ফটাঢোল

কৃষ্ণচূড়া নগৰীৰ এজাৰ – পৰীস্মিতা দাস

এজাৰ ফুল ভালপাওঁ মই৷ এজাৰৰ বেঙুনীয়া ৰংবোৰলৈ চাই মই আপোনপাহৰা হৈ পৰোঁ৷ কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ত থকা শাৰী শাৰী এজাৰ কেইজোপা দেখিলে মনত শোকে খুন্দা মাৰি ধৰিব খোজে৷ এজাৰ কেইজোপাৰ মাজত যেন ক’ৰবাত নিজকে বিচাৰি পাওঁ৷
এই এজাৰৰ তলে তলেই এদিন সেই হোষ্টেলখনলৈ গৈছিলোঁ৷ আমাৰ “ফ্ৰেণ্ড হোষ্টেল” সেইখন৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিটো ছাত্ৰীনিবাসৰ লগত একোটাকৈ ছাত্ৰাৱাসৰ সম্পৰ্ক থাকে, যাক “ফ্ৰেণ্ড হোষ্টেল” বুলি কোৱা হয়৷ হোষ্টেললৈ নতুন আৱাসী অহাৰ পিছত দুয়োখন ফ্ৰেণ্ডহোষ্টেল লগ হৈ এটা “টি পাৰ্টী” আয়োজন কৰে৷ টি পাৰ্টিটো হয় ছাত্ৰাৱাসখনত ৷ সেই টি পাৰ্টীতেই নতুন আৱাসীসকলৰ মাজত পৰিচয় হয়৷ সৰু-সুৰা অনুষ্ঠানো হয়৷ আৰু সেই টি পাৰ্টিৰ বাবেই এজাৰৰ তলে তলে ঢোলে-ডগৰে বিভিন্ন বয়জ হোষ্টেলৰ আৱাসীৰ মাইনা মাইনা চিঞৰৰ মাজেৰে আমি গৈ উপস্থিত হৈছিলোঁ সেই হোষ্টেলত৷ তাতেই লগ পাই গৈছিলোঁ মোৰ বুকুত প্ৰেমৰ কৃষ্ণচূড়াপাহ ফুলাই তোলা ল’ৰাজনক৷
…হোষ্টেলৰ ল’ৰাবোৰে হোষ্টেলখন ধুনীয়াকৈ সজাইছে৷ জুনিয়ৰবোৰে গেটৰ ওচৰত শাৰী পাতি নমস্কাৰৰ ভংগীত ৰৈ আছে৷ আমি আগুৱাই গৈ হোষ্টেলত সোমালোঁ৷ তেতিয়া মই হোষ্টেলত এবছৰ চিনিয়ৰ যদিও ফ্ৰেণ্ড হোষ্টেললৈ প্ৰথমবাৰ গৈছোঁ৷ স্নাতকোত্তৰ শাখাৰ বিভিন্ন অনুষ্ঠানবোৰ আইন মহাবিদ্যালয়ৰ লগত একেলগে নোহোৱা বাবে তেতিয়ালৈ মই ফ্ৰেণ্ড হোষ্টেলৰ কাকোৱেই চিনি পোৱা নাছিলোঁ৷ জুনিয়ৰবোৰে আনুষ্ঠানিকভাৱে চিনাকি দিয়াৰ পিছত চিনিয়ৰসকলেও নিজৰ চিনাকি দিলে৷ আৰু একেবাৰে শেষৰজন চিনিয়ৰৰ মিঁচিকিয়া হাঁহিটিত ৰৈ গ’ল মোৰ চকুযুৰি৷ কিবা এটা ভাল লাগি গ’ল সেই ল’ৰাজন৷
লগৰ প্ৰতিজনী ছোৱালীৰ ‘বয়ফ্ৰেণ্ড’ থকাৰ বিপৰীতে মইয়েই আছিলোঁ “চিংগল”৷ সিহঁতৰ মাজত প্ৰেমৰ কথা চলি থাকিলে কেতিয়াবা অকলশৰীয়া অনুভৱ কৰিছিলোঁ৷ ক’ৰবালৈ যাব লগা হ’লেও সিহঁতে বয়ফ্ৰেণ্ডৰ লগত গৈছিল৷ আৰু মোৰ ক’ৰবালৈ যাব লগীয়া সময়ত মই হৈ পৰিছিলোঁ অকলশৰীয়া৷ আগৰ প্ৰেমিকৰ লগত ব্ৰেকআপ হোৱা দুবছৰ হৈছিল৷ কিন্তু তেতিয়ালৈ মই সেই ব্ৰেকআপৰ পৰা মুকলি হ’ব পৰা নাছিলোঁ৷ সেই বিভীষিকাময় সময়ৰ পৰা ওলাই আহিবৰ বাবে মই আন কোনোবা ল’ৰাৰ কথা ভবা উচিত বুলি লগৰবোৰে কৈছিল৷ কথাটো ময়ো মানি লৈছিলোঁ, চেষ্টা কৰিছিলোঁ৷ কিন্তু কাকোৱেই মোৰ ভাল লগা নাছিল৷ কাৰো চকুলৈ চাবলৈ মন যোৱা নাছিল৷ তেনেতেই লগ পাই গ’লোঁ ফ্ৰেণ্ড হোষ্টেলৰ সেই ল’ৰাজনক৷
…ফ্ৰেণ্ড হোষ্টেলত থকা বাকী সময়খিনিত চকুযুৰি সেই ল’ৰাজনৰ তাতেই বন্দী হৈ ৰ’ল৷ তাৰ মিচিকিয়া হাঁহিটি মোৰ ওঁঠলৈকো বিয়পি পৰিল৷ আৰু সেই হাঁহিটি ওঁঠত লৈয়েই বিদায় ল’লো ফ্ৰেণ্ড হোষ্টেলৰ পৰা৷
ল’ৰাজনৰ হাঁহিটোক ওঁঠত আঁকিয়েই কেইদিনমান গ’ল৷ হাঁহিবলৈ পাহৰি যোৱা ছোৱালীজনীয়ে মিচিকিয়াই থকা হ’লোঁ৷ তাৰ ফেচবুক প্ৰফাইলত থকা বিভিন্ন ফটো মোৰ মোবাইলত ভৰ্তি হ’ল৷ তেনেকুৱা সময়তেই পাই গ’লো এটি বিশেষ খবৰ৷ সি আমাৰ হোষ্টেলৰে জুনিয়ৰ ছোৱালী এজনীক ভালপায়৷ দুয়োটা হোষ্টেলৰ সকলোৰে মুখে মুখে মাথো সিহঁতৰ কথা৷ বহুতৰ মতে আকৌ, বহুত ধুনীয়া মিলিছে সিহঁত দুটা৷
মনটো অলপ বেয়া লাগিল৷ বেঙুনীয়া হৈ ফুলি থকা এজাৰ জোপাৰ গাত আউজি ৰ’লোঁ৷ হঠাৎ অনুভৱ কৰিলোঁ, বতাহৰ সো-সোৱনিৰ লগে লগে এজাৰ জোপাই যেন মোক কিবা ক’বলৈ বিচাৰিছে৷ মই এজাৰ জোপালৈ চালোঁ৷ এজাৰ জোপাৰ বেঙুনীয়া হাঁহিৰ আঁৰৰ পৰা ভাহি আহিল কেইটামান বিষাদৰ বাক্য,

