ফটাঢোল

কুৰবাণী – নাজিফ হাজৰিকা

: ঐ ইমৰাণ, ৰ ৰ। কথা এটা আছিল। – দৌৰি থকা ইমৰাণক বাহাৰুলে ৰখালে।
: হা? কি কথা?(ইমৰাণে চিঞৰি সুধিলে)
: প্ৰথমে তই কাণৰ পৰা সেইডাল খোলচোন!

ইমৰাণে হেডফোনদাল খুলিলে। ৰাতিপুৱা ৪:৩০ তে হেডফোন লগাই সি দৌৰিবলৈ ওলাই গৈছিল। বাহাৰুলে আকৌ ফজৰৰ নামাজ পঢ়ি উভতিছিল।

: ক, কি কথা। – ইমৰাণে ক’লে।
: মানে এইবাৰ কুৰবাণী  ঈদত তই থাকিবি, কামটো তয়েই কৰিব লাগিব।
: কি কাম?
: কেলৈ, বস্তুটো বগৰাব লাগিব নহয়!
: ধুৰৰ মই নোৱাৰোঁ দেই। বেলেগক ক’বি।
: আৰে আজিকালি মানুহেই নাই, তই পৰিবি বুলি জানো কাৰণেহে কৈছোঁ।
: হ’ব আৰু দে!

অনিচ্ছা স্বতেও ইমৰাণে সন্মতি দিলে। পশু এটাৰ জীৱনৰ বিনিময়ত ঈশ্বৰ সুখী হ’ব বুলি ইমৰাণে বিশ্বাস নকৰে। তাৰ ঘৰত সেয়ে কুৰবাণী নিদিয়ে সি। আজিকালি তাৰ গাঁওখনটো মানুহে লাহে লাহে এই প্ৰথা বাদ দিবলৈ আৰম্ভ কৰিছে। অৱশ্যে এতিয়াও ৬/৭ ঘৰ মানুহ আছে যি কুৰবাণী প্ৰথা মানি চলে।

কিন্তু ইমৰাণৰ ডিমাণ্ড আছে। কাৰণ সি কৌশলটো জানে যে কেনেকৈ শিঙত ধৰি বলধ এটা বগৰাই দিব পাৰি। সেইবাবেই তাক মানুহে মাতে। আৰু ইমৰাণ ইমানো কোমল অন্তৰৰ ল’ৰা নহয় বা ‘আয়ৈ দেহি’ টাইপ ল’ৰা নহয় যে না কৰিব। আচলতে সি জীৱনত কেতিয়াও ‘আয়ৈ দেহি’ শব্দটো উচ্চাৰণ কৰিয়েই পোৱা নাই।

“অসুবিধা হৈছে যদি ময়েই বগৰাই দিম, মোৰনো কি আহে যায়!” – ইমৰাণে তেনেকৈয়ে ভাবে।

দৌৰি আহি আহি ইমৰাণ জিম পালেহি। ইতিমধ্যে  বানপানীৰ কাৰণে উঠি আহি চহৰৰ শিবিৰত থকা ৮/১০ বছৰীয়া সৰু ল’ৰাকেইটা আহি হাজিৰ হৈ আছে।

ৰাতিপুৱা শুই উঠিয়েই এইকেইদিন সিহঁত জিমলৈ আহে ফুৰিবলৈ। 5 পাউণ্ড, ১০ পাউণ্ডৰ ডামবেলবোৰ দাঙি সিহঁতে ইটোৱে সিটোৰ  আগত শক্তি প্ৰদৰ্শণ কৰে।

মৰম লাগে ল’ৰাকেইটাক! ভয় নাই, সংকোচ নাই একদম বিন্দাছ।

২০+২০, ৪০ কেজি প্লেট লগাই ইমৰাণে স্কোৱাত মাৰিব ধৰিলে। তাৰ মাজতে মাতিলে সিহঁতৰ এটাক (চিনাকিয়েই হৈ গৈছিল গোটেইবোৰ)।

: ঐ গোবিন্দ, এইফালে আহ
: কওক ইমৰাণ দা। – গোবিন্দ আহিল।
: আৰু কিমান দিন আছ’ ইয়াত? পানী কমিল নহয়!
: পানী কমিল, কিন্তু চৰকাৰৰ মানুহে যাব দিয়া নাই।
: কিয়?
: কিবা মানুহৰ হিচাপ ল’ব বোলে, পইচা দিব।
: অ’, ৰেচন ঠিকে পাইছ নহয়?
: পাইছোঁ, পাইছোঁ।
: বাৰু যা।

