ফটাঢোল

কৃত্ৰিম কাহিনী প্ৰধান গীত হিচাবে বেজবৰুৱাৰ ধনবৰ আৰু ৰতনী -ড° চাহিন জাফ্ৰি

লেখকৰ নাম নোহোৱা অনাখৰী লোকসকলৰ মুখে মুখে চলি অহা কাহিনী প্ৰধান গীতৰ আদৰ্শত আধুনিক যুগৰ কবিসকলে দুই এটা কাহিনীগীত ৰচনা কৰা দেখা যায়। আধুনিক কবিসকলে ৰচনা কৰা এই গীতত কাহিনী প্ৰধান গীতৰ প্ৰায়বোৰ বৈশিষ্ট্য পৰিদৃশ্য হ’লেও এইবোৰক বিশুদ্ধ বা অবিমিশ্ৰ কাহিনী গীতৰ শাৰীত পেলাব নোৱাৰি। এই জাতীয় কবিতাক সমালোচকসকলে কৃত্ৰিম কাহিনী প্ৰধান গীত বা কৃত্ৰিম বেলাড হিচাবে অভিহিত কৰিছে।

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত ‘ধনবৰ আৰু ৰতনী’ নামৰ কবিতাটোকো কৃত্ৰিম কাহিনী প্ৰধান গীত বা বেলাডৰ আখ্যা দিব পাৰি। প্ৰথমতেই ইয়াত বেলাডৰ বৈশিষ্ট্য হিচাবে এটি সুসংবদ্ধ কাহিনী দেখা যায়। ধনবৰ আৰু ৰতনী নামৰ মালিতাটোত থকা কাহিনীটো এনে ধৰণৰ,

শিৱসাগৰ জিলাৰ দিখৌমুখৰ ষোল্ল বছৰীয়া ডেকা ধনবৰহঁতৰ ঘৰলৈ ধনশিৰীমুখৰ ৰতনী মাক-বাপেকৰ সৈতে উজাই আহি কিছুদিন আছিলহি। এইদৰে থাকোঁতেই ধনবৰ ৰতনীৰ প্ৰেমত পৰিল। আলহী হিচাবে অহা ৰতনীক ধনবৰে নিজৰ কৰি ল’বলৈ বিচাৰিলে। কিন্তু ৰতনীৰ মাকে কোনো কিছু নোহোৱা দুখীয়া ধনবৰলৈ ৰতনীক দিব খুজা নাছিল। সেয়েহে এদিন মাকে ৰতনীক লৈ নাৱৰ সেন্দুৰী টিঙতে বহি চিৰদিনৰ বাবে আঁতৰি গুচি গ’ল। ৰতনী গুচি যোৱাৰ দুখ ধনবৰে সহজভাৱে ল’ব নোৱাৰিলে। ৰতনীৰে সৈতে বিচ্ছেদৰ দুখ সহিব নোৱাৰি ধনবৰে লুইতৰ পাৰতে বেজাৰ কৰি থাকিল আৰু কিছুদিনৰ পাছত লুইতৰ বুকুতে জাঁপ দি আপোনঘাটি হ’ল।

ওপৰৰ কাহিনীটোৰপৰা দেখা যায় যে ধনবৰ আৰু ৰতনীৰ কাহিনীভাগ এটি কৰুণ অথচ নিভাঁজ প্ৰেমৰ অনুভৱৰে সিক্ত কাহিনী। দ্বিতীয়তে, প্ৰকৃতিৰ উন্মুক্ত কোলাত লালিত-পালিত জীৱনো প্ৰকৃতিৰ দৰেই অকৃত্ৰিম৷ ৰতনীক নোপোৱাৰ দুখতে ধনবৰে লুইতত জাঁপ দি মৃত্যুবৰণ কৰাৰ কথাই ধনবৰৰ অকৃত্ৰিম প্ৰেমৰ ইংগিত বহন কৰে।

