ফটাঢোল

কেঁচুৱা (মুল – মুঞ্চী প্ৰেমচান্দ) – ভাৱানুবাদ- ভাস্কৰজ্যোতি দাস

বামুন৷ সকলোৱে তাক সেই বুলিয়েই জানে আৰু সিও নিজকে সেই বুলিয়েই ভাবে যে সি এটা বামুন৷ মোৰ সকলো ভৃত্যই মোক প্ৰণাম কৰে যদিও এই গংগুৱে মোক প্ৰণাম নকৰে৷ সম্ভৱতঃ মই তাকহে প্ৰমাণ কৰাতো সি বিচাৰে৷ সি আনে খোৱা পাত্ৰ স্পৰ্শ নকৰে আৰু গৰমৰ দিনত তাক মই বিছি দিবলৈ কোৱাৰ সাহসো কৰিব নোৱাৰোঁ৷ গৰমত কেতিয়াবা মই ঘামি তিতি গ’লে কেতিয়াবা সি বিচনীখন হাতত তুলি লয় যদিও তাক দেখিলে মোৰ এনে লাগে যে সি যেন মোক কিবা অনুগ্ৰহহে কৰিছে৷ সি বৰ খিংখিঙীয়া আৰু অলপমান গালিও সহিব নোৱাৰে৷ মোৰ আন ভৃত্যৰ দৰে তাৰ কোনো বন্ধুও নাই আৰু ভাঙৰ প্ৰতিও কোনো আসক্তি নাই৷ সি ভগৱানক চিন্তাও নকৰে আৰু নদীত গা ধুবলৈও নাযায়৷ সি সম্পূৰ্ণ নিৰক্ষৰ যদিও বামুনে পোৱা সকলো সন্মান বিচাৰে; যিদৰে হয়তো তাৰ পিতৃপুৰুষে বিচাৰিছিল বা পাইছিল৷ এই কথাটো মালিক হিচাবে মই বেয়া পাওঁ৷

অতি প্ৰয়োজনতহে মই মোৰ ভৃত্যবোৰৰ লগত কথা পাতোঁ৷ মাতি নপঠিওৱালৈকে সিহঁত যাতে মোৰ কক্ষত সোমাব নোৱাৰে তাৰ নিৰ্দেশনা সিহঁতক মকৰল কৰোঁতেই দিওঁ৷ জোতা পিন্ধা, লেম্প জ্বলোৱা বা পানী বাকি লোৱা কামবোৰ মোৰ নিজা, কাৰণ এইবোৰে মোৰ মনক স্বাধীনতা আৰু সুখানুভূতি দিয়ে৷ সেয়ে, এই ভৃত্যবোৰে মোক খুব কমেইহে আমনি কৰে বা মইও কাচিৎহে বিচাৰোঁ৷ মাহটোৰ মূৰত দিবলগীয়া হাজিৰাৰ আগধন বিচাৰি বা আন ভৃত্যৰ অভিযোগ লৈ কেতিয়াবা কোনোটো ভৃত্য মোৰ ওচৰলৈ আহে৷ এইবোৰ কথা মোৰ পচন্দ নহয়৷ সকলো এটা হিচাবত চলিব লাগে৷

এদিন পুৱাৰ কথা৷ মই নমতাকৈয়ে গংগু আহি মোৰ ওচৰত হাজিৰ হ’ল৷ বিৰক্ত হৈ তাক প্ৰায় খং কৰিয়েই সুধিলোঁ-

“কি হ’ল?”

