ফটাঢোল

কেঁকোৰা চেপা – অৰবিন্দ গোস্বামী

ক্ষন্তেক মুখামুখি হৈছিলো তেখেতৰ সতে আৰু তাৰ পাছত দুদিন মই হস্পিতালৰ বিচনাত থাকিবলগা হৈছিল।চিকিৎসক বাবুৰ পৰামৰ্শ —-“কোনো ধৰণৰ মানসিক আঘাতে এখেতক ইয়াতকৈ বেছি দুৰ্বল কৰি তুলিব পাৰে।সেয়ে মগজুত কোনো ধৰণৰ যাতে চাপ নপৰে।”—-চিকিৎসকে কোৱা শেষ কথাখিনি মই শুনিছিলো।সেই সময়ত কাষত পৰিয়ালৰ মানুহৰ আৰু বন্ধুসকলৰ উপস্থিতি অনুভৱ কৰিব পাৰিছিলো।ঘটনাটো কি হৈছিল সেইখিনি জুকিয়াই মনত পেলাবলৈ বাৰম্বাৰ চেষ্টা কৰিছিলো।কিন্তু একো মনত পৰা নাছিল।কিছুসময় পুণৰ অচেতন। তাৰ পিছত পুণৰ চেতনা ঘূৰি আহে।কিন্তু কথাখিনি মোৰ মনত নপৰিল।অৱশ্যে তিনিদিনমানৰ পিছত যেতিয়া মই অলপ সুস্থ হ’লো,তেতিয়া হিন্দী ফিল্মত ‘য়াদ্দাচ’ ঘূৰি অহাৰ দৰে মোৰো সকলো মনত পৰি গ’ল।

সিদিনা হয়তো দেওবাৰ আছিল।বিয়াৰ নিমন্ত্ৰণ জনাবলৈ বাইকখন লৈ বন্ধু এজনৰ সতে ওলালো।এনেতে সেই নিৰ্দিষ্ট ব্যক্তিজনৰ ফোনটো আহিল।

“মই আহি পাইছো।তই মোক কিমান সময়ত লগ কৰিব পাৰিবি?”

সময়ৰ নাটনি স্বত্বেও তেওঁক সন্ধিয়া ছয় মান বজাত লগ কৰিম বুলি ক’লো।বিয়ালৈ তেতিয়া মাত্ৰ সাতাইশ দিন বাকী।দিনটো বিয়া মাতি বন্ধুক ঘৰত থৈ মানুহজনৰ ওচৰ পালোগৈ।তেওঁ বিদেশত থকা মানুহ।দুদিনৰ বাবে কিবা কাৰণত আমাৰ চহৰলৈ আহিছে।ফেচবুকত বৰ আন্তৰিকতাৰে আমি কথা পাতো আৰু ব্যঙ্গও কৰোঁ।তেখেতক এনেদৰে লগ পাম বুলি কল্পনাও কৰা নাছিলো।সেয়ে মনটো উৎফুল্লিত হৈ আছিল।তেখেতে মোক নিজৰ ভাইৰ দৰেই ‘তই’ সম্বোধন কৰিছিল আৰু মই দাদা হিচাপে ‘আপুনি’ বুলিছিলো।সেয়ে হাজাৰ ব্যস্ততাৰ মাজতো তেওঁক লগ পাবলৈ দৌৰি গৈছিলো।তেখেতে দিয়া হোটেলৰ ঠিকনামতেই তেখেতক হোটেলৰ কোঠাত লগ কৰিলোগৈ।বাঃ!বেচ ওখ-পাখ মানুহ।একদম ‘পাৰফেক্ট ফিগাৰ’ বুলি ক’ব পাৰি।তেখেতৰ গলগলীয়া মাতেৰে মোক স্বাগতম জনালে।অলপ ভয়,অলপ সংকোচ,অলপ ভাললগা…..কেনে এটা অনুভৱ হৈছিল,বৰ ভালদৰে বুজাব নোৱাৰিম।প্ৰথম একেবাৰে সাধাৰণ কথা-বতৰা।পিছত তেওঁ মোক সুধিলে——–

“বিয়াৰ তাৰিখ ঠিক হ’ল যেতিয়া বিয়া নিশ্চিতই, নহয় জানো!”