অতি প্ৰাকৃত পৰিবেশৰ বৰ্ণনা এনে গীতৰ আন এটি বৈশিষ্ট্য। সাধাৰণতে যিবোৰ কথা বা পৰিস্থিতি বাস্তৱ জগতত নঘটে, তেনেধৰণৰ পৰিস্থিতিৰ বৰ্ণনাকে অতি-প্ৰাকৃত বৰ্ণনা বুলি কোৱা হয়। আলোচ্য কবিতাটোতো এনে বৰ্ণনা পোৱা যায় –

    ”… ফুটুকাৰ তলতে যখিনি ছোৱালী

                   টুক্ টুক্ চাপৰি বায় ..।

কৰুণ ৰসৰ প্ৰাধান্যও কৃত্ৰিম কাহিনী প্ৰধান গীতৰ এটি বৈশিষ্ট্য। ‘ধনবৰ আৰু ৰতনী’ কবিতাটিও কৰুণ ৰসাত্মক। ইয়াত এহাল ডেকা-গাভৰুৰ বিচ্ছেদ আৰু আত্মজাহৰ কৰুণ বৰ্ণনা আছে।

প্ৰকাশ ভঙ্গীৰ ঋজুতা ধনবৰ আৰু ৰতনীৰ প্ৰধান বৈশিষ্ট্য। যেনে-

    ….পৰ্বতে পৰ্বতে  বগাব পাৰোঁ মই
           লতা বগাবলৈ টান,
ৰতনী সোনাইকে বৰাব পাৰোঁ মই

           মাকক বুজাবলৈ টান।…

অৰ্থহীন বাক্যৰ প্ৰয়োগ এই মালিতাবোৰত ঘটা দেখা যায়। ধনবৰ ৰতনীতো ইয়াৰ প্ৰয়োগ ঘটিছিল-
      …গঙাতে উৰিল ঐ গঙাৰে চিলনী

          বালিতে উৰিল ঐ ঘোঁৰা..।

                *****

      …চৰায়ে তুলিলে ঐ চৰা পোৱালি

            গছৰ ডালশুৱনি কৰি…।

আনহাতে, কৃত্ৰিম ছন্দৰ প্ৰয়োগেও কবিতাটিক কৃত্ৰিম কাহিনী প্ৰধান গীতৰ মৰ্যাদা প্ৰদান কৰিছে। শব্দ চয়ন, সুৰাত্মক ধ্বনি আৰু শব্দৰ প্ৰয়োগ, প্ৰাকৃতিক উপমা আদিৰ প্ৰয়োগে ধনবৰ আৰু ৰতনীক কৃত্ৰিম কাহিনী প্ৰধান গীতৰ সমল প্ৰদান কৰিছে। কবিতাটোৰ কথাবোৰত বিহুনাম আৰু বন ঘোষাৰ উল্লেখেৰে চহা জীৱনকে প্ৰতিফলিত কৰা হৈছে আৰু চৰিত্ৰ কেইটিতো চহা-জীৱনৰ অকৃত্ৰিমতাৰ প্ৰভাৱ পৰিছে।প্ৰেম-বিচ্ছেদ আৰু কৰুণ ৰসৰ সমাহাৰেৰে এটা নিভাঁজ আৰু অকৃত্ৰিম প্ৰেমৰ ছবি তেওঁৰ এই কবিতাটোৰ মাজত ফুটি উঠিছে। ধনবৰৰ বিচ্ছেদ-ব্যথাৰ বর্ণনা আৰু কৰুণাত্মক পৰিণতিৰে কবিতাটোত কৰুণ ৰসাত্মক ভাৱধাৰাৰ পৰিস্ফুৰণ ঘটিছে। ধনবৰৰ মনৰ অপূৰ্ণ আশা আৰু বেদনা গধুৰ ভাৱ ‘ধনবৰ ৰতনী’ কবিতাটোৰ মূল বিষয়বস্তু হিচাপে পৰিগণিত হৈছে।

গতিকে, দেখা যায় যে বেজবৰুৱাৰ ধনবৰ আৰু ৰতনী নিঃসন্দেহে এটি শ্ৰেষ্ঠ কৃত্ৰিম কাহিনী প্ৰধান বা কৃত্ৰিম বেলাড গীত৷

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published.