তাৰ মুখখন দেখি গম পালোঁ যে সি কিবা এটা ক’বলৈ আহিছে যদিও তাৰ সেই স্বভাৱটো জানো৷ মুখৰ পৰা কথা নোলায়৷ তাক আকৌ সুধিলোঁ,

“একো নকৱ যে! মই ফুৰিবলৈ যাওঁ৷ কি আছে ক৷” –

তাৰ গেঠেলামৰা সন্মানত লাগিল হ’বলা! সি উত্তৰ দিলে-

“ভাল বাৰু৷ যাওক৷ পলম কৰিব নেলাগে৷ মই পাছত আহিম৷”-

মই তেতিয়াহে ভাবিলোঁ যে কথাটো বেয়া হ’ল৷ মই লৰালৰিত থকাৰ কথা জানি চাগৈ সি কথাটো চমুৱালেহেঁতেন৷ এতিয়া পাছত আহি ঘণ্টা ঘণ্টা ধৰি জুখি-মাপি কথা কৈ মোৰ মাথা নষ্ট কৰিব৷ মোৰ লিখা-পঢ়াৰ সময়খিনিহে তাৰ মতে মূল্যবান৷ বাকীখিনি সময় তাৰ মতে মোৰ মালিক জহাই আৰাম কৰাৰ সময়৷ তাৰ মুখৰ ভাৱ-ভঙ্গীবোৰ কেতিয়াবা পঢ়িবলৈ মোৰো অসুবিধা হয়৷ সি ব্ৰাহ্মণৰ চোলা এটা তাৰ অন্তৰাত্মাত সুমুৱাই লৈছে৷ সেয়ে, কথাবোৰ তাৰ মুখলৈ নাহে৷ আহিলেও আধাতে ৰৈ যায়৷

কথাবোৰ অলপ আগবাঢ়ি ইমানতে শেষ হওক বুলি মই মালিকৰ সুৰত ক’লোঁ-

“আগধন বিচাৰি আহিছ নেকি? নে কোনোবা ভৃত্যৰ অভিযোগ লৈ আহিছ? যদি আগধন বিচাৰিছ, তেন্তে লাভ নাই৷ নেপাৱ৷ আৰু মোৰ অভিযোগ শুনিবলৈ আহৰি নাই।”

“বাবুজী, মই আগধন বিচৰা নাই বা কাৰোবাৰ কথা লগাবলৈও অহা নাই৷ আগতেও এইবোৰ কৰি পোৱা নাই৷” আজি এইকেইটা কথা সি প্ৰথমবাৰলৈ স্পষ্ট ৰূপত কৈছে৷

“তেনেহ’লে?”

সি গোপন কথা কিবা এটা ক’বলৈ সাহস গোটোৱা যেন লাগিল৷ মুখৰ ভিতৰতে কিবাকিবি ভোৰভোৰাই শেষত প্ৰায় স্পষ্টকৈ চুটি বাক্য দুটা ক’লে-

“মই চাকৰি এৰিব বিচাৰোঁ বাবুজী৷ মই আগলৈ আৰু আপোনাৰ ভৃত্য হৈ থাকিব নোৱাৰিম৷”

মালিক হিচাবে এনেকুৱা অনুৰোধ মই প্ৰথমবাৰলৈ পাইছোঁ৷ বাহিৰত সকলোৱে মোক এজন ভাল মালিক বুলি জানে আৰু মোৰ অধীনত কাম কৰা ভৃত্যবোৰকো সৌভাগ্যৱান বুলি ভাবে৷ কিন্তু, আজি হঠাতে ইয়াৰ হ’ল কি!

“কিয় এৰিবলৈ বিচাৰিছ৷ কিবা অসুবিধা পাইছ নেকি!”- কথাষাৰ কওঁতে তাৰ মুখখনলৈ ভালদৰে চালোঁ৷ সি কিবা যেন দৃঢ় আজি!

“বাবুজী, আপুনি কৃপালু মহাজন৷ দুখ বুজি পায়৷ কাৰণ নাথাকিলে মই এনেকৈ নকওঁ৷ মোক লৈ কোনোবাই আপোনাক বেয়া কিবা কোৱাতো মই নিবিচাৰো৷”

তাৰ কথাকেইটাই মই নভৱা ভাৱ কিছুমানৰ সঞ্চাৰ কৰিলে মনত৷ হ’লেও তাৰ কথাবোৰে আজি মোক সন্তুষ্ট কৰিব পৰা নাই৷ বামুনেই হওক; কিন্তু গোলাম গোলামেই৷ হ’লেও আজি যেন কিবা অদ্ভুত ধৰণৰ যুক্তিতৰ্কহে তাৰ মনত চলি আছে; এনেকুৱাই লাগিল মোৰ৷