ইতিমধ্যে ৮০ দশকৰ মিষ্টাৰ অসম জাভেদ আহমেদ সোমাই আহিল জিমলৈ। তিনিটা ডাঙৰ ব্ৰেড আৰু বাটাৰৰ পেকেট তেওঁ ল’ৰাকেইটালৈ আগবঢ়াই দিলে। এইকেইদিন তেওঁ সিহঁতলৈ কিবা নহয় কিবা এটা লগত লৈ আহেই।

সিহঁতেও ধুনীয়াকৈ খাই-বৈ জিমৰ পৰা কিছুসময়ৰ পিছত ওলাই গ’ল।

অলপ পিছত ইমৰাণে জিমৰ পৰা ঘৰমুৱা হ’ল। যাওঁতে ৰাজহুৱা খেলপথাৰত সিহঁতক দেখিলে আকৌ। ঘৰৰ গৰুকেইটা আনি দাঙি দাঙি কেঁকোজেঁকোকৈ সিহঁতে ফেন্সিং পাৰ কৰাই আছে। ৰাজহুৱা খেলপথাৰত আচলতে গৰু-ছাগলী সোমোৱাটো নিষেধ।

ইমৰাণে সিহঁতৰ ওচৰ পাই  সুধিলে –

: কি কৰিছ ঐ?
: এ আমাৰ গৰু কেইটাই শিবিৰৰ দানা নাখায়, ঘাঁহ হে খায়। ইয়াত ঘাঁহ অকল ইয়াত হে আছে যে …

ইমৰাণৰ হাঁহি উঠিল। বেচেৰাকেইটাই কামবোৰ ইমান ফূৰ্তি কৰি কৰে!

পিছদিনা ইমৰাণ দৌৰিব যাওঁতে সিহঁতক আকৌ দেখিলে ৰাজহুৱা খেল পথাৰত, গৰুকেইটা লৈ। সিহঁত দুখমনেৰে বাহিৰত ৰৈ আছিল। গোবিন্দ আৰু বাদলে ফেঁকুৰি ফেঁকুৰি কান্দি আছিল।

ইমৰাণে দেখি লৰা-লৰিকৈ আগবাঢ়ি গ’ল।

: কি হ’ল অ’ তহঁতৰ?
: চকীদাৰ বাবুৱে গোবিন্দ আৰু ইয়াক  চৰ মাৰিলে। – এটাই ক’লে ।
: কিয়?
: মনে মনে ফেন্সিং পাৰ কৰি গৰু সুমুৱাইছিল বাবে।
: সঁচা?
: উম।

ইমৰাণৰ খং উঠিল।

: আহ, গৰুকেইটা লৈ মোৰ লগত আহ।

সিহঁত ইমৰাণৰ পিছে পিছে গ’ল। ইমৰাণে ফিল্ডৰ গেটৰ শিকলিডাল খুলি, গেটখন মেলি দিলে।

সিফালৰ পৰা চকীদাৰ মদন দৌৰি আহিল।
: আৰে গৰুবোৰ ইয়াত কিয় সুমুৱাইছ? গোটেইখন গোবৰ গোবৰ হ’ব এতিয়া।  – মদনে চিঞৰিলে ।
: আৰে মদন,  ২/৩ দিন হে! খাবলৈ ঘাঁহ নাই কাৰণেহে আনিছে ইয়ালৈ। বাদ দে না বে। – ইমৰাণে ক’লে।

মদনে অলপ আপত্তি কৰিছিল যদিও পিছত মানি ল’লে।

গৰুবোৰ লাহে লাহে সোমাই গ’ল ফিল্ডলৈ।

বলধ এটাই সোমাই যাওঁতে ইমৰাণৰ হাতখন চেলেকি থৈ গ’ল ।

খহটা জিভাখনৰ স্পৰ্শই ইমৰাণৰ গাটোত বিজুলী মৰাদি মাৰিলে চিৰিং কৈ। কিবা এটা ভাল লাগি গ’ল তাৰ।

গোবিন্দহঁতৰ চকুত তেতিয়া হাঁহি জিলিকি উঠিছিল।

ঈদৰ নামাজ পঢ়ি উঠিয়েই ইমৰাণ বাহাৰুলৰ ঘৰ পালেগৈ। ইতিমধ্যে নিজাম, কৰিমহঁতো গোট খাইছিল।ইমৰাণে চাৰ্টৰ হাতকেইটা  কিলাকুটিলৈকে কোঁচাই ল’লে। বাহাৰুলে কুৰবাণীৰ গৰুটো আনি পিছচোতাল পোৱালেহি। অন্যমনস্ক ভাবে ইমৰাণে গৰুটোৰ শিং দুটাত ধৰিলে। ধাৰ থকা তৰোৱালখন লৈ বাহাৰুল সাজু হ’ল।

এক…..দুই….তিনি….