: “হয় দাদা।আগবাঢ়িছো আৰু।বাকীখিনি ভগৱানৰ ওপৰত এৰি দিছো।”

: “বুদ্ধিমানৰ কাম নকৰিলি তই।”

এইবাৰ মোৰ আচৰিত হোৱাৰ পাল।এয়া আকৌ এওঁ কি কয়!

: “মা…মা…মানে ….দা…দাদা…বু…জি নাপালো।”

: “বুজিবলৈ কি আছে?তোৰ দৰে ল’ৰা এটাই এনে কাম কৰিলে নুশুৱায়।”

: “মা…মানে…এক্কো বু..বুজা নাই..ম…মই।কি কৰিলে নু…নুশুৱায় বুলিলে বা!কি…কি কৰিলোনো মই !”

: “চা।তই এজন বুদ্ধিমান ল’ৰা বুলি মই ভাবিছিলো।কিন্তু বিয়া পতাৰ দৰে মূৰ্খামি এটা তই কিয় কৰিব ওলাইছ?”

: “কি..কিন্তু দাদা, বিয়া পতাতো আকৌ মূৰ্খামি হ’ল কেনেকৈ?এয়াতো প্ৰকৃতি আৰু সমাজ উভয়ৰে নিয়ম!”

: “প্ৰকৃতিৰ কথা বাৰু মানি চল।কিন্তু সমাজৰ সকলো মানুহে কি বিয়া পাতিয়েই সংসাৰ কৰিছে নেকি!”

: “মানে?”

:”মানে মোৰ কথাষাৰৰ অৰ্থ হ’ল মানুহে পলুৱাই আনি সংসাৰ কৰা নাইনেকি?সিহঁতৰ ল’ৰা-ছোৱালী জন্ম হোৱা নাইনেকি?বিয়া পতা আৰু পলুৱাই অনা, এই দুয়োটাৰ ভিতৰত পাৰ্থক্য কি দেখিছ আৰু ক’ত দেখিছ।পলুৱাই আনিলে ঘৰত দুদিনমান ওফোন্দ পাতিব।তাৰ পিছত সকলো আগৰদৰেই হৈ যাব।”

: “হেঁএ..এ….এ…।দাদা আপুনি এইবোৰ কি কৈছে?”

: “যি কৈছো ঠিকেই কৈছো।এখন বিয়া পাতিবলৈ গ’লে আজিকালি মধ্যবিত্ত শ্ৰেণীৰ এজনেও ন দহলাখ টকা খৰচ কৰিব লাগে।কি প্ৰয়োজন বিনা কাৰণত ইমান খৰচ কৰাৰ।মানুহক তই যিমান নুখুৱাৱ।বিয়া শেষ হোৱাৰ পিছত নিমখ কম হ’ল,হালধি বেছি হ’ল,বেছি মচলা দিলে…..আৰু যে কিমান কি নুশুনিবা!মুঠতে ইমান খৰচ কৰিও তোৰ বদনামেই হ’ব।কোনোবাই খাই ভাল লাগিল বুলি তোৰ সন্মুখত ক’ব,কিন্তু পিছমুহুৰ্ত্ততে বাহিৰত গৈ তোৰ অপ্যায়ণৰ ওপৰত কুৎসা ৰটনা কৰিব।”

:”যাৰ যি ক’বলগা আছে ক’ব আৰু ! সেইবুলি মই……”

:”সেয়া! এইবোৰেইতো বেয়া কথা।কথা ক’লে বুজিব লাগে।আৰু এটা কথা জাননে!ছোৱালী পলুৱাই অনাৰো এটা মজা আছে।শ্ৰীকৃষ্ণয়ো ৰুক্মিনীক হৰণ কৰিহে আনিছিল।তেন্তে তেওঁ কৰিলে লীলা আৰু আমি কৰিলে চৰিত্ৰ ঢিলা বুলি মানুহে ক’লেই হ’বনেকি! সদায় ভগৱানক অনুসৰণ কৰি চলিব লাগে।তেখেতৰ জীৱন-দৰ্শনৰ আধাৰত নিজৰ জীৱন গঢ়িবলৈ চেষ্টা কৰিব লাগে।”

: “কিন্তু দাদা,তেওঁৰ পলুৱাই অনাৰ কাৰণ আছিল।ককায়েক ৰুক্ম আৰু তেওঁৰ পিতাক এই বিবাহৰ বিৰোধী আছিল।”

: “তেন্তে তইও নিজৰ হ’বলগা শহুৰ আৰু খোলশালীক নিজৰ বিৰোধী কৰি নলৱ কিয়!”