“কৈ যা” মোৰ মালিকৰ সুৰত আজি প্ৰথমবাৰলৈ সি সুৰ মিলাইছে৷

গংগুৱে কৈ গ’ল কথাবোৰ৷ আজি যেন বহুত স্পষ্ট তাৰ কথাবোৰ৷ “গুৰুজী, আচল কথাটো বেলেগ৷ বিধৱা আশ্ৰমৰ পৰা খেদা মহিলাজনী যে… গোমতী দেৱী….”

তাৰ কথাকেইটা সামঞ্জস্য নোহোৱা যেন লাগি তাক সুধিলোঁ-

“তই চাকৰি নকৰ নাই৷ সেইগৰাকী আকৌ ক’ৰপৰা আহিল”…..

“নহয় মানে বাবুজী, মই তাইক বিয়া কৰিব বিচাৰোঁ”

কথাখিনি এটা বামুনে নকৈ এটা নিলাজে কোৱাৰ যেন বোধ হ’ল মোৰ৷ সাধাৰণ আত্মসন্মানবোধ থকা মানুহ এজনে অন্তত: এনে তিৰোতা এজনীক লৈ জীৱনৰ সপোন দেখিব নোৱাৰে৷ তাই বদনামী৷ আশ্ৰমে দুবাৰকৈ বিয়া পাতি দিয়াৰ পাছতো তাই কেইদিনমানৰ ভিতৰতে ঘূৰি আহে৷ বহু কথা চিন্তা কৰি আশ্ৰমে তাইক খেদি দিয়াৰ সিদ্ধান্ত লৈছে৷ ভাড়াত লোৱা কোঠা এটাত থাকিয়েই তাই বহুতো প্ৰেমকাতৰ যুৱকৰ বাবে এক সাঁথৰ যেন হৈ পৰিছে৷ সেই মুহুৰ্তত তালৈ মোৰ মনৰ ভিতৰত খং, সহানুভুতি আৰু সাংঘাটিক বিৰক্তিৰ বাদে একো নাছিল৷ তাই সংসাৰ ধৰিবপৰা তিৰোতা নহয়৷ সমাজত এনেকুৱা মাইকী মানুহ কিছুমান থাকে৷ সংসাৰ বহুখন পাতে; কিন্তু এখনো নিটিকে৷ নিজৰ স্থিতি ৰাখিবলৈ মই দুআষাৰ তাক কোৱাতো ভাল বুলি ভাবিয়েই মুখ খুলিলোঁ-

“তাইৰ আগৰ কথাবোৰ জাননে!”

“এইবোৰ মিছা কথা বাবুজী৷ মানুহে সহজ সৰল পাই তাইৰ বিষয়ে এনেয়ে বদনাম উলিয়াইছে৷”- তাৰ কথাত এক দৃঢ় বিশ্বাস জিলিকি উঠা দেখা পালোঁ৷

“কি অদ্ভুত কথা ক’বলৈ আহিছ! তাই তিনিটা গিৰিয়েকক এৰি থৈ আহিছে৷ নেজান নেকি!”- কিবা এক ধৰণেৰে খঙটো উজাই আহিল মোৰ মূৰৰ ওপৰলৈ৷

“কোনোবাই বেচেৰীজনীক খেদি দিলে তাই কি কৰিব!”- এক অদ্ভূত যুক্তিতৰ্কৰ বাবেহে যেন সি সাজু হৈছে৷ মোৰ নিজকে এটা মূৰ্খৰ আগত কথা কোৱাৰ দৰে লাগিল৷

খঙটো মোৰ মাৰ নাযায়৷ তাক আকৌ ক’লোঁ-

“তই সঁচাই জধামূৰ্খ৷ মানুহে হাজাৰ হাজাৰ টকা খৰছ কৰি যে তাইক বিয়া পাতে; তাইক এৰি দিবলৈ বিয়া পাতে নেকি!”

