে যৱনিকা পৰিল”।

☆★☆★☆

17 Comments

  • কাবেৰী মহন্ত

    ভাল লাগিল ৷ দীঘলীয়া যদিও বাস্তৱ আৰু থিয়েটাৰৰ ভিতৰচৰা উদঙাই দিছা ৷

    Reply
  • SANKAR JYOTI BORA

    ধুই পেলাইছা একদম৷
    তেৰা সছাকৈয়ে চতুৰ্ভুজ৷দুখন হাতেৰে ইমান নাটক কেনেকৈ বনাবহে৷

    Reply
  • তৃষ্ণা সো

    সাংঘাটিক ভাল লাগিল পঢ়ি।

    Reply
  • Rimjhim Borthakur

    খুউব সুন্দৰ ব্যংগ মাধু।

    Reply
  • গায়ত্ৰী গোস্বামী

    কিছু ধোৱন পৰিছে । চতুৰ্ভূজে বৰবাদ কৰি আনিছে । প্ৰতিবাদী লেখা

    Reply
  • সাংঘাটিক ব্যংগ৷

    Reply
  • Mridula

    ভাল লাগিল

    Reply
  • ৰাজশ্ৰী শৰ্মা

    তেওঁ ক এইটো পঢ়াবলৈ মন গৈছে কিন্তু।

    Reply
  • মাধু

    আটাইলৈ অশেষ ধন্যবাদ।

    Reply
  • Bagmita Rajkhowa

    মাধুৰ্য বৰ ভাল হৈছে

    Reply
  • ঈশান

    নতুন সোৱাদ এটা আছে গল্পটোত । ভাল পালোঁ পঢ়ি । লিখি থাকিবা ।

    Reply
  • গীতিকা শইকীয়া

    ব্যংগৰ জৰিয়তে বিষয়টোক সাংঘাতিকভাৱে তুলি ধৰিবলৈ সক্ষম হৈছা। লিখি থাকিবা।

    Reply
  • Anonymous

    ধন্যবাদ গীতিকাবা, বাৰ্বীবা, ঈশানদা।

    Reply
  • মিনতি মহন্ত ।

    নাপায় দেই এনেকৈ গোষ্ঠি উঘালিব । পিছে পঢ়ি মজা লাগিল মাধু ।

    Reply
  • Anonymous

    ধন্যবাদ বৰমা।

    Reply
  • হিৰণ্যজ্যোতি দাস

    বৰ ভাল হৈছে ৷ ব্যংগৰ মাজেৰে বাস্তব সত্যক ধুনীয়াকৈ ডাঙি ধৰিছে ৷

    Reply
  • Anonymous

    ধন্যবাদ দাস ডাঙৰীয়া।

    Reply

Leave a Reply

Your email address will not be published.