ফটাঢোল

কৃপণ শহুৰ বাৰী যাত্ৰা-প্ৰান্তৰ ভাগবতী

কালিৰে পৰাই শ্ৰীমতীৰ গাত ততেই নাই৷ ইটো গোটাইছে, সিটো গোটাইছে, পেকেটত বান্ধিছে। বাৰীৰ পাচলিৰ পৰা আদি কৰি মাকে ভাল পোৱা আচাৰ, নাৰিকল, লাৰু আৰু কত কি। অৱশ্যে উৎসাহ থাকিবই। বিয়াৰ পাছত প্ৰথম যাত্ৰা মাকৰ ঘৰলৈ৷ অকল মোৰ মানুহজনীয়ে নহয় প্ৰায়বোৰ মহিলায়ে মাকৰ ঘৰলৈ গ’লে বস্তু গোটাই নিয়েই। পিচে সিফালৰ পৰা ৰিটাৰ্ণো বহুত আহে। মাকে ৰিটাৰ্ণত বেছিহে দিয়ে। জী-জোঁৱাইয়ে ভাল পোৱা বস্তুবোৰ গোটাইয়ে থয়৷ আনসকলৰ মাকে কি দিয়ে নেজানো কিন্তু আমাৰ এওঁলৈ মাকে নিজে বনোৱা ভোট জলকীয়াৰ আচাৰ (কম পোৰেনে বাৰু হাত খন!), বুট মাহৰ গুৰি, মচলা চিৰা ভজা ইত্যাদি কিমান যে কি দিয়ে। পিছতহে গম পাইছোঁ অবশ্যে৷

যোৱা কালিয়ে এওঁ বজাৰৰ পৰা শহুৰ-শাহুলৈ নতুন কাপোৰও কিনি আনিছে। এই কাপোৰ কিনাক লৈ অকনমান মোৰ লগত লাগিলও এওঁৰ৷ মই বোলো বেছি দামী কাপোৰ  কিনি লাভ নাই। আকৌ বিহুত দিবই লাগিব। কিন্তু তেওঁৰ আকৌ ব্ৰেণ্ডেড কাপোৰতহে চকু। গতিকে এগাল মান ধন উৰালেই। সেয়ে খৰচ কেনেকৈ কমাব পাৰি তাৰ চিন্তা কৰিলোঁ। এনেয়ে মই মানুহটো বৰ কৃপণ। খুব হিচাবত চলা মানুহ। যিমান পাৰি কম খৰচ কৰি চলিব বিচাৰোঁ। সেয়ে এওঁক বুজাই বঢ়াই গাড়ী ভাড়া কৰি যোৱাতকৈ বাছত যোৱাৰ বাবে মান্তি কৰালোঁ। বোলো বাছত গাত গা লগাই বাহিৰৰ চিনেৰী চাই ৰোমাণ্টিক হৈ গৈ থাকিম দুয়ো। পিছদিনা পুৱাই শহুৰৰ জীয়েকক লৈ তেওঁলোকৰ মাকৰ ঘৰলৈ বুলি ওলালোঁ৷ বাছত গৈ শ্ৰীমতীৰ সৈতে তেওঁলোকৰ টাউনত নামিলোঁ গৈ। ৰিক্সাত উঠাৰ আগতে এওঁ ক’লে মিঠাই অলপ লোৱা। ওচৰৰ পৰিয়ালৰ মানুহবোৰ আহিব নহয়। নতুন জোঁৱাইক চাবলৈ। গতিকে ভাল মিঠাই অলপ লোৱা। মই বোলো তোমালোকৰ  কিমান মানুহ আহিব৷ এওঁ বোলে ৩০ টা মান লোৱা। শুনি‌য়েই ডিঙি শুকাই গ’ল। ত্ৰিশটা মিঠাই! কি কৰা যায়! ইমান টকা খৰচ কৰিবও নোৱাৰি, ইফালে কমাই ল’লেও ইজ্জতৰ কথা। এওঁক ৰিক্সাত বহিবলৈ দি কাষৰ হোটেলৰ পৰা ভাবি চিন্তি  ১৫ টা কালাকন কিনিলোঁ আৰু ডাঙৰ পেকেট এটাত পেক কৰি দিবলৈ দিলোঁ। আৰু ৰিক্সাত উঠি শ্ৰীমতীৰ সৈতে এওঁলোকৰ ঘৰ পালোঁহি। মাজতে এপাকত ৰিক্সাত আহি থাকোঁতে চেগ বুজি কালাকনৰ পেকেটটোৰ ওপৰতে বহি দিলোঁ। ১৫ টা কালাকন চেপেটা হৈ ৩০ টা নে ৪০ টা একো ধৰিব নোৱৰা হ’ল। শাহুৱেও ধৰিব নোৱাৰিব কিমান আনিছিল।

ৰিক্সাৰ পৰা নামিয়ে ইচ ইচ কৰি এওঁক ক’লোঁ কালাকনখিনি হেঁচা খাই চেপেটা হৈ গ’ল নহয়। এওঁ বোলে হ’ব দিয়া আৰু। আকৌ কাটি পেলালেই হ’ব আৰু। এটা এটাকৈ। মনতে মিহিকৈ হাঁহি এটা ওলাই আহিল। অন্তত আধা খৰচতে কামটো হ’ল। কৃপণ মানুহ যে মই।

☆ ★ ☆ ★ ☆

2 Comments

  • Anonymous

    হা হা হা….. সাংঘাতিক বুদ্ধি দেখোন!

    Reply
  • বন্দিতা

    🤣🤣সাংঘাটিক বুদ্ধি ।

    Reply

Leave a Reply

Your email address will not be published.