কিছুসময় মৌন হৈ সি নিজৰ যুক্তি এজন দাৰ্শনিকৰ দৰে মোৰ আগত ৰাখিবলৈ ধৰিলে এনেদৰে –

“যি ঠাইত মৰম চেনেহ নাই, সেই ঠাইত এজনী তিৰোতা থাকিব পাৰে নেকি! এজনী বিয়া পতা তিৰোতাক জীয়াই থাকিবলৈ কেৱল ঠাই অকমান হ’লেই যথেষ্ঠ নহয়৷ তাইক বিয়া পতা পুৰুষবোৰে হয়তো ভাবিছিল যে বিধবা এজনীক বিয়া পাতি সিহঁতে তাইৰ বহুত উপকাৰ কৰিছে৷ সেয়ে ভাবিছিল যে সিহঁতে যি কয় সেই সকলোবোৰ তাই কৰি যাব লাগিব৷ কেতিয়াবা তাই কাম কৰি কৰি ভাগৰত মূৰ্ছা যায় আৰু আবোল-তাবোল বলকে৷ এয়া তাইৰ মানসিক অৱস্থাৰ বাবেই হৈছে৷ কিন্তু, মানুহে তাইৰ গাত যখিনী লম্ভা বুলি ক’বলৈ নেৰে৷”

“আৰু তই এনে এজনী তিৰোতাক বিয়া কৰিব খুজিছ আৰু বিপদ চপাই ল’ব খুজিছ?”- মই অলপ গহীন হৈ ক’লোঁ৷

“বাবুজী, ভগৱানে ইচ্ছা কৰিলে আৰু তাইৰ সৈতে মোৰ সংসাৰ হ’লে মই এটা লেখৰ মানুহ হ’বগৈ পাৰিম৷”- সি আকৌ কবি-দাৰ্শনিকৰ দৰে নিজৰ পক্ষ্য ৰাখিলে৷

“এয়া তোৰ শেষ সিদ্ধান্ত!”- মই মূৰ্খ এটাৰ লগত তৰ্ক নকৰি কথা চমুৱাবলৈ বিচাৰিলোঁ৷

সিও এটা শব্দতে তাৰ সিদ্ধান্ত শুনালে,

“হয়৷”

“ঠিক আছে তেনেহ’লে৷ মই তোৰ ইস্তফা মানি লৈছোঁ৷ চলি থাক নিজৰ মতে; যা”…..

এনে এক সন্দেহজনক চৰিত্ৰৰ মহিলাৰ প্ৰেমত পৰিছে গংগু৷ ভৱিষ্যতে এনে মহিলাৰ বাবে তাৰ লগতে মোৰো বিপদ হ’ব পাৰে৷ কিন্তু সি গোমতীক দেখাৰেপৰা অৰ্ধাহাৰে অনাহাৰে থকা লোকৰ দৰে আচৰণ কৰিবলৈ লৈছে৷ সেয়ে গংগুক আঁতৰাই পঠিওৱাই সকলোৰে ভাল হ’ব বুলি ভাবিলোঁ৷

এনেকৈ পাঁচ মাহ বাগৰিল৷ গোমতীক বিয়া পাতি গংগুৱে সুখতে আছে৷ এটা চুবুৰীতে এটা খেৰৰ ঘৰৰ ভিতৰত সিহঁতৰ সুখৰ সংসাৰখন চলি আছে৷ সি ঘৰ চলাবলৈ ফেৰীৱালাৰ কামত ধৰিছে৷ অ’ত ত’ত কিবাকিবি সৰু-সুৰা বস্তুৰ বেহা চলাই গংগুৱে৷ বাটে-পথে কেতিয়াবা লগ পালে তাৰ খবৰ লওঁ৷ তাৰ সংসাৰখন এতিয়া মোৰ দৰে বহুতৰ কৌতুহলৰ বিষয়৷ দৈনিক এটকা উপাৰ্জন কৰে সি৷ মুখত তাৰ সুখ বোলা পোহৰ এটা লাহেকৈ জিলিকি উঠিছে৷ লাভৰ টকাটোৰে তাৰ সংসাৰখন সুখেৰে চলি আছে বুলিয়েই ধৰি ল’লোঁ৷