: দুখ নকৰিবা মাইনা৷ মোৰ অৱস্থাও ঠিক তোমাৰ দৰেই৷ গুৱাহাটী বিশ্ববিদ্যালয়ক ভালপাওঁ বাবেই বিশ্ববিদ্যালয়ৰ বুকুত শাৰী শাৰীকৈ ফুলি ৰৈছোঁ৷ কিন্তু বিশ্ববিদ্যালয়ে আমাৰ ভালপোৱা নুবুজিলে৷ কৃষ্ণচূড়াই ঠাই ল’লে বিশ্ববিদ্যালয়ৰ হৃদয়ত৷ বিশ্ববিদ্যালয় কৃষ্ণচূড়া নগৰী হ’ল৷ আৰু আমি মাথো কোনোবা ফটোগ্ৰাফাৰৰ কেমেৰাত ফটো হৈ ৰৈ গ’লোঁ৷ তথাপি আমি ভালপাওঁ বিশ্ববিদ্যালয়খনক৷ ভালপাওঁ বাবেই শাৰী শাৰীকৈ ফুলি ৰওঁ৷ বেঙুনীয়া পাহি মেলি হাঁহি ৰওঁ৷

নিজকে এজাৰ জোপাৰ দৰেই লাগিল৷ কিন্তু কেইটামান মুহূৰ্তৰ পিছতেই এজাৰ জোপাতকৈ মই হৈ পৰিলোঁ ব্যতিক্ৰম৷ মই সেই ল’ৰাজনক ভালপাই থাকিব নোৱাৰিলোঁ৷ মোৰ সেই প্ৰেমক মই “ফটা-প্ৰেম” নাম দিলোঁ৷ তাৰপাছতেই তাৰ প্ৰতি থকা মোৰ অনুভৱ সামান্য সলনি হ’ল৷ সেই অনুভৱৰ নাম হ’ল “ক্ৰাছ”৷

☆ ★ ☆ ★ ☆

5 Comments

  • HEMANTA KAKATI

    ভাল লাগিল টিকলী৷ অলপ বুকুখন বিষালেও

    Reply
  • deepjyoti handique

    বৰ ভাল লাগিল । দুখ অকনমানে চুই গ’ল ।

    Reply
  • কল্যান পাঠক

    ভাল লাগিল

    Reply
  • অভিজিত কলিতা

    এই ক্ৰাচ মানেই একপক্ষীয় প্ৰেম, প্ৰেমৰ আটাইতকৈ ভাল লগা ৰূপ। ইনফাচুয়েচন

    Reply
  • Prasanta d Singha

    Mojaa lagil ba….
    Hokolore enekuwa Kahini thakei…..

    Reply

Leave a Reply

Your email address will not be published.