:”এঃ! কি কয় আপুনি এইবিলাক!!মই……..”

:”ৰ’বিচোন ৰ’বি।ইমান নিৰাশ হ’ব নালাগে।ইয়াৰো উপায় মোৰ ওচৰত আছে।এটা কাম কৰ।আজি মোৰ লগত বহ।এটা ঘুটুং পানীৰ বটল কিনি আনো।দুয়ো খাই লওঁ।তাৰ পিছত যাম দুয়ো তোৰ হ’বলগা শহুৰৰ ঘৰত।তই নঙলাৰ বাহিৰৰপৰা যিমান পাৰ,অবাইচ অবাইচ গালি পাৰিবি।এনেকুৱা মাতলামি কৰিবি যে বুঢ়াই এনে মদাহীলৈ ছোৱালী নিদো বুলি ক’বলৈ বাধ্য হয়।”

:”দাদা,মই আপোনাৰ কথাবোৰ ভাল পোৱা নাই।এনে লাগিছে যেন মই অাপোনাক ফেচবুকত লগ পোৱা মানুহজন নহয়! আপুনি…..”

: “একদম ঠিক ধৰিলি ডেকা ল’ৰা।মই আচলতে মানুহজনেই অলপ বেলেগ।মানে মই আনৰ পৰম হিতৈশী।যদিও তই কৈছ যে মোৰ কথাবোৰ তোৰ ভাল লগা নাই,তথাপি মই জানো তই মোৰ কথাখিনি ভালেই পাইছ।বাৰু শুন…আজি মাতলামি কৰাৰ পিছত তই কি কৰিব লাগিব।”

এটা গল হেকাৰি মাৰি ৰিণ্টুদাই
আৰম্ভ কৰিলে।

:”দিল খুলি বুঢ়াক দম দিবি।বুঢ়াই নিশ্চয় প্ৰথমে তোক মৰমেৰে বুজাবলৈ চেষ্টা কৰিব।তই একো গুৰু-গোঁসাই নামানি বুঢ়াৰ চৈধ্য গোষ্ঠী উভালি গালি পাৰিবি।শেষত উপায় নাপাই বুঢ়াই পৰিয়ালৰ ল’ৰাকেইটা মতাই আনি তোক ঘৰৰপৰা বাহিৰ কৰি দিব।তই বীৰদৰ্পে ওলাই আহিবি।আহোঁতে চিঞৰি চিঞৰি কৈ থৈ আহিবলৈ নাপাহৰিবি যে ——–‘জন্ম-মৃত্যু-বিবাহ কাৰো হাতৰ মুঠিৰ বস্তু নহয়।মই তাইক ভাল পাওঁ…..আৰু তায়ো মোক ভাল পায়।আপোনালোকে যি নকৰক।তাই মোলৈ পলাই আহিব্বই।’—বচ! তাৰ পিছত দুদিনমাম মনে মনে থাকিবি।কাৰণ ইতিমধ্যে তেওঁলোকে ছোৱালীক বুজাব আৰু ‘চিকিউৰটি টাইট’ কৰি দিব।এমাহমান পাৰ হৈ যোৱাৰ পিছত তই এজন মেছেঞ্জাৰ যোগাৰ কৰিব লাগিব।তই তাইলৈ এখন চিঠি লিখি নিজৰ ভুলৰ বাবে ক্ষমা খুজিবি ।এই কথাও ক’বলৈ নাপাহৰিবি যে—- ‘হোৱাখিনি হৈ গ’ল।কিন্তু তুমি যদি মোক মাফ কৰিছা,তেন্তে তুমি মোলৈ পলাই আহা।তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ।’……এটা কথা কিন্তু মনত ৰাখিবি।চিঠিখন তেজৰ হ’ব লাগিব।তেতিয়া এইপাট তোৰ ব্ৰহ্মাস্ত্ৰৰ দৰে হ’ব।”

:”এ…এ….ৰিণ্টুদা, আপুনি এইবোৰ কি কৈ আছে!আপোনাক মই কি বুলি ভাবিছিলো আৰু আপুনি…..আপুনি…..আৰু মই নিজৰ তেজেৰে চিঠি……”

: “সেয়ে দেখিলিনে!তয়ো মোক সাধাৰণ মানুহ বুলিয়েই ভাবিছিলি।দেখিলি!মই এক্কেবাৰে অসাধাৰণ।সেয়ে কৈছো—–মোৰ বুদ্ধিমতে চল,তোৰ লাইফ ‘চেটেল’ হৈ যাব।আৰু তোক কোনে নিজৰ তেজেৰে চিঠি দিবলৈ কৈছে!”