এদিন হঠাতে শুনিলোঁ খবৰটো৷ গোমতী পলাল৷ কথাটোৱে মোক এক আসুৰিক আনন্দ দিলে৷ গংগুৰ আত্মসন্তুষ্টিত মোৰ ঈৰ্ষা হৈছিল নে খং উঠিছিল সেয়া মই নিজকে কেতিয়াও সোধা নাছিলোঁ৷ কিন্তু, মই ভাল নোপোৱা বা সি ভাল নোপোৱা কিবা এটা মোৰ মনৰ মাজত চলি আছিল৷ সি এতিয়াহে উপলব্ধি কৰিব কথাবোৰ৷ গোমতীক বিয়া পাতি সৰগ ঢুকি পোৱা বুলি ভাবি পাঁচ মাহৰ আগতে বিশ্ব বিজয় কৰা নেতাৰ দৰে আঁতৰি যোৱা গংগুক লগ পাবলৈ মনৰ ভিতৰতে ইচ্ছা এটা জন্ম হৈছিলেই৷ কিন্তু, মই নিজকে বান্ধি ৰাখিলোঁ৷

এদিন গধুলি তাক হঠাতে লগ পালোঁ৷ আগৰ মানুহটোৰ ওলোটা কিবা এটাহে যেন মোৰ আগত প্ৰকাশমান হ’ল৷ কান্দি কান্দি সি ক’লে-

“বাবুজী! গোমতীয়ে মোক এৰি গুচি গ’ল জানে৷”

“মই প্ৰথমেই কৈছিলোঁ৷ তই শুনিবলৈয়ে নিবিচাৰ! কিবা লৈ গৈছে নেকি?”- মই অলপ সহানুভুতিৰ ভাও ধৰিলোঁ৷

“বাবুজী, তেনেকৈ নক’ব৷ তাই নিজৰ বস্তুবোৰেই এৰি থৈ গৈছে৷ তাই লিখাপঢ়া জানে৷ মই নিৰক্ষৰ৷ মোৰ গাত তাই হয়তো একো গুণ নেদেখিলে৷ দেৱীহেন গোমতীয়ে মোৰ পৰা হয়তো কিবা বিচাৰিছিল; যিটো মই দিব নোৱাৰিলোঁ৷”- সি বৰ বেজাৰমনেৰে নিজৰ পক্ষ্য ৰাখিলে৷

মই এই মুহুৰ্তত সি গোমতীৰ বিস্বাসঘাটকতাৰ কথা ক’ব বুলি ভাবিছিলোঁ আৰু মই তাৰ প্ৰতি সহানুভূতি দেখুৱাম বুলিহে ভাবিছিলোঁ৷ কিন্তু কথা ওলোটাহে দেখোন!

ঠাট্টাৰ সুৰত মই আকৌ সুধিলোঁ-

“একো নিয়া নাই নে?”

“একো নিয়া নাই বাবুজী”- সি তাৰ বিষাদক যেন হজম কৰিব পৰা নাই৷ তাৰ চকুত চকুপানী৷

“তইতো তাইক খুব ভাল পাইছিলি! তথাপি তাই তোক এৰি থৈ গ’ল৷”- আকৌ এবাৰ তাক খোঁচ এটা মাৰিবলৈ মন গ’ল মোৰ৷

“মইনো কি ক’ম বাবুজী৷ মই মৰি গ’লেও চাগৈ তাইক পাহৰিব নোৱাৰিম৷ কিন্তু, তাই মোৰ কি কথা বেয়া পালে যে মোক নোকোৱাকৈয়ে গুচি গ’ল! সেইটোতে দুখ বেছি লাগিছে৷ মোৰ মন তাইক আকৌ এবাৰ পাবলৈ ব্যাকুল হৈ আছে৷”- সি কথাবোৰ অলপ স্পষ্টকৈ কৈ গ’ল৷

“তই যদি তাইক পাহৰিবই নোৱাৰ তেন্তে তাইক বিচাৰি নাযাৱ কিয়”!