বগৰাই পেলাব লওঁতেই হঠাৎ ইমৰাণৰ গৰুটোৰ মুখখনৰ ওপৰত চকু পৰিল। তাৰ হাতখন ঢিলা হৈ পৰিল ….গাটো অৱশ হৈ গ’ল।

: কি হ’ল, কি হ’ল? – গোটেইকেইটাই সুধিলে।
: এই….এই..এইটো কাৰ পৰা আনিলি?
: চাপৰিৰ পৰা, কিয়? – বাহাৰুলে ক’লে।
: কোনে আনি দিলে?
: ইদৰিছে আনিলে? কিয়, কি হ’লনো?
: মই এইটো গৰু চিনি পাওঁ। গোবিন্দ নামৰ ল’ৰা এটাৰ ঘৰৰ গৰু হয়।
: উম, পিচে কি হ’ল?
: সিহঁতৰ ঘৰ-দুৱাৰ বানপানীয়ে নষ্ট কৰি থৈ গ’ল এইবাৰ। নিশ্চয় টকাৰ অভাৱত বিকিছে গৰুটো।
: হা?

ইমৰানে গোবিন্দহঁতৰ  কাহিনীবোৰ ক’লে সিহঁতক। কিছু সময় গুণা-গঁথা কৰি অৱশেষত গৰুটো উভটাই দিয়াৰ সিদ্ধান্ত ল’লে বাহাৰুলে। গোটেইকেইটা গৰুটো লৈ একেলগে আগবাঢ়ি গ’ল চাপৰিৰ টেমুৰা গাঁৱলৈ।

ইমৰাণহঁত গোবিন্দৰ ঘৰ পালেগৈ। গোবিন্দ অমান-জিমনকৈ বহি আছিল ঘৰৰ আগফালে। ইমৰাণহঁত আৰু গৰুটো দেখি গোবিন্দ থতমত খাই গ’ল।গৰুটোৱে জাঁপমাৰি দৌৰ দিলে গোহালিৰ ফালে। ৰছীদাল জোৰেৰে খামুচি ধৰি থকা ইমৰাণ চুঁচৰি গ’ল অলপদূৰ। তাৰ ওঁঠৰ পৰা তেজ ওলাবলৈ ধৰিলে।

: দাদা আপুনি? – গোবিন্দই আচৰিত হৈ ইমৰাণলৈ চালে।

: অঁ ময়েই। তহঁতৰ গৰুটো আমি উভটাই দিবলৈ আহিলোঁ অ’। আমাক নহ’লেও হ’ব দে।
: সঁচা? – গোবিন্দৰ চকু জিলিকি উঠিল। সি গৰুটোৰ ওচৰলৈ দৌৰি গ’ল।

গোবিন্দৰ দেউতাকে আৰ্ত দৃষ্টিৰে বাহাৰুললৈ চালে। বাহাৰুলে বুজি পালে কিবা এটা। বাহাৰুল আগবাঢ়ি গ’ল,

: আপুনি পইচা ঘূৰাই দিব নালাগে দাদা। সেই পইচা আমি ল’বও নোৱাৰোঁ। ঈদৰ বক্সিছ বুলি ভাবি লওক এইয়া।

মানুহজনে হাতযোৰ কৰি বাহাৰুললৈ চাই থাকিল। তেওঁৰ চকুত তেতিয়া আনন্দৰ চকুলো বৈ গৈছিল।

ইতিমধ্যে গৰুটোৱে আহি ইমৰাণৰ হাতখন চেলেকি  দিলে আকৌ। কিবা এটা বিজুলী মৰাদি মাৰিলে তাৰ গাটো।

তাৰ মুখৰ পৰা আপোনা আপুনি ওলাই গ’ল :
“আয়ৈ দেহি”! আনন্দৰ চকুলোৱে সকলোকে চুই গ’ল।

লাহে লাহে ইমৰাণহঁত ঘৰমুৱা হ’ল। এটা গৰুৱে যেন শিকাই গ’ল সকলোকে কুৰবাণীৰ মহত্ত্ব ক’ত, ত্যাগৰ আনন্দ কি।

☆ ★ ☆ ★ ☆

6 Comments

Leave a Reply

Your email address will not be published.