: “তেন্তে কিহৰ তেজৰ কথা কৈছে আপুনি!”

: “কিয়! মহ,জোক,চুকভেকুলী এইবোৰ কিয় আছে?কওঁতেহে নিজৰ তেজেৰে লিখিছো বুলি ক’ব লাগে!”

: “হ’ব হ’ব আৰু মনে মনে থাকক ।প্লিজ!মোৰ মূৰ ঘূৰাইছে।”

:”সেয়া দেখিলি!বিয়া পাতি কি ভুল কৰিবলৈ ওলাইছিলি,সেয়া জানি তোৰ মূৰ ঘূৰাই গ’ল।এতিয়া শুনি ল।ইয়াৰ পিছত তই তাইক পলুৱাই লৈ আহিবি।দেখিলিনে!তই মোক লগ পোৱা বাবে তোৰ বিয়াৰ নামত খৰচ হ’বলগা আঠ-দহলাখ টকা বাচি গ’ল।এইখিনি টকা তোৰ নামতেইতো জমা থাকিল।মোৰ কি লাভ হ’ব!কিন্তু মই তোক এটা সৎ পৰামৰ্শহে দিছো।মনত ৰাখিবি, যে তই তাইক পলুৱাই অনাৰ পিছত তোক ঘৰত সোমাবলৈ নিদিলে তই তোৰ মাৰ ভৰিত ধৰি ৰাউচি জুৰি কন্দা আৰম্ভ কৰি দিবি।চাবি কিন্তু! দেউতাৰৰ ওচৰে-পাঁজৰেও নাথাকিবি।নহলে তোৰ “লাইফ হিষ্ট্ৰি আৰু বডি জিয়’গ্ৰাফী” দুয়োটা সলনি হৈ যাব পাৰে।কিন্তু মাৰৰ ভৰিত যি ধৰিবি,ধৰিবিয়েই।নেৰিবি।পিছৰখিনি কেনেকৈ সুন্দৰভাৱে হৈ যাব,তই ধৰিবই নোৱাৰিবি।”

: “হ’ব আৰু হ’ব।মই যাওঁ ৰিণ্টুদা”—–বুলি চোফাৰপৰা উঠি মই পলাবলৈ ধৰোঁতেই তেওঁ মোক পিছফালৰপৰা মোৰ জেকেটটোত ধৰি টানি আনি পুণৰ চোফাত বহুৱাই হাতখনত খামুচি ধৰিলে।

: “শুন।ভালদৰে শুন।সেইজনক সদগুৰু বুলিব নোৱাৰি যি শিষ্যক সম্পূৰ্ণ জ্ঞান নিদিয়ে।তোৰ জ্ঞান এতিয়াও সম্পূৰ্ণ হোৱা নাই।মোক বদনামত নেপেলাবি। শুনি যা—–ইয়াৰ পিছত তই চুপচাপ এক বছৰমান বহি থাকিবি।যেতিয়া তোৰ মইনাকণ বা মাইনা এজনী জন্ম হ’ব….এদিন তই জানি বুজি শহুৰৰ ঘৰৰ সন্মুখলৈ কেঁচুৱাটো কোলাত লৈ গৈ অলপ লাহেকৈ চিকুট মাৰি দিবি।কেঁচুৱাটোৱে কান্দিবলৈ ধৰিলেই তই চিঞৰি চিঞৰি ক’বি—–‘হেৰৌ দুৰ্কপলীয়া,নাকান্দিবি!কান্দি লাভ নাই।তোৰ ককা-আইতাৰে তোক এনেও কোলাত নলয়।’——বচ! পিছত যিখিনি ঘটিব, সেইখিনি যাদু।”

মই হাতখন ৰিণ্টুদাৰ কবলৰপৰা উলিয়াবলৈ চেষ্টা কৰিলো।কিন্তু তেওঁ অাৰু জোৰেৰে খামোচ মাৰি ধৰি ক’লে—-“সকলো কাম ধৈৰ্য্যৰে কৰিব লাগে।ঘুটুং পানীৰ বটলৰ মই অৰ্ডাৰ দিছো।প্ৰথম খাই ল।তাৰ পিছত দুয়ো যাম নহয়,নৌটংকী কৰিবলৈ!তোৰ ইমান হুলস্থূল কিহৰ!শেষ গুৰু জ্ঞানটো শুনি ল।”