“যাম বাবুজী৷ যেতিয়ালৈকে তাইক বিচাৰি উলিয়াব নোৱাৰোঁ তেতিয়ালৈকে মই শান্তিত থাকিব নোৱাৰোঁ৷ মই জানো বাবুজী; মোক লগ পালেই তাই গুচি আহিব মোৰ ওচৰলৈ৷ মই তাইক বিচাৰি উলিয়াম৷” আত্মবিশ্বাসেৰে কথাকেইটা কৈ সি আঁতৰি গ’ল৷

এই ঘটনাৰ পাছত কিবা কামত মই নাইনিতালৰ ফালে গ’লোঁ৷ এমাহমান তাত থাকি ঘৰ আহি পালোঁহি৷ ঘৰ পোৱাৰ কেইটামান ক্ষণৰ পাছত হঠাতে পানীকেঁচুৱা এটা হাতত লৈ এটা হাঁহি থকা চেহেৰা মোৰ আগত দৃশ্যমান হ’ল৷

উৱা! এইটো দেখোন গংগু! এই কেঁচুৱাটো ক’ত পালে ই! তাৰ মুখৰ সন্তুষ্টিও যেন ঈশ্বৰীয়৷ এক সাংঘাটিক ধৰণৰ আভা তাৰ মুখত বিদ্যমান হ’ল৷ যেন আজি নন্দই কৃষ্ণক পাই পৃথিৱীখনকে নিজৰ কোলাত লৈছে! মোৰ তেনেকুৱাই লাগিল৷

“গোমতী দেৱীৰ কিবা খবৰ পাইছনে? তই তাইক বিচাৰি যোৱাৰ কথা আছিল নহয়”- কেতিয়াবা কিছুমান কথা অলপ বেঁকাকৈ সোধাৰ অভ্যাস এটা মোৰ আছে৷

“বাবুজী, ঈশ্বৰে চকু মেলি চালে মোক৷ তাইক পালোঁ৷ লক্ষ্ণৌৰ এখন মহিলা চিকিৎসালয়ত আছিল তাই৷ মই বেছি দুখত থকা দেখিলে তাই মোক তাইৰ ঠিকনাটো দিবলৈ লগৰ এটাক কৈ গৈছিল৷ মই তালৈ গৈ তাইক লগ পালোঁ৷ এই কেঁচুৱাটোও পালোঁ৷ চাওক৷”- কোনোবা ৰজাই বঁটা-বাহন দিলে যি আনন্দ পোৱা যায় তেনে এক আনন্দই তাৰ চকুত ধৰা দিলে৷

মূৰ্খটোৰ কথাত মই আচৰিত হ’লোঁ কাৰণ সি গোমতীক বিয়া কৰোৱা ছমাহমান হৈছেহে৷ আৰু ই নিলাজে বৰ গৰ্বৰে এই পানীকেঁচুৱাটো দেখুৱাবলৈ আহিছে!

মোৰ তাক আকৌ ঠাট্টা কৰিবলৈ মন গ’ল৷ সুধিলোঁ তাক-

“অ’.. ল’ৰা পোৱালী এটাও পালি? সেই কাৰণে চাগৈ তাই তোৰপৰা পলাই গৈছিল৷ ল’ৰাটো তোৰেই বুলি জাননে তই?”

“মোৰ কেনেকৈ হ’ব বাবুজী? এয়া ভগৱানে মোক দিছে৷”

“ল’ৰাটো লক্ষ্ণৌতে জন্মিছেনে?”

“হয় বাবুজী৷ কালি এমহীয়া হৈছে ই৷”

“তাৰমানে তহঁতৰ বিয়াৰ ছমাহৰ ভিতৰতে পোৱালীটো জন্ম হ’ল আৰু তাৰ পাছতো তই ভাব যে ই তোৰে ল’ৰা!”