: “নাই মই নুশুনো।মোক এৰি দিয়ক।মোৰ মূৰ ঘূৰাইছে,পেট জ্বলা-পোৰা কৰিছে,বমি-বমি ভাৱ হৈছে।তাতকৈও বেছি মোৰ শৌচ কৰিব লাগিছে।”

: “এনেকুৱাই হয়।নিজৰ ভুলৰ বাবে মানুহৰ মনলৈ যেতিয়া অনুতাপৰ ভাৱ আহে, তেতিয়া এনেকুৱাই হয়।কিন্তু এতিয়া অনুতাপৰ সময় নহয়।হৈ যোৱা ভুলখিনি শুধৰোৱাৰ সময়।আৰু শৌচনো কি!সদায় কৰিয়েই থাক দেখোন!আজি বাদ দে।প্ৰধান জ্ঞানখিনিকৈ শৌচ ডাঙৰ নহয়।

:”বাৰু শুন।এনেদৰেই তই শহুৰৰ ঘৰত এণ্ট্ৰি দিবি।প্ৰথমকেইদিন তোক বৰ ধুনীয়াকৈ মজা মজা ব্যঞ্জন ৰান্ধি খুৱাব।সেইকেইদিন কমকৈ খাবি।মন কৰিবি যাতে তোক খাবলৈ খুউব জোৰ কৰে।তাৰ পিছত কোনোবাদিনা তোক তাত থাকিবলৈও জোৰ কৰিব।থাকিবলৈ একেবাৰে ইচ্ছা নথকাৰ নিচিনা দেখুৱাই এদিন থাকিবি।তাৰ পিছত মাজে মাজে এদিনৰ ঠাইত দুদিন….তাৰ পিছত তিনিদিন….চাৰিদিন…..এনেদৰে বৰ সাৱধানেৰে শহুৰৰ ঘৰত থকা দিনবোৰ বঢ়াবি।শেষত……”

মই চিঞৰি উঠিলো—-“কি! তাৰ পিছত কি ! কি কৰিম মই তাৰপিছত !তাৰ পিছত কি কৰিব লাগে আপোনাৰ মতে!কি উল্টা পাঠ……”

:” সেয়া!বুজিলিনে এতিয়া!জীৱনৰ কি উল্টা পাঠ পঢ়ি বিয়া পাতিবলৈ ওলাইছিলি!”

মোৰ কাণ-মূৰ গৰম হৈ আহিছিল।খঙে মূৰৰ চুলিৰ অাগ পাইছিলগৈ।ভগৱানেও অপাত্ৰক বস্তুবোৰ দিয়ে।গাৰ বলো দিবলৈ পালে ৰিণ্টুদাকহে।মোক নিদিলে।মুখেৰে আৰু হাতেৰে মোক সেইজনাই কেঁকোৰা চেপা দিছে।লাহে লাহে মূৰটো আচন্দ্ৰাই কৰিবলৈ ধৰিলে।শেষ বাক্যটো শুনি মই বেহুচ হৈ পৰি গ’লো।বাক্যটো মোৰ কাণত এতিয়াও বাজি থাকে।

—–“শেষত আৰু কি ! এদেও দুদেও লুটা নিয়া চেও।শহুৰৰ ঘৰত গোঁজ পুটি বহি ল’বি।নেৰিবি…..ধৰি থাকিবি…..জিণ্ডেগী ভৰ বিন্দাচ খাবি আৰু মস্তি…..।”

শেষৰ শব্দটো চাগৈ “কৰিবি”—-আছিল।কিন্তু সেইটো শুনাৰ আগতেই মই বেহুচ।তাৰ পিছত মোক কোনে হস্পিতাললৈ লৈ আহিল,মই নাজনো।মা কচম,পিছৰবাৰ ৰিণ্টুদাক ক’ৰবাত লগ পালে আঠু কাঢ়ি বহি গায়েই দিম—–

“নাজানোহো আৱাহন…নাজানোহো বিসৰ্জন….পূজা মন্ত্ৰ নাজানো কিঞ্চিত………..।”

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.