“হয় বাবুজী”-বৰ গৰ্বৰে কোৱাৰ দৰে গংগুৱে ক’লে৷

“তোৰ মগজুটো ঠিকেই আছেতো!”

“বাবুজী, তাইৰ বৰ টান হৈ গ’ল৷ তিনিটাকৈ দিন তাই বৰ কষ্টৰে পাৰ কৰিলে৷ তাই মৃত্যুক জিনি আহিছে বাবুজী৷”

মই আকৌ ঠাট্টাৰ সুৰত ক’লোঁ-

“কিন্তু, ছমাহৰ ভিতৰত কেঁচুৱা হোৱাৰ কথা প্ৰথম শুনিলোঁ দেই গংগু”….

মোৰ কথাষাৰ সি ভবাৰদৰে নহ’ল চাগৈ৷ সি হাঁহি এটা মাৰি ক’লে-

“বাবুজী, সেইটো বৰ ডাঙৰ কথা নহয়৷ হয়তো সেই কাৰণেই তাই পলাই গৈছিল৷ তাইক মই কৈছিলোঁ যে যদি তাই মোক মৰম নকৰে তেন্তে তাই মোক এৰিলেও এৰক৷ কিন্তু, যদি তাই মোক মৰম কৰে তেন্তে এই কেঁচুৱাটোৱে আমাক নিলগাই ৰাখিব নেলাগে৷ তাক মই নিজৰ দৰে তুলিম৷ কোনোবাই খেতিৰে সৈতে পথাৰ এখন কিনিলে আনে কঠিয়া ৰুইছিল বাবেই শষ্যখিনি নোলোৱাকৈ থাকে জানো!” সি গৌৰৱেৰে হাঁহি হাঁহি কথাখিনি ক’লে৷

গংগুৰ কথাখিনিত এইবাৰ মই অভিভূত হ’লোঁ৷ নিজকে এটা মূৰ্খ যেনহে লাগিল৷ কেঁচুৱাটো কোলাত ল’লোঁ৷

“বাবুজী, আপোনাৰ দৰে ভাল মানুহ দুনীয়াত নাই৷ গোমতীক মই আপোনাৰ কথা কৈয়ে থাকোঁ৷ আপোনাক সেৱা জনাবলৈ আহিবলৈও কৈছিলোঁ তাইক৷ কিন্তু, তাই বৰ লাজ কৰিলে৷”

গংগুৰ সাহসৰ আগত মোৰ মধ্যবিত্তীয় চিন্তা তেনেই সৰু হৈ পৰিল৷ তাক এই মুহুৰ্তত এটা সততাৰ মূৰ্তিযেন লাগিল মোৰ৷ কেঁচুৱাটোৱে হঁহা যেন লাগিল৷ কাক হাঁহিলে বা সি!

“ব’ল ব’ল গংগু৷ গোমতীক এবাৰ চাই আহোঁগৈ”

গংগুক বিয়াৰ ছটা মাহতে তাৰ সন্তান দিব পৰা গোমতীক চাবলৈ বুলি দুয়োটা তাৰ ঘৰলৈ ওলালোঁ৷

☆ ★ ☆ ★ ☆

6 Comments

  • দীক্ষিতা

    প্ৰেমচান্দৰ এইটো কাহিনী প্ৰথম পঢ়িছোঁ। ভাল লাগিল কথাখিনি।

    Reply
    • ভাস্কৰজ্যোতি দাস

      ধন্যবাদ৷

      Reply
  • ৰাজশ্ৰী শৰ্মা

    এইটো কাহিনী পঢ়িছো, আপোনাৰ অনুবাদত আৰু ভাল লাগিল দাদা।

    Reply
    • ভাস্কৰজ্যোতি দাস

      ধন্যবাদ৷

      Reply
  • মুনমুন

    ভাল পালোঁ পঢ়ি।

    Reply
    • ভাস্কৰজ্যোতি দাস

      ধন্যবাদ৷

      Reply

Leave a Reply

Your email address